কিম্বদন্তি পুৰী বিশ্বনাথ ধাম


কিম্বদন্তি পুৰী বিশ্বনাথ ধাম


বুঢ়া লুইতে দক্ষিণে নিতে পৰশে যাক
উত্তৰৰ নীলা পাহাৰে ৰিংঙীয়াই মাতেনো কাক
সাধাৰু প্ৰতাপগড়ে বিলাই পশ্চিমৰ প্ৰভাত
লুইতৰ সংগমেৰে পূৱৰ বুঢ়ীগাঙে
প্ৰতিষ্ঠা কৰিলে যি লিংগ শিলাক
এয়াই আমাৰ বিশ্বনাথ
অনুপম নিৰুপম ৰমনীয় বিশ্বনাথ
(বিশ্বনাথ উৎসৱৰ শীৰ্ষগীত, গীতিকাৰ – শ্ৰী ধ্ৰুৱজ্যোতি ৰাজখোৱা)
প্ৰবাহমান মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত গুপ্তকাশী হিচাপে খ্যাত বিশ্বনাথ ধাম। অনাদি কালৰ পৰা অগনন ভক্তৰ পদৰেণুৰে মহিমা মণ্ডিত হৈছে বিশ্বনাথ ধাম। বিশাল ভাৰতবৰ্ষত অনান্য তীৰ্থস্থানৰ দৰে বিশ্বনাথ ধামেয়ো শত সহস্ৰ জনক আকৰ্ষন কৰি আহিছে। এই বিশ্বনাথ নামটিৰ গুৰি ধৰিয়েই শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিক কেন্দ্ৰ কৰি এটি মহকুমা গঢ়ি উঠিছে আৰু বৰ্তমান বিশ্বনাথক জিলাৰ মৰ্যদা প্ৰদান কৰিবলৈ ৰাইজে আৰু জাতীয় সংগঠন সমূহে দাবী জনাইছে। বিশ্বনাথ চাৰিআলি চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিনে বৃদ্ধগংগাৰ পাৰত পুৰণি বিশ্বনাথ ঘাট আৰু বিশ্বনাথ দেৱালয় অৱস্থিত। বিশ্বনাথ বিশ্বৰ গৰাকী। বিশ্বৰ গৰাকীৰ এই অধিষ্ঠান ক্ষেত্ৰ এই বিশ্বনাথ। বিশ্বনাথ কাশী ক্ষেত্ৰ। কিন্তু ই গুপ্ত কাশী। গুপ্ত কাশীৰ অৰ্থ এই যে ই কাশী বুলি জনাজাত নহয়। কিংবদন্তি মতে কুমুদ আৰু কৌস্তভ নামৰ দুজন মুনিৰ শাপত বিশ্বনাথ গুপ্ত কাশী হ’ল। অতীতত শোণিতপুৰ বালিপুত্ৰ সহস্ৰ বাহু বানৰ ৰাজ্য আছিল। ভক্ত প্ৰহল্লাদৰ বংশধৰ, বান, অতি পৰাক্ৰমী ৰজা আছিল আৰু ভগৱান মহাদেৱ শিৱৰ পৰম ভক্ত আছিল। বান ৰজাৰ আৰাধ্য দেৱ হিচাবে শিৱৰ এটা নাম ‘বানেশ্বৰ’। শিৱক তপস্যা কৰি বানে পিতৃ ৰাজ্য পুনৰ লাভ কৰিছিল। বানে প্ৰতিদিনে একোজনকৈ শিৱ সাজি পূজা কৰিছিল। পূজাত সন্তুষ্ট হৈ মহাদেৱে এদিন ৰাতি ৰজাক স্পপ্নত ক’লে – “মই তোমাৰ ৰাজ্যত স্বয়ম্ভু কাশী ৰূপে বিৰাজমান হৈ আছো। ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা কুমুদ আৰু কৌস্তভ নামৰ মুনি দুজনক সুধি মোৰ অৱস্থান নিৰ্ণয় কৰা আৰু মোক পূজা কৰা”। পিছদিনা বান ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা মুনি দুজনৰ কাষত উপস্থিত হ’ল আৰু বিশ্বনাথৰ অৱস্থিতি সম্পৰ্কে প্ৰশ্ন কৰিলে – “কুত্ৰ কাশী”? ধ্যান মগ্ন হেতু মুনিয়ে ৰজাৰ কথা নুশুনিলে। ৰজাই পুনৰ প্ৰশ্ন কৰিলে – “কুত্ৰ কাশী”? ধ্যানত ৰ’ত মুনি নিমাত হৈয়ে ৰ’ল। দুপৰৰ তপ্ত বালিত খোজ কাঢ়ি কাঢ়ি ৰজা লাল কাল হৈ পৰিছিল। ৰজাৰ ভীষণ খং উঠিল আৰু খঙতে “কুত্ৰ কাশী” বুলি চিঞৰি উঠিল। সেই চিঞৰত দুই মুনিৰ ধ্যান ভংগ হ’ল আৰু ধ্যান ভংগ হোৱা হেতু ক্ৰোধাম্বিত মুনিদ্বয়ে লগে লগে গুপ্ত কাশী বুলি চিঞৰি উঠিল। মুনিৰ মুখৰ পৰা উলোৱা সেই শব্দ প্ৰকাৰন্তে বিশ্বনাথৰ ওপৰত অবগিশাপ হ’ল। আকস্মিক ভাবে এই দৰে অভিশাপ হৈ ঠাইতে শিৱ সাক্ষাত হ’ল আৰু মুনিদ্বয়ক উদ্দেশি ক’লে, ব্ৰাহ্মণ হৈও তোমালোকে ব্ৰাহ্মণৰ স্বাভাবিক গুণ, শম, দম, দয়া, ক্ষমা পাহৰি অকাৰণতে মোক অভিশাপ দিলা। তোমালোকৰ হিয়া দয়া মায়াহীন শেলৰ নিচিনা। মহাদেৱৰ মুখৰ পৰা ওলোৱা বাক্ও পৰোক্ষে মুনিদ্বয়ৰ প্ৰতি অভিশাপ হ’ল আৰু লগে লগে তেওলোক শিলা হৈ গ’ল।
শিৱশাপে কুমুদ – কৌস্তভ শিলা হৈ গ’ল
বানৰ মানস কাশী গুপ্ত হৈয়ে ৰ’ল
তথাপি পূজিত আমাৰ বিশ্বনাথ
আমি নহও অনাথ।
– ধ্ৰুৱজ্যোতি ৰাজখোৱা
মহাদেৱৰ শাপত কুমুদ আৰু কৌস্তভ শিল ঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়াও শিল হৈ আছে আৰু সেই ডাঙৰ শিল দুটা “দুই মুনি শিলা” নামে জনাজাত।
আন এক কিংবদন্তি মতে, এক কৌটি শিৱ লিংগৰ অধিষ্ঠান ক্ষেত্ৰ বিশ্বনাথ পুৰ্ণ কাশী। পিছে পৃথিৱীত দুখন কাশী হ’লে, ক্ষভ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ সষ্টিৰ অস্তিত্বকে বিপন্ন কৰি তুলিব বুলি আশংকা কৰি দেৱতা সকলে বিশ্বনাথ ক্ষেত্ৰৰ পৰা এটি শিৱ লিংগ চুৰ কৰি নি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে হাতীমূৰা পৰ্বতৰ কাষত এক পৰ্বতত থাপিলে। সেই জনা শিৱ লিংগ এতিয়া বানেশ্বৰ শিৱ নামে জনাজাত। ওচৰৰ বহু দক্ষিণপৰীয়া ৰাইজে বিশ্বনাথলৈ বুলি আগবঢ়োৱা পূজা সেই শিৱস্থানত দিয়ে। বিশ্বনাথত শিৱ লিংগ প্ৰাকৃতিক ভাবে সৃষ্টি হৈছে। বৃদ্ধ গংগা (বুঢ়ীগাং) আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত এটি শিলৰ গহ্বৰত মহাপ্ৰভূ বিশ্বনাথ শিৱ লিংগ বিদ্যমান। একোটি শিলতে গহ্বৰ আৰু শিৱলিংগৰ সৃষ্টি হৈছে। প্ৰকৃতিৰ কি অপূৰ্ব সৃষ্টি। ই নিজে নিজে হৈছে।
বিশ্বনাথ প্ৰাক ঐতিহাসিক যুগত আদিম মানৱৰ আৱাসিক অঞ্চল আছিল। এই কথা ইয়াত আৱিষ্কৃত প্ৰস্তৰ যুগৰ বিভিন্ন আহিলা পাতিয়ে প্ৰমাণ কৰিছে। আহিলা সমূহ নৱ-প্ৰস্তৰ যুগৰ বুলি পণ্ডিত সকলে ঠাৱৰ কৰাবলৈ চাই বিশ্বনাথ অঞ্চলত বহু হাজাৰ বছৰৰ আগতে মানুহৰ বসতি যে আছিল বুজিব পাৰি। ঐতিহাসিক যুগত সৰ্বপ্ৰথমে কালিকা পুৰাণতে বিশ্বনাথৰ উল্লেখ আছে। উক্ত পুৰাণৰ মতে বিশ্বনাথতে জগত পতি হয়গ্ৰীব অসূৰৰ লগত যুদ্ধ কৰি তেওঁক বধ কৰাৰ পিছত মনিকুটত (হাজো) গৈ অৱস্থান কৰে শালস্থম্ভ বংশৰ ৰজা সকলে আজিৰ তেজপুৰ আৰু তেতিয়াৰ হাৰূপেশ্বৰ বা হাটপেশ্বৰ নগৰ পাতি শাসন কৰা কালত (৬৫০-৯৯০) বিশ্বনাথ এখন প্ৰসিদ্ধ স্থানত পৰিণত হয়। সেই সময়ত ইয়াত অন্তত তিনিটা মান শৈল মন্দিৰ নিৰ্মিত হৈছিল। শালস্তম্ভ বংশৰ ৰজা বৰ্ণমালা দেৱে সম্ভৱ কেইবাটাও দেৱ – দেৱীৰ মন্দিৰ তৈয়াৰ কৰি বিশ্বনাথক এখন দ্বিতীয় কাশী ক্ষেত্ৰ স্থাপনৰ চেষ্টা চলাইছিল। ভাৰতবিখ্যাত তীৰ্থক্ষেত্ৰ কাশীৰ সমপৰ্য্যায়লৈ উন্নিত কৰিব বিচৰা ঐতিহাসিক স্মৃতিটোৱেই আমাৰ অনুমানত স্থানীয় লোকৰ মাজত পুৰুষানুক্ৰমে মুখ বাগৰি পৰিবৰ্তিত হৈ বৰ্ণমালা ৰজাৰ ঠাইত বান ৰজা হৈছে বুলি বুৰঞ্জীবিদ ড৹ নিত্যানন্দ গগৈ দেৱে ধাৰণা কৰিছে।
কালিকা পুৰাণত বিশ্বনাথৰ উল্লেখ থকাৰ পৰা বুজিব পাৰি যে দশম শতিকাৰো কেইশমান বছৰৰ আগতেই গংগা তীৰতী ভাৰতবিখ্যাত হিন্দু তীৰ্থ ক্ষেত্ৰ কাশীৰ পৰা কোনো সন্যাসীয়ে কাশী ক্ষেত্ৰৰ প্ৰধান মন্দিৰ বিশ্বনাথ (বিশ্বেশ্বৰ) মন্দিৰৰ আৰ্হিৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইৰ প্ৰতি আকৃষ্ট হৈ ইয়াত বিশ্বনাথ শিৱ দেৱতাৰ অৰ্থে আন এখন পীঠ স্থান স্থাপন কৰে। বিশ্বনাথত থকা প্ৰাচীন শৈল মন্দিৰৰ ভগ্নাৱশেষ সিচৰিত হৈ থকা কেইটামান শিলৰ মূৰ্ত্তিৰ শিল্প ৰীতি ভাস্কৰ্য্য – মণ্ডিত কেই টুকুৰামান শিল আৰু কালিকা পুৰাণৰ পৰা কব পাৰি যে খ্ৰীষ্টীয় অষ্টম দশম শতিকাৰ ভিতৰত বিশ্বনাথত বিশ্বনাথ শংকৰ বিশ্বদেৱী – মহাদেৱী আৰু জগত – পতি গৰুড় – ধ্বজকে ধৰি তিনিটা মান মন্দিৰ আছিল।
আহোম – ৰাজত্বত ইয়াত কেইবাটাও দ’ল – দেৱালয় নিৰ্মিত হৈছিল। ১৮৪২ চনত অসমৰ বৃটিছ কমিচনাৰ জেন কিন্সে লিখা এক ফয়চল পত্ৰত বিশ্বনাথত ২৭ খন দেৱালয়ৰ কথা উল্লেখ কৰিছে। পবিত্ৰ অসম পুথিত সৰ্বানন্দ ৰাজকুমাৰ দেৱে এই ক্ষেত্ৰত ৩০ খন দেৱালয়ৰ নাম এনেদৰে লিখিছে, ক্ৰমে – উমা, চক্ৰেশ্বৰ, হৰিহৰ, কৰ্দমেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বাসুদেৱ, নাঙ্গলেশ্বৰ, ভৈৰবেশ্বৰ, বাঘেশ্বৰী, সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী – কমলেশ্বৰ, বানেশ্বৰ বৰ দ’ল, জাগ্ৰা, বুঢ়া – মাধব, বীৰভদ্ৰ (বৰলা শিল), জোঙা শিল, পূবশঙ্কৰ, সূৰ্য – মাধব, অন্নপূৰ্ণা, গনেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰী – বল্লভ, বিষ্ণু, দূৰ্গা শক্তি আৰু মঙ্গল – চণ্ডিকা। বিশ্বনাথৰ পুৰুহিত আৰু আন লোকেও ইয়াত ২৭ খন দেৱালয় আছে বুলিয়েই কয়। সাম্প্ৰতিক বিশ্বনাথ ক্ষেত্ৰস্থ অৱশেষ দেৱালয় বিজড়িত তাম্ৰপত্ৰ তথা অন্যান্য স্মৃতিচিহ্ন বিলাকৰ পৰা ইয়াত সৰ্বমুঠ এঘাৰটা মন্দিৰ আহোম – যুগত নিৰ্মিত হৈছিল বুলি নিসন্দেহে ক’ব পাৰি। অসমৰ স্বৰ্গদেউ সকলো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁলোকৰ ৰাজত্বৰ বেলিমাৰ পৰ্য্যন্ত বিশ্বনাথক আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থ ক্ষত্ৰ জ্ঞান কৰি ইয়াত বিবিধ ধৰ্মীয় কাৰ্য্য সম্পাদনা কৰাৰ উপৰিও নিজাববীয়াকৈ একো – একোটা কীৰ্তিস্তম্ভ ৰাখি থৈ যোৱাৰ চেষ্টা কৰিছিল আৌ বিভিন্ন দ’ল – দেৱালয়ৰ নামত নৃপতি সকলে পূৱে বুৰৈৰ পৰা পশ্চিমে ভৰলী পয্যন্ত অনেক সাৰুৱা শস্যক্ষেত্ৰত মুক্তহস্তে ভূমিদান কৰিছিল। বিশ্বনাথৰ প্ৰতি স্বৰ্গদেউ গদাধৰ সিংহৰ এক বিশেষ আস্থা আছিল। তেওঁ এই মন্দিৰত নৈমিত্তিক পূজা সেৱা নিয়াৰিকৈ চলি থাকিবলৈ ১৬৮৩ চনত দুখন তাম্ৰপত্ৰ প্ৰদান কৰিছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত বিশ্বনাথ মন্দিৰটো সম্ভৱ ভাগি পৰাত প্ৰমত্তসিংহ স্বৰ্গদেৱে ১৭৫০ চনত বিশ্বনাথত দুমাহ থাকি লৈ থাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বনাথ মন্দিৰটো পুনৰ সজাই দিয়ে। অসমত মানৰ আক্ৰমন কালচোৱাত লক্ষীসিংহ স্বৰ্গদেৱে সজাই দিয়া মন্দিৰটোৰ সেনাৰ কলচী ভাঙি নিয়াৰ উপৰি অপবিত্ৰ কৰাত ই পৰিত্যক্ত হৈ পৰে আৰু সেয়েহে ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় স্থাপিত হয়। তথাপি প্ৰাচীন তথা পুৰণি পীঠ স্থানৰ ঐতিহ্য সুঁৱৰি সদ্যপি বিশ্বনাথৰ দেৱালয় লোক সকলে খৰালি হ’লেই সেই ঠাইত পূজা – সেৱা চলোৱাৰ নিয়ম প্ৰচলিত আছে।
বিশ্বনাথৰ অনুপম প্ৰাকৃতিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে উমাটুমণিয়ে। উমাটুমণি বিশ্বনাথৰ পূবে ব্ৰহ্মপুত্ৰৰ মাজত এটি সৰু মাজুলি। ই এটি ওখ টিলা। তাতে উমাদেৱীৰ মন্দিৰ আছে। সেইবাবে ইয়াক উমাটুমনি বোলে। তেজপুৰৰ পুৰণি কথা নামৰ প্ৰবন্ধত আনন্দচন্দ্ৰ আগৰৱালা দেৱে লিখিছে – বৃদ্ধ গংগাৰ মুখত উমাবনত উমাই শিৱক স্বামী ৰূপে পাবৰ কাৰণে তপস্যা কৰিছিল আৰু শিৱই উমাক দৰ্শন কৰিছিল। শিৱ সাক্ষাত পোৱাৰ পিছত উমাই (পাৰ্বতী) গৌৰী নাম পাইছিল। বিশ্বনাথৰ ৰমণীয় প্ৰাকৃতিক সৌন্দৰ্য্যই পৃথিৱীৰ মানুহক যুগে যুগে আকৰ্ষণ কৰি থাকিব
আগৰ কালতে বিশ্বনাথ দেৱালয় অসমৰ কেৱল অন্যতম প্ৰধান মহাপীঠেই নাছিল, ই অসমীয়াৰ এখনি বিচিত্ৰ ক’লা সংস্কৃতিৰ বহুকলীয়া পাটঘৰ হিচাপেও প্ৰসিদ্ধি লাভ কৰিছিল। ইয়াৰ নট – নৰ্তকী আৰু ওজাপালি দেৱদাসী নৃত্য আজি বিলুপ্ত। শিৱৰাত্ৰি আৰু গোঁসাই ফুৰোৱা উৎসৱে মাথোন ইযাৰ কিছু পৰম্পৰাগত কৃষ্টি জীয়াই ৰাখিছে। তাহানিৰ গোবিন্দ চক্ৰবৰ্তীৰ বংশধৰ সকলোৱে আজিও বিশ্বনাথ দেৱালয়ত পূজা সেৱা চলাই আছে।

বিঃ দ্ৰঃ – যুগুতাওতে ড৹ নিত্যানন্দ গগৈ দেৱৰ গৱেষণা লব্ধ লেখাৰ সহায় লোৱাৰ লগতে স্বৰ্গীয় শিৱ বৰঠাকুৰ দেৱৰ প্ৰৱন্ধৰো সহায় লোৱা হৈছে।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s