খিলঞ্জীয়া মুছলমান


খিলঞ্জীয়া মুছলমান

দীঘলীয়া সময় ধৰি স্থায়ীভাৱে বসবাস কৰা মানুহক খিলঞ্জীয়া বুলি কোৱা হয়| আধুনিক যুগত অসম নাম লোৱা এই ভূখণ্ডত সহাস্ৰাধিক বছৰ আগতে বহুতো জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি ১০০-১৫০ বছৰ আগতে ইয়ালৈ অহা কেইবাটাও জনগোষ্ঠী-এই সকলোবোৰ মানুহেই অসমৰ স্থায়ী অধিবাসী|ধৰি লব পাৰি যে পৃথিৱীৰ অস্তিত্ব থকালৈ তেঁওলোক অসমতেই থাকিব| সেইঅৰ্থত তেঁওলোকৰ ভাগ্য একেডাল সূঁতাৰে গথা হৈ আছে| সেই কথা জানি তেঁওলোক সকলোৱে একেলগে মিলি-জুলি থকা উচিত।
কিন্তু মানুহৰ মাজত অতি স্বাভাৱিকভাৱেই মাজে সময়ে স্বাৰ্থৰ সংঘাত হয়ে|তেনে স্বাৰ্থৰ সংঘাতে সম্প্ৰতি স্থায়ী অধিবাসী মুছলমানসকলৰ মাজত বিভেদৰ সৃষ্টি কৰিছে| তেঁওলোক দুটা ভাগত বিভক্ত হৈ পৰিছে- খিলঞ্জীয়া আৰু নৱাগত | ১০০-১৫০ বছৰ আগতে অহা পূৰ্ববংগীয় মূলৰ মুছলমানসকল নৱাগত আৰু আহোমসকলতকৈ প্ৰায় ২০০ বছৰ আগতে আহি স্থায়ীভাৱে বসতি কৰিবলৈ লোৱা মুছলমান সকল খিলঞ্জীয়া। সঁচা কথা কবলৈ গলে খিলঞ্জীয়া বুলি দাবী কৰিবলৈ অসমৰ যিকেইটা জনগোষ্ঠীৰ আটাইতকৈ শক্তিশালী যুক্তি আছে তেঁওলোকৰ ভিতৰত এটা হ’ল অসমীয়া মুছলমানসকল | আহোম ৰাজত্বৰ সময়ত বিভিন্ন সময়ত আৰ্যাৱৰ্তৰ পৰা স্থায়ীভাৱে অসমত বাস কৰিবলৈ অহা কেইবাটাও হিন্দু সম্প্ৰদায়ৰ মানুহতকৈ অন্তত: একাংশ অসমীয়া মুছলমান বেছি পুৰণি বেছি খিলঞ্জীয়া| এই খিলঞ্জীয়া অসমীয়া মুছলমানসকল হিন্দু অসমীয়াৰ লগত সামাজিকভাৱে সম্পূৰ্ণ একাত্ম হৈ গৈছিল| ১৬৬১ খ্ৰীষ্টাব্দত অসম জয় কৰিবলৈ অহা মোগল সেনাপতি মিৰজুমলাৰ লগত অহা ঐতিহাসিক চাহাবুদ্দিন তালিছে তেঁওৰ ফাতেহা-ই-ঈব্ৰিয়া নামৰ কিতাপখনত খেদ কৰিবলৈ বাধ্য হৈছিল যে এই মুছলমানসকল নামতহে মুছলমান,একমাত্ৰ ধৰ্মটোৰ বাহিৰে স্থানীয় হিন্দু সমাজৰ পৰা তেঁওলোকক পৃথক কৰি চাবলৈ আন উপায়ে নাই| ভাৰতীয় সংস্কৃতিৰ দৰেই আধুনিক অসমীয়া সংস্কৃতিও অসমীয়া হিন্দু,মুছলমান আৰু বিভিন্ন খিলঞ্জীয়া জনজাতিৰ যৌথ সাধনাৰ ফল|
এই প্ৰসংগতে এটা কথা বিশেষভাৱে উল্লেখযোগ্য | এই কথা সকলোৱে স্বীকাৰ কৰে যে অসমীয়া হিন্দু আৰু মুছলমানৰ অকৃত্ৰিম মিলাপ্ৰীতিৰ সম্পৰ্ক সমগ্ৰ ভাৰতৰ ভিতৰতে একক আৰু অতুলনীয়| অসমীয়া মুছলমান আৰু হিন্দুৰ মাজত কোনোকালেই ধৰ্মীয় আৰু সামাজিক সংঘৰ্ষ হোৱা নাই|অসমৰ বাহিৰৰ মানুহে তাৰ আচল কাৰণটো জানিব নোৱাৰি আঁচৰিত হয়| মই দহ বছৰ কলকাতাৰ এখন বাংলা বাতৰিকাকতত সাংবাদিক হিচাপে কাম কৰোঁতে একাধিক বাংলা বুদ্ধিজীৱীক ইয়াৰ কাৰণ বাখ্যা কৰিব লগীয়া হৈছিল| তেঁওলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই মোৰ বিশেষ সাপ্তাহিক কলমটোত এবাৰ লিখিছিলো যে অসমৰ ইতিহাসৰ যিটো যুগত মুছলমানসকল অসমলৈ আহিছিল আৰু আক্ৰমণকাৰীৰূপে অহা এই মুছলমানসকল কালক্ৰমত ইয়াৰ স্থায়ী বাসিন্দা হৈছিল,সেইযুগত অসম তথা কামৰূপৰ বিভিন্ন অঞ্চলত ৰাজত্ব কৰা আটাইকেইটা ৰাজবংশ আছিল অনাৰ্য তথা নব-ধৰ্মান্তৰিত হিন্দু| তেঁওলোক স্বাভাৱিকতেই ভাৰতৰ অন্যান্য প্ৰান্তৰ আৰ্যবংশীয় হিন্দু ৰজা আৰু বিষয়াসকলতকৈ ধৰ্ম আৰু খাদ্যৰ প্ৰশ্নত বেছি উদাৰ আছিল;মুছলমানসকলৰ প্ৰতি সহনশীল হব পৰাটো তেঁওলোকৰ পক্ষে আছিল বেছি সহজ তথা স্বাভাৱিক| যি ক্ষেত্ৰত ভাৰতৰ অন্যান্য প্ৰান্তত হিন্দু আৰু মুছলমানৰ ক্ষমতাৰ প্ৰতিযোগিতাৰ বহুলাংশেই আছিল হিন্দু আৰু ইচলাম ধৰ্মীয় সংঘাতৰ নামান্তৰ মাত্ৰ তেনে ক্ষেত্ৰত অসমত বিশেষকৈ আহোম ৰাজত্বত হিন্দু আৰু মুছলমানৰ মাজত কোনো ধৰণৰ ধৰ্মীয় সংঘাত ঘটিবৰ অৱকাশ নাছিল।
নব্য হিন্দু আহোমসকলৰ পক্ষে মুছলমানসকলক গোড়া ধৰ্মীয় বিদ্বেষৰ দৃষ্টিৰে চোৱাটো অসম্ভৱ আছিল| বৰং আহোম ৰজাসকলে তাৰ সম্পূৰ্ণ বিপৰীত নীতিহে অনুসৰণ কৰিছিল| ৰফিউল ইচলাম বৰুৱাই লিখিছে যে ধৰ্মনিৰপেক্ষ আহোম ৰজাসকলে অসমত অনেক পীৰ-ফকিৰ আৰু ধৰ্মগুৰুক মাটি-বাৰী ,ৰাজকীয় সা-সুবিধা আৰু সামাজিক মৰ্যদা দিছিল;আনকি ৰাজসভাত মুছলমানক ধৰ্মগুৰু হিচাপে স্বীকৃতি দিছিল আৰু কোনো কোনো মৌলনা-মৌলবীক ৰাজকীয় খৰচত মক্কাত তীৰ্থভ্ৰমণ কৰিবলৈও পঠাইছিল|এনে এটা ধৰ্ম নিৰেপক্ষ উদাৰ পৰিবেশত অসমীয়া হিন্দু মুছলমানৰ যি সামাজিক আৰু সাংস্কৃতিক সম্প্ৰীতি গঢ় লৈ উঠিছিল, সি আজিলৈকে অমৰণ-অভগন হৈ টিকি আছে আৰু চিৰকাল থাকিব|

—হোমেন বৰগোহাঁঞি (প্ৰথম কলম,১২ এপ্ৰিল,২০১৩)
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s