"মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত – অগপক আত্মঘাটী অপমৃত্যুত জাহ যাব নিদিব


“মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত –

অগপক আত্মঘাটী অপমৃত্যুত জাহ যাব নিদিব

                                               ধ্ৰুৱজ্যোতি কলিতা
মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত আপুনি যদি সচাঁ অৰ্থত অসমৰ কথা কৈছে । তথাকথিত ৰাজনীতি নকৰি বিধান সভাৰ সদস্য পদত্যাগ কৰক । অসমৰ জনতাৰ জনাৰ্দ্দন ৰূপে অসমীয়া জাতিৰ লগত আহক।
আজি “BJP” চৰকাৰে অসমত অবৈধ বাংলাদেশীক ভাৰতীয় হিচাপে মানৱতাৰ দোহাই দি আকোৱালি লব ওলাইছে ৷ কিন্তু মানৱতাৰ খাতিৰত অসমৰ সমস্যাৰ কথা নকয় । “NRC” কাম সম্পূৰ্ন হ’লে “BJP” ৰ ভোট বেংকত মূক্ষম আঘাট পৰিব বুলি নিশ্চিত হৈ NRC সম্পূৰ্ন হোৱাৰ আগতেই অসম চুক্তিক নস্যাৎ কৰি বিদেশী নাগৰিক (সংশোধনী) বিধেয়ক “2016” সাংসদত পাছ কৰিবলৈ উঠি পৰি লাগিছে । 
অসমত উগ্ৰ-হিন্দুত্ববাদ, উগ্ৰ-অতি অসমীয়াৰ বিষবাষ্প সিচিঁ দি জাত-পাতৰ ৰাজনীতিৰে অসমক দিল্লীয়ে খণ্ড-বিখণ্ড কৰিছে । এতিয়া আৰু হিটলাৰৰ আৰ্দশৰ ভাৰতীয় হিন্দুত্ববাদৰ চিন্তাৰে “RSS” ৰ সহযোগত কংগ্ৰেছে হত্যা কৰি পেলাই থৈ যোৱা অসমৰ মৰা শটোৰ বুকুত গোৰ মাৰিছে । 
1999 ইং চনত আপোনাৰ চৰকাৰ আমোলত “BJP” চৰকাৰে আলফা নিধনৰ নামত অসমীয়া যুৱক যুৱতীক গুপ্তহত্যা কৰি যেন বৰ বৰ মানৰ আক্ৰমন অসমীয়াৰ মৰা শ গচকি পাৰ কৰাই নিছিল । আপোনাৰ ওপৰত গুপ্তহত্যাৰ সকলো কলংক জাপি দি “BJP” কুকুৰৰে প্ৰেচাৱ কৰা ধুৱা তুলসীৰ পাত হৈ আজি অসম প্ৰেমৰ নামত বিদেশীক সংস্থাপন কৰিব ওলাইছে । আপোনাৰ জ্ঞাত যে বদন বৰফুকনে ৰাজপাত দখলৰ লোভত মান সৈন্য মাতি আনিছিল । আজি বদন সদৃশ “RSS-BJP” ক এচাম অসমীয়াই বঙালি প্ৰৰোচনাত অসমত আমন্ত্ৰন কৰি আনি অসমবাসীৰ ওপৰত মানৰ অত্যাচাৰ চলাৱলৈ আৰম্ভ কৰিছে । 
অগপক গুপ্তহত্যাৰ কলংক জাপি দি তেতিয়াই ৰাজনৈতিক ভাৱে অসম দখল কৰা স্বাৰ্থত অগপ তথা অসমৰ জাতীয়তাবাদৰ ককাল ধৰ্ম ধুৰন্ধৰ “BJP” য়ে ভাঙি দিছিল । ৰাজনৈতিক ভাৱে ফালি-চিৰি টুকুৰা- টুকুৰ কৰাত পাকৈত কংগ্ৰেছকো সদৌ শেষত বিজেপি ফালি পেলায় নিষ্কন্টক হ’ল । 
এতিয়া অসমীয়াক অত্যাচাৰ উৎপীড়ণ কৰি হিন্দু বিদেশীক ৰঙা দলিচা পাৰি দিছে । অসহায় অসমীয়াই অগপৰ মুখলৈ মুখ মেলি চায় থকা পৰত অগপৰ এচাম নেতাই প্ৰজন্ম হত্যাকাৰী “BJP” ৰ কথাত নিৰ্লজ্বতাৰে কাণত ধৰি উঠা-বহা কৰিব ধৰিছে ।
প্ৰফুল্ল কুমাৰ মহন্ত মহাশয় আমি অসমীয়াই আৱেগিক হৈছো । আপুনি আন্দোলনৰ সময়ৰ কথা মনলৈ আনক 1983 ইং চনত আপোনাৰ যেতিয়া তেজ-গ্ৰহনী হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । সেই কেইদিন অসমৰ আই সক’লে তুলসীৰ তলত ধূপ-ছাকি জ্বলাই ভগৱাণক প্ৰাৰ্থনা জনাইছিল । 
হে ! ভগৱাণ লাগিলে মোৰ চাৰিটা ল’ৰাৰ এটাক ল’ৰাক মাৰি নিয়া প্ৰভূ ! তথাপি প্ৰফুল্ল কুমাৰ মহন্তক জীয়াই ৰখা !! প্ৰভূ জীয়াই ৰখা । এবাৰৈ হ’লেও হৃদয় কঁপি নুঠিব নে আপোনাৰ ? অসমীয়াৰ বাবে চকুপানী নাই নেকি আপোনাৰ ? 
এইবোৰ পাহৰি নেযাব । আপুনি যাত্ৰা পথত থিয় হওঁক । আপোনাক আমি বৈজ্ঞানিক জাতীয়তাবাদৰ কষতি শিলত ঘহি পহি ধুই নিকা কৰিম । আপুনি ভূলৰ সংশোধন কৰি জাতীয়তাবাদক পূৰ্নৰ জন্ম দিয়াৰ বাবে ত্যাগৰ ওচৰত শিৰত নত কৰক । অগপ অসমীয়া ৰাইজৰ দ’ল ৰাইজে অগপক নতুন জীৱন দিৱ । অসমৰ ৰাইজে আকোৱালি হৱ । 1983 ইং চনৰ আন্দোলনৰ দৰে দৌৰি দৌৰি ৰাইজ ওলাই আহিব ।।
“জয় আই অসম”
(বিঃদ্ৰঃ লিখি থাকোতে চকুপানী খুব আমনি কৰিলে কথাখিনি ভাবি চাৱ মহাশয়)

 
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s