অসমীয়াৰ পৰিচয় আৰু ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ কচৰৎ


অসমীয়াৰ পৰিচয় আৰু ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াৰ কচৰৎ

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান অর্থাৎ হিন্দু বাঙালীক সংস্থাপনৰ প্রস্তাৱে ৰাজ্যত জ্বলন্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মাত্র তিনিমাহ আগতে যিসকল অসমীয়া ৰাইজে জাতি, মাটি আৰু ভেটি ৰক্ষাৰ স্বার্থত বিজেপিৰ পক্ষত থিয় দিছিল সেই একেখিনি মানুহেই এতিয়া পুনৰ নিজৰ অস্তিত্বৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে৷ এইবাৰৰ নির্বাচনত অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান কৰাৰ প্রধান কাৰণ আছিল নিজৰ অস্তিত্ব সুৰক্ষিত কৰা৷ বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্রীয় নেতায়ো অসমত নির্বাচনী প্রচাৰ চলাই এখন বিদেশীমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দিছিল৷ কিন্তু সেইটো দলেই এতিয়া ক্ষমতালৈ আহি বিদেশীমুক্ত অসম গঢ়াৰ পৰিৱর্তে বিদেশীক ৰঙা দলিচা পাৰি অসমত সংস্থাপিত কৰিবলৈ ওলাইছে৷ স্বাভাৱিকতে প্রশ্ন উঠিব বিজেপিৰ এনে তৎপৰতাৰ আঁৰৰ উদ্দেশ্য কি? সঁচাকৈয়ে বিজেপিয়ে মানৱীয় কাৰণতে হিন্দু বাঙালীসকলক সংস্থাপিত কৰিবলৈ তৎপৰতা চলাইছে নেকি? আমাৰ মতে, তেনে কথা একেবাৰে সত্য নহয়৷ প্রকৃতার্থত মানৱীয় দিশটোৰ কথা কৈ দলটোৱে অসমৰ ৰাইজক বিভ্রান্ত কৰিব বিচাৰিছে৷ বিজেপিৰ এনে তৎপৰতাৰ আঁৰৰ প্রধান উদ্দেশ্যটো হৈছে অসমত তেওঁলোকৰ ভোটবেংক সুৰক্ষিত কৰা৷ অসমৰ বর্তমানৰ জনগাঁথনিৰ পৰা এটা কথা পৰিষ্কাৰ হৈ আছে যে অদূৰ ভৱিষ্যতে বিজেপিৰ ৰাজনীতিৰ বাবে অসম কোনো কাৰণতে সুৰক্ষিত নহয়৷ সেইবাবে এই বছৰৰ (2016 চন) নির্বাচনৰ প্রাক৲মুহূর্ততো বহুতে সন্দেহ কৰিছিল যে বিজেপিয়ে বাঞ্ছিত ফল নাপাব৷ প্রকৃতার্থত অসমৰ জনগাঁথনি অনুসৰি তেনে চিন্তাৰ ভিত্তি আছিল৷ কিন্তু বিজেপিৰ জাতি ৰক্ষাৰ শ্ল’গানে সেই ধৰণৰ চিন্তা-চর্ ওলট-পালট কৰি দিলে৷ সকলোৱে নিজৰ সুৰক্ষাৰ বাবে বিজেপিৰ পক্ষত থিয় দিলে৷ আনকি জনগাঁথনিয়ে অস্তিত্বৰ প্রতি ভাবুকি অনা অঞ্চলৰ খিলঞ্জীয়া মুছলমান লোকেও বিজেপিৰ পক্ষত থিয় দিলে৷ সেই সুযোগত চৰকাৰ গঠন কৰি বিজেপিয়ে এতিয়া জাতি-মাটিৰ কথা বাদ দি ভৱিষ্যতৰ বাবে সুৰক্ষিত ভোটবেংক তৈয়াৰ কৰাৰ ষড়যন্ত্রত নামিছে৷ প্রধানতঃ এই কাৰণতে হিন্দু বাঙালীৰ বোজা দেশখনে ভগাই ল’ব বুলি কোৱা কথাও অসমৰ ৰাইজে বিশ্বাসত ল’ব নোৱাৰে৷ কাৰণ অসমৰ দৰে জনগাঁথনিৰ দিশৰে বিজেপিক বিপদত পেলাব পৰা ৰাজ্য দেশখনত কম বুলিয়েই ক’ব পাৰি৷ সেইবাবে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজা প্রস্তাৱটোৰ আঁৰৰ ‘টার্গেট’ সম্পূর্ণৰূপে অসম৷ প্রথম অৱস্থাত অসমৰ ৰাইজক দেখুৱাই বেলেগ ৰাজ্যই হিন্দু বাঙালীৰ বোজা ল’লেও মূৰকত গৈ তাৰ সম্পূর্ণ বোজা অসমৰ ওপৰতে যে পৰিব তাত কোনো সন্দেহ নাই৷ কাৰণ পাছলৈ অন্য ৰাজ্যত সংস্থাপিত হোৱা হিন্দু বাঙালীসকল অসমলৈ আহি থাকিলেও তাত বাধা দিব পৰা ব্যৱস্থা নাথাকিব৷ কাৰণ এখন দেশৰ নাগৰিক যিকোনো এখন ৰাজ্যলৈ অহাত বাধা নাথাকে৷ আচলতে মহম্মদ চাদুল্লাৰ আর্হিৰে বিজেপিয়ে এতিয়া ভোটৰ ৰাজনীতি কৰিব খুজিছে৷ 1937 চনত অসমৰ ৰাজনীতিত মুছলিম লীগৰ প্রৱেশৰ পাছতে ৰাজ্যত পমুৱা মুছলমানৰ সংস্থাপনৰ কাম আৰম্ভ হৈছিল৷ খেতি-বাতিৰ দোহাই দি সেইসকল লোকক অসমলৈ প্রৱেশৰ বাট মুকলি কৰি দি ভোটবেংকৰ সৃষ্টি কৰা হৈছিল৷ প্রকৃতার্থত সেই সময়তে মুছলিম লীগ আৰু প্রব্রজিত লোকসকলৰ নেতা আব্দুল হামিদ ভাচানীৰ নেতৃত্বত খিলঞ্জীয়াক নিঃশেষ কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল৷ তাৰ পাছত 1905 চনত ব্রিটিছে পূর্ব বংগক অসমৰ লগত সাঙুৰি এখন প্রদেশ গঠন কৰাৰ পাছত মুছলমান লোকৰ প্রব্রজনৰ ধাৰাটো আৰু বৃদ্ধি পালে৷ স্বাধীনতাৰ পৰৱর্তী পর্যায়ত সেই লোকসকলেই কংগ্রেছৰ ভোটবেংকলৈ ৰূপান্তৰিত হয়৷ 1937 চনত আৰম্ভ হোৱা প্রব্রজনৰ সেই ধাৰাটো স্বাধীন ভাৰতত কংগ্রেছৰ উদ্যোগত এতিয়ালৈ অব্যাহত আছে৷ সেই সকলো লোকেই ইতিমধ্যে কংগ্রেছৰ ভোটবেংকত পৰিণত হৈছে৷ মাজে মাজে কিছুমান দলৰ জন্মই সেই ভোটবেংকত বিভাজন ঘটাইছে যদিও সেয়া স্থায়ী হোৱা নাই৷ ইউ এম এফৰ পাছত এ আই ইউ ডি এফো একে দিশেৰে গতি কৰিছে৷ এইবাৰৰ নির্বাচনত দলটোৰ সভাপতি বদৰুদ্দিন আজমলেই পৰাজিত হৈছে৷ গতিকে প্রব্রজিত ধর্মীয় সংখ্যালঘু লোকসকল ইতিমধ্যে কংগ্রেছৰ ভোটবেংকত পৰিণত হৈছে৷ সেই ভোটবেংক আকৌ প্রতিটো নির্বাচনতে বৃদ্ধি পাই আছে৷ কাৰণ প্রব্রজন যেনেদৰে অব্যাহত আছে, সমানে সেই লোকসকলে বংশ বিস্তাৰৰ ধাৰাও অব্যাহত ৰাখিছে৷ বিজেপিৰ বাবে এতিয়া আতংকৰ কাৰণ সেইসকল লোকেই৷ যাৰে বাবে তেওঁলোকেও অসমত এটা নিজস্ব ভোটবেংক সৃষ্টি কৰিব বিচাৰিছে৷ তাৰ বাবে তেওঁলোকে বাছি লৈছে হিন্দু বাঙালীসকলক৷ বাংলাদেশৰ পৰা হিন্দু বাঙালী আনি বিজেপি ৰাজনৈতিকভাৱে সুৰক্ষিত হ’ব বিচাৰিছে৷ এতিয়া প্রশ্ন উঠিছে অসমীয়া মানুহে এই কার্যৰ বিৰোধিতা কৰিছে কিয়? মুছলিম লীগ আৰু আব্দুল হামিদ ভাচানীৰ দৰে নেতাৰ কার্যক লৈ অসমৰ খিলঞ্জীয়া ৰাইজ তাহানিৰে পৰা শংকিত আৰু আতংকিত৷ যাৰ বাবে স্বাধীনতাৰ পাছতে লোকপ্রিয় গোপীনাথ বৰদলৈয়ে গ্রুপিঙৰ বিৰুদ্ধে থিয় দিছিল৷ জননায়ক দেৱেশ্বৰ শর্মাৰ দৰে নেতাই নিজা উদ্যোগত অনুপ্রৱেশৰ বিৰুদ্ধে প্রচাৰ-পত্র বিলাই ৰাইজক সজাগ আৰু সচেতন কৰিছিল৷ 1925 চনতে প্রকাশ পোৱা ‘আসামত বিদেশী’ নামৰ গ্রন্থখনত জ্ঞাননাথ বৰাই লিখিছিল– ‘কি হিন্দু, কি মুছলমান এটায়ে অসমৰ উন্নতিৰ বাটত বিঘিনি৷ বিদেশী হিন্দু দলে দলে আহি যেনেকৈ গোটেই অসম ভূমিত ছাতি পেলাইছে, বিদেশী মুছলমানো আহি তেনেকৈ গাঁৱে গাঁৱে, নগৰে নগৰে বাস কৰি বেহা-বেপাৰ হাত কৰি অসমীয়া হিন্দু-মুছলমানৰ পৰা নিতৌ অজস্র ধন নিবলৈ ধৰিছে…৷’ প্রকৃতার্থত পূর্ববংগীয় মুছলমান লোকৰ সমান্তৰালভাৱে হিন্দু লোকৰো অসমলৈ প্রব্রজন ঘটিছিল৷ 1947 চনত দেশ বিভাজনৰ পাছত সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষৰ পাছত অসমলৈ হিন্দু বাঙালী লোকৰ প্রব্রজন বৃদ্ধি পায়৷ সেইবাবে গোপীনাথ বৰদলৈ, জননায়ক দেৱেশ্বৰ শর্মা, জ্ঞাননাথ বৰাৰ দৰে অসম-হিতৈষী লোকসকলে তাহানিৰে পৰা এই দিশত সতর্ক আৰু সজাগ হৈ আছিল৷ পৰৱর্তী সময়ত এইখন অসমৰ ৰাইজেই নিজৰ ভাষাটো ৰক্ষাৰ বাবে ভাষা আন্দোলনত জঁপিয়াই পৰিছিল, বিদেশী বিতাড়নৰ দাবীৰে অসম আন্দোলনত অংশ লৈছিল৷ তাৰ পাছতো শংকিত আৰু আতংকিত মানুহখিনিয়ে নিজৰ অস্তিত্ব সুৰক্ষিত হোৱাৰ উমান পোৱা নাই৷ তেনে কোনো পদক্ষেপো দেখা নাই৷ 1985 চনত অসম চুক্তি স্বাক্ষৰিত হ’ল৷ অথচ এতিয়াও সীমান্ত উন্মুক্ত৷ উন্মুক্ত সীমান্তয়েদি মানুহ আহিয়েই আছে৷ তেওঁলোকৰ জনবিন্যাস ঘটিয়েই আছে৷ এনে পৰিস্থিতিত অসমৰ ৰাইজে এইবাৰ নিজৰ স্বাধিকাৰ স্থাপনৰ বাবে বিজেপিক বাছি লৈছিল৷ কিন্তু ক্ষমতাত বহাৰ তিনিমাহ উকলি যোৱাৰ পাছতে সেইখন বিজেপি চৰকাৰেই এতিয়া অসমবাসীক চৰমভাৱে প্রৱঞ্চনা কৰিবলৈ ওলাইছে৷ জাতিৰ কথা বাদ দি ভোটবেংক সুৰক্ষাত নমা চৰকাৰৰ বিৰুদ্ধে স্বাভাৱিকতে অসমৰ ৰাইজ ক্ষুব্ধ হৈ উঠিছে৷ কাৰণ এই মানুহখিনিয়ে বিদেশীক কেতিয়াও ধর্মৰ ভিত্তিত চোৱা নাছিল৷ বিদেশীৰ পৰা অস্তিত্ব সুৰক্ষা কৰাৰ কথাহে ভাবিছিল৷ এতিয়া প্রশ্ন উঠিব হিন্দু বাংলাদেশীক সংস্থাপিত কৰিলে অসমৰ কি কি ক্ষতি হ’ব? অথবা অসমৰ খিলঞ্জীয়া মানুহৰ স্বার্থত কেনেধৰণৰ আঘাত পৰিব? তাৰ প্রথম উত্তৰটো হ’ব– হিন্দু বাংলাদেশীক নাগৰিকত্ব দি সংস্থাপিত কৰিলে অসমত অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হ’ব৷ ইতিমধ্যে অসমত বাংলাভাষীৰ সংখ্যা ভয়ংকৰ গতিত বৃদ্ধি পাইছে৷ তাৰ বিপৰীতে অসমীয়া ভাষীৰ সংখ্যা দ্রুত গতিত হ্রাস পাইছে৷ লোকপিয়লৰ তথ্য মতে 1971 চনৰ পৰা 2001 চনলৈ অসমীয়া ভাষীৰ সংখ্যা 12 শতাংশ হ্রাস পাইছে৷ উদ্বেগজনক কথাটো হৈছে সেই সময়ছোৱাত বাংলাভাষীৰ সংখ্যা 10 শতাংশ বৃদ্ধি পাইছে৷ 2011 চনৰ পিয়লৰ ভাষাৰ ভিত্তিত প্রতিবেদন এতিয়াও প্রকাশ পোৱা নাই৷ সেই প্রতিবেদনত স্বাভাৱিকতে আৰু ভয়াৱহ তথ্য পোহৰলৈ আহিব৷ 2001 চনত নগাঁৱৰ দৰে জিলাত বাংলাভাষীৰ সংখ্যা হৈছেগৈ 30 দঃ 5 শতাংশ৷ এতিয়া যদি লাখে লাখে বাঙালী মানুহক সংস্থাপিত কৰা হয় তেন্তে অসমত বাংলাভাষীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাব৷ ফলত কম দিনৰ ভিতৰতে অসমত অসমীয়াভাষী সংখ্যালঘুত পৰিণত হ’ব৷ গুৰুত্বপূর্ণ কথাটো হৈছে আমাৰ ভাষাটোৰ ভিত্তিতে আমি জাতিৰ পৰিচয় দি আহিছোঁ৷ অর্থাৎ ভাষাটোৱেই হ’ল আমাৰ জাতিটোৰ মূল পৰিচয়৷ কেৱল অসমতে নহয়, বিংশ শতিকাৰ পৰা ভাষাক কেন্দ্র কৰিয়েই গঢ়ি উঠিছে জাতীয়তাবাদ৷ ৰজা-মহাৰজাৰ নামেৰে জাতিৰ চিনাকি দিয়া প্রৱণতা কাহানিবাই নোহোৱা হ’ল৷ সেই ভাষাটোৱেই যদি সংখ্যালঘুত পৰিণত হয় তেন্তে জাতিটোৰ ভৱিষ্যৎ কি হ’ব? অথবা জাতিটোৰ চিনাকি কি হ’ব? উল্লেখযোগ্য যে আমাৰ ৰাজ্যত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ সেই প্রতিটো জনগোষ্ঠীৰে নিজস্ব ভাষা আছে৷ সেয়ে হ’লেও অসমত বসবাস কৰা প্রতিটো জাতি-জনগোষ্ঠীৰ মাজৰ সংযোগী ভাষা এটাই৷ সেই ভাষাটো হ’ল– অসমীয়া৷ বহুতে হয়তো প্রশ্ন কৰিব পাৰে যে হিন্দু বাংলাদেশীৰ প্রসংগৰে ভাষাকেন্দ্রিক চিন্তা অমূলক৷ এটা সাধাৰণ উদাহৰণেৰে ইয়াৰ পূর্ণ সম্ভাৱনাৰ কথা প্রতিষ্ঠা কৰিব পৰা যায়৷ হিন্দু বাঙালীসকলক নাগৰিকত্ব দিয়াৰ পাছত তেওঁলোকে যদিহে জনসংখ্যাৰ ভিত্তিত ভাষাৰ দাবী কৰে, তেন্তে কি পৰিস্থিতিৰ সৃষ্টি হ’ব? কাৰণ যিকোনো এটা জনগোষ্ঠীয়ে তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত ভাষা ব্যৱহাৰৰ দাবী কৰিব পাৰে৷ এই দিশত আমি কেৱল ব্রহ্মপুত্র উপত্যকাৰ কথা ভাবিলেই নহ’ব৷ ভাবিব লাগিব বৰাক উপত্যকাৰ কথাও৷ সংখ্যাগত দিশৰ কথা আহিলেই সেই লোকসকলে বৰাক উপত্যকাকো সামৰি ল’ব৷ যদিহে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে অসমত বাংলাভাষীৰ সংখ্যা কিমান হ’বগৈ? মাত্র দুটা তথ্যৰে কথাটো পৰিষ্কাৰ কৰা যাওক৷ 1971 চনৰ লোকপিয়ল অনুসৰি বৰাক উপত্যকাত বাংলাভাষীৰ সংখ্যা আছিল 77 দঃ 8 শতাংশ৷ 2001 চনত সেই সংখ্যা বৃদ্ধি পাই হয়গৈ 80 শতাংশ৷ 2011 চনৰ পিয়লৰ ভাষাৰ ভিত্তিত প্রতিবেদন প্রকাশ পালে সেই সংখ্যা কিমান হ’বগৈ পাৰে? নিশ্চয় সেই সংখ্যা 90 শতাংশৰ ওচৰা-উচৰি হ’বগৈ৷ এনে এক ভয়াৱহ পৰিস্থিতিত যদিহে ব্রহ্মপুত্র উপত্যকাত নতুনকৈ বাঙালী হিন্দুৰ বোজা জাপি দিয়া হয়, তেন্তে পৰিস্থিতি কি পর্যায় পাবগৈ? প্রকাশ পোৱা তথ্য মতে, বাংলাদেশত এতিয়াও এক কোটি 73লাখ হিন্দু লোক আছে৷ বিজেপিয়ে কোৱা মতে যদিহে তেওঁলোক সঁচাকৈয়ে বাংলাদেশত নিৰাপত্তাহীনতাত ভুগিছে, তেন্তে সেই এক কোটি 73 হাজাৰ হিন্দু বাঙালীৰ অধিকাংশৰে অসমত প্রৱেশ ঘটিব৷ তেনে পৰিস্থিতি হ’লে বৰাক উপত্যকা সামৰি অসমত বাংলাভাষীৰ সংখ্যা কিমান হ’বগৈ? অসমত অসমীয়াভাষী সংখ্যাগুৰু হৈ থাকিবনে? স্বাভাৱিকতে নিশাটোৰ ভিতৰতে অসমীয়াভাষী সংখ্যালঘুত পৰিণত হ’ব আৰু অসম হ’বগৈ দ্বিতীয় ত্রিপুৰা৷ এই দৃষ্টিকোণেৰে চালেই ওলাই পৰিব যে হিন্দু বাংলাদেশীক সংস্থাপনৰ পদক্ষেপ সম্পূর্ণৰূপেই এক জাতিধবংসী পদক্ষেপ৷ এই পদক্ষেপে আমাৰ ভাষাটো সম্পূর্ণৰূপে নিশ্চিহু কৰিব৷ ভাষাটো নিশ্চিহু হোৱা মানে আমাৰ জাতিটোও নোহোৱা হ’ব৷ কাৰণ জাতিৰ চিনাকিও নোহোৱা হৈ পৰিব৷ তাৰ মানে অসমীয়া বুলি চিনাকি দিবলৈ আমাৰ একোৱেই নাথাকিব৷ এতিয়া এই ভয়ংকৰ বিপদৰ পৰা অসমীয়া ৰাইজক উদ্ধাৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতি, মাটি আৰু ভেটি ৰক্ষা কৰাৰ প্রতিশ্রুতি দিছিল৷ হিন্দু বাঙালীক সংস্থাপন কৰা বিষয়টো বিজেপিৰ ৰাষ্ট্রীয় কার্যসূচী হ’ব পাৰে৷ কিন্তু ৰাষ্ট্রীয় কার্যসূচী হ’লেও অসমক ৰক্ষা কৰিবলৈ সোণোৱালৰ হাতত এবিধ অস্ত্র আছে৷ সেয়া হৈছে অসম চুক্তি৷ অসম চুক্তিৰ আধাৰত অসমে 1971 চনৰ 25 মার্চলৈকে হিন্দু-মুছলমান সকলো বিদেশীৰ বোজা অসমে গ্রহণ কৰিছে৷ গতিকে তাৰ পাছত আৰু অতিৰিক্ত বোজা অসমে লোৱাৰ প্রশ্ন নাহে৷ এই সমস্যাটোৰ পৰা অসমক কেনেদৰে উদ্ধাৰ কৰে তাৰ ওপৰত সর্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতো বহু পৰিমাণে নির্ভৰ কৰিব পাৰে৷ বিজেপিত যোগ দি মুখ্যমন্ত্রী হ’লেও সর্বানন্দ সোণোৱালৰ চিনাকি সুকীয়া৷ সোণোৱালক ৰাইজে আদৰি লোৱা আৰু মৰম কৰাৰ একমাত্র আৰু প্রধান কাৰণ হৈছে তেওঁৰ জাতীয়তাবাদী শিবিৰত অৱস্থান৷ সেই অৱস্থানেই সর্বানন্দ সোণোৱালক আজিৰ পর্যায়লৈ আনিছে৷ তেওঁক এতিয়াও অসমৰ ৰাইজে হিন্দুত্ববাদী নেতা বুলি গ্রহণ কৰা নাই৷ সেইবাবে কেন্দ্রৰ এই প্রচেষ্টা ব্যর্থ কৰিব নোৱাৰিলে সোণোৱালৰ সেই ভাবমূর্তি নিমিষতে ম্লান পৰিব৷ একেদৰে বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ভূমিকাও এই দিশত লক্ষ্যণীয় হ’ব৷ কাৰণ মন্ত্রী শর্মাক লৈও বহুতে ভৱিষ্যতৰ অসমৰ কল্পনা কৰে৷ কিন্তু মন্ত্রী শর্মাৰ এই সম্পর্কীয় মন্তব্য দেখি অথবা শুনি আমাৰ ধাৰণা হৈছে তেওঁ সমগ্র বিষয়টো ভোটবেংকৰ দৃষ্টিৰে চাইছে৷ সঁচাকৈয়ে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিলেই বিজেপি ৰাজনৈতিকভাৱে লাভান্বিত হ’বনে? আমি ভাবোঁ– এই সিদ্ধান্ত কার্যকৰী কৰাৰ লগে লগে অসমৰ এটাও জনগোষ্ঠী বিজেপিৰ কাষত নাথাকিব৷ জাতীয়তাবাদ অথবা আঞ্চলিকতাবাদত বিশ্বাসীসকল বিজেপিৰ পৰা বহুত দূৰৈত অৱস্থান কৰিব৷ অর্থাৎ সকলো মূলসুঁতিৰ অসমীয়া বিজেপিৰ কাষৰ পৰা আঁতৰি যাব৷ তাৰ সমান্তৰালভাৱে অসমত ভয়ংকৰ গোষ্ঠী-সংঘর্ষৰ সূত্রপাত হোৱাৰ সম্ভাৱনা আছে৷ অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলৰ সৈতে অসমীয়া মানুহে বহু দিনৰে পৰা সহ-অৱস্থান কৰি আহিছে৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বাঙালী লোকসকলৰ সৈতে অসমীয়া মানুহে সুখে-দুখে সময় পাৰ কৰিছে৷ এই সিদ্ধান্ত কার্যকৰী কৰাৰ লগে লগে সেই সম্প্রীতিত আঁচোৰ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ শুনিবলৈ বেয়া যদিও কৈ থোৱা উচিত হ’ব যে হিন্দু বাঙালীৰ সংস্থাপনৰ বিষয়টো বিজেপিয়ে বিচৰাৰ দৰে এতিয়া হিন্দু-মুছলমান হোৱা নাই৷ সেই বিষয়টো ইতিমধ্যে অসমীয়া আৰু বাঙালীলৈ ৰূপান্তৰিত হৈছে৷ যিটো ৰাজ্যখনৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ আগজাননী৷ এনেবোৰ দিশ পর্যালোচনা কৰি ক’ব পাৰি যে এই পদক্ষেপে সামগ্রিকভাৱে বিজেপিৰ কোনো লাভ নকৰে৷ অৱশ্যে বাঙালী হিন্দুসকলক লৈ কোনোবাই যদি অঞ্চল বিশেষৰ ৰাজনীতি কৰিব খুজিছে সেয়া সুকীয়া কথা৷ স্পষ্টকৈ ক’বলৈ গ’লে জনগাঁথনি সলনি হোৱা জিলাত বাঙালী হিন্দুক সংস্থাপিত কৰিলে দুই-এক বিজেপিৰ নেতাৰ লাভ হ’ব পাৰে৷ কিন্তু তেতিয়া সর্বানন্দ সোণোৱালৰ কি হ’ব? তেওঁ ক’ত ৰাজনীতি কৰিব? মাজুলী, লখিমপুৰ নে ডিব্রুগড়ত? বিদেশীক সংস্থাপিত কৰাৰ পাছত তেনে অঞ্চলৰ খিলঞ্জীয়া লোকে সোণোৱালক আদৰি ল’বনে? মুঠ কথাত বাঙালী হিন্দুক সংস্থাপিত কৰাৰ পাছত সর্বানন্দ সোণোৱালকে ধৰি মূলসঁুতিৰ অসমীয়া ৰাইজৰ ভোটেৰে ৰাজনীতি কৰা প্রতিজন বিজেপিৰ নেতাই চৰম প্রত্যাহবানৰ মুখামুখি হোৱাটো নিশ্চিত৷ তাৰ বিপৰীতে এই ৰাজনীতিয়ে কংগ্রেছকহে অধিক লাভান্বিত কৰাৰ সম্ভাৱনা আছে৷ কাৰণ উক্ত সিদ্ধান্ত কার্যকৰী হোৱাৰ লগে লগে শতকৰা 90 শতাংশ ধর্মীয় সংখ্যালঘু ৰাইজ কংগ্রেছৰ কাষ চাপিব৷ প্রতিটো খিলঞ্জীয়া জনগোষ্ঠীৰো শেষ আশ্রয় হ’বগৈ পাৰে কংগ্রেছ৷ তাতোকৈ ভয়ংকৰ কথাটো হৈছে বিজেপিৰ এই পদক্ষেপে অনুপ্রৱেশক বাৰুকৈয়ে উদগনি যোগাব৷ ৰাজ্যত কোনেও আৰু বিদেশীৰ কথা ক’ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হ’ব৷ কাৰণ বিজেপি, কংগ্রেছ একে পথৰে পথিক হ’ব৷ বিজেপিয়ে মুছলমান অনুপ্রৱেশকাৰীৰ কথা ক’লে কংগ্রেছে বাঙালী অনুপ্রৱেশকাৰীৰ প্রসংগ উলিয়াব৷ এনে পদক্ষেপে ৰাজ্যৰ ৰাজনীতিত অদূৰ ভৱিষ্যতে বিদেশীৰ দপ৲দপনি বৃদ্ধি কৰিব৷ অন্যহাতে ৰাজনীতিত খিলঞ্জীয়াৰ অস্তিত্ব সম্পূর্ণৰূপে নিঃশেষ হ’ব৷ কাৰণ এতিয়াই অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত 42টা সমষ্টিতে হিন্দু বাঙালী ভোটাৰৰ প্রভাৱ আছে৷ নতুনকৈ বাঙালী হিন্দু অনাৰ পাছত তেনে সমষ্টিৰ সংখ্যা বৃদ্ধি পাব৷ বহু সমষ্টিত হিন্দু বাঙালী ভোটাৰে নির্ণায়ক ভূমিকা ল’ব৷ (তালিকা চাওক) এই জটিল সন্ধিক্ষণত অসম গণ পৰিষদৰ স্থিতিও লক্ষ্যণীয় হ’ব৷ বিজেপিৰে মিত্রতা কৰি দীর্ঘদিনৰ মূৰত চৰকাৰৰ অংশীদাৰ হোৱাত দলটোৱে প্রাণ পাইছিল৷ কিন্তু এই পৰিস্থিতিত অগপই খুব সতর্কতাৰে আগবাঢ়িব লাগিব৷ হিন্দু বাংলাদেশী সম্পর্কীয় সিদ্ধান্তই দলটোক সম্পূর্ণৰূপে নিঃশেষো কৰিব পাৰে৷ অথবা উপযুক্ত সময়ত উচিত সিদ্ধান্তই অগপক ৰাজ্যত বিজেপিৰ বিকল্প কৰি তোলাৰো সম্ভাৱনা আছে৷ শেষত এটা কথা কওঁ– অসমত বসবাস কৰা প্রতিজন অসমীয়াই এজন ভাল ভাৰতীয় হৈ থাকিব বিচাৰে৷ কিন্তু ভাৰতীয় হোৱাৰ আগতে সকলোৱে চিনাকি দিব বিচাৰে এজন অসমীয়া বুলিহে৷ অর্থাৎ আমাৰ প্রথম পৰিচয় অথবা চিনাকি অসমীয়া৷ তাৰ পাছতহে আমি ভাৰতীয়৷ বিজেপিয়ে এতিয়া আমাৰ সেই পৰিচয়টোৱেই নোহোৱা কৰিব খুজিছে।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s