ভাল কামত সদায় প্ৰশংসা কৰিম, উৎসাহ দিম, সৰ্মথন দিম


Nampo Pranjal Pegu

ভাল কামত সদায় প্ৰশংসা কৰিম, উৎসাহ দিম, সৰ্মথন দিম …..

MACক ভাল পাও, TMPKক ভাল পাও বা বাকী জাতীয় সংগঠন বিলাকো সমানেই ভাল পাও । আৰু সকলোৱে ভাল পোৱা উচিত ।(কিছুমানে বেয়াও পায়, সেইটো কব নাযাঁও)

কিন্তু মই অন্ধ সৰ্মথক নহঁও আৰু সকলোৱে কাকো অন্ধ বাবে সৰ্মথন নকৰিবলৈ আহ্বান জনালো।

ভাল কামত সৰ্মথন কৰো আৰু বেয়া কামবোৰত আঙুলিয়াই দিবলৈও কুণ্ঠাবোধ নকৰো ।

প্ৰজাতন্ত্ৰত বিৰোধী পক্ষৰ ভূমিকা অপৰিসীম । বিৰোধী পক্ষৰ অবিহনে উন্নয়নমূলক কাম সম্ভৱ নহয় ।

সেইদৰে বেয়া কামত সমালোচনা আৰু ভাল কামতো প্ৰশংসাৰ প্ৰয়োজন । তাতেই সমালোচনা কৰিছে বুলি খং কৰি বিপক্ষক গালি-গালাজ পৰাটো ভাল লক্ষণ নহয় । ঠিক সেইদৰে ভাল কামত প্ৰশংসা নকৰি অকল সমালোচনা কৰাটোও কাপুৰুষৰ কাম । আচলতে আমি উমৈহতীয়া বাবে আমাৰ জাতিৰ উন্নতি হোৱাটো চাব লাগে । ব্যক্তিগত উন্নয়ন মানে জাতিৰ উন্নতি হোৱা নুবুজায় ।
সেই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্ম তথা নাগৰিকসকলো সচেতন হোৱা প্ৰয়োজন ।
আপোনাৰ চৌপাশে দুৰ্নীতি হোৱা দেখিও যদি আপুনি একো অভিযোগ কৰা নাই তেনেহ’লে সেই দুৰ্নীতিকাৰীৰ সমানেই আপুনিও জগৰীয়া । আৰু যদি নিজৰ মানুহেই খাইছে খাওঁক বুলি আপুনি মনে মনে আছে তেনেহ’লে তেওঁতকৈ আপুনিহে বেছি দোষী । তেনেকৈ সমাজৰ একো উন্নতি নহয় । বৰঞ্চ আনৰ আগত আমি হাঁহিয়াতৰ পাত্ৰহে হ’ম । আনে আমাক আঙুলি টোৱাই কথা কবলৈ সাহস কৰিব ।
মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলো । ভূল হ’লে ক্ষমা প্ৰাৰ্থী ।🙏
Mising Re’ngam I’rroi 
অনুগ্ৰহ কৰি কোনেও যেন অযথা কথা কৈ বিৰ্তকৰ সৃষ্টি নকৰে। 🙏ধধ

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

One thought on “ভাল কামত সদায় প্ৰশংসা কৰিম, উৎসাহ দিম, সৰ্মথন দিম”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s