অসমত বঙালীৰ শৰশয্যা


অসমত বঙালীৰ শৰশয্যা

তপোধীৰ ভট্টাচার্য

অনুবাদ- ইলিয়াছ ৰহমান সৰকাৰ

👉প্রতিদিনে দ্ৰুত গতিত পৰিস্থিতিৰ পৰিবৰ্তন হৈ আছে। ইমানদিন বঙালীসহ সমস্ত ভাষিক সংখ্যালঘু মানুহ উৎকন্ঠাৰে অপেক্ষা কৰি আছে যে কেতিয়া আহিব ৩০ জুন! ২০১৭ চনৰ ৩১ ডিচেম্বৰ মাজৰাতি নাগৰিকপঞ্জিৰ প্ৰথম খচৰা প্রকাশৰ লগে লগে স্পষ্ট হৈ গৈছিল, নাগৰিকপঞ্জি উন্নীতকৰণ এক সুপৰিকল্পিত চক্রান্ত বাদে বেলেগ একোকে নহয়। তাৰ পিছত যিমান দিন গৈছে , অসমীয়া আধিপত্যবাদৰ কন্ঠ উগ্রৰ পৰা উগ্রতৰ হৈছে গুৱাহাটীৰ বিভিন্ন সংবাদপত্র আৰু বৈদ্যুতিন গণমাধ্যমত। চৰকাৰে বিজ্ঞাপন প্ৰচাৰ কৰি জনাই আছে, NRC ন্যায়সঙ্গত, নিৰপেক্ষ আৰু সকলো মহামান্য উচ্চতম ন্যায়ালয়ৰ প্রত্যক্ষ তত্ত্বাবধানত চলি আছে । প্রকৃতপক্ষত এই তত্ত্বাবধান প্রত্যক্ষ নহয়, মাথোন অন্তৰত–বাহিৰত অন্ধ অসমীয়া আধিপত্যবাদৰ পূর্ব–নির্ধাৰিত সিদ্ধান্তক বাস্তবায়িত কৰাৰ বাবে গোটেই প্রশাসন যন্ত্ৰ অতিমাত্রাত সক্রিয় হৈ পৰিছে।
NRC ৰ ৰাজ্যিক সমন্বয়ক উচ্চতম ন্যায়ালয়ৰ দোহাই দি বিগত কেইবামাহত নিজৰ ইচ্ছা মতে নিয়ম তৈয়াৰ কৰি আছে আৰু নিজেই সেইবোৰ ওলোটাই আছে। বাঙালী–সহ সমস্ত অনাঅসমীয়া ভাষিক সংখ্যালঘুৰ বাবে তৈয়াৰ হৈছে অস্তিত্বৰ সঙ্কট। এই উন্নীতকৰণৰ প্রধান ভিত্তি–দলিল হিচাপে গণ্য ১৯৫১ চনৰ প্রথম NRC আচলতে বিচাৰিয়েই পোৱা নাই অসমৰ বহু কেইখন জিলাত। এই প্রসঙ্গত মনত ৰখা প্রয়োজন যে ১৯৫১ চনত অসমত মেঘালয়, মিজোৰাম ইত্যাদি পৰবর্তীকালৰ স্বতন্ত্র ৰাজ্য বিলাক জিলা হিচাপে অন্তর্ভুক্ত আছিল। অসমৰ পৰা সেই অঞ্চল যেতিয়া বিচ্ছিন্ন হৈ গল, বাঙালীৰ লগতে অনাঅসমীয়া লোক সকল খণ্ডিত অসমৰ বিভিন্ন অঞ্চলৰৈ জীবিকাৰ বাবে গুচি আহে। সিহঁতৰ নথিপত্র NRC ৰ বাবে পৰীক্ষিত হোৱাৰ সময়ত দেখা গল, উত্তৰ–পূর্বাঞ্চলৰ এই সকলো ৰাজ্য চৰকাৰ ইহতৰ সম্পর্কত নির্লিপ্ত। ইয়াৰ বিপুল তাৎপর্য সাম্প্রতিক প্রক্রিয়াত স্পষ্টভাবে দেখা গৈ আছে ।
১৯৬৬ চনৰ ভোটাৰ–তালিকা লৈয়ো একেই ধৰনৰ ব্যাপাৰ চলি আছে। লিগেছি ডাটা প্রতিষ্ঠাৰ বাবে যিসকলে পিতৃ –মাতৃ অথবা ককাদেউতা নাম থকা ভোটাৰ তালিকাক অসমৰ বাসিন্দা হোৱাৰ প্রমাণপত্র হিচাপে দাখিল কৰিছে, ইচ্ছা মতে সেইবো অগ্রাহ্য কৰা হৈ আছে। ফলত বঙালীৰ বাবে কোনো একোকে আৰু প্রামাণ্য দলিল হিচাপে বিবেচিত হৈ থকা নাই। গোটেই খিনিয়েই প্রতাৰণা। তাৰ ওপৰিও চলিছে ধর্মীয় পৰিচয় লৈ বেয়া ৰাজনীতি। হিন্দুত্ববাদী সংস্থা সমূহ যেহেতু উৰাবাতৰিৰ ওস্তাদ, শিক্ষিত–অশিক্ষিত নির্বিশেষত বঙালী হিন্দু সকল বিশ্বাস কৰি আছে যে প্রতিদিনেই অসমীয়া আধিপত্যবাদৰ দানবিক প্রচাৰযন্ত্র বিলাক বিষ ঢালি দিলেও সেই বোৰ একোকে নহয়। হিন্দুস্তানত ‘কিবা এটা কৰি’ হিন্দু সকলক বচোৱা হব। NRC প্রক্রিয়া আচলতে মুসলমান সকলক বিদায় কৰাৰ বাবে! এই সুযোগত ইচলামি মৌলবাদী শক্তি বঙালী মুছলমান সকলক বুজাই আছে, ভাষা জৰুৰী বিষয় নহয়। অসমত নিৰাপদত থকাৰ বাবে মুছলমান সকল নিজকে অসমীয়া বুলি ঘোষণা কৰিলেই হল! প্রকৃতপক্ষত ব্রহ্মপুত্র উপত্যকাৰ ভালেমান অঞ্চলত মুছলমান সকল ‘আমাগো ভাষা অহইম্যা’ বুলি লোকগণনাৰ সময়ত নিজকে অসমীয়া বুলি ঘোষণা কৰিছিল। অসমীয়া আগ্রাসনবাদ ইহতক ‘ন-অসমীয়াা’ বুলি আপ্যায়িতও কৰিছিল। কিন্তু তা সত্ত্বেও নেলি–গোহপুৰৰ বীভৎস গণহত্যা হৈছে। আৰু, এতিয়া নাগৰিকপঞ্জি উন্নীতকৰণৰ সময়ত ইহতক ভীষণভাবে নিৰ্যাতন কৰা হৈ আছে। তথাপিও অন্তৰত–বাহিৰত অন্ধ সকলে দেওয়াল–লিখন পঢিব নোৱাৰে। বঙালী জাতিসত্তা সম্পর্কত প্রত্যয় দৃঢ়ভিত্তি নোপোৱাৰ ফলত হিন্দু আৰু মুছলমান সকল পৰস্পৰক কিংকর্তব্যবিমূঢ় হিসেবে গণ্য কৰিছে। অবশ্য এন্ধাৰৰ মাজতো পোহৰৰ ৰেখাৰ দৰে আছে মৌলানা সাৰিমুল হক, মৌলানা আহমদ সায়ীদ, মৌলানা ফৰিদউদ্দিন, মৌলানা আতাউৰ ৰহমান মাজাৰভুঁইয়াৰ নিচিনা ব্যক্তিত্ব, যিসকলে প্রকাশ্য জনসভাত ঘোষণা কৰিছে, জাতিৰ মহা–দুর্যোগৰ দিনত আমাৰ বঙালী–পৰিচয়তেই জীয়াই থাকিব লাগিব। বঙালী হিচাপে ঐক্যবদ্ধ হব লাগিব, হিন্দু বা মুছলমান হিচাপে নহয়।
আকৌ এইটোও সচাঁ যে ৰাষ্ট্রীয় প্রতাপৰ ফলত কিছু বঙালী হিন্দু বুদ্ধিজীবী আৰু বিভাজনৰ খেলত দক্ষ কিছু মুছলমান ৰাজনীতিবীদে ঘোলা পানীত মাছ চিকাৰৰ চেষ্টা চলাই গৈ আছে। ইহতক উৎসাহ যোগাইছে সাম্প্রতিককালত ‘বৃহত্তৰ অসমীয়া জাতি’ৰ নামত চলোৱা প্রচাৰক সকলে। এই প্রচাৰৰ উদ্দেশ্য অত্যন্ত স্পষ্ট। অসমৰ অসহায় বঙালিসহ বোড়ো, কার্বি, ডিমাছা, মিচিং, ৰাভা প্রভৃতি সমস্ত জনগোষ্ঠীৰ স্বতন্ত্র্য ধ্বংস কৰি দিয়া। গোটেই পৃথিবী জুড়ি এই সময়ত যে দক্ষিণপন্থী পুনৰুত্থানৰ বতাহ বলিছে, তাতেই অসমীয়া আধিপত্যবাদে ডেউকা মেলি দিছে। বঙালী হিন্দু–মুছলমান সকলে পাহৰি গৈ আছে যে সিহঁতৰ মাতৃভাষা সংখ্যাৰ নিৰিখত পৃথিবীত ষষ্ঠ আৰু ভাৰতত দ্বিতীয়। আচলত বঙালীৰ স্মৃতিসত্তাৰ আবহ ধর্মতন্ত্রৰ শ্বাসৰোধী ঢেউত বিষাক্ত হৈ পৰিছে। যি মেধা আৰু হৃদয় লৈ বঙালী বিশ শতক জুড়ি বিজয় পতাকা উৰুৱাইছিল, একৈশ শতিকা পোৱাৰ লগে লগে নিজ নিজ ধর্মতন্ত্রৰ অন্ধকূপত বন্দি আত্মবিস্মৃত বঙালী অতীত গৌৰবৰ ক’লা ডাৱৰ হৈ পৰিছে। ইতিহাসৰ এই বিষম সঙ্কট মুহূর্তত ৰচিত হৈ আছে অসমৰ বঙালীৰ সমাধিলিপি। নাগৰিকপঞ্জি উন্নীতকৰণৰ প্রক্রিয়াত স্পষ্ট হৈ পৰিছে এই মর্মান্তিক সত্য যে এতিয়া আমাক ৰাস্তা দেখুৱাবলৈ ৰবীন্দ্রনাথ নাই, নজৰুল নাই, দেশবন্ধু চিত্তৰঞ্জন আৰু নেতাজি সুভাষ নাই। নীহাৰৰঞ্জন নাই, বদৰুদ্দিন উমৰ নাই। নাই শৰৎকুমাৰ বসু, নাই আবুল হাশিম। এই মুহূর্তত ঘৰত–বাহিৰত আক্রান্ত বঙালীয়ে সহজে নিজৰ মগজু ধোৱাৰ চিকাৰ হব দি আছে। আৰু, সংক্রামিত ব্যাধিক আৰু নিৰাময়হীন কৰি তুলিছে আত্মপ্রতাৰণা দি। খণ্ডিত ভাৰতবর্ষত এতিয়া অভ্যন্তৰীণ উপনিবেশবাদে অসমত যে বঙালী–মৃগয়াৰ পাল আৰম্ভ কৰিছে, কালি পৰহি আৰু তাৰ পিছৰ দিন সেয়া যে ত্রিপুৰাত, পশ্চিমবঙ্গত আৰু অন্য সকলো ৰাজ্যত হব পাৰে— এই সম্পর্কত কোনও সচেতনতা নাই। পশ্চিমবঙ্গতেই ইদানীং অসহিষ্ণুতাৰ কণ্ঠস্বৰ তীব্রভাবে শুনা গৈ আছে। সেই বাবে ৰাষ্ট্রশক্তি অসমক পৰীক্ষাগাৰ হিচাপে ব্যবহাৰ কৰি আছে। এজনেও এই জৰুৰী কথাটো বিবেচনা নকৰে যে অখণ্ড ভাৰতত সমস্ত সন্ততিই ভাৰতীয়, সিহঁত যদি বিভাজন–পূর্ব ভাৰতৰ ভৌগোলিক সীমাৰ মাজত এক অঞ্চলৰ পৰা অন্য অঞ্চললৈ কোনও কাৰণত বাসস্থান পৰিবর্তন কৰিও থাকে, তাত সিহঁতৰ ভাৰতীয়ত্ব খাৰিজ হৈ নাযায়। উগ্র বিদ্বেষ ও জাতিঘৃণাক মাৰণাস্ত্র হিচাপে ব্যবহাৰ কৰে অসমীয়া আধিপত্যবাদ আৰু যদি সেই সত্য মোহাৰি দিবলৈ তৎপর হেয়ো থাকে, ভাৰতীয় শাসক সকলে সিহঁতক প্রশ্রয় কিয় দি আছে? কিয় বা ভাৰতবর্ষৰ বুধমণ্ডলীৰ বিবেক ইমানখিনি পক্ষাঘাতগ্রস্ত হৈ গল? ভাৰত তেন্তে কাৰ? জাতি–বৈৰীতা আৰু অসহিষ্ণুতাক সম্বল কৰি এন্ধাৰৰ অপশক্তি যদি অসমত সফল হয়, জাতীয় সংহতি লৈ ডাঙৰ ডাঙৰ কথা তেতিয়া কোনোবাই শুনিব নে?
এই ভাষ্য যেতিয়া লিখিছো, সেই ৩০ জুন বঙালী–মৃগয়ার পূর্ব নির্ধাৰিত ফল প্রকাশিত হোৱাৰ কথা আছিল। আপাতত সেয়া জুলাই মাহৰ ৮ তাৰিখ পর্যন্ত প্রসাৰিত হৈছে। এই সুযোগত গুয়াহাটিত আৰু ব্রহ্মপুত্র উপত্যকাৰ বিভিন্ন ঠাইত বঙালী–বিদ্বেষৰ কদর্য সঙ্ঘবদ্ধ চেহৰা উন্মত্ত উত্তেজনাত প্রকাশ পাই আছে। কিন্তু এই সকলো খবৰ জাতীয় সংবাদপত্র সমূহৰ কথা তো দূৰঅস্ত, পশ্চিমবঙ্গৰ বাংলা দৈনিক সংবাদপত্র সমূহতো প্রকাশ হোৱা নাই। অথচ ভাষা–আন্দোলনৰ মহাসংগ্রামৰ সময়, ১৯৬১ চনত, কলকাতাৰ বিখ্যাত সংবাদপত্র সমূহৰ সংবেদনশীল ভূমিকাক আমি পাহৰি যোৱা নাই । কিন্তু দেশ বিভাজনত কৈয়ো বেছি বিপর্যয়ৰ আশঙ্কা জগাই তুলিছে এই যে নাগৰিকপঞ্জি উন্নীতকৰণ প্রক্রিয়া, সেই–সময়ত বিপন্ন স্বজাতিৰ কাষত থিয় হোৱা নাই বহুতেই। এফালে বিশ্বায়ন আৰু আনফালে ধর্মতন্ত্রৰ বিষবাষ্পই কি তেতিয়া হলে বঙালীৰ মেধা ও হৃদয় সঁচাকৈয়েই নুমাই গল? নহলে কেনেকৈ সিহঁত লক্ষ্য কৰা নাই যে ভাৰতীয় সংবিধানৰ বহু মৌলনীতি আৰু মানবাধিকাৰৰ প্রাক শর্ত সমূহ অসমত নির্মমভাবে পদদলিত হৈ আছে? ভাবিব পাৰো যে পৃথিবীৰ শ্রেষ্ঠ গণতন্ত্রৰ এটি অঙ্গৰাজ্য ৰাষ্ট্রবিৰোধী আলফাৰ প্রাক্তন সদস্য সকলে গুয়াহাটিত প্রকাশ্য সভাত হুমকি দিলে যে ব্রহ্মপুত্র উপত্যকাৰ পৰা এক হাজাৰ যুবক বৰাক উপত্যকাত আহি অসমীয়া আধিপত্যবাদ প্রতিষ্ঠা কৰিব? আমি কি মধ্যযুগত বসবাস কৰি আছো নেকি ? এয়াই কি সিহঁতৰ ঘোষিত ‘শৰাইঘাটৰ শেষ যুদ্ধ’? প্রকাশ্য জনসভাত এই ধৰনৰ প্রৰোচনা দিয়ার পিছতো প্রশাসন সিহঁতৰ বিৰুদ্ধে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰে। অথচ বিপন্ন ভাষিক সংখ্যালঘু সকল শান্তিপূর্ণ সমাবেশ কৰিলে সিহঁতৰ সভাস্থল অজস্র অৰ্ধ সামৰিক বাহিনী দি ঘেৰি ৰখা হয়! মনত প্রশ্ন উদয় হয়, এয়াই কি স্বাধীন ভাৰতবর্ষ, যত বঙালী হোৱাৰ অপৰাধত সিহঁতৰ ঘোষিত ৰাষ্ট্রবিৰোধী সকল পর্যন্ত ভয় দেখাব পাৰে?
সেয়ে মনত পৰে বহু পৰিচিত এটি উর্দু কবিতাৰ শাৰী ‘মোৰ হাজাৰ কথা আৰু তোমাৰ এটা নুশুনা!’ বঙালীৰ বাবে তৈয়াৰ হয় ডিটেনশন কেম্প, ঠিক হিটলাৰৰ জার্মানিৰ দৰে। ইমানেই অমানবিক এই প্রশাসন যে ১০৩ বছৰৰ বৃদ্ধা উনমতিবালা, ১০২ বছৰৰ বৃদ্ধ চন্দ্রধৰ–সহ বহু অসুস্থ প্রৌঢ় নাৰী ও শিশু সিহঁতৰ হিংস্রতাৰ পৰা ৰক্ষা নাপায়। ইয়াৰ পিছতো নীৰব থাকে তথাকথিত গণতন্ত্র–প্রিয়জন সকল! অথচ সচা কথা এই যে সভ্য সমাজত সকলোয়ে ভূমিপুত্র। অসমত এই মৌল নীতিয়েই লঙ্ঘিত হৈ আছে। জানিব পৰা গৈছে যে ৩১ ডিচেম্বৰ ২০১৭ মাজৰাতি যি প্রথম খচৰা তালিকা ওলাইছিল, চূড়ান্ত খচৰাত সেই তালিকাৰ পৰাও বহু নাম বাদ পৰিব। যাবই তো। ভিত্তিহীন দলিলৰ ওপৰত যি নাগৰিকপঞ্জি তৈয়াৰ হৈ আছে , তাত অসমীয়া সকলৰ(বিশেষভাবে বঙালীৰ) নামতো যোগ হোৱাৰ কথা নহয়। নহলে ১৯৪৭ চনত উচ্চাৰিত সেই মহৎ বাণী ‘অসম মাথো অসমীয়াৰ’— সঁচা হৈ উঠিব কেনেকৈ….?

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s