জাতি মাটি ভেটি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ


জাতি মাটি ভেটি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ 

ভূমিহীন লোকক পট্টা দিয়াৰ পদক্ষেপ চৰকাৰৰ
বাছনি কৰিছে বান ক্ষতিগ্রস্ত খিলঞ্জীয়া লোকক
ৰাজ্যৰ ভূমিহীন লোকক পট্টা প্রদানৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে ৷ অহা ১৫ আগষ্টত অসম চৰকাৰে ৰাজ্যৰ ৫ হাজাৰ পৰিয়ালক ভূমি পট্টা প্রদান কৰিব ৷ ভূমিহীন এইসকল পৰিয়ালৰ মাজত দেশৰ আগন্তুক  স্বাধীনতা দিৱসত চৰকাৰে পট্টা প্রদান কৰিব ৷ ইয়াক লৈ দিছপুৰত ৰাজহ বিভাগে প্রস্তুতি সম্পূর্ণপ্রায় কৰি তুলিছে। কামৰূপ মেট্র’ক বাদ দি ৰাজ্যৰ প্রায় কেইখন জিলাৰ ভূমিহীন পৰিয়ালৰ মাজৰ পৰা ৫ হাজাৰৰ মাজত নিম্নতম ১ কঠাকৈ ভূমিৰ পট্টা বিতৰণ কৰা হ’ব। বিশেষকৈ বান খহনীয়াত মাটি ভেটি হেৰাই চৰকাৰী ভূমিত দীৰ্ঘ দিন ধৰি আশ্রয় লৈ থকা খিলঞ্জীয়া পৰিয়ালৰ মাজত পট্টা বিতৰণ কৰা হ’ব বুলি ৰাজহ বিভাগৰ সূত্রত প্রকাশ ৷ ৰাজহ চক্র বিষয়াসকলৰ ক্ষেত্র ভিত্তিক অধ্যয়নৰ প্ৰতিবেদনৰ ভিত্তিত জিলাৰ উপায়ুক্তসকলে দিছপুৰলৈ প্রেৰণ কৰা তালিকা অনুসৰি ৫ হাজাৰ পৰিয়ালৰ মাজত পট্টা বিতৰণ কৰা হ’ব। উল্লেখযোগ্য যে চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰতিটো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা বিতৰণৰ লক্ষ্য বান্ধি লৈছে ৷ যোৱা ৯ মার্চত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত বার্ষিক পৰিকল্পনা সম্পর্কীয় এক বৈঠকত ৰাজ্য চৰকাৰে এই লক্ষ্যৰ বিষয়ে অৱগত কৰিছিল ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিধানসভাৰ মজিয়াত ভূমিহীন খিলঞ্জীয়া লােকক পট্টা প্রদান কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰি থৈছে ৷ ৰাজ্য চৰকাৰৰ তথ্য অনূসৰিয়েই ৰাজ্যত ৪৮,২৮৩টা ভূমিহীন পৰিয়াল আছে ৷ বিগত দুবছৰত চৰকাৰে ৫৭৪টা পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰিছে ৷ বাকী থকা ৪৭,৭০৯টা পৰিয়ালৰ ভিতৰত ৫ হাজাৰ পৰিয়ালক যদিহে চৰকাৰে ১৫ আগষ্টত ভূমি পট্টা প্রদান কৰে তেন্তে ডিচেম্বৰব ভিতৰত ঘোষণা কৰা অনুসৰি বাকী ৰোৱা ৪২,২০৯টা পৰিয়ালক ভূমি পট্টা দিবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ’ব ।ৰাজহ বিভাগৰ সুত্রই প্রকাশ কৰা অনুসৰি ভূমি পট্টা প্রদানৰ এই প্রচেষ্টাৰ সৈতে হৰিশংকৰ ব্রহ্ম কমিটীৰ প্রতিবেদনৰ কোনো সম্পর্ক নাই ৷
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s