অসমীয়া ভাষা সাহিত্যৰ বিকাশত খ্ৰীষ্টান মিছনেৰী আৰু অৰুণোদই কাকতৰ অৱদান


অসমীয়া ভাষা সাহিত্যৰ বিকাশত খ্ৰীষ্টান মিছনেৰী আৰু অৰুণোদই কাকতৰ অৱদান

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ লগে লগে ইংৰাজে কৌশলগত ভাৱে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। ইংৰাজসকলে অসমীয়া মানুহৰ অসচেতনতাৰ সুযোগ লৈ কিছুসংখ্যক বঙালী ভাষী আমোলা বিষয়াৰ প্ৰৰোচনাত ১৮৩৬ খ্ৰীষ্টাব্দত অসমৰ পৰা অসমীয়া ভাষা বিতাৰণ কৰি বঙালী ভাষাক ৰাজ্য ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিলে। ফলত নিৰৱছিন্নভাৱে চলি অহা অসমীয়া ভাষা সাহিত্যৰ সোঁতটো স্থবিৰ হৈ পৰিল। ১২২৮ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই অসমত আহোম ৰাজ্যৰ পাতনি মেলিছিল। ছশ বছৰীয়া সেই আহোম ৰাজত্বৰ অৱসান আৰু মানসকলৰ অত্যাচাৰ তথা অসমভূমিত বিদেশী শাসকৰ অবাধ বিচৰণত অসমৰ জাতীয় জীৱন বিপন্ন হৈ পৰিছিল।
অসম ইংৰাজৰ অধীন হোৱা দহ বছৰৰ পাছত চিৰ চেনেহী মাতৃভাষা অসমীয়াই নিজ ৰাজ্যত মৰ্য্যদা হেৰুৱালে এলাগী হ’ল অসমীয়া ভাষা। ফলত অসমত ভাষা সাহিত্যৰ চৰ্চ্চাৰ পৰিবেশ বিনষ্ট হৈ পৰিল। সেয়েহে উনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ কালছোৱাক অসমীয়া ভাষা সাহিত্য আৰু জাতীয় জীৱনৰ বাবে চৰম বিপৰ্য্যয়ৰ কাল হিচাপে অভিহিত কৰিব পাৰি। সাহিত্যিক মহেশ্বৰ নেওগদেৱে সেয়েহে এই সময়ছোৱাক প্ৰাক বৃটিছ যুগৰ অন্ধকাৰ যুগ বুলি অভিহিত কৰিছে।
এনে এক দুৰ্যোগপূৰ্ণ সময়তে ১৮৩৬ চনত খ্ৰীষ্টান মিছনেৰী সকল অসমলৈ আহে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যৰে। যিসময়ত অসমীয়া ভাষাৰ চাকি গছি নুমাও নুমাও অৱস্থা হৈছিল সেই সময়তে মিছনেৰী সকলৰ আগমন যেন অসমীয়া ভাষা সাহিত্যৰ কাৰণে এক মৃত সঞ্জীৱনী হৈ পৰিল। তেওঁলোকে অসমত ভাষা সমস্যাৰ সন্মুখীন হৈ অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাৰ বাটত অহোপুৰুষাৰ্থ চেষ্টা কৰিবলৈ আগবাঢ়ি আহিল। অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ জৰিয়তে ধৰ্ম প্ৰতিষ্ঠাৰ পথ সুগম কৰাৰ মানসিকতা গ্ৰহণ কৰিলে খ্ৰীষ্টান মিছনেৰী সকলে। এই উদ্দেশ্যেৰে তেওঁলোকে ১৮৪৬ চনত শিৱসাগৰত মিছন প্ৰেছ স্থাপন কৰি সেই প্ৰেছৰ পৰাই “অৰুণোদই” নামৰ মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰে। এই পত্ৰৰ প্ৰকাশে অসমীয়া জাতীয় জীৱনৰ গুৰিবঠা ধৰাত প্ৰধান ভুমিকা গ্ৰহণ কৰে।


এই প্ৰেছৰ পৰাই তেওঁলোকে অসমীয়া ভাষাত খ্ৰীষ্টধৰ্মৰ বিষয়ে সৰু সৰু পুথি ছপাই মানুহৰ মাজত বিলাবলৈ আৰম্ভ কৰিলে আৰু লগে লগে দুখন চাৰিখন অসমীয়া সাহিত্যৰ বিষয়ে পুথি লেখিও অসমীয়া সাহিত্যৰ ভঁৰালত জাপিবলৈ আৰম্ভ কৰিলে।
ইফালে শ্ৰীৰামপুৰৰ পাদুৰী সকলেও সেই উদ্দেশ্যেৰেই অসমীয়া ভাষাৰ ফাললৈ চকু দিলে। কলিয়াবৰৰ পৰা আত্মাৰাম শৰ্মা নামৰ এজন অসমীয়া পণ্ডিতক শ্ৰীৰামপুৰলৈ মতাই নি গোটেই বাইবেল পুথিখন অসমীয়ালৈ অনুবাদ কৰালে আৰু ১৮৩৮ চনত ছপা কৰি উলিয়ালে। তাৰ পাছত ১৮৪০ চনত মাননীয় ৰবিঞ্চন চাহাবে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ প্ৰকাশ কৰিলে। এইখনেই হ’ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ।
১৮৪৬ চনত অৰুণোদই প্ৰকাশ কৰে। এই কাকত খনিত সাহিত্য, বুৰঞ্জী, বিজ্ঞান, ধেমেলীয়া কথা আদি সকলোবোৰ বিষয়ৰ আলচ কৰি তাত নানা তৰহৰ বাতৰি প্ৰকাশ কৰি চুকৰ ভেকুলীৰ নিচিনা অসমীয়া মানুহক পাশ্চাত্য সভ্যতাৰ পোহৰ দিবলৈ চেষ্টা কৰিছিল।
শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা অসমৰ প্ৰথমখন আলোচনী “অৰুণোদই” ১৮৪৬ চনত প্ৰকাশ পায় আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। তাৰপাছত যথাক্ৰমে এ.এইচ. ডেনফোৰ্থ, এচ.এম. হুইটিং, মাইলচ্ ব্ৰণ্সন, উইলিয়াম ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক, শ্ৰী মতী ছুছান আৰু ৱাৰ্ড, এ.কে.গাৰ্ণি আদিয়ে সম্পাদনা কৰি এই কাকতখন ১৮৮০ চনলৈকে প্ৰকাশ কৰে।
অৰুণোদই কাকতে খ্ৰীষ্টান জগতৰ সৰু-বৰ খবৰ বাতৰি প্ৰকাশৰ লগতে অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ বিভিন্ন বাৰ্তা আৰু দেশী-বিদেশী সংবাদো সামৰি লৈছিল। জন বাইৰাণৰ “Pilgrims progress” ৰ অসমীয়া ভাঙনি “যাত্ৰিকৰ যাত্ৰা” ৰ একাংশ, দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু কামৰূপৰ বুৰঞ্জী ইয়াত ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল। এই কাকতখনে অসমীয়া পাঠকৰ বৌদ্ধিক আৰু মানসিক দিগন্ত প্ৰসাৰিত কৰাৰ লগতে বাস্তৱ জ্ঞান, আত্ম জ্ঞান, সচেতনতা আৰু আত্মপ্ৰত্যয়ৰ অভিনৱ শিক্ষাদান কৰিলে।
১৮৪৮ চনত মাননীয় ব্ৰাউন চাহাবে Gramatical Notes of the Assamese Language বুলি ইংৰাজী ভাষাত এখনি অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিছিল। এইখন আছিল অসমীয়া ভাষাৰ দ্বিতীয় ব্যাকৰণ। মাননীয় ব্ৰনচন চাহাবে ১৮৬৮ চনত এখন অসমীয়াৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধান গোটাই প্ৰকাশ কৰে। এইখন আছিল অসমীয়া ভাষাৰ প্ৰথম অভিধান।
খ্ৰীষ্টান মিছনেৰী সকলে এইদৰে অকল ব্যাকৰণ, অভিধান, মাহেকীয়া কাকত উলিয়াইয়েই ক্ষান্ত থকা নাছিল। যিবিলাক বিষয়ত অসমীয়া সাহিত্য নিচলা আছিল সেইবোৰ পূৰঠ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তাৰোপৰি চৰকাৰৰ মনৰ পৰা অসমীয়া ভাষা, বঙলা ভাষাৰ চহা অৱস্থা, এই ভুল বিশ্বাসটো দূৰ কৰিবলৈ বঙলা আৰু অসমীয়া ভাষাৰ মাজত থকা মনিব নোৱাৰা প্ৰভেদ বিলাক চৰকাৰৰ আগত দাঙি ধৰিছিল।
অসমীয়া ভাষা অসমীয়া মানুহৰ মাতৃভাষা, ই কেতিয়াও বিদেশী ভাষাৰ চহা অৱস্থা হব নোৱাৰে। সেয়ে সিহঁতক মাতৃভাষাৰ জৰিয়তেহে শিক্ষা দিয়া উচিত আৰু যুগুত কৰা এই কথা বুজাবলৈ চৰকাৰৰ লগত যুঁজ কৰিবলগীয়া হৈছিল। ক্ষমতাশালী ইংৰাজসকলে পাদুৰী সকলৰ এইকথা বুজিও নুবুজাৰ ভাও ধৰিছিল।
কিন্তু পাদুৰী চাহাব সকলেও যেতিয়ালৈকে অসমৰ আদালত আৰু পঢ়াশালিৰ পৰা বঙলা ভাষা আঁতৰ কৰি অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে তেতিয়ালৈকে চৰকাৰৰ লগত ঘোৰ বাক-বিতণ্ডা কৰিলে আৰু অৱশেষত ১৮৭১ খ্ৰীষ্টাব্দত অসমীয়া ভাষা আকৌ আদালত আৰু পঢ়াশালিত প্ৰতিষ্ঠা হ’ল।
অৰুণোদই কাকতৰ জৰিয়তে এচাম দেশী-বিদেশী লেখকে অসমীয়া ভাষাত সাহিত্য চৰ্চ্চা কৰি আত্ম প্ৰতিষ্ঠা লাভ কৰিছিল। সেইসকলৰ ভিতৰত খ্ৰীষ্টান আৰু অখ্ৰীষ্টান দুয়ো শ্ৰেণীৰ সাহিত্যিকেই আছিল। খ্ৰীষ্টান লেখকসকলক ভিতৰত ডঃ নাথান ব্ৰাউন, এলিজা ব্ৰাউন, ডঃ মাইলচ্ ব্ৰনচন, অলিভাৰ টমাচ কট্টাৰ, শ্ৰী মতী কট্টাৰ, এ.কে.গাৰ্ণি, শ্ৰী মতী গাৰ্ণি আদিৰ নাম উল্লেখনীয়।
দেশীয় খ্ৰীষ্টান নিধিৰাম ফাৰোৱেল এইসকলৰ ভিতৰত অন্যতম। দেশীয় অৰ্থাৎ অনা খ্ৰীষ্টান অসমীয়া লেখকসকলক ভিতৰত আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ নাম লেখত ল’বলগীয়া।
১৮৪৬ চনৰপৰা ১৮৮২-৮৩ চনলৈকে প্ৰায় দুকুৰি বছৰকাল অসমীয়া সাহিত্যৰ বুৰঞ্জীক “অৰুণোদয় যুগ” বুলি কোৱা হয়। অসমীয়া ভাষা সাহিত্যৰ দুৰ্য্যোগপূৰ্ণ অৱস্থাত অসমলৈ আহি আমেৰিকান ব্যেপ্তিষ্ট মিছনেৰী সকলে অসমীয়া ভাষাত “অৰুণোদই” প্ৰকাশ কৰি অসমৰ সাহিত্যৰ আকাশ উজ্জ্বলাই তুলিলে। অৰুণোদইৰ প্ৰকাশ, মিছনেৰী সকলৰ খ্ৰীষ্টান ধৰ্মৰ বাণী প্ৰচাৰ কৰাই মুখ্য উদ্দেশ্য আছিল যদিও এই কাকতৰ বিষয়বস্তুৰ পৰিধি আছিল অতি বিশাল।
অসমীয়া ভাষাত লিখা খ্ৰীষ্টধৰ্মৰ বিৱৰণ, বাতৰি, পুৰণি অসম বুৰঞ্জী, সাধুকথা, নীতিবচন, বিজ্ঞানৰ বতৰা, ভূগোল বিষয়ক, জ্ঞান বিজ্ঞান সমন্ধীয় প্ৰবন্ধ শিক্ষাৰ প্ৰসাৰ, সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধাচৰণ, নব্য অৰ্থনৈতিক দৃষ্টি আদি সকলোবিলাকৰ বৰ্ণনা তথা লেখনি এই কাকতত প্ৰকাশ পাইছিল।
অসমীয়া ভাষাৰ ত্ৰাণকৰ্ত্তা খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া ভাষাটোক সংকটৰ পৰা মুক্ত কৰাই নহয় ইয়াক উদ্ধাৰো কৰিলে। সেয়েহে এই যুগটোক অসমীয়া সাহিত্যৰ “হীৰক যুগ” বুলি অভিহিত কৰিব পাৰি। মহেশ্বৰ নেওগে এই অৰুণোদই যুগক ”বাট বিচৰা আৰু বাট কটাৰ যুগ” বুলি অভিহিত কৰিছে।

মিছনেৰীসকলে ভাষা সংগ্ৰামত অৱতীৰ্ণ হৈ অৰুণোদইৰ দৰে সংবাদ পত্ৰ প্ৰকাশ কৰি এহাতে অসমীয়া মানুহক নিজৰ ভাষা সাহিত্যৰ প্ৰতি সচেতন কৰি তুলিলে আনহাতে এই সংবাদ পত্ৰৰ জৰিয়তে দেশ-বিদেশৰ জ্ঞান-বিজ্ঞান, বা-বাতৰি দিয়াৰ লগতে আধুনিক জীৱন সভ্যতাৰ সম্ভেদ দিয়ালে।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s