ইয়াণ্ডাবু সন্ধিৰ পিছৰ খিলঞ্জীয়া অসমীয়াৰ জাতীয় বিপৰ্য্যয় ; এক চমু পৰ্য্যালোচনা


ইয়াণ্ডাবু সন্ধিৰ পিছৰ খিলঞ্জীয়া অসমীয়াৰ জাতীয় বিপৰ্য্যয় ; এক চমু পৰ্য্যালোচনা

09-05-13_guwahati-_krishok_mukti_sangram_sammittee_protest_rally_20

(বিজ্ঞাপনঃ দেশ বিদেশৰ শেহতীয়া বা বাতৰিৰ লগতে ভিন্ন স্বাদৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ এই লিংকত টিপি মোৰ YouTube চেনেল Subscribe কৰক youtube.com/c/TultulKutum1)

———————————————————

যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হোৱাৰ এশ ৯২ বছৰ সম্পূর্ণ হল। এই চুক্তি স্বাক্ষৰিত হৈছিল পূৱ ভাৰতৰ দায়িত্বত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনা বিষয়া ছাৰ আৰ্ছিবেল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ লেগাইৰ ৰাজ্যপাল মহা মিনলা কিয় টিনৰ দ্বাৰা। ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু নামৰ এখন গাঁৱত এই চুক্তি সম্পন্ন হোৱাৰ বাবেই চুক্তিৰ নাম ইয়াণ্ডাবু চুক্তি বা সন্ধি (Treaty of Yandaboo) হয়। প্রথম ইংগ বার্মিজ যুদ্ধৰ পৰিণতিত সম্পন্ন হোৱা এই চুক্তিত মান ৰজা বা ব্রহ্মদেশৰ শাসনকর্তাই যুদ্ধৰ ক্ষতিপূৰণ ৰূপে ব্রিটিছ ইষ্ট ইণ্ডিয়া কােম্পানীক দুই লাখ পঞ্চাশ হাজাৰ পাউণ্ড ষ্টার্লিং মূল্যৰ সােণ আৰু ৰূপৰ মুদ্রা প্রথম কিস্তি ৰূপে আদায় দিব লগা হৈছিল। মুঠ ক্ষতি পূৰণ দিব লগা হৈছিল এক নিযুত পাউণ্ড ৷ ইংগ বার্মা যুদ্ধ দীর্ঘকাল ধৰি চলিছিল ৷ দুয়াে পক্ষৰ বহু সেনা হতাহত হৈছিল ৷ এই যুদ্ধৰ ফলত অসমৰ আৰু পর্যায় ক্রমে ব্রহ্মদেশৰো স্বাধীনতাৰ বেলি ডুব গৈছিল। সেই কালত এক নিযুত পাউণ্ড বৃহৎ পৰিমাণৰ ধন। এই ধন পৰিশোধ কৰিবলৈ গৈ ব্রহ্মদেশৰ ককাল পৰে,অৰ্থনীতি বিধ্বস্ত হয় ৷ সেই যুদ্ধত প্রায় পোন্ধৰ হাজাৰ ব্রিটিছ সেনা নিহত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰতো এয়া আছিল এক প্রচণ্ড আঘাত। কিন্তু ইয়াণ্ডাবু সন্ধিত অসম তথা আহােম ৰাজ্য আৰু ৰজা এটা পক্ষ পৰিগণিত হােৱা নাছিল ৷ অসমত সেই সময়ত চলি থকা ৰাজনৈতিক অস্থিৰতা,অৰাজকতাৰ বাবেই মান সেনাই এই দেশ আক্রমণ আৰু লুণ্ঠন কৰিছিল।অসম হৈ পৰিছিল মান দেশৰ দখলীকৃত ভূমি ৷ অসমত অধিকাৰ সাব্যস্ত কৰি ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰিত এলেকাত মান সেনাই আক্রমণ চলোৱাৰ বাবেই দুয়াে পক্ষৰ মাজত প্রচণ্ড যুদ্ধ হৈছিল। আহােম ৰাজ্য আৰু আহােম ৰজাই ইতিমধ্যে ৰাজনৈতিকভাৱে গুৰুত্বহীন হৈ পৰিছিল৷ আভা ৰজা বা ব্রিটিছ জেনেৰেল কেম্পবেলে সেই সময়ত অসমক গুৰুত্ব দিব লগা এটা শক্তি বা ৰাজ্য খণ্ড বুলি গণ্যই কৰা নাছিল৷ তেনে এক পৰিস্থিতিত দুখন পৰ ৰাজ্য আৰু আন কথাত দুটা পৰ ৰাজ্য লোলুপ শক্তিৰ মাজত হোৱা চুক্তি, বা যত অসমৰ কোনো এজন প্ৰতিনিধি উপস্থিত নাছিল, য’ত অসমৰ অধিকাৰ আৰু প্রাপ্যৰ বিষয়ে একো উল্লেখেই নাছিল তেনে এখন চুক্তিৰ ফলশ্রুতিতে অসমে চিৰকাললৈ ৰাজনৈতিক আৰু অর্থনৈতিক স্বাধীনতা হেৰুৱালে। অসম বিদেশী শক্তিৰ পদ দলিত ও ঔপনিৱেশিক শক্তিৰ শোষণৰ ক্ষেত্রত পৰিণত হল ৷ এয়া হৈছিল অসমৰ জন-গণৰ অজ্ঞাতে অসমৰ ৰাইজৰ মতামত অবিহনে ৷ মােৱামৰীয়া বিদ্রোহ, মানৰ আক্রমণ আৰু ক্ষমতা লোভী বিভিন্ন পক্ষবােৰৰ মাজত চলি থকা আত্ম কন্দল তথা গৃহ যুদ্ধই অসমত সেই সময়ত এটা সম্মিলিত আৰু ঐক্যবদ্ধ শক্তি গঢ়ি উঠাৰ পথ ৰুদ্ধ কৰি পেলাইছিল। ক্রমশঃ দুর্বল হৈ অহা আহােম সামন্ত তন্ত্রই পুনৰ মূৰ দাঙি উঠাতাে সম্ভৱ নাছিল ৷ আহােম ৰজাক কিছুদিনলৈ কৰতলীয়া ৰজা কৰি ৰাখি অৱশেষত অসমৰ বিপুল প্রাকৃতিক সম্পদক লুণ্ঠন কৰাৰ স্বার্থত অসমৰ ওপৰত ইষ্ট ইণ্ডিয়া কােম্পানীয়ে একক কর্তৃত্ব স্থাপন কৰিলে ৷ গোমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্রোহক কঠোৰ হাতেৰে দমন কৰিলে। নতুন প্রশাসনিক ব্যৱস্থাত এচাম আহােম ৰাজ্যৰ প্রশাসন যন্ত্রৰ প্রাক্তন আমােলাই অংশ গ্রহণ কৰিলে ৷ মণিৰাম দেৱান প্রভৃতি দুই এজন প্রথমে বাধ্যত পৰি এই ব্যৱস্থা মানি ল’লেও পিচত ঔপনিবেশিক শাসনৰ স্বৰূপ উপলব্ধি কৰি বিদ্রোহ আৰম্ভ কৰে। যিহেতু ৰাজনৈতিক সামৰিক আৰু কৌশলগতভাৱে ব্রিটিছ ঔপনিবেশিক শক্তি স্থানীয় সামন্ততান্ত্ৰিক শক্তিবােৰতকৈ অধিক শক্তিশালী আছিল। সেয়েহে সাধাৰণ এটা বিদ্রোহে এই বিশাল শক্তিৰ কোনো ক্ষতি কৰিব নােৱাৰিলে৷ ঔপনিবেশিক ভূমি নীতি প্রৱর্তনৰে থলুৱা কৃষকৰ মূৰত মাধমাৰ দিলে ৷ ফুল গুৰি পথৰু ঘাটত খেতিয়ক জনতাই সংগঠিত ৰূপত আৰম্ভ কৰা বিদ্রোহকাে নির্মমভাৱে দমন কৰিলে৷ থলুৱা লোক তথা জনগােষ্ঠীসমূহৰ আর্থ সামাজিক বিকাশ আৰু আত্ম প্ৰতিষ্ঠাৰ পথ ৰূদ্ধ কৰি দিলে ৷ ইয়াৰ বিপৰীতে ব্রিটিছৰ বণিকৰ অবাধ দখলৰ বাবে অসমক মুক্ত কৰি দিয়া হল। উজনি অসমৰ ওখ আৰু সাৰুৱা মাটিৰ পৰা বনাঞ্চল ধ্বংস কৰি তাত চাহ খেতি আৰম্ভ কৰা হল। ব্রিটিছ বণিক গোষ্ঠীৰ সহায়ক হোৱাকৈ অসমৰ ভূমি নীতি, ভূমি আইন,বন নীতি,বন আইন, ৰাজহ নীতি,ৰাজ আইন প্রণয়ন কৰা হ’ল। চাহ খেতিত থলুৱা শ্রমিক নিয়োগ কৰিলে কাল ক্রমত সংগঠিত হৈ বিদ্রোহ কৰিব পাৰে বুলি আশংকা কৰি মধ্য আৰু উত্তৰ ভাৰতৰ পৰা আদিবাসী জন-জাতি লােকক বল পূর্বক ধৰি জাহাজত গৰু ছাগলীৰ দৰে হেঁচি ঠেলি তুলি আনি বাগিচাৰ শ্রমিক হিচাপে নিয়োগ কৰা হ ’ল ৷ বর্ধিত জন সংখ্যাৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰাবলৈ আৰু পূর্ব বংগৰ ব্রিটিছৰ বণিকৰ মৰাপটি কলৰ ৰাবে কেচামাল যোগান ধৰিবলৈ পূর্ব বংগৰ পৰা অভিবাসী মূছলমান খেতিয়কক অসমলৈ আনি নামনি অসমৰ চৰ অঞ্চল আৰু দ’ জলাশয় কৃষি ভূমিত পট্টন দিয়া হ’ল। এই প্রব্রজন তুলনামূলকভাৱে সহজ আছিল। চাহ শ্রমিকৰ ক্ষেত্রত মধ্য ভাৰতৰ পৰা উজনি অসমলৈ দূৰত্ব আছিল হাজাৰ কিলোমিটাৰ৷ কিন্তু মৈমন সিংহকে ধৰি চিলেট আদি জিলা আছিল অসমৰ গাতে লগা। তদুপৰি, ইপাৰ সিপাৰৰ বাসিন্দাৰ ভাষিক ধর্মীয় নৃগােষ্ঠীগত আদি বিষয়ত বহুখিনি সাদৃশ্যও আছিল ৷ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসমৰ জনসংখ্যা বহুত আছিল কম৷ প্রব্ৰজন কৰি বাহিৰৰ পৰা মানুহ আনি হ’লেও অসমৰ জনসংখ্যা বৃদ্ধি কৰি কৃষি বাণিজ্যৰ উন্নতি সাধন কৰিব লাগে , এনে এটা ধাৰণা সেই সময়ৰ শিক্ষিত সমাজৰ মাজত গা কৰি উঠিছিল৷ আনন্দৰাম ঢেকিয়াল ফুকেনে জি মফাৎ মিলছ্লৈ দিয়া স্মাৰক পত্রত এই আহ্বান আছে৷ অসমৰ চীফ কমিছনাৰ ছাৰ হেনৰি কটনে তেনে প্ৰৱণতাৰ সুযোগ লৈয়েই ‘কলনাইজেছন’ নীতি আৰু কাৰ্য্যসূচী গ্রহণ কৰি পূর্ব বংগ আৰু লগতে আন ঠাইৰ পৰা অসমলৈ প্ৰৱজন চৰকাৰী নীতিৰ দ্বাৰা অনুমোদিত কৰি লৈছিল৷ তেতিয়াৰ পৰাই অসমত থলুৱা জনগোষ্ঠীৰ বর্তি থকাৰ সংকট আৰম্ভ হয় ৷ স্বাধীনতা সংগ্রামৰ সময়ত ঔপনিবেশিক শাসক, সংগ্রামী ৰাইজে আৰু শাসক শ্রেণীৰ মদত পুষ্ট শক্তিসমূহৰ মাজতে হোৱা অৰিয়া-অৰিয়ে এই সংকটক অধিক জটিল কৰি তোলে৷ স্বাধীনতা আৰু দেশ বিভাজনৰ পৰৱর্তী কালৰ কুটিল ৰাজনীতিয়ে পৰিস্থিতি আৰু অধিক জটিল কৰি তোলে। (স্বাধীনতাৰ পৰৱর্তী কালতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ভোট বেংকৰ স্বাৰ্থত খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ ক জলাঞ্জলি দি বিদেশী বহিৰাগতলৈ ৰঙা দলিচা পাৰি আহিছে। এইক্ষেত্ৰত প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰৰ চমু শাসনকালত লাখৰ হিচাপত পূৰ্ব বংগৰ পৰা অভিবাসী মূছলমান আমদানি কৰাৰ অভিযোগ আছে) ইতিমধ্যে জনগােষ্ঠীসমূহৰ মাজতে গা কৰি উঠা মধ্যশ্রেণী ৰাজনৈতিকভাৱে সজাগ আৰু অধিকাৰ সচেতন হৈ উঠিল৷ স্বায়ত্ব শাসন, পৃথক ৰাজ্যৰ দাবীও তুলিলে। ইয়াৰ নেপথ্যৰ কাৰণ হ’ল উন্নয়নৰ ক্ষেত্ৰত জনগােষ্ঠীসমুহৰ অনগ্রসৰতা। তাতে শাসন চলােৱা ৰাজনৈতিক দল তথা ভাৰতীয় শাসক গোষ্ঠীয়ে অসমৰ এই জনগোষ্ঠীসমূহৰ সমস্যাক অসমৰ বিকাশমান জাতীয় সত্তাক বিপন্ন কৰাৰ উদ্দেশ্যত প্রয়োগ কৰিলে। জনগােষ্ঠীসমূহৰ লগত বেলেগে বেলেগে চুক্তি কৰি একে এলেকাত দীর্ঘ দিন ধৰি আত্মীয়তাৰে বসবাস কৰি অহা আন থলুৱা গোষ্ঠীসমূহৰ মাজতে ভাতৃঘাতী সংঘাটৰ সূচনা কৰে৷ এতিয়া নির্বাচনী ৰাজনীতিৰ স্বার্থত প্রভাৱশালী জনগোষ্ঠীৰ নেতাৰ লগত বিশেষ বুজা বুজি কৰিছে। পৃথকতাবাদী প্রৱণতাত উচতনি দি অসমীয়া জাতীয় সত্তাকে আঘাত কৰিছে। নাগৰিকত্ব আইনৰ সংশোধনীৰে অসমীয়াৰ কফিনত শেষ গজাল মাৰি উজনি অসমত আহােম ৰাজ্য নামনি আৰু উত্তৰত কােচ ৰাজ্যই অসমৰ জনগােষ্ঠীসমূহৰ এটা সংহত শক্তিৰ বিন্যাস ঘটাইছিল। আহােম ৰাজ্য মানে আহােম জনগােষ্ঠী ৰাজ্য নহয়, ঠিক তেনেদৰে কোচ ৰাজ্য মানেও কোচ জনগােষ্ঠীয় ৰাজ্য নাছিল৷ এয়া আছিল শাসকৰ বংশ৷ এই ৰাজ্যসমূহত খিলঞ্জীয়া জনগােষ্ঠীসমূহে সম্মান আৰু অধিকাৰ পাইছিল। শ্রীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া আন্দোলনে উজনি নামনিৰ এই ব্যৱস্থাৰ মাজত ধর্মীয় আৰু সাংস্কৃতিক সম্পর্কৰ সম্পর্ক গঢ়িছিল৷ শেষলৈ আহােম ৰাজ্যত উত্তৰ ভাৰতীয় শাক্ত ধর্ম ণ্ডৰুৱে ৰাজকীয় মর্যাদা লাভ কৰাত মােৱামৰীয়া মহন্তসকলক বলি কটা ছাগলীৰ তেজৰ ফোট দি অসহিষ্ণুতাৰ পথ মুকলি কৰিছিল। বৈষ্ণৱ ধর্মীয় পৰম্পৰাত কূঠাৰাঘাত কৰিছিল৷ ইয়াৰ বিপৰীতে কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰকাে পৃষ্ঠপোষকতা কৰি শ্রীমন্ত শংকৰদেবৰ দৰে বৈষ্ণৱ সন্তক সন্মান আৰু মর্যাদা দি ধর্মীয় উদাৰতা আৰু দূৰদর্শিতাৰ পৰিচয় দিছিল। এনে বহু কাৰণে সকলো জনগোষ্ঠীৰ সন্মিলিত অসমীয়া জাতীয়তাৰ উন্মেষ ঘটাইছিল৷ মানৰ আক্রমণ আৰু মােৱামৰীয়া বিদ্রোহে এই জাতীয়তাৰ আধাৰ নষ্ট কৰিব পৰা নাছিল ৷ কিন্তু আজি ইয়াণ্ডাবু সন্ধিৰ এশ ৯২ বছৰ পিছত অসমীয়া জাতীয় সত্তালৈ পূর্বতকৈয়াে বহু কঠিন প্রত্যাহ্বান আহিছে। থলুৱা জনগােষ্ঠীৰ বর্তি থকাৰ পথত অন্তৰায়ৰ সৃষ্টি কৰিছে স্বয়ং ৰাষ্ট্ৰই। ঔপনিবেশিক শাসকে প্রণয়ন কৰা আইনে ভূমি পুত্রক ভূমিহীন কৰি তুলিছিল৷ ইয়াৰ পিচত বান খহনীয়াকে ধৰি বিভিন্ন দুর্যোগত নিজৰ কৃষিভূমি, বাস কৰা ভেটি হেৰুৱাই খিলঞ্জীয়া লোকে বনাঞ্চল, মথাউৰি আদিত বাস কৰিব লগা হল। লগে লগে এইসকল হৈ পৰিল বেদখলকাৰী। তেওঁলোকক উচ্ছেদ কৰা হল । সত্রৰ মাটিত ‘বেদখল’ কৰাসকলকো উচ্ছেদ কৰা হৈছে৷ কিন্তু বৰ্তমানে চৰকাৰে খিলঞ্জীয়া ভূমিহীন লোকক এক ইঞ্চি মাটি দিয়াৰ কথাও ঘোষণা কৰা নাই ৷ ইয়াৰ বিপৰীতে বাবা ৰামদেৱৰ ব্যৱসায়িক প্রতিষ্ঠানে বিপুল পৰিমাণৰ চৰকাৰী মাটিৰ আৱণ্টন লাভ কৰিছে। বড়োলেণ্ড এলেকাত ভূমিহীন বড়ো লোকে মাটি পোৱা নাই, কিন্তু ৰামদেৱে পাইছে ৷ কোনো ভূমিপুত্রই অসমৰ মাটিত বেদখলকাৰী হ’ব নােৱাৰে৷ বিষ্ণু ৰাভাই কােৱাৰ দৰেই “নাঙল যাৰ কৃষি ভূমি তাৰ”। সত্রসমূহক চৰকাৰে নানা ধৰণৰ গ্ৰাণ্ট দিছে, বিভিন্ন আঁচনিত পুঁজি ধাৰ্য্য কৰিছে। সেই কথা আদৰণীয়৷ কিন্তু সত্রসমূহৰ হাতত মধ্য যুগৰ দৰে এতিয়া বিপুল পৰিমাণৰ কৃষি ভূমি অব্যৱহৃত হৈ থকাতকৈ সেই সত্রসমূহৰ লগত বুজা-বুজি মৰ্মে থলুৱা ভূমিহীন কৃষকক সেই মাটি খেতি কৰিবৰ বাবে আবণ্টন দিয়াৰ ব্যবস্থা চৰকাৰে কিয় কৰিব নােৱাৰে৷ যজ্ঞ পাতি বান খহনীয়া দূৰ কৰিব নােৱাৰি৷ ভূমিহীনৰ পেটৰ জ্বালাও দূৰ কৰিব নােৱাৰি৷ ভূমিহীন ভূমিপুত্রই ভূমি পাবই লাগিব ৷ বিকল্প ব্যৱস্থা আৰু সংস্থাপন অবিহনে কোনো উচ্ছেদ নচলিব, সেই কথা খিলঞ্জীয়াৰ অধিকাৰৰ কথা কােৱা তথাকথিত জাতীয় সংগঠনসমূহে প্রতিপন্ন কৰাত ব্যর্থ হৈছে।

আৰু আঠ বছৰৰ পিছতে ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূর্ণ হব। উনবিংশ শতাব্দীৰ সংকট অতিক্রম কৰি অহা অসমীয়া জাতি আজি পুনৰ সংকটত৷ এইবাৰ কোনো বিদেশী ঔপনিবেশিক শাসকে এই সংকট সৃষ্টি কৰা নাই ৷ এই সংকট সৃষ্টি কৰিছে ভাৰতীয় শাসক বৰ্গই। ১৯৪৭ৰ ১৫ আগষ্টৰ পিচত অসম কেৱল সাম্ৰাজ্যবাদী বিদেশী শক্তিৰে নহয়, ভাৰতীয় শাসক শোষক শ্ৰেণীৰো শোষণ, লুণ্ঠনৰ থলী হৈ পৰিল ৷ অসম ভাৰতবৰ্ষৰ অংগ ৰাজ্য হল, কিন্তু নিজৰ মাটি পানী সম্পদৰ ওপৰত অধিকাৰ হেৰুৱালে ৷ বিদেশী আৰু আভ্যন্তৰীণ দুয়াে ধৰণৰ প্রব্রজন চলি থাকিল ৷ নামত যুক্তৰাষ্ট্ৰীয় হলেও প্রকৃত সাংবিধানিক ফেডাৰেল ব্যৱস্থাৰ স্বীকৃতি অবিহনে থলুৱা জনগােষ্ঠীসমূহে নিজস্বতা বর্তাই ৰাখি সম্মান সহকাৰে নিজৰ মাটিত বর্তি থাকিব নােৱাৰে৷ চৰ অঞ্চলৰ ‘বিদেশী’ৰ কথা কােৱা সংগঠনসমূহৰ একাংশ নেতাৰ সহযোগতে আজি অসমৰ উজনি নামনিৰ ৰাস্ত্ৰীয় পথৰ কাষত মাটি ব্যাপকভাৱে ভাৰতীয় ধনিক আৰু বণিক শ্ৰেণীৰ হাতলৈ বৈধ ভাৱে হস্তান্তৰিত হৈছে। এই কার্যত বাধা দিবলৈ কোনো ‘প্রব্রজন বিৰোধী’ তেজস্বী নেতা নাই। কাৰণ এতিয়া এই বণিক শ্ৰেণীৰ হাততেই আছে ক্ষমতাৰ বাঘজৰী। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ থলুৱা জনগােষ্ঠীৰ চৌত্ৰিশটা নে ছয়ত্রিশটা সংগঠনে বোলে একেলগে বয়োজ্যেষ্ঠ ছাত্র নেতাৰ নেতৃত্বত সংগ্রাম কৰিছে। কিন্তু অসমৰ প্ৰতি হামদৰ্দীহীন চৰকাৰখনে অকল অসমে মাত মাতিলে নহব এয়া ৰাষ্ট্ৰীয় সিদ্ধান্ত বুলি কৈ হয়তো নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত পাছ কৰিব। কোন কাৰ পক্ষত আছে বা কোন কিমান দেশ প্রেমিক জাতি প্রেমিক সেই কথা সংগঠনসমূহৰ শক্তি, সংগঠনৰ নেতাৰ প্রতিষ্ঠা আৰু ধনবলে প্রমাণ নকৰে, কৰিব এইসকলে কৰা কাৰ্য্যই বা সংকট কালত গ্রহণ কৰা ভূমিকাই ৷ ইতিহাস বৰ নির্মম; ই কাকো ক্ষমা নকৰে। আজিৰ সজাগ অসমীয়াই ইয়াণ্ডাবু সন্ধিৰ পৰা বর্তমানলৈ এই সুদীর্ঘ কালৰ ঘটনাৱলী,জাতিৰ উত্থান পতন সন্দর্ভত এটা পর্যালােচনা আৰু পুনৰ বিশ্লেষণ কৰা ভাল। ঐতিহাসিক পৰিস্থিতিয়ে সৃষ্টি কৰা সংকট দূৰ কৰিবলৈ ইতিহাসৰ পৰাই শিক্ষা ল’ব লাগিব আৰু পথৰ অন্বেষণ কৰিব লাগিব।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s