চাহ জনগোষ্ঠীৰ শিপা


খদনা/গদনা/খদা/উলকি
চাহ জনগোষ্ঠীৰ পূৰ্ব্বপুৰুষ সকলৰ পূৰ্ব্বৰ বাসভূমি আছিল মধ্য, পূৱ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন অংগৰাজ্য। বহু জাতি-উপজাতি আৰু জনজাতিৰে গঠিত চাহজনজাতিৰ লোকসকল মূলতঃ প্ৰটঅষ্ট্ৰলয়দ অষ্ট্ৰিক আৰু দ্ৰাবিড় কূলৰ অন্তৰ্ভুক্ত। এই জাতিপূঞ্জৰ প্ৰায় সৰহভাগৰ মাজতে খদনা (Tato) অৰ্থাৎ গাৰ বিভিন্ন অঙ্গত বিভিন্ন ধৰণৰ নক্সা বা ছবি অঙ্কণ কৰি লোৱাৰ প্ৰথা অনাদিকালৰে পৰাই চলি আহিছে। প্ৰতিটো জাতিগোষ্ঠীৰ মাজত সুকীয়া সুকীয়া আকৃতিৰ বা “ডিজাইন”ৰ ছবি অঁকাৰ পৰা এটা কথা সন্দেহাতীত ভাৱেই প্ৰমাণিত হয় যে ই প্ৰকৃততে একো একোটা জনসম্প্ৰদায়ৰ চিহ্নহে আছিল, যাৰ দ্বাৰাই আদিম মানৱে নিজৰ খেলৰ মানুহক চিনাক্ত কৰিব পাৰিছিল। যিকি নহওক পিছলৈ খদনা মানুহৰ অঙ্গৰ অলঙ্কাৰ হৈ পৰে। তথাপিতো সুকীয়া সুকীয়া সমাজত ইয়াৰ পৃথক তাত্পৰ্য্য আছে। তাৰে চমু আলোচনা আগবঢ়োৱা হ’ল।
(ক) ওৰাং জনজাতিৰ খদনাঃ-
ওৰাং (Oraon) সকলৰ খ্ৰীষ্টপূৰ্ব্ব কেইবা শতিকাৰ পূৰ্ব্বতে দক্ষিণ ভাৰতৰ কঙ্কণ উপত্যকাৰ পৰা প্ৰৱজন কৰিছিল। উত্তৰলৈ গতি কৰি নেৰ্বুদা (নৰ্ম্মদা) নদী অতিক্ৰম কৰি ৰাজস্থানত তেওঁলোক বহুকাল বাস কৰিছিল। ৰাজস্থানৰ তিতিৰগড় আদি ঠাইৰ নামাকৰণ হেনো তেওঁলোকেই কৰি আহিছিল। তাৰে পৰা এটা ঠাল আফগানিস্থানৰ মাজেৰে গতি কৰি বেলুচিস্থানত বসতি বিস্তাৰ কৰে। ইয়াত প্ৰচলিত বাৰহুই নামৰ ভাষাৰ লগত উৰাওঁ ভাষাৰ তেনেই ওচৰ সম্পৰ্ক থকাৰ পৰা নৃতাত্বিক পণ্ডিত সকলে এইমত আগবঢ়াইছে। আনহাতে ওৰাঙৰ প্ৰধান ঠালটো গংগা উপত্যকাইদি ক্ৰমে ক্ৰমে পূবলৈ আগবাঢ়ি আহিবলৈ ধৰে। বিভিন্ন কাৰণত তেওঁলোক আগুৱাই আহি আহি উত্তৰ প্ৰদেশৰ গোৰখ্-পুৰ অঞ্চলত এক সুদীৰ্ঘ কাল বসবাস কৰিছিল। ওৰাং সকলে ইয়াত খনোৱা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীবোৰ এতিয়াও স্থানীয় লোকৰ মাজত “অসুৰোঁ কা পোখড়া” নামেৰে জনাজাত হৈ আছে। ইয়াৰ পৰা খেদা খাই তেওঁলোক বৰ্তমান বিহাৰ ৰাজ্যৰ ৰাজমহল পাহাৰৰ পাদদেশত শতাধিক বছৰ বাস কৰাৰ কথা জনা যায়। কালত চিৰু নামৰ এটা দুধৰ্ষ ফৈদৰ লগত যুদ্ধত হাৰি খ্ৰীঃ এক শতিকাত তেওঁলোক দক্ষিণলৈ গতি কৰি বৰ্ত্তমানৰ ঝাড়খণ্ডত প্ৰৱেশ কৰে। কিন্তু ইয়াত তেওঁলোকতকৈও প্ৰায় ২০০ বছৰ (খ্ৰীঃ ৩ শতিকা) আগতে প্ৰৱেশ কৰি বসতি বিস্তাৰ কৰা প্ৰটঅষ্ট্ৰলয়দ অষ্ট্ৰিকৰ খেড়ৱাড় কুলভূক্ত মুণ্ডা জনজাতিৰ লগত ওৰাং সকলে দীৰ্ঘকাল জুৰি যুদ্ধ কৰিব লগা হৈছিল। প্ৰায় শতাধিক বছৰ কাল যুদ্ধ কৰাৰ পিছত উভয়ে উভয়ক বলে নোৱাৰি মিত্ৰতাৰ পাশত আৱদ্ধ হ’ব লগা হয় আৰু সেই প্ৰাচীন কালৰে পৰাই সুকীয়া ভাষা আৰু সংস্কৃতিৰ ধাৰক আৰু বাহক হোৱা স্বত্বেও উভয়ৰে মাজত “ভাইচাৰা”ৰ সদ্ভাৱ স্থাপন হয় আৰু মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ ধৰে। প্ৰসঙ্গতঃ উল্লেখ কৰিব পাৰি যে জনসংখ্যাৰ ফালৰ পৰা ওৰাংসকল ভাৰতৰ জনজাতিৰ মাজত পঞ্চম স্থান দখল কৰি আছে।


১৮৪১ চনৰ পৰাই অন্যান্য জনজাতিৰ লগতে ওৰাংসকলৰ পূৰ্ব্বপুৰুষ সকলকো ইংৰাজ চাহশিল্পপতি সকলে অসমৰ চাহবাগিচাত কাম কৰিবলৈ আনিছিল। এইসকলৰ বংশধৰ সকল বৰ্তমান চাহ জনগোষ্ঠীৰ এক অভিন্ন অংগ হোৱাৰ লগতে বৰ অসমৰ অসমীয়াৰো অংগবিশেষ হৈ পৰিছে। এতিয়া খদনাৰ কথালৈ অহা যাওক।
ওৰাঙকে আদিকৰি ঝাড়খণ্ডী আদিবাসী ৰমণীৰ অঙ্গাভৰণ হ’ল খদনা বা খদা। বিশেষকৈ পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, উৰিষ্যা আদিৰ পৰা অহা আদিবাসী মহিলা সকলে গাৰ সমগ্র অংশতে খদনা লয়। তেওঁলোকৰ মানত আটাইতকৈ নিৰ্ভৰযোগ্য আৰু স্থায়ী অলঙ্কাৰ খদনা নেথাকিলে জীৱিত কালতো উদ্ধাৰ নহয় আৰু পৰকালতো উদ্ধাৰ হ’ব পৰা নেযায়। এনে জনবিশ্বাস তেওঁলোকৰ মাজত দকৈ প্ৰোথিত হৈ আছে। অনাদি-অনন্ত কালৰ পৰা হৃদয়ৰ মাজত পুহি ৰখা এই লোক বিশ্বাসৰ সমাদৰ আজিও তেওঁলোকৰ মাজত বৰ্তি আছে।
অসমৰ দৰেই উত্তৰবঙ্গৰ তৰাই অঞ্চলৰ চাহবাগিচাতো ওৰাং জনজাতিৰ লোক থকা দেখা যায়। অসমত বিভিন্ন জনগোষ্ঠী লগলাগি যিদৰে চাহজনগোষ্ঠী নামৰ এখন উমৈহতীয়া সমাজ গঠন কৰিছে, ঠিক একেদৰে বিভিন্ন জনগোষ্ঠীৰ লোক মিলি উত্তৰবঙ্গৰ চাহবাগিচাত গঠন কৰা জনসমাজৰ গোটটোক একেলগে মদেশিয়া বোলা হয়। মদেশিয়াৰ অংশীদাৰ ওৰাং জনজাতিৰ মাজত খদা বা খদনা সম্পৰ্কে এটি প্ৰচলিত লোক প্ৰবাদ আছে। সেইটো হ’ল–
খদা নি ৰহলে ছঁড়ী নিকৰব শাদী।
খদা খদাও ছঁড়ী আইঝে কৰব শাদী॥
সেইখন সমাজত খদা নথকা ছোৱালীৰ বিয়াত বহাৰ উপযুক্ততা নাই বুলি গণ্য কৰা হয়। সেয়ে বিবাহোত্সুক যুৱকে নিজৰ প্ৰেয়সীক খদা লবলৈ অনুৰোধ জনায় কয় যে খদা লোৱাৰ লগে লগেই মই তোমাক বিয়া কৰাম। তেওঁলোকৰ মাজত খদা প্ৰথাৰ সৃষ্টি সম্পৰ্কে এটি বৰ মনোৰম কাহিনী আছে। সেইটো হ’ল- সৃষ্টিৰ প্ৰাৰম্ভিক কালত ওৰাংসকলৰ ভগৱান ধৰ্ম্মেশে কোনে কি ব্যৱসায় কৰিব সেই বিভাগবোৰ বিতৰণৰ বাবে মনুষ্য জাতিৰ সকলোকে নিজৰ সভালৈ আমন্ত্ৰণ জনাইছিল। ওৰাংসকলৰ বিশ্বাস যে ধৰ্ম্মেশ ভগৱানে প্ৰদান কৰা জীৱিকাৰ ভিত্তিত পৃথিৱীৰ মানৱ জাতিৰ মাজত নানা জাতি-উপজাতি বা সম্প্ৰদায়ৰ সৃষ্টি হ’ল। ভগৱানে হাল বাবলৈ যাক নাঙল দিলে তেওঁ হ’ল চাষী বা খেতিয়ক, যাক কাঠ কাটিবলৈ টাঙ্গি বা কুঠাৰ দিলে তেওঁ হ’ল কাঠুৰীয়া, যাক মাছ ধৰিবলৈ জাল দিলে তেওঁ হ’ল জালোৱা বা কেওট, যাক কাপোৰ ববলৈ সূতা দিলে তেওঁ হ’ল তাঁতী আৰু এইদৰে আন আন অনেক ব্যৱসায় দিয়াৰ পৰা নানান জাতিৰ সৃষ্টি হ’ল। তাৰ পিছতো ভগৱানৰ ওচৰলৈ এজন হৈ যোৱাত তেওঁক ভগৱানৰ হাতত থকা অৱশিষ্ট দোতাৰাখনকে প্ৰদান কৰিলে। এই লোকজনে দোতাৰা বজাই গোটেই গাৱঁৰ মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ গীত আৰু বাদ্য শুনাৰ বিনিময়ত মানুহবোৰে তেওঁক যি দান বৰঙণি দিছিল তাৰেই তেওঁ আৰু তেওঁৰ পৰিয়ালটি প্ৰতিপালিত হৈছিল। কিন্তু এদিন গোটেইদিন দোতাৰা বজাই ঘূৰাৰ বিনিময়তো তেওঁ একোকে পোৱা নাছিল। সন্ধ্যাপৰত ভোকে পিয়াহে তেওঁ ঘৰ পায়গৈ। ঘৈণীয়েকে তেওঁক শুদাই নিকাই ভাত এমুঠি খাবলৈ দিয়ে। কিন্তু তাৰি তৰকাৰী ইমানেই বেয়া আছিল যে খঙে তেওঁৰ টিকণীৰ আগ পায়গৈ। খঙৰ ভমকত তেওঁ ঘৈণীয়েকৰ পিঠিত পূৰ্ণহতীয়া কেইটামান বাঘ-ঢকা সোধায়। তাৰপিছত তেওঁৰ ঘৰৰপৰা ওলাই যায়গৈ।


ঘৈণীয়েকো কান্দি কান্দি ঘৰৰ বাহিৰলৈ ওলাই যায়। গৈ গৈ তেওঁ অটব্য অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে। ভাগৰ লগাত এজোপা গছৰ গুৰিত আশ্ৰয় লয়। সেই গছজোপাত এটা ভূত আছিল। উচুপি উচুপি কান্দি থকা দেখি মানুহ গৰাকীৰ ওপৰত ভূতটোৰ দয়া উপজে। ভূতটোৱে মানুহজনীৰ দুখৰ কাৰণটো জানিব পাৰি দয়া পৰৱশ হৈ মানুহজনীক ক’লে- “আইটি তুমি আৰু নাকান্দিবা। তোমাক মই মানুহৰ গাত খদনা কেনেকৈ আঁকিব পাৰি সেই বিদ্যাটো শিকাই দিম।” সেইবুলি কৈ বিদ্যাটো শিকায় দিয়ে। ভূতটোৱে পুনৰ কয়, “তুমি এতিয়া ঘৰলৈ ঘূৰি যোৱা। তুমি এই বিদ্যাৰ পৰাই এমুঠি ভাত খাবলৈ পাবা আৰু লোক সমাজে তোমাক সন্মানৰ চকুৰেও চাব।”
সেই তেতিয়াৰে পৰাই ওৰাং সমাজত খদনা প্ৰথাৰ প্ৰচলন হয়।
(খ) মাৰিয়া জনজাতিৰ খদনাঃ
ছত্তিশগড় ৰাজ্যৰ বিলাসপুৰ জিলাত অধিকাংশ মাৰিয়া জনজাতিৰ লোক বাস কৰে। বেছিভাগেই অৰণ্য আচ্ছাদিত পাহাৰ শ্ৰেণীৰ মাজত বাস কৰে। অতি কম সংখ্যকেহে সমতল ভূমিত বাস কৰে। এওঁলোক আজিও অনগ্ৰসৰ অৱস্থাতে আছে। ভৈয়ামত থকা সকলে কৃষি কাৰ্য্য, দিনমজুৰি আৰু পাহাৰত থকাখিনি ঝুমখেতি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে।


দ্ৰাবিড় কূলৰ মাৰিয়া সকলৰ বস্তাৰৰ প্ৰধান জনজাতি গন্দ সকলৰ লগত বহু সাদৃশ্য আছে। মাৰিয়া সকলৰ নিজাববীয়া দোৱান আৰু ধৰ্ম্মবিশ্বাস আছে। তেওঁলোকৰ মুখ্য দেৱতাৰ নাম হ’ল “লিঙ্গপেন”। অতিপাত দয়ালু এইজন দেৱতাই তেওঁলোকৰ সমাজ জীৱন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ ঘুটল প্ৰথাৰ প্ৰৱৰ্ত্তন কৰিছিল। ই হ’ল তেওঁলোকৰ সামাজিক শিক্ষাৰ গ্ৰম্য অনুষ্ঠান। প্ৰত্যেক গাওঁতেই আমাৰ অসমৰ নামঘৰৰ দৰেই বাধ্যতামূলক ভাৱে একোটাকৈ ঘুটোল থাকে। কাঠ-বাঁহ আৰু খেৰেৰে আহল বহলকৈ সজা এই ঘৰত বয়সস্থ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ তত্ত্বাবধানত গাঁওৰ সকলোবোৰ অবিবাহিত ডেকা-ডেকেৰীয়ে একেলগে ৰাত্ৰি জাপন কৰে। ইয়াত নিজৰ সমাজৰ উন্নয়নমূলক কাম-কাজৰ উপৰিও সমাজ সংস্কৃতি আৰু তেওঁলোকৰ অতীত ইতিহাস, শৌৰ্য্য-বীৰ্য্য আদিৰ বিষয়ে শিক্ষা দিয়া হ’ল। ইয়াত কেতিয়াও কোনো ধৰণৰ অপকৰ্ম সংঘটিত নহয়। Verrier Elwin এ তেওঁৰ গ্ৰন্থ “Marias and their country” ত লিখিছে যে- “From the days of Lingo, the ghotul is built in every village and the boys and girls live there together without sin. So long as a girl weres combs in her hair she may play and laugh with the Chelik (Boys). And Lingo (God) was twice in the fire and no evil touched him. So it with the boys and girls in their Ghotul.” লিঙ্গদেৱতাৰ নিৰ্দেশত নিৰ্ম্মিত ঘুটোল মাৰিয়া যুৱক যুৱতীৰ বাবে সম্পূৰ্ণ নিৰাপদ আশ্ৰয় গৃহ।
লিঙ্গদেৱতাই তেওঁলোকক কিংৰী (একপ্ৰকাৰৰ বাঁহী) বজাবলৈ শিকাইছিল। সেয়ে কিংৰী আজিও তেওঁলোকৰ বাবে অতিকে হেপাহৰ আৰু পবিত্র বাদ্যযন্ত্ৰ।
অসমৰ চাহবাগিচাত মাৰিয়া জনজাতিৰ সংখ্যা একেবাৰেই তাকৰ হোৱা বাবে ইয়াত তেওঁলোকে স্বজাতীয় কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব পৰা নাই। ধৰ্মৰ দৃষ্টিকোণৰ পৰা তেওঁলোকক হিন্দুৰ ভিতৰতে ধৰা হয়। মাৰিয়া সকলৰ মাজতো খদনা লোৱা প্ৰথাৰ বহল প্ৰচলন থকা দেখা যায়। এই সম্পৰ্কে তেওঁলোকৰ মাজত বহুতো লোকগীত আছে। যেনেঃ-
“আগে বাগডাং ডুমকি দাই ?
ৰায়গড় দা ডুমকি দাই ।
আগে বাতাং বাগা দাই ?
সিংগাৰ কোটি বাতাং দাই ।
ডাণ্ডা মোলা কেনতং দাই ?”


অৰ্থাৎ – উলকি (খদা) ক’ত উৎপত্তি হৈছিল ? ৰায়গড় পাহাৰত উৎপত্তি হৈছিল। খদা ইয়ালৈ কিয় আহিলে ? তোমাক চিহ্নিত কৰিবলৈ আহিলে। তেওঁলোকে খদনাৰ মাহাত্ম্যৰ বিষয়ে জানে। হাতত খদনা লোৱাৰ অন্তৰ্নিহিত অৰ্থও তেওঁলোকে জানে।
এইটো হ’ল খদনা সম্পৰ্কে মাৰিয়া জনজাতিৰ মাজত প্ৰচলিত আটাইতকৈ জনপ্ৰিয় লোকগীত। খদনা হ’ল মাৰিয়া সমাজৰ মাজত পবিত্রতাৰ প্ৰতীক। ইয়াৰ অন্য উদ্দেশ্যও আছে। উপদেৱতা, পিশাচ আৰু ডাইনীৰ কুনজৰৰ পৰা ই তেওঁলোকক ৰক্ষা কৰে। সৌন্দৰ্য্য চৰ্চ্চাৰ বাবে শৰীৰত খদনা কৰাই লয়। বিয়াত বহিবলৈ আৰু মৃত্যুৰ পিছত আত্মাই স্বৰ্গলৈ যোৱাৰ পাৰপত্ৰ (ভিচা) হ’ল খদনা। খদনাই তেওঁলোকৰ বংশ কূলৰো পৰিচয় দিয়ে। কম বেছি পৰিমাণে ল’ৰাবোৰেও খদনা ল’ব লগা হয়। ছোটনাগপুৰ আৰু অবিভক্ত মধ্যপ্ৰদেশৰ আদিবাসী সকলৰ ওপৰত আটাইতকৈ বেছি অধ্যয়ন থকা Verrier Elwin খদাৰ ওপৰত থকা বক্তব্য হ’লঃ

“There are some idea that the marks are a sort of passport to heaven. If she dies without being tatood Mahapurub will punish her. But if she bring him beautiful drawing from the middle world, he will keep her with him and look after her.”
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s