অসমৰ ইতিহাস, পৌৰাণিক কাল


অসমৰ ইতিহাস

পৌৰাণিক কাল
হিন্দু মহাকাব্য দুখন, পৌৰাণিক আৰু তান্ত্ৰিক সাহিত্যত অসম সম্বন্ধে অসংখ্য উল্লেখ আছে। মহাভাৰতে এই ৰাজ্যখনক প্ৰাগজ্যোতিষ বুলিছে। পুৰাণ আৰু তন্ত্ৰ সমূহত ই কামৰুপ নামেৰে অভিহিত হৈছে। বিভিন্ন যুগত এই ৰাজ্যৰ বিস্তৃতিও ভিন ভিন আছিল। মহাভাৰতৰ কালত প্ৰাগজ্যোতিষৰ সীমা দক্ষিণ বঙ্গোপসাগৰ আৰু পশ্চিমে কৰোতিয়ালৈকে বিস্তৃত আছিল। সেই কালত কৰোতিয়া আছিল এখন বিশাল নৈ আৰু বৰ্তমানৰ তিস্তা, কোশী আৰু মহানদীৰ সৈতে ই একলগ হৈ আছিল। কৰোতিয়াক এখন পবিত্ৰ নৈ হিচাপে সন্মান কৰা হৈছিল। পবিত্ৰ তাৰ ক্ষেত্ৰত ই গংগানৈৰ সমকক্ষ বুলি বিদিত আছিল। এই নৈৰ জলদেবী আছিল কৌশিকা। মৈমনচিঙ নগৰৰ মাজেদি বৈ যোৱা পুৰণি ব্ৰহ্মপুত্ৰৰ সুতিৰ দুয়ো পাৰ আৰু মৎসদেশত কৌশিকা আছিল আৰাধ্যা দেৱী। কালিকা পুৰাণ মতে বৰ্তমান গুৱাহাটীৰ ওচৰৰ কামাখ্যা মন্দিৰ পুৰণি কামৰুপৰ সোমাজত অধিষ্ঠিত আছিল আৰু এই মন্দিৰৰ প্ৰত্যেক দিশতে এশ যোজনালৈকে (প্ৰায় ৪৫০ মাইল) ৰাজ্যৰ সীমা আছিল। সেই মতে বৰ্তমানৰ সমগ্ৰ পুৰ্ব্ববঙ্গ, অসম আৰু ভূটান কামৰুপৰ ভিতৰত পৰিছিল। অৱশ্যে এই দাবী অতিৰঞ্জিত যেন লাগে। যোগীনীতন্ত্ৰ সম্ভৱতঃ কালিকা পুৰাণতকৈ পুৰণি পুথি। এইখন পুথিমতে পশ্চিমে কৰোতিয়াৰ পৰা পূবে দিখৌ নৈলৈকে কামৰুপৰ সীমা বিস্তৃত আছিল। উত্তৰে কাঞ্জগিৰিৰ পৰা দক্ষিণে ই ব্ৰহ্মপুত্ৰ আৰু লক্ষ্য নৈ চুইছিলগৈ। সেইমতে ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, ৰ্ংপুৰ, কোচবিহাৰ, উত্তৰ-পুব মৈমনচিঙ আৰু বোধকৰো গাৰোপাহাৰ কামৰুপৰ অন্তৰ্গত আছিল।
যোগীনীতন্ত্ৰ মতে, কামৰুপ ৰাজ্যখন চাৰিভাগে বিভক্ত আছিল। যেনে, কৰোতিয়াৰ পৰা মানকোচলৈকে বিস্তৃত অঞ্চলৰ নাম কামপীঠ, মানকোচৰ পৰা ৰুপহীলৈ ৰত্নপীঠ; ৰোপহীৰ পৰা ভৰলীলৈ সুৱৰ্ণপীঠ আৰু ভৰলীৰ পৰা ডিক্ৰঙলৈকে সৌমাৰ পীঠ। আন এটা সুত্ৰমতে কৰতীয়া আৰু মানসৰ মধ্যৱৰ্ত্তী ভূখণ্ডৰ ৰত্নপীঠ; মানস আৰু ব্ৰহ্মপুত্ৰনৈৰ উত্তৰ পাৰৰ শিলঘাটৰ মাজৰ অঞ্চল কামপীঠ, ইয়াৰ বিপৰীতে দক্ষিণপাৰৰ অঞ্চল ভদ্ৰপীঠ আৰু ভৰলী আৰু ডিক্ৰঙলৈ অঞ্চলটোৱে সৌমাৰপীঠ নাম পাইছিল।
জনপ্ৰিয় পৌৰাণিক কাহিনীয়ে কামৰুপ নামৰ উৎপত্তিৰ বিষয়ে এনেদৰে ব্যাখ্যা কৰিছে। সতী পাৰ্ব্বতীয়ে পিতৃ দক্ষৰজাই তেওঁৰ পতি শিৱৰ প্ৰতি অসৌজন্য মূলক আচৰণ দেখুওৱাত ম্ৰিয়মান হৈ দেহত্যাগ কৰে। সতীৰ বিয়োগতৰ্দুখত জৰ্জ্জৰিত শিৱই সতীৰ দেহ মূৰত লৈ সমগ্ৰ পৃথিৱী ঘূৰিবলৈ ধৰে। প্ৰমাদ গণি বিষ্ণু দেৱতাই তেওঁৰ পিচে পিচে গৈ শিৱক এইদৰে নিজকে কষ্ট নিদিবলৈ অনুৰোধ কৰে। কিন্ত শিৱই কৰ্ণপাত নকৰাত উপায় বিহীন হৈ তেওঁ চকুৰ দ্বাৰা সতীদেহ খণ্ড-বিখণ্ড কৰিবলৈ বাধ্য হয়। সতীৰ দেহৰ টুকুৰাবোৰ একাৱন্ন ঠাইত সৰি পৰে। যতেই এনদৰে সতীৰ শৰীৰৰ অংশ পৰে সেই ঠাইখন পবিত্ৰ বুলি গণ্য হ’বলৈ ধৰে। সতীৰ যোনী প্ৰদেশ কামগিৰিত পৰে। এই কামগিৰিয়েই হ’ল বৰ্তমান গুৱাহাটীৰ ওচৰৰ নীলাচল পৰ্ব্বত। তেতিয়াৰে পৰা এই ঠাই ডোখৰ কামাখ্যা দেবীৰ নামেৰে নামাকৰণ হয়। কামাখ্যা হ’ল যৌন কামনাৰ প্ৰতীক। ইমানতো শিৱৰ তপস্যাৰ শেষ নোহোৱাত আন আন দেৱতাসকল উদ্বিগ্ন হয়। শিৱক বাধা দিয়া উচিত, নহলে এই মহা তপস্যাৰ দ্বাৰা শিৱ এতিয়া বিশ্বশক্তিৰ অধিকাৰী হ’ব। সেয়ে দেৱতাসকলে এই বাৰ প্ৰেমৰ দেৱতা কামদেৱক শিৱৰ ওচৰলৈ পঠিয়ালে যাতে মনত কামভাৱ জগাই তুলি তেওঁৰ তপস্যা ভংগ কৰিব পাৰে কামদেৱে তপস্যাত ব্যাখ্যাত ঘটোৱাত শিৱ খঙত অগ্নিশৰ্মা হ’ল। শিৱৰ কপালৰ তৃতীয় নয়নেদি অগ্নি-বিষ্ফোৰণ হ’বলৈ ধৰিলে। কামদেৱ পুৰি ছাই হৈ গ’ল। পিচলৈ অৱশ্যে কামদেৱে পূৰ্ব্বৰুপ উভতাই পালে। যিখন ৰাজ্যত এইবোৰ ঘটনা ঘটিছিল সেইখন ৰাজ্যই নাম পালে কামৰুপ।
এতিয়ালৈকে পোৱা তথ্যপাতি মতে কামৰুপৰ প্ৰথম ৰজা আছিল মহিৰাঙ্গ দানৰ। হতক অসুৰ, সম্বৰ অসুৰ আৰু ৰত্নাসুৰে ক্ৰমান্বয়ে তেওঁৰ পিছত সিংহাসনত বহিছিল। এই ৰজাসকলৰ ৰাজত্বৰ সবিশেষ জনা নাযায়। কিন্ত দানব আৰু অসুৰ শব্দৰ ব্যৱহাৰ তেওঁলোক যে অনাৰ্য্য আছিল সেই কথা সূচায়।
এই ৰজা কেইজনৰ পিছত ক্ষমতাত অধিস্থিত হয় ঘটক। ঘটক আছিল কিৰাতৰ শাসক। কিৰাতসকল আছিল এটা পৰাক্ৰমী জনজাতি। এওঁলোকে মাংস আৰু অতি ৰাগীয়াল পানীয় গ্ৰহণ কৰিছিল। আনহাতেদি, তিপ্পেৰা ৰজাসকলৰ বিব্বৰণমতে তেওঁলোকৰ ৰাজ্যৰো প্ৰাচীন নাম আছিল কিৰাত। হিমালয়ৰ নামনিৰ খম্বু, লিম্বু আৰু যখ জনজাতিৰ বসস্থান, দুধকোশী আৰু অৰুণনৈৰ মাজৰ ভূখণ্ডক এতিয়াও কিৰাত বোলা হয়। সংস্কত সাহিত্যত অৱশ্যে উত্তৰ নাইবা পুব সীমান্ত অঞ্চলৰ অধিবাসী যিকোনো জনজাতিকে কিৰাত বুলি অভিহিত কৰা দেখা শয়।
পুৰাণ আৰু তন্ত্ৰসমূহৰ বহুবোৰ কাহিনীৰ বীৰ নায়ক নৰকাসুৰে ঘটকক হত্যা কৰিছিল বুলি কোৱা হয়। এই পৌৰাণিক সাহিত্য সমূহৰ মতে বিষ্ণুৱে বৰাহ অৱতাৰ স্বৰুপে পৃথিৱী দেবীৰ উৰসত নৰকক জন্ম দিছিল আৰু উত্তৰ বিহাৰৰ বিদেহৰ জনক ৰজাই তেওঁক প্ৰ্তিপাল কৰিছিল। প্ৰাগজ্যোতিষপুৰত তেওঁ ৰাজধানী পাতি কামাখ্যাত বহু ব্ৰাহ্মণক সংস্থপন কৰে। আধুনিক গুৱাহাটীত নৰকাসুৰৰ নামেৰে এতিয়াও এটা পাহাৰ আছে।
উত্তৰে কৰোতিয়াৰ পৰা পুবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল। নৰকে বিদৰ্ভ ৰজাৰ জীয়েক মায়াক বিয়া কৰাইছিল। বিষ্ণুয়ে নৰকক বৰ মৰম কৰিছিল আৰু কামাখ্যা দেবীক উপাসনা কৰিবলৈ তেৱে নৰকক শিকাইছিল। প্ৰথম অৱস্থাত নৰক ধৰ্মভীৰু আৰু ন্যায় পৰায়ণ আছিল। পিছত শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি তেওঁ ধৰ্ম বিৰোধী আৰু দাম্ভিক হৈ উঠে। নৰকে কামাখ্যা দেবীলৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাত দেবীয়ে উপায় নাপাই সৰ্তসাপেক্ষে তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব বুলি উত্তৰ দিছিল। দেবীৰ চৰ্ত আছিল এৰাতিৰ ভিতৰতে নৰকে নীলাচল পাহাৰত এটা মন্দিৰ, এটা পুখুৰী আৰু মন্দিৰলৈ যোৱা এটা পথ নিৰ্মাণ কৰিব লাগিব। নৰকে চৰ্ত প্ৰায় সম্পূৰ্ণ কৰিছিলেই, কিন্ত দেবীয়ে ৰাতি নৌপুৱাওঁতেই এটা কুকুৰাক ডাকিবলৈ কৈ ৰাতিপুৱা হ’ল বুলি দাবী কৰি তেওঁৰ অঙ্গীকাৰ পালনৰ পৰা বিৰত হ’ল আৰু নৰকক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। খঙত একো নাহ হৈ নৰকে কুকুৰাটোক তৰোৱালেৰে দুচেও কৰিলে। যিঠাইত নৰকে কুকুৰাটো কাটিছিল সেই ঠাইডোখৰক আজিও কুকুৰাকটা বোলা হয়। ইয়াৰ ফলত নৰক দেবীৰ অনুগ্ৰহৰ পৰা চিৰবঞ্চিত হ’ল।
বশিষ্ট মুণিক কামাখ্যাদেবীক পূজা কৰিবলৈ তেওঁৰ ৰাজ্যৰ মাজেদি যাবলৈ নিদিয়াৰ ফলত ফলত নৰক মুনীৰ ৰোষৰ বলী হৈছিল। মুণিয়ে নৰক আৰু কামাখ্যা দুয়োকে অভিশাপ দিছিল। এতিয়াৰে পৰা যেয়ে কামাখ্যা মন্দিৰত পূজা দিব সেইসকলৰ কোনো আকাঙ্খা পূৰণ নহ’ব বুলি মুণিয়ে কৈছিল। শিৱৰ অনুগ্ৰহত সেই অভিশাপ তিনিশ বছৰলৈ সীমিত কৰা হ’ল। কিন্ত নৰকৰ ব্যৱহাৰত কামাখ্যা আৰু বিষ্ণু উভয়ে বিতুষ্ট হৈ থাকিল। অৱশেষত কৃষ্ণ-অৱতাৰ ৰুপে বিষ্ণুৱে নৰকক হত্যা কৰিছিল। কিছুমান জোঙ খোটা বা পঞ্জী পুতি নৰকে তেওঁৰ ৰাজধানী ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। মুৰু নামৰ অসুৰে কৃষ্ণ অহাৰ পথত বহু প্ৰতিবন্ধকৰ আয়োজন কৰিছিল। কিন্ত কৃষ্ণই তেওঁৰ সুদৰ্শণ চক্ৰৰ দ্বাৰা পথ উলিয়াই লয়। কৃষ্ণই মুৰু আৰু তেওঁৰ পুত্ৰসকলক বধ কৰে। তাৰ পিছত কৃষ্ণই নৰকৰ ৰাজধানীত প্ৰবেশ কৰি কেইবাহাজাৰ দস্যুক হত্যা কৰে। নৰকৰ সৈতে কৃষ্ণৰ তয়াময়া ৰণ লাগে; কৃষ্ণৰ মৰণাস্ত্ৰৰ এটা আঘাততেই শেষত নৰকৰ শৰীৰ দিখণ্ডিত হৈ পৰে। নৰকে চুৰ কৰি অনা অদিতিদেবীৰ কাণৰ সোনৰ ফুল কৃষ্ণই উদ্ধাৰ কৰে। নৰকৰ হাৰেমত বন্দী হৈ থকা ১৬০০০ কন্যা, ১৪০০০ হাতী আৰু বহু সংখ্যক ঘোৰা কৃষ্ণই নিজৰ ৰাজ্য গুজৰটৰ দ্বাৰকালৈ লৈ যায়। নৰকৰ চাৰিজন পুত্ৰৰ মাজত জেষ্ঠ ভগদত্তক কৃষ্ণই সিংহাসন দিয়ে। মুছলমান লেখক সকলে ভগদত্তক ভগীৰথ বুলি উল্লেখ কৰিছে।
ব্ৰহ্মপুত্ৰনৈৰ সিপাৰে গুৱাহাটীৰ বিপৰীতে অশ্বক্ৰান্ত মন্দিৰ অৱস্থিত। অশ্বক্ৰান্ত মানে ঘোৰাই আৰোহণ কৰা। প্ৰাগজ্যোতিষ আক্ৰমণৰ বাবে অহা শ্ৰীকৃষ্ণই হেনো এই ঠাইত জিৰণি লৈছিল। ঠাইখনৰ শিলৰ ওপৰত থকা গাত কিছুমানক ঘোৰাৰ খুৰৰ চিন বুলি কোৱা হয়।
মহাভাৰতত ভগদত্তক পূৰ্ব্বদেশৰ এজন পৰাক্ৰমী ৰজা বুলি বহুবাৰ উল্লেখ কৰা হৈছে। সভাপৰ্ব্ব মতে, অৰ্জ্জুণে তেওঁৰ ৰাজ্য প্ৰাগজ্যোতিষ আক্ৰমণ কৰিছিল। বহুসংখ্যক কিৰাট আৰু চিন্‌কে ধৰি সাগৰৰ পাৰত ভগদত্তৰ অসংখ্য যোদ্ধা থকা সত্বেও আঠদিন তয়ময়া যুদ্ধৰ পিছত ভগদত্তই অৰ্জ্জুণৰ নতিস্বীকাৰ কৰি তেওঁক কৰ দিবলৈ বাধা হত। কৌৰব-পাণ্ডৱৰ শেষ যুজত ভগতত্তই এটা অতি শক্তিশালী সৈন্যদললৈ দুৰ্যোদনৰ পক্ষত যোগ দিয়েগৈ। মহাভাৰতৰ দ্ৰোণপৰ্ব্বৰ প্ৰায় চাৰিটা অনুচ্ছেদত কুৰুক্ষেত্ৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায়। ভীমৰে হাতৰ পৰা ভগদত্তই দুৰ্যোধনক ৰক্ষা কৰিছিল। অৰ্জ্জুনৰ সৈতে হোৱা যুজত অৱশেষত তেওঁ নিহত হৈছিল। ভগদত্তৰ পৰাজয়ত কৃষ্ণৰ হাত আছিল। ভগদত্তই এসময়ত কৃষ্ণই তেওঁৰ দেউতাক নৰকক দিয়া আমোঘ অস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু কৃষ্ণই এতিয়া সেই অস্ত্ৰৰ গুণ লুপ্ত কৰি দিয়াৰ ফলতহে তেওঁ ৰণত পৰিছিল।
ভগদত্তৰ পিছত বজ্ৰদত্তই ৰাজপাত আৰোহণ কৰে। ইয়াৰ পিছতো ১৯ যুগ ধৰি নৰকাসুৰৰ বংশধৰ সকলে ৰাজত্ব কৰে। এই বংশৰ শেষৰজা আছিল সুবাহু আৰু সুপৰুৱা। সুবাহুয়ে সংসাৰ ত্যাগ কৰি সন্যাসী হৈ হিমালয়লৈ গুচি যোৱাত তেওঁৰ পুত্ৰ সুপৰুৱা সিংহাসনত বহে। পিচলৈ মন্ত্ৰীসকলৰ হাতত তেওঁ নিধন হয়।
নৰক নাইবা তেওঁৰ বংশৰ ৰগাসকল কোন জাতিৰ আছিল জনা নগলেও অসুৰ শব্দৰ ব্যৱহাৰৰ বাবে তেওঁলোক অনাৰ্য্য আছিল যেন লাগে। তেওঁলোকে ঠিক কোন সময়ত ৰাজত্ব কৰিছিল তাকো থিৰাংকৈ জনা নাযায়। ভগদত্তক মহাভাৰতৰ বীৰসকলৰ সমসাময়িক বুলি কোৱা হয়। কিন্ত মহাভাৰত ৰচনাৰ কাল বুলি এটা নিৰ্দিষ্ট সময় নাই। মহাভাৰতৰ কিছু অংশ অতি পুৰণি আৰু আনবোৰ অংশ পিছতহে সন্নিবিষ্ট হৈছে। কিন্ত কোনবোৰ পুৰণি আৰু কোনবোৰ নতুন সেই সম্বন্ধে কোনো সমালোচনামূলক অধ্যয়ণ আজিকোপতি হোৱা নাই। তথাপি পুৰণি সাহিত্য আৰু বৰ্তমান সময়লৈকে আমাৰ ৰাইজৰ মাজত প্ৰচলিত বিশ্বাস অনুসৰি নৰক আৰু ভগদত্ত দুয়োজনেই অতি শক্তিশালী ৰজা আছিল বুলি আমি ধৰি ল’ব পাৰো। ঠিক সেইদৰে কৰোতিয়া নৈৰ পূবত থকা আধুনিক অসম আৰু বঙ্গদেশৰ সৰহভাগেই নৰক বংশৰ ৰজাসকলৰ ৰাজ্যৰ অন্তৰ্গত আছিল বুলি আমি কৰিব পাৰো।
শ্ৰীকৃষ্ণৰ আক্ৰমন সম্বন্ধে উল্লেখিত কাহিনীক আমি প্ৰকৃতপক্ষে কোনো আৰ্য্য ৰজাৰ আক্ৰমণৰ ঘটনা বুলি ধৰিব পাৰো। ১০৫ খৃঃত সমূদ নামেৰে এজন ভাৰতীয় ৰজাই উজনি ব্ৰহ্মত ৰাজত্ব কৰিছিল। ৩২২ খৃঃত ভাৰতৰ উত্তৰ পশ্চিমৰ কম্মোড্‌ ৰজাই শ্যাম ৰাজ্য স্থাপন কৰিছিল। এনেবোৰ ঘটনাৰ পৰা পুৰণি কালত কোনোবা অতি সাহসী ৰজাই উত্তৰ বঙ্গ আৰু অসম সোমাইছিল বুলি ক’লে তাক অবিশ্বাস কৰাৰ কোনো কাৰণ নাই।
নৰক আৰু তেওঁৰ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী)। প্ৰাগ্‌ মানে পূবদিশ আৰু জ্যোতিস্ক মানে তৰা, উজ্জল বস্তু বা জ্যোতিষ বিদ্যা। সেয়ে, প্ৰাগজ্যোতিষ পুৰক আমি জ্যোতিষবিদ্যাৰ পূবনগৰী বুলি আখ্যা দিব পাৰো। কামৰুপ তন্ত্ৰ-মন্ত্ৰৰ ৰাজ্য আছিল আৰু ইয়াতে হিন্দু ধৰ্মৰ তন্ত্ৰিক ধাৰাৰ সৃষ্টি হৈছিল। সেয়ে, এই ৰাজ্যৰ ৰাজধানীৰ নাম প্ৰাগজ্যোতিষপুৰ হোৱাটো স্বাভাৱিক আছিল। ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ইয়াৰ অৱস্থান আৰু ইয়াৰ পৰা পবিত্ৰ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহ-যাহ কৰাৰ সুবিধা থকাৰ বাবে পিছৰ বহুতো ৰজাই এই ঠাইকে ৰাজধানী হিচাবে ৰাখিছিল যেন লাগে।
অসমৰ পৌৰাণিক কাহিনী সমূহত কৃষ্ণৰ নাম সঘনে উল্লেখিত আছে। ভগৱতত ভীষ্মকক বিদৰ্ভৰ ৰজা বুলি কোৱা হৈছে। কিন্ত প্ৰাচীন কাম্ৰুপ-সাহিত্যই ভীষ্মক শদিয়াৰ কাষৰ এখন ৰজা বুলি কয়। সাধাৰণ পৌৰাণিক বিৱৰণ মতে বিদৰ্ভ আধুনিক বিহাৰৰ অন্তৰ্গত আছিল। অসমৰ পুৰণি হিন্দু সকলে এইদৰে হিন্দু পৌৰাণিক সাহিত্যত উল্লেখিত ঠাইবোৰৰ নাম ব্যৱহাৰ কৰাৰ এইটোৱেই একমাত্ৰ উদাহৰণ নহয়। ভাৰতৰ অন্যান্য অংশটো এনে ঘটনাৰ পুণৰাবৃত্তি ঘটিছিল। আনকি যাভা দ্বীপটো মহাভাৰতৰ কেতবোৰ কাহিনীক তেওঁলোকৰ দেশৰ কাহিনী বুলি দাবী কৰা হৈছে।
বৌদ্ধ ধৰ্ম্মীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাক বৈশালী বুলিছিল। ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিণ। শদিয়াত এই নামৰ সৈতে জড়িত কুণ্ডিল নামেৰে এখন নৈ আছে। শদিয়াৰ প্ৰায় ২৪ মাইল উত্তৰে ডিক্ৰং আৰু ডিনঙৰ মাজৰ ভূমিত এটা দুৰ্গৰ ভগ্নাৱশেষ আজিও বিদ্যমান আৰু ইয়াক এই ৰাজধানীৰ ভগ্নাৱশেষ বুলি কোৱ হয়। এই নগৰৰ নাতিউচ্চ প্ৰাচীৰ সমুহ ৬ৰ পৰা ৯ থাক শিলেৰে (প্ৰধানতঃ গ্ৰেণাইট) সজা হৈছিল। ইয়াৰ মাজত ইটাৰ গাঠণি আছিল যদিও চিমেণ্টৰ ব্যৱহাৰ চকুত নপৰে। একে অঞ্চলতে চাৰিটা ডাঙৰ পুখুৰী আছিল। কেতবোৰ ইটাৰে নিৰ্ম্মিত ঘৰৰ ভেটিৰ ভগ্নৱশেষে আহল-বহল অট্টালিকাৰ কথাকে সুচায়।
ভীষ্মক ৰজাৰ পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল। ৰুক্মিণীৰ ৰুপ শুনি কৃষ্ণই তেওঁক বিবাহ কৰিবলৈ অতি ইচ্ছুক হৈছিল। কিন্ত ভীষ্মকে কন্যা গৰাকীক শিশুপাল নামেৰে এজন ৰাজকোঁৱৰক বিয়া দিবলৈ যো-জা কৰিলে। ভীষ্মকৰ দুৰ্গৰ পূবদিশে কেইমাইলমান আতঁৰত আজিও শিশুপালৰ দুৰ্গৰ ভগ্নাৱশেষ দেখা যায়। ৰুক্মীনিয়ে কৃষ্ণক গোপনে এই বাৰ্তা দিয়াত বিয়াৰ দিনা হঠাৎ তেওঁ আহি কইনাক ৰাথত তুলি লৈ গুচি গ’ল। শিশুপালৰ লগত অহা সৈন্য সামন্তবোৰে কৃষ্ণক খেদি যায় যদিও পৰাস্ত হয়। কৃষ্ণই কুণ্ডিণ নগৰীত ৰুক্মীণীক বিয়া কৰায়। প্ৰজাই এই বিবাহত হৰ্যোল্লাস কৰে। অসমীয়া বিয়ানামবোৰত আজিও এই কাহিনী উল্লেখ কৰা হয়। ৰুক্মিণী হৰণ নামৰ পুথিত এই কাহিনীটো অসমীয়া ভাষালৈ অনুদিত হৈছে।
ভগৱত আৰু বিষ্ণু পুৰাণত আৰু এটা কাহিনীৰ উল্লেখ আছে। শোনিতপুৰৰ (শোনিত বা তেজৰ নগৰী, যাক আজিকালি তেজপুৰ বোলা হয়) ৰাজ্যৰ ৰজা বালীৰ বহুবোৰ পুত্ৰ আছিল আৰু তেওঁলোকৰ মাজৰ জেষ্ঠ বাণে পিতৃৰ পিছত সিংহাসন লভিছিল। বাণ আছিল নৰকৰ সমসাময়িক। বাণৰ বহু পুত্ৰ আৰু উষা নামেৰে এগৰাকী কন্যা আছিল। উষা অতি সুন্দৰ আছিল। কৃষ্ণৰ নাতি ল’ৰা অণিৰুদ্ধই কন্যা গৰাকীৰ ৰুপত আকৃষ্ট হৈ প্ৰহৰী বেষ্টিত বাণৰ প্ৰসাদত গোপনে প্ৰবেশ কৰি উষাৰ সৈতে গন্ধৰ্ব বিবাহ সম্পন্ন কৰিছিল। পিছে প্ৰহৰীৰ চকুত ধৰা পৰাত বহুপৰ যুজৰ মূৰত অনিৰুদ্ধ কৰায়ত্ত হ’ল। কৃষ্ণই আহি বাণৰজাৰ সৈতে যুদ্ধ কৰি অনিৰুদ্ধক উদ্ধাৰ কৰিছিল। বৰ্তমানৰ তেজপুৰ বিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল কোৱা হয়। কুমাৰহৰণ নামেৰে এখন্ সৰু পুথিত এই কাহিনীক অসমীয়া ৰুপত সজাই তোলা হৈছে।
বৰ্তমান তেজপুৰৰ কাছাৰীঘৰ থকা অঞ্চলটোতেই বাণৰজাৰ দূৰ্গ আছিল হেনো। কাৰু-কাৰ্য্যখচিত কেতবোৰ শিল এই অঞ্চলত আজিও দেখা যায়। কিন্ত সেইবোৰ শিলক প্ৰসাদৰ শিল যেন নালাগে। বৰং দেখাত শিলবোৰ মন্দিৰৰ শিল বুলিহে অনুমান হয়। ইয়াৰ প্ৰায় এমাইল উত্তৰে বালিৰে পোত যোৱা এটা পুখুৰী আছে। এই পুখুৰীটো বাণৰজাৰ দিনৰ হেনো। এই অঞ্চলৰে আন এটা পুখুৰীৰ নাম কুভান্দ। কুভন্দ বাণৰ প্ৰধান মন্ত্ৰী আছিল। বাণৰজাৰ নাতিয়েক ভালুকে বালিপাৰাৰ পৰা কিছু দূৰৈত অকা পৰ্ব্বতৰ নামনিৰ ভালুকপুঙত তেওঁৰ ৰাজধানী পাতে। ভালুকপুঙ দূৰ্গৰ অৱশিষ্ট আজিও বিদ্যমান। অকাসকলে ভালুকক তেওঁলোকৰ পূৰ্ব্বপুৰুষ বুলি কয়। সম্ভৱত এইলোক সকল আদিতে পাহাৰৰ নামনিত আহিল আৰু কোনো প্ৰতাপী খেলে তেওঁলোকক তাৰপৰা বিতাড়িত কৰাত তেওঁলোকে গৈ পাহাৰীয়া অঞ্চলত আশ্ৰয় গ্ৰহণ কৰাৰ সভাৱনা নুই কৰিব নোৱাৰি। ৰঘুবংশৰ চতুৰ্থ পৰিচ্ছদ মতে ৰঘুৱে লোহিত (ব্ৰহ্মপুত্ৰ) নৈ পাৰহৈ প্ৰাগজ্যোতিষপুৰৰ ৰজাক পৰাস্ত কৰাত ভালেমান হাতী উপহাৰ দি তেওঁ ৰঘুৰ বশ্যতা স্বীকাৰ কৰে।
যোগীনীতন্ত্ৰৰ মতে শক শতাব্দীৰ প্ৰথম ভাগত দেৱেশ্বৰ নামেৰে এজন শূদ্ৰই কামৰুপ শাসন কৰিছিল। চতুৰ্থ শতাব্দীৰ শেষ কালে বিশ্বনাথৰ ওচৰত প্ৰতাপগড়ত নৰশঙ্কৰ বা নগাক্ষ নামেৰে এজন ৰজাই শাসন কৰিছিল বুলিও ইয়াত উল্লেখ আছে। সেই অঞ্চলৰ দূৰ্গৰ ভগ্নাৱশেষক এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ইয়াৰ পিছত মিমাঙ্গ, গজাঙ্গ, শ্ৰীভঙ্গ আৰু মৃগাঙ্গ নামেৰে চাৰিজন ৰজাই প্ৰায় দুশ বছৰ ৰাজত্ব কৰিছিল।
ধৰ্ম্মপাল নামৰ পশ্চিমদিশৰ পৰা অহা এজন ক্ষত্ৰিয়ই কামৰুপত এখন ৰাজ্য পাতিছিল। গুৱাহাটীৰ উত্তৰ অঞ্চলত তেওঁ ৰাজধানী পাতি, তাত উজনী ভাৰতৰ বহুবোৰ ব্ৰাহ্মন আৰু উচ্চবৰ্ণৰ হিন্দুলোক আনি সংস্থাপন কৰিছিল। কেন্দু কুলাই নামৰ এজন খৃষিক এইজন ৰজাৰ দিনৰ বুলি কোৱা হয়। ধৰ্মপালৰ পিছত পদ্মনাৰায়ণ, চন্দ্ৰ নাৰায়ণকে আদি কৰি ভালেমান ৰজাই শাসন কৰাৰ অন্তত ৰামচন্দ্ৰই ৰাজপাত আৰোহন কৰিছিল। মাজুলীৰ ৰত্নপুৰত তেওঁৰ ৰাজধানী অছিল। পৌৰাণিক কাহিনী সমূহত ৰত্নপুৰক অন্যান্য ভালেমান ৰজাৰ ৰাজধানী বুলিও বৰ্ণনা কৰা হৈছে। দিপীকাচান্দ পুথিৰ মতে হৰবিন্দৰ পুত্ৰ কুশাৰণ্যৰ গৌড়, কামৰুপ আৰু জয়ন্তীয়ালৈকে বিস্তৃত ৰাজ্যখনৰো ৰাজধানী আছিল এই ৰত্নপুৰ। ব্ৰহ্মপুত্ৰ নৈয়ে গতি সলোৱাত পিছলৈ এই ঠাইখন পানীয়ে ধুৱাই নিয়ে।
ৰামচন্দ্ৰৰ ৰুপহী পত্নীক ব্ৰহ্মপুত্ৰ নৈয়ে বলৎকাৰ কৰাত তেওঁৰ ঔৰসত এটি পুত্ৰৰ জন্ম হয়। এই পুত্ৰৰ নাম আছিল আৰিমত্ত। আৰিমত্তই তেওঁৰ ৰাজ্যৰ সীমা আৰু পশ্চিমলৈ বিস্তাৰ কৰিছিল। বহুবোৰ জনজাতীয় দলপতিও তেওঁৰ হাতত পৰাস্ত হৈছিল। পিছলৈ আৰিমত্তই ৰামচন্দ্ৰৰ সৈতে যুদ্ধত লিপ্ত হয় আৰু ৰামচন্দ্ৰৰ সৈতে তেওঁৰ কি সম্বন্ধ সেই কথা নজনাকৈয়ে তেওঁক হত্যা কৰে। অন্যান্য কেতবোৰ বিৱৰণমতে আৰিমত্তই দৰাচলতে হৰিণা এটাক বধ কৰিবলৈ মৰা শৰ পাতে ঘটনাক্ৰমে ৰামচন্দ্ৰক আঘাত কৰাত তেওঁৰ মৃত্যু হৈছিল। পিতৃ হত্যা শোকত ম্ৰিয়মান হৈ অজানিতে কৰা এই পাপৰ প্ৰায়শ্চিত্তৰ বাবে বহু চেষ্টা কৰিও বিফল হৈছিল বুলি কাহিলী বোৰত উল্লেখ আছে।
আৰিমত্তই কত শাসন কৰিছিল আমি জনো। কিন্ত বেছিভাগ পৌৰাণিক বিৱৰণত তেওঁক নামনি অসমৰ ৰজা বুলিহে কোৱা হৈছে। কামৰুপৰ বেতনাৰ ওচৰৰ বৈদৰগড়ত তেওঁৰ ৰাজধানী আছিল হেনো। এইঠাইত আজিও এটা চাৰিচুকীয়া গড়ৰ অৱশিষ্ট দেখা যায়। চাৰিচুকীয়া এই বিৰাট গড়টোৰ একোটা ফাল প্ৰায় চাৰি মাইল দীঘল। কমতাপুৰৰ কেঙ্গুৱা নামৰ ৰজা এজনে ধনু কাড়েৰে সজ্জিত বহুবোৰ কোচ আৰু মেচ সৈন্য লৈ আৰিমত্তক আক্ৰমণ কৰিছিল। বৈদ গড়ৰ দহমাইল উত্তৰে তেওঁ এটা গড়খাৱৈ খান্দিছিল। বৰ্তমানৰ ধমধমা মৌজাৰ অন্তৰ্গত এই গড়টো আজিও কেঙ্গুৱাগড় নামেৰে পৰিচিত। কেঙ্গুৱা প্ৰথমতে যুজত হাৰিছিল। পিছত আৰিমত্ত ৰজাৰ পত্নী ৰত্নমালাক তেওঁ হাত কৰে। ষড়যন্ত্ৰ কৰি আৰিমত্তৰ সৈন্য সকলৰ ধনু তেওঁলোকে নষ্ট কৰি পেলোৱাত এই সৈন্যসকল যুদ্ধত পৰাজিত হয়। কেঙ্গুৱাই আৰিমত্তক হত্যা কৰি তেওঁৰ ৰাজধানী দখল কৰে। ৰত্নমালাক কেঙ্গুৱাই বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আগৰ পতিক বিশ্বাসঘাটকতা কৰালৈ চাই এনে তিৰোতাৰ পৰা তেওঁৰো বিপদ হ’ব পাৰে বুলি তাইক বধ কৰিছিল। আৰিমত্তৰ পুত্ৰ ৰত্নসিংহই কেঙ্গুৱাৰ বিৰুদ্ধে যুদ্ধ চলাই যায় আৰু অৱশেষত তেওঁক হত্যা কৰি পিতৃ হত্যাৰ হোৰ তোলে। পিছে, এজন ব্ৰাহ্মণৰ পত্নীৰ সৈতে এটা ষড়যন্ত্ৰত লিপ্ত হোৱা ৰত্নসিংহই ব্ৰাহ্মণৰ অভিশাপ ক্ৰমে হেনো ৰাজ্য হেৰুৱাবলগীয়াত পৰে।
নগাওঁৰ সহাৰি মৌজাত গড়খাৱৈৰে সৈতে এটা প্ৰচীন দুৰ্গ আছে। এই গড়খাৱৈটো জোঙ্গালগড় নামেৰে অভিহিত। আৰিমত্ত ৰজাৰ আন এজন পুত্ৰ জোঙ্গালবলহুৰ এই ঠাইতে ৰাজধানী আছিল যেন লাগে। কছাৰীৰ হাতত পৰাস্ত হোৱা এইজন ৰজাই কলঙ নৈত জাপ দি আত্মহত্যা কৰিছিল।
আৰিমত্ত ৰজা সম্বন্ধে বহুবোৰ কিংবদন্তী আছে। কিন্ত পৰস্পৰৰ লগত কোনো মিল নথকা এইবোৰ কাহিনীৰ সত্যাসত্য বিচাৰি উলিওৱা অসভৱ বাবে সেইবোৰ সম্বন্ধে আৰু বিস্তাৰিত আলোচনাৰ আৱশ্যক নাই। ৰাণী আৰু ডিমৰুৱাৰ ৰজাসকলে নিজকে আৰিমত্তৰ বংশধৰ বুলি কৈছিল। আনহাতেদি, নৰক আৰু ভগদত্তকো তেওঁলোকে তেওঁলোকৰ পুৰ্ব্ব-পুৰুষ বলী দাবী কৰিছিল।
এতিয়া, মুছলমান লেখকৰ সুত্ৰৰ পৰা পোৱা এটা কাহিনীৰে অসমৰ পৌৰাণিক অধ্যায়ৰ সামৰণি মাৰিম। ফৰিস্তাৰ এতিহাসৰ পাতনিত কৰতীয়া বা কামৰুপৰ পূব ভাগৰ কোচ ৰাজ্যৰ পৰা অহা শাঙ্কল বা শঙ্গালদিৰে উত্তৰ ভাৰতৰ প্ৰখ্যাত ৰজ কিদাৰ ব্ৰাহ্মণক সিংহাসনচূত কৰা ঘটনাৰ উল্লেখ আছে। ইয়াৰ আগেয়ে শাঙ্কলে ভগীৰথী নৈৰ পূবৰ বঙ্গ (Bengal) আৰু বিহাৰ জয় কৰি এটা বিৰাট সৈন্যবাহিনীৰ গঠন কৰিছিল। কিদাৰৰ সৈতে শাঙ্কলৰ কেইবাবৰো প্ৰচণ্ড যুজ লগাৰ মূৰত কিদাৰ পৰাজিত হৈছিল। তেওঁ গৌড় বা লক্ষ্ণোতি নামৰ নগৰখন প্ৰতিষ্ঠা কৰিছিল। প্ৰায় দুহাজাৰ বছৰ জুৰি এই নগৰ খন বংগদেশৰ ৰজাসকলৰ ৰাজধানী আছিল। অতি অহংকাৰী আৰু জাকজমকতা প্ৰিয় এই ৰজাজনৰ ৪০০০ হাতী, ১০০০০০ ঘোৰা আৰু ৪০০০০০ পদাতিকেৰে গঠিত এটা বিৰাট সৈন্য বাহিনী আছিল।
তুৰাণ বা স্কাইবিয়াৰ আফ্ৰাচিয়াবৰ হাতত শাঙ্কলৰ পতন ঘটিছিল। পাৰস্য বিজয়ী বুলি জনাজাত আফ্ৰাচিয়াৰে খৃষ্ট জন্মৰ বহু আগেয়ে সাতখন ৰাজ্যজয় কৰিছিল। পিচলৈ এওঁৰ বংশৰ অন্যান্য লোকেও আফ্ৰাচিয়াৰ বা পাৰস্য-বিজয়ী নাম লৈছিল। আমি উল্লেখ কৰা আফ্ৰাচিয়াৰজনো তেনে নামধাৰী আৰু প্ৰকৃত আফ্ৰাচিয়াৰৰ বংশধৰ আছিল বুলি অনুমান হয়। সি যিকি নহওক কেলেই, আফ্ৰাচিয়াৰে বোধকৰো শঙ্কলৰ পৰা কৰ দাবী কৰি বিমুখ হৈছিল। ইয়াতে ক্ৰোদ্ধ হৈ আফ্ৰাচিয়াৰে ৫০,০০০ মঙ্গোলেৰে এটা শকত বাহিনী শাঙ্কলৰ বিৰুদ্ধে প্ৰেৰণ কৰে। ঘোৰঘাটৰ ওচৰত কোচৰাজৰ পাহাৰীয়া অঞ্চলত ভয়াবহ যুদ্ধ লাগে। মঙ্গোলবিলাক প্ৰায় নিধন হোৱাৰ প্ৰক-মূহুৰ্ত্তত আফ্ৰাচিয়াৰে হিমালয়ৰ নামনিত অৱস্থিত তেওঁৰ ৰাজধানী গঙ্গদোজহৰ পৰা নতুনকৈ বহু সৈন্য গোটাই আনি পুনৰ আক্ৰমণ কৰি এইবাৰ শাঙ্কলক শোচনীয়ভাৱে পৰাজিত কৰে। যুজত হাৰি শাঙ্কলে প্ৰথমে লক্ষ্ণোতি আৰু তাৰ পিছত তিৰহুত পাৰ্ব্বতাঞ্চললৈ পলাই গৈছিল যদিও অৱশেষত পৰাজয় স্বীকাৰ কৰি আফ্ৰাচিয়াবৰ হাতত বন্দী হয়।
উপৰত আলোচনা কৰা পৌৰাণিক ৰজাসকলৰ বিৱৰণত ধৰ্ম্মপুথি আৰু অন্যান্য প্ৰাচীন সাহিত্যত উল্লেখিত আটাইবোৰ নৃপতিক অন্তৰ্ভূক্ত কৰা হোৱা নাই। এইবোৰ সমলৰ পোৱা ৰজাসকল কাল্পনিক চৰিত্ৰ নে বাস্তৱৰ লোক আছিল, যদি আছিল, তেওঁলোকনো কোন আছিল, ক’ত ৰাজত্ব কৰিছিল এইবোৰ কথাৰ সত্যাসত্য বিচাৰ কৰাটো সম্ভৱপৰ নহয়। এই ৰজাসকলৰ বিষয়ে বিশদ বিৱৰণ লিখিবলৈ সময়ৰো অভাৱ। পুথিখনৰ অলেববৰ কথা চিন্তা কৰিও এই ৰজাসকলৰ বিষয়ে কোৱা কাহিনীসমূহৰ বহুলখিনি যদিও কাল্পনিক, তাক কেন্দ্ৰ কৰিয়েই সত্য ঘটনাসমূহৰ ভেটি তৈয়াৰ হৈছে।
প্ৰাচীন পুথিসমূহত পাল ৰজাসকলৰ বিষয়ে সঘনে উল্লেখ আছে যদিও বিভিন্ন সূত্ৰ যোগে পোৱা নামবোৰৰ কোনো মিল নাই। দৰাচলতে বহু ৰজাই পাল উপাধি গ্ৰহণ কৰিছিল। নৰনাৰায়ণ নামৰ অন্তত ভূপাল শব্দটো যোগ কৰিছিল। অলপতে আবিস্কৃত দুখন তম্ৰফলিত কামৰুপৰ এটা ৰাজপৰিয়ালে পাল উপাধি ব্যৱহাৰ কৰাৰ কথা জনা গৈছে। বঙ্গৰ বিখ্যাত পাল ৰজাসকলৰ সৈতে এই পাল সকলৰ কোনো সম্বন্ধ নাছিল। এতিয়া পাল উপাধিটো দিনে দিনে জনপ্ৰিয় হৈছে। বিশেষকৈ, বঙ্গৰ বহুতো নিন্মজাতিৰ জমিদাৰ তেওঁলোকৰ সাধাৰণ উৎপত্তিৰ কথা ঢাকিবলৈ গৈ পাল উপাধি গ্ৰহণ কৰিছে।
পুৰাণ সাহিত্য মতে বৰ্তমান অসম নামেৰে পৰিচিত অঞ্চলটোৰ প্ৰাচীন অধিবাসী সকল সুসভ্য আৰু পৰাক্ৰমী আছিল। চীন পৰিব্ৰাজক হিউয়েনচাঙৰ বিৱৰণী আৰু প্ৰাচীন তাম্ৰফলি সমূহেও এই তথ্য সমৰ্থন কৰিছে। (ইয়াৰ পৰৱৰ্ত্তী অধ্যায়ত তাম্ৰফলিৰ বিৱৰণৰ বিষয়ে অধ্যয়ণ কৰা হৈছে।) যদি সেয়ে হয়, তেন্তে বস্তৱিকতে প্ৰশ্ন আহে যে, এনে সুসভ্য লোকসকলৰ প্ৰত্নতাত্বিক নিদৰ্শণৰ ইমান অভাৱ ঘটিছে কেলেই? ইয়াৰ সাম্ভব্য কাৰণ হিচাপে ক’ব পাৰি যে, মানুহ আৰু প্ৰকৃতি উভয়ে মিলি সেইবোৰ নষ্ট কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকা বালিচাপৰিৰে ভৰা। হিমালয়ৰ পৰা উদ্ভৱ হোৱা বৰফে ঢকা নৈবোৰ পিছলৈ প্ৰচণ্ড বেগে আহি এই ভূমিত প্ৰবেশ কৰি বাধাহীন ভাৱে সমতল খণ্ডত বিস্তাৰ লভিছেহি, নৈয়ে এফালৰ পৰা উপত্যকা খান্দি গৈছে, কৰবাত গঢ়িছে আৰু কৰবাত ভাঙিছে, ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে বহুবাৰ গতিও পৰিৱৰ্তন কৰিছে, ফলত প্ৰত্নতাত্বিক নিদৰ্শণ সমূহৰ বিলুপ্তি ঘটিছে। গুৱাহাটীৰ দৰে শিলাময় ঠাই দুই এখনতহে এনে নিদৰ্শণৰ সামান্য অৱশিষ্ট ৰৈছেগৈ।
ভালেমান দিনৰ মূৰে মূৰে অসম ভূইকঁপৰ বলীও হৈছিল। এই ভূইঁকপ সমূহে ভঙা আৰু গঢ়াৰ এক নতুন কাহিনীৰ সৃষ্টি কৰিছিল। ১৮৯৭ চনৰ বৰ ভূইকঁপৰ জোকাৰণি অসমৰ কেইটিমান অট্টালিকাইহে সহ্য কৰিব পাৰিছিল। ছিলং, গুৱাহাটী আৰু চিলহেটৰ বিৰাট অঞ্চল এই ভূইকপে ধ্বংসস্তুপত পৰিণত কৰিছিল। শ শ ঘৰবাৰী আৰু শিলৰ স্তম্ভ বাগৰি পৰিছিল। হাজোৰ পৰা কিছুদূৰৈত অৱস্থিত ঐতিহাসিক শিলসাকো প্ৰায় বিধ্বস্ত হৈছিল। এই ঠাইতে ব্ৰহ্মপুত্ৰই গতি পৰিৱৰ্তন কৰি নতুন পথেৰে ধাবিত হৈছিল। অসমৰ কেতবোৰ গছগছনিয়েও প্ৰত্নতাত্বিক নিদৰ্শণবোৰ ধ্বংস কৰিছিল। উদাহৰণ স্বৰুপে, কেনেবাকৈ যদি আহঁত গছৰ গুটি এটা কোনোবা অট্টালিকাক নিৰ্ভৰ কৰি পুলিপোখা মেলিবলৈ ধৰে, তেন্তে সেই অটালিকাৰ ধ্বংস অৱশ্যম্ভাবী হৈ পৰে। সৌ সিদিনা অহোমসকলে সাজি থৈ যোৱা বহুতো অট্টালিকা আৰু মন্দিৰো এই দৰে গছ-গছনিয়ে ধ্বংস কৰা আমি দেখিবলৈ পাইছোহক।
মানুহে কৰা ধ্বংসৰ কথা ক’বলৈ হ’লে মুছলমান আক্ৰমণকাৰী সকলে ধৰ্ম্মৰ নামত অন্ধ হৈ হিন্দু মন্দিৰ ধ্বংস কৰা বা এনেয়ে ধ্বংসৰ অনন্দত মতলীয়া হোৱা বৰ্ম্মী আক্ৰমণকাৰীসকললৈ আঙুলিয়াব লাগিব।
বৰ্তমানলৈকে কৰা প্ৰত্নতাত্বিক নিদৰ্শণৰ ধ্বংসাৱশেষ প্ৰাচীন প্ৰত্নতত্বৰ এটা সমান অংশহে। অসমৰ হাবি-বননিৰ মাজত নিশ্চয় বহু এনে নিদৰ্শণ লুকাই আছে। কৃষিৰ সম্প্ৰসাৰণৰ লগে লগে অৰণ্যৰ আয়তন হ্ৰাস হ’লে হয়তো আৰু বহুতো লুপ্ত নিদৰ্শণ আবিস্কৃত হ’ব।


উৎস: অসম বুৰঞ্জী।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s