অলপ হাঁহো আহক


অলপ হাঁহো আহক

এবাৰ হৰেণে নিজৰ বিবাহিত জীৱনৰ পঞ্চম বছৰ পূৰ্ণ কৰাৰ উপলক্ষে সাংবাদিকক এটা সাক্ষাৎকাৰ দিছিল । আমিও পঢ়ি চাওঁছোন হৰেণে সাংবাদিকৰ আগত কি কি কথা কৈছিল —
সাংবাদিক : বিবাহ মানে কি কওঁকচোন ।
হৰেণ : বিবাহ এনে এটা বস্তু যাক পাবলৈ অনভিজ্ঞ সকল ব্যাকুল হৈ থাকে আৰু অভিজ্ঞসকলে অনুশোচনা কৰি কৰি গোটেই জীৱন কটাই দিয়ে ।
সাংবাদিক : বিয়াৰ সময়ত কইনা সকলে ৰঙা শাৰী কিয় পিন্ধে ?
হৰেণ : ৰঙা ৰং সাধাৰণতে বিপদৰ প্ৰতীক । অৰ্থাৎ ইয়াৰ দ্বাৰা বুজা যায় যে আগত বিপদ আহি আছে ।
সাংবাদিক : তাৰমানে বিবাহ এটা ভুল সিদ্ধান্ত । নহয় জানো ?
হৰেণ : একমত ।
সাংবাদিক : আচ্ছা । এজন মানুহে কেতিয়া বিয়া পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে ?
হৰেণ : যেতিয়া তাৰ বুদ্ধি লুপ্ত হয় ।
সাংবাদিক : Arrange marriage আৰু Love marriage ৰ পাৰ্থক্য কি ?
হৰেণ : চাদৰ পৰা জপিয়াই আত্মহত্যা কৰা আৰু ডিঙিত চীপ লৈ আত্মহত্যা কৰাৰ মাজত যি পাৰ্থক্য । সেইটোৱে ।
সাংবাদিক : বহুতে কয় যে প্ৰেমত পৰিলে মানুহ মুৰ্খ হয় । বিয়া কৰিলে কি হয় ?
হৰেণ : অনুশোচনা হয় ।
সাংবাদিক : ইচ্ছা থাকিলেও বিবাহিত বোৰে কি কৰিব নোৱাৰে ?
হৰেণ : দ্বিতীয় বিবাহ ।
সাংবাদিক : ছোৱালী বিয়া দিলে লোকৰ ঘৰলৈ যায় । লৰাৰ বিয়া হলে আনৰ অধীনলৈ যায় । কথাটো আপুনি বিশ্বাস কৰেনে ?
হৰেণ : কিয় নকৰিম । হাজাৰ বাৰ কৰো ।
সাংবাদিক : বিয়াৰ আগত ইজনে সিজনক ভাল পায় । বিয়াৰ পিছত .. ?
হৰেণ : দুয়ো দুয়োকে ভাল পায় থাকিবলৈ আপ্ৰাণ চেষ্টা কৰে ।
সাংবাদিক : যেতিয়া লৰাই ছোৱালীক জোকায় তাকে ইভটিজিং বোলে । আৰু যেতিয়া ছোৱালীয়ে লৰাক ব্যতিব্যস্ত কৰি থাকে তাক কি বোলে ?
হৰেণ : ( দুখ মনেৰে ) তাকেইটো সংসাৰ বোলে ।
সাংবাদিক : কোন দুজন মানুহ বেছিভাগ সময়তে একমত হব নোৱাৰে ?
হৰেণ : স্বামী- স্ত্ৰী ।
সাংবাদিক : শেষ প্ৰশ্ন । বহুতো সংস্হা আৰু কোম্পেণীয়ে চাকৰিৰ ক্ষেত্ৰত কিয় বিবাহিত পুৰুষ বেছি পচন্দ কৰে ?
হৰেণ : কাৰণ বিবাহিত পুৰুষ বোৰে গালি গালাজ শুনিও নিজৰ কাম ঠিকমতে চলাই থাকে ।
সাংবাদিক : ধন্যবাদ । হৰেণ মহাশয় । আপোনাৰ যথেষ্ট বহুমূলীয়া সময় আমাক দিয়াৰ বাবে ।

হৰেণ : ধন্যবাদ
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s