জীৱন জেউতি


জীৱন জেউতি

(১)
এগৰাকী ধনী মহিলাই এখন কাপোৰৰ দোকানত গৈ ক’লে, “মোক এখন কমদামী শাড়ী দেখুওৱাকচোন, একেবাৰে কমদামী শাড়ী দিব, ডেমেজ ওলালেও আপত্তি নাই, মোৰ ঘৰত ল’ৰাটোৰ বিয়া সেয়েহে কাম কৰা বাইজনীক উপহাৰ দিব লাগে”।
.
সেই একেখন দোকানলৈকে ক্ষন্তেক পিছতে কাম কৰা বাইজনী আহিল আৰু দোকানীক ক’লে, “মোক এখন দামী শাড়ী দেখুওৱাকচোন, যিমান দামী আছে সিমান দামী দেখাব, আপোনাৰ দোকানৰ সকলোতকৈ ভাল শাড়ীখন দেখুওৱাক, মালিকৰ পুতেকৰ বিয়া সেয়ে ন বোৱাৰীক উপহাৰ দিব লাগে।” এতিয়া দূয়োজনীৰে মনৰ বিচাৰ চিন্তা কৰক।

ইয়াত টিপক আৰু Subscribe কৰক।
.https://www.youtube.com/channel/UCNb4DGhmM2jvjZIZnoPHn-Q?view_as=subscriber&pbjreload=10
(২)
এজন বৃদ্ধ পুৰুষে নিজৰ দুইবছৰীয়া নাতীনিয়েকক লগত লৈ চহৰৰ পদ পথেৰে উৎকত গৰমত খোজ কাঢ়ি গৈ আছিল।
.
ৰদৰ উষ্ণ প্ৰখৰ চাপত নাতিয়েকৰ গলা শুকাই গ’ল লগতে ভোক লাগিছিল, পিয়াঁহ আৰু ভোক গুচাবৰ বাবে পথৰ কাষৰ এখন তিনি তাৰকাযুক্ত ৰেষ্টুৰেণ্টত সোমাল।
.
বৃদ্ধজনে শিশুটিক খুৱাবৰ বাবে গাখীৰৰ কথা ক’লে, কিন্তু মেনেজাৰ জনে ক’লে যে ইয়াত এগিলাচ গাখীৰৰ মূল্য ১০০ টকা, মেনেজাৰৰ কথাত বৃদ্ধৰ চকু কপালত উঠিল আৰু ৰেষ্টুৰেন্ট খনৰ পৰা বাহিৰলৈ ওলায় আহিল।
.
বাহিৰত ফুটপাথৰ কাষৰ এখন সৰু জুপুৰি দোকান দেখি নাতিয়েকৰ লগত লৈ সেই হোটেলখনৰ ভিতৰত সোমাই গ’ল, আৰু শিশুটিৰ বাবে গাখীৰ হব নেকি সুধিলে।
.
দোকানীজনে তৎক্ষনাত এগিলাচ গাখীৰ শিশুটিক দিলে আৰু ভোক আৰু পিয়াঁহৰ আতুৰত শিশুটিয়ে কুট কুটকৈ গাখীৰ গিলাচ শেষ কৰিলে।
.
এইবাৰ বৃদ্ধজনে, দোকানীজনৰ গাখীৰ গিলাচৰ মূল্য কিমান সুধিলে। তেতিয়া সেই জুপুৰিৰ দোকানীজনে উত্তৰ দিলে, ” এটি পিয়াঁহত আতুৰ কণমানিৰ মুখৰ গাখীৰৰ মুল্য আৰু ধাৰ কোনেও স্থিৰ আৰু পৰিশোধ কৰিব নোৱাৰে”।
.
(৩)
এগৰাকী বৃদ্ধ মহিলাৰ দুয়োটা কিডনীয়ে বিকল হ’ল, হাস্পতালত ডক্তৰে পৰিয়ালক অতি সোনকালে মহিলা গৰাকীৰ দুয়োটা নহ’লেও এটা কিডনী সংস্থাপন কৰিব লাগিব বুলি জানিব দিলে।
.
ঘৰৰ পৰিয়ালৰ সকলোৱে আলোচনাত বহিল তেওঁক কিডনী কোনে দিব। পৰিয়ালৰ সকলোৱে নিজৰ নিজৰ অসুবিধাৰ কথা ক’ব ধৰিলে, কাৰোবাৰ যদি বিয়া হোৱা নাই, কোনোবাই আকৌ নিজৰ পৰি থকা জীৱনটোৰ দোহাই দিলে। এক কথাত ক’বলৈ গ’লে তেজৰ সম্পৰ্কৰ সকলোৱে কিডনী দান কৰিবলৈ অমান্তি হৈ গ’ল।
.
পৰিয়ালৰ সকলো কথা শুনি থকা ঘৰৰ পুৰণি ড্ৰাইভাৰজনে মাত লগালে, “যদি বেয়া নাপায় বৰ বাইদেউক মই মোৰ এটা কিডনী দিব বিচাৰো, মই আপোনালোকৰ গাড়ীহে চলাও গতিকে মোৰ এটা কিডনীয়ে বাকী জীৱন চলি যাব। ইমান দিনে খোৱা নিমখৰ ধাৰ মাৰিব নোৱাৰিলেও কিঞ্চিততো সহায় কৰিব পাৰিম”।
.
.
.
প্ৰকৃত জীৱনত সেইজনহে ধনী যিয়েই ধনেৰে মানুহ নোজোখে, সেইজনহে দানী যিয়েই দানৰ মূল্য অৰ্থৰে নিৰূপন নকৰে আৰু সেইজনহে আত্মীয় যিয়েই তেজৰ সম্পৰ্ক নহ’লেও সকলো সময়তে ছাঁটোৰ দৰে থাকি আপোনাৰ হিত চিন্তা কৰে…👍
.
.

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s