পাৰিবাৰিক নির্যাতন আৰু মহিলাৰ আইনী সুৰক্ষা


পাৰিবাৰিক নির্যাতন আৰু মহিলাৰ আইনী সুৰক্ষা

‘নাৰী প্ৰথমে মানুহ। নানান ধৰণৰ সামাজিক সম্পৰ্কত জড়িত হোৱাৰ পিছতহে নাৰী মাতৃ, ভগ্নী,পত্নী, চাকৰণী, বেশ্যা, ৰক্ষিতা বা পুৰুষৰ শ্ৰুতলিপি মতে চলা পৰাধীন সত্তাত পৰিণত হয়’।-কাৰ্ল মাৰ্ক্স। বৰ্তমান নাৰী নিৰ্যাতন বহু চৰ্চিত আৰু বিচাৰ্য বিষয়। সমাজত সৰ্বদিশত নাৰীৰ নিৰাপত্তা বিঘ্নিত হৈছে। নাৰীৰ ক্ষেত্ৰত হোৱা পাৰিবাৰিক নিৰ্যাতনৰ পৰিসংখ্যা অত্যন্ত ভয়ানক। বিশ্বজোৰা জৰীপৰ ভিত্তিত পোৱা তথ্য অনুসৰি প্ৰতি এগৰাকী মহিলাৰ মাজৰ এগৰাকী হেনো জীৱনৰ যিকোনো সময়ত কোনো নিকটাত্মীয়ৰ নিৰ্যাতনৰ সন্মুখীন হয়। ভাৰতীয় মহিলাৰ ক্ষেত্ৰত শাৰীৰিক নিৰ্যাতনৰ মাত্ৰা যথেষ্ট বেছি।
১৯৯৭ চনৰ এখন প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি বছৰে কমেও পাচঁহাজাৰ মহিলাই যৌতুক প্ৰথাৰ বলি হৈ মৃত্যুবৰণ কৰিবলগা হয়। আনবোৰ ৰাজ্যৰ তুলনাত অসমত লিংগ বৈষম্য কম হোৱা সত্ত্বেও ভাৰতৰ অপৰাধ পৰিসংখ্যা(২০১১) অনুসৰি ৰাজ্যখনে নাৰী নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থান (৩৬.৯%) লাভ কৰিছে।
১৯৬১ চনতে চৰকাৰে যৌতুক নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰিলেও বৰ্তমানলৈকে এই প্ৰথা ব্যাপক হাৰত চলি থকাটো অতি পৰিতাপৰ বিষয়। ভাৰতত এতিয়াও বহু গাওঁ অঞ্চলত বাল্য বিবাহ প্ৰথাৰ প্ৰচলনৰ বাবে কন্যা শিশুয়ে আজিও বিদ্যালয়ৰ চৌহদ গৰকাৰ সৌভাগ্যকণ হোৱা নাই।
ভাৰতৰ কিছুসংখ্যক ৰাজ্যত বর্তমান এহেজাৰ ল’ৰাৰ বিপৰীতে কন্যাৰ সংখ্যা ৮৩০ পৰ্যন্ত নিম্নগামী হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা মতে প্ৰতিদিনে দুহেজাৰ কন্যা ভ্ৰুণৰ অবৈধভাৱে গৰ্ভপাত কৰোৱা হয়।
২০০৫ চনৰ আগলৈকে ভাৰতবৰ্ষত পাৰিবাৰিক নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ আইন নাছিল। সেয়ে এনেধৰণৰ ঘটনাসমূহ দ্ৰুতহাৰত বাঢ়ি গৈছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(ক) ধাৰা আৰু প্ৰচলিত অন্যান্য আইনসমূহ আৰু পাৰিবাৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ প্ৰয়োজনৰ মাজত আছিল এক বৃহৎ ব্যৱধান। ভাৰতৰ দণ্ডবিধি আইনৰ ধাৰা ৪৯৮(ক)ৰ মতে, ‘যদি এগৰাকী বিবাহিতা মহিলা তেওঁৰ স্বামী বা স্বামীৰ পৰিয়ালৰ কোনো সদস্যৰ দ্বাৰা অত্যাচাৰৰ বলি হয়,অৰ্থাৎ তেওঁ শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আনকি তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হয় নাইবা যৌতুক বিচাৰি জোৰ জুলুম কৰে তেন্তে এইটো অপৰাধ বুলি গণ্য কৰা হয়।
ধাৰা ৪৯৮(ক ) য়ে সাঙুৰি লোৱা এনেবোৰ অত্যাচাৰৰ বাবে আইনে তিনিবছৰ পৰ্যন্ত কাৰাবাস আৰু লগতে জৰিমনা ভৰাব পাৰে। কিন্তু ইয়াৰ উপৰি আন কিছুমান পাৰিবাৰিক অত্যাচাৰ আছে যিবোৰক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৯৮য়ে সাঙুৰি নলয়। যেনে যৌনজনিত অত্যাচাৰ, আর্থিক কষ্ট দিয়া, গালি গালাজ কৰা, অপমান কৰা, ঠাট্টা বিদ্ৰুপ কৰা, সন্তানহীনা বা ল’ৰা সন্তান নথকা বুলি ঠাট্টা আদি কৰি মানসিক আঘাত দিয়া ইত্যাদি। এনেধৰণৰ পাৰিবাৰিক বা গাৰ্হস্থ্য অত্যাচাৰৰ বলি হোৱা মহিলাই যেতিয়া আদালতৰ ওচৰ চাপিবলৈ ইচ্ছা কৰে, তেতিয়া প্ৰায়েই দেখা যায় ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(ক) ধাৰাৰ অধীনত মোকৰ্দমা কৰে। যিহেতু ৪৯৮(ক) ধাৰাৰ পৰিসীমাৰ ভিতৰত এনেবোৰ গাৰ্হস্থ্য অত্যাচাৰ সন্নিবিষ্ট কৰা নাই গতিকে মোকৰ্দমা কৰাজনে উচিত বিচাৰ পোৱাৰ পৰা বঞ্চিত হয়। সেয়েহে ভাৰতীয় সংবিধানৰ দফা ১৪,১৫ আৰু ২১ত সাব্যস্ত কৰা অধিকাৰসমূহৰ ওপৰত ভিত্তি কৰি গাৰ্হস্থ্য অত্যাচাৰৰ বলি হোৱা মহিলাসকলক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজত ঘটি থকা এনে কুকাৰ্য্যক বাধা দিবলৈ এখন আইন প্ৰণয়ন কৰা হৈছে – ‘পাৰিবাৰিক নির্যাতনৰ পৰা মহিলাৰ সুৰক্ষা আইন ২০০৫(The Protection of Women from Domestic Violence Act ,2005)’।

এই আইনখনে কাক কাক সামৰে?

এই আইনখনে একেলগে একেখন ঠাইতে বসবাস কৰা বা গৃহস্থী কৰাৰ ওপৰত ভিত্তি কৰি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ উপৰিও যৌথ পৰিয়ালত বাস কৰি থকা কোনো মহিলা যাৰ পৰিয়ালৰ আন সদস্য বোৰৰ লগত সম্বন্ধ আছে, তেৱো ইয়াত অন্তৰ্ভুক্ত হ’ব। বিবাহিত মহিলাৰ ওপৰিও এই আইনে জীয়ৰী, বিধৱা, ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালী, মাতৃসকল আৰু অন্যান্য সম্পৰ্কসমূহক সামৰে। আইনখন বিবাহিত হওঁক বা অবিবাহিতই হওঁক সকলো বয়সৰ মহিলাৰ বাবেই।

এই আইন অনুসৰি পাৰিবাৰিক নির্যাতন কি?

পাৰিবাৰিক নিৰ্যাতন হৈছে যিকোনো ধৰণৰ অৱজ্ঞাসূচক অপৰাধমূলক কাৰ্য্য বা আচৰণ যি শাৰীৰিক, মৌখিক, মানসিক, আৱেগিক, যৌন আৰু আৰ্থিক নিৰ্যাতনৰ পথ প্ৰশস্ত কৰে। মহিলাগৰাকীক আঘাত দিয়া বা দুখ দিয়া বা অন্য ব্যক্তি বিশেষৰ লগত যোগাযোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ সামৰ্থক বাধা দিয়া যিকোনো কাৰ্য্য বা অৱহেলাই হৈছে পাৰিবাৰিক নিৰ্যাতন। ইয়াৰ ভিতৰত প্ৰকৃত নিৰ্যাতন আৰু নিৰ্যাতনৰ ভীতি প্ৰদৰ্শন দুয়োটাই পৰে। মহিলাগৰাকী বা তেওঁৰ আত্মীয়ৰ ওচৰত অবৈধভাৱে যৌতুকৰ দাবী তোলাটোকো সামৰে।


এই আইনৰ কাম কি?

২০০৫ চনৰ পাৰিবাৰিক নিৰ্যাতন আইনৰ প্ৰধান কাম হৈছে নিকটতম সম্পৰ্কসমূহৰ মাজত হোৱা পাৰিবাৰিক নিৰ্যাতন তাত্‍ক্ষণিকভাৱে বন্ধ কৰা। এই আইনৰ লক্ষ্য হৈছে সুৰক্ষা প্ৰদান কৰা আৰু পাৰিবাৰিক নিৰ্যাতন প্ৰতিৰোধ কৰা। নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাগৰাকীৰ বাবে কিছু অৱকাশ আৰু সময়ৰ একান্ত প্ৰয়োজন যাতে তেওঁ নিৰ্যাতনৰ ভয়ৰ পৰা মুক্ত হৈ নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰে আৰু আইনখনৰ অধীনৰ অন্যান্য সুবিধাসমূহ লাভ কৰিব পাৰে আৰু মূল অধিকাৰসমূহৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ সিদ্ধান্ত ল’ব পাৰে। (যেনে – ল’ৰা-ছোৱালীৰ তত্ত্বাৱধানৰ অধিকাৰ, ক্ষতিপূৰণ)।

এই আইনৰ পৰা কেনেকৈ সহায় পাব পাৰি?

নিৰ্যাতিত মহিলাগৰাকীয়ে বন্ধু-বান্ধৱী, আত্মীয়-স্বজন, সুৰক্ষা বিষয়া, স্থানীয় বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহ, মহিলা সমিতি, সংঘৰ সদস্য-সদস্যাসকল, আত্মসহায়ক গোটসমূহ, সমূহীয়া স্বাস্থ্যকৰ্মীসকল বা অন্য যিকোনো এজন ব্যক্তিৰ পৰা সহায় বিচাৰিব পাৰে। এই আইনে পাৰিবাৰিক নিৰ্যাতনৰ বিষয়ে সুৰক্ষা বিষয়াক খবৰ দিবলৈ ‘যিকোনো ব্যক্তিকে’ নিৰ্দেশ দিছে, যাতে বিষয়াগৰাকীয়ে ইয়াৰ পিছত মহিলাগৰাকীক প্ৰয়োজনীয় সেৱা আৰু সহায় আগবঢ়োৱাৰ দায়িত্ব ল’ব পাৰে। সুৰক্ষা বিষয়া গৰাকীয়ে মহিলাগৰাকীলৈ সহায়ক তথ্যপাতি আৰু পৰামৰ্শ আগবঢ়োৱা উচিত আৰু দণ্ডাধীশৰ পৰা সুৰক্ষাৰ আদেশ লাভ কৰাৰ ক্ষেত্ৰত আবেদনৰ প্ৰ-পত্ৰ পূৰণত তেওঁক সহায় কৰিব পাৰে।

কোনে এই আইনৰ অধীনত অভিযোগ দাখিল কৰিব পাৰে?

পাৰিবাৰিক নিৰ্যাতন হোৱা বুলি বা হ’বলৈ উপক্ৰম কৰা বুলি শুদ্ধভাৱে বিশ্বাস কৰা যিকোনো ব্যক্তিয়েই সুৰক্ষা বিষয়াক খবৰ দিব পাৰে। ১৮ বছৰ বয়সৰ তলৰ যিকোনো ছোৱালীকে শিশু বুলি গণ্য কৰা হয় বাবে এনে ছোৱালীৰ হৈ যিকোনো সহানুভূতিশীল ব্যক্তিয়েই সুৰক্ষা বিষয়াক খবৰ দিব পাৰে।

সুৰক্ষা বিষয়াসকল কোন আৰু তেওঁলোকক কোনে নিযুক্তি দিয়ে?

এই আইনৰ অধীনত তলত উল্লেখিত যিকোনো এগৰাকী লোকেই সুৰক্ষা বিষয়া হব পাৰেঃ
(১) ৰাজ্য চৰকাৰৰ বিষয়া, যিগৰাকীৰ স্থান উপ-তহচিলদাৰ বা খণ্ড উন্নয়ন বিষয়াতকৈ তলত হ’ব নোৱাৰিব।
(২) বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধি।
(৩) যিকোনো পঞ্জীয়ণভুক্ত সেৱা যোগানকাৰীৰ প্ৰতিনিধি। এই আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে উপযুক্ত অৰ্হতাসম্পন্ন ব্যক্তিক জিলাখনৰ সামাজিক-সাংস্কৃতিক পটভূমি অনুসৰি নিযুক্তি দিব।

এই আইনৰ অধীনত সুৰক্ষা বিষয়াসকলৰ ভূমিকা কি?

(ক) আদেশসমূহ জাৰি কৰাৰ বাবে আবেদন কৰা আৰু ভূক্তভোগীক উপযুক্ত সাহায্য প্ৰদানৰ ক্ষেত্ৰত দণ্ডাধীশক সহায় কৰা।
(খ) দণ্ডাধীশক দিবলৈ পাৰিবাৰিক নিৰ্যাতনৰ প্ৰতিবেদন প্ৰস্তুত কৰা, স্থানীয় আৰক্ষীলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা।
(গ) মহিলাগৰাকীয়ে আশ্ৰয়, গৃহ, চিকিত্‍সা, আইন সাহায্য, পৰামৰ্শৰ দৰে পাবলগীয়া অন্যান্য বিভিন্ন সেৱাসমূহ দণ্ডাধীশৰ কৰ্তৃত্বধীন স্থানীয় এলেকা এটাৰ ভিতৰত লাভ কৰিছেনে নাই তাক সুনিশ্চিত কৰা।
(ঘ) পৰিশোধ, সুৰক্ষাৰ ক্ষেত্ৰত জাৰি কৰা দণ্ডাধীশৰ আদেশ কাৰ্য্যকৰী হোৱাটো নিশ্চিত কৰা।
এই আইনৰ অধীনত থকা প্ৰতিবিধানসমূহ কি কি?

দণ্ডাধীশে তলত উল্লেখিত আদেশসমূহ জাৰি কৰিব পাৰে –

(১) সুৰক্ষাৰ আদেশ-তাত্‍ক্ষণিকভাৱে নিৰ্যাতন বন্ধ কৰিবলৈ।
(২) বাসস্থানৰ আদেশ – মহিলাগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি নিদিবলৈ, থাকিবৰ বাবে বিকল্প স্থানৰ ব্যৱস্থা কৰিবলৈ, প্ৰয়োজন সাপেক্ষে নিৰ্যাতনকাৰীক মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিয়াৰ আদেশ।
(৩) আৰ্থিক সাহায্য – একপক্ষীয় আৰু তত্‍কালীনভাৱে অৰ্থ পৰিশোধ কৰাৰ আদেশ।
(৪) তত্ত্বাৱধানৰ আদেশ আদেশ আৰু মহিলাগৰাকীয়ে যাতে নিৰাপদে নিজৰ সন্তানক লগ কৰিব পাৰে তাৰ আদেশ।
(৫) চিকিত্‍সা আৰু অন্যান্য প্ৰয়োজনীয় সেৱাসমূহৰ ক্ষতিপূৰণৰ আদেশ।
(৬) ঘৰ আৰু কৰ্মক্ষেত্ৰত নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ আদালতৰ নিষেধাজ্ঞা আৰু স্থগিতাদেশ।

যিহেতু আমাৰ সমাজত কিছুসংখ্যক মহিলাৰ ওপৰত গাৰ্হস্থ্য অত্যাচাৰ অবাধ গতিত চলি আছে, এনেবোৰ সমস্যা ৰোধ কৰিবলৈ হ’লে মহিলাসকল সচেতন হ’ব লাগিব, আগবাঢ়ি আহি আইনৰ সহায় লব লাগিব। কিয়নো ভাৰতীয় সংবিধানত সাব্যস্ত কৰা অধিকাৰসমূহৰ ওপৰত ভিত্তি কৰি ভুক্তভোগী মহিলাসকলক পাৰিবাৰিক নিৰ্যাতনৰ পৰা অধিক ফলদায়ক সুৰক্ষা প্ৰদান কৰিবলৈ এই আইনখন প্ৰণয়ন কৰা হৈছে। এই আইনে তাত্‍ক্ষণিকভাৱে নিৰ্যাতন বন্ধ হোৱাটো সুনিশ্চিত কৰে। নিজৰ মাজৰ সম্পৰ্কৰ বিষয়ে ভাবিবলৈ আৰু একেলগে থাকিবনে নাথাকে সেই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আইনখন হৈছে এক অৱকাশ।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s