পৰীক্ষাত ভাল ৰিজাল্ট নকৰা সকললৈ


আমি প্ৰত্যেকেই নিজৰ সন্তানক topper আৰু rank holder হোৱাটো বিচাৰো । ডাক্তৰ , ইঞ্জিনীয়াৰ নহলে হাকিম হবই লাগিব । আঙুলি বেকা কৰি হলেও কাম আদায় কৰিব লাগিব । দৰকাৰ হলে আঙুলি ভাঙি যাওঁক ।

(বিজ্ঞাপনঃ দেশৰ শেহতীয়া বা বাতৰিৰ লগতে বিভিন্ন বিষয়ৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ বন্ধু সকলে তলত এই লিংকত টিপি লিংক অপেন হোৱাৰ পিছত মোৰ ইউটিউব চেনেল Subscribe কৰিব-https://www.youtube.com/channel/UCNb4DGhmM2jvjZIZnoPHn-Qপৰীক্ষাত ভাল ৰিজাল্ট নকৰা সকললৈ

কিন্তু এটা কথা সদায় মনত ৰাখিব –
”পৃথিৱীত প্ৰত্যেকজন এজন জিনিয়াছ । কিন্তু আপুনি যদি এটা মাছক তাল গছত উঠাবলৈ চেষ্টা কৰে তেতিয়াহলে সি গোটেই জীৱন অপদাৰ্থ হৈয়েই থাকি যাব । ”
এলবাৰ্ট আইনষ্টাইন
,
এটা চীনা প্ৰবাদৰ মতে “পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অখ্যাত ঠাইৰ পৰা আহে “। কথাষাৰ ১০০% সত্য আৰু শুদ্ধ।

এই কথাষাৰৰ প্ৰমাণ আগবঢ়ালো -পঢ়ি চাওক।

.
1. এজন কয়দীৰ কথা । 27 বছৰ জেলত থকাৰ পিছত তেওঁ শান্তিৰ নোবেল বটা লাভ কৰিছিল
তেখেত হল – নেলছন মেন্ডেলা ।
.
2. মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক । হাভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ । কিন্তু কম্পিউটাৰ ছফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল । 32 বছৰ পিছত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা ।
তেখেতৰ নাম – বিল গেটচ ।
.
3. আন এজন লৰাৰ কথা । বাৰ বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল । 13 বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল । জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে । কিন্তু লিখি উলিয়াইছিল বিখ্যাত গ্ৰন্থ – My Universities .
তেওঁৰ নাম – মেক্সিম গৰ্কি ।
.
4. অভাৱৰ তাড়নাত কুলিৰ কাম কৰিছিল । এবাৰ বাছৰ কন্ডাক্টৰৰ কাম কৰি থাকোতে মালিকে গতিয়াই বাহিৰ কৰি দিছিল। কাৰণ লৰাজন অংকত একেবাৰে কেচা আছিল । সেইজনেই আছিল পৰৱৰ্তী সময়ৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী – জন মেজৰ ।
.
5. আন এজন লৰাৰ কথা । মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোতেই দুদিন দেৰি কৰিছিল । সেইজনেই এতিয়াৰ ফুটবল কিংবদন্তী – ৰোণাল্ডো ।
.
6. বাপেক আছিল মাছুৱৈ । পুতেকক সদায় মাছ মাৰিব যাওঁতে লগত লৈ গৈছিল । কাৰণ পুতেকে পানীৰ মাজেৰেও মাছবোৰক অতি সুন্দৰভাৱে দেখা পাইছিল । সেইজন হল ক্ৰিকেট চুপাৰষ্টাৰ – সনথ জয়সুৰিয়া ।
.
7. পঢ়াশুনাত অতিশয় দুৰ্বল আছিল। শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত বহি থাকিছিল। কেইদিনমান কেৰাণীৰ চাকৰিও কৰিছিল। এতিয়া তেওঁৰ বিষয়ে পৃথিৱীৰ কোনে নাজানে – তেওঁৰ নাম এলবাৰ্ট আইনষ্টাইন ।
.
8. পৰীক্ষাত সকলো সময়তে ফেল । কিন্তু জীৱনকালত মুঠ বাইছটা একাডেমী পুৰস্কাৰ লাভ কৰিছিল । মিকি মাউছ , ডনাল্ড ডাক আদি জনপ্ৰিয় কাৰ্টুনৰ জন্মদাতা । তেওঁৰ নাম – ৱাল্ট ডিজনী ।
.
9. পিতৃ এগৰাকী নাৱৰীয়া। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে শৈশৱত পেপাৰ বিক্ৰী কৰিছিল। বিদ্যালয়ত তেখেতে মজলীয়া গ্ৰেড পাইছিল। তেখেতক চিনি নোপোৱা এই পৃথিৱীত হয়তো কোনো নোলাব। তেখেত হ’ল- বিজ্ঞানী ডঃ এ পি জে আব্দুল কালাম
.
10, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ ১০ বাৰ আবেদন কৰি ১০ বাৰেই প্ৰত্যাখ্যান হৈছিল। আজি তেখেত পৃথিৱীৰ অন্যতম বৃহৎ অনলাইনভিত্তিক প্ৰতিষ্ঠান আলিবাবা ডট কম’ৰ প্ৰতিষ্ঠাপক আৰু চেয়াৰমেন। তেখেত হ’ল – জ্যাক মা।
,
(মৰেলঃ এই পৃথিৱীত কেৱল ডক্টৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ ৯০% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক সফলতা লাভ কৰিবই।

সংগ্ৰহ

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s