লালসা


                                                                লালসা

কোনো এখন চহৰত এজন ধনী মহাজন আছিল । তেওঁৰ দুজন কৰ্মঠ হৃষ্ট-পুষ্ট পুত্ৰ আছিল যদিও তেওঁলোক কিন্তু এলেহুৱা আৰু নিষ্কর্মা আছিল । দেউতাকে তেওঁলোকক পৰিশ্ৰমৰ বাবে উপদেশ দিছিল যদিও কামত নাহিল ।

মহাজনজন বুঢ়া হৈ মৃত্যু শয্যাত আছিল, তেতিয়া তেওঁ পুতেক দুয়োজনকে কাষলৈ মাতি কৈছিল , – ” তোমালোকক ব্যৱসায় কৰিবৰ বাবে মই অলপ ধন দিছো , সেই ধনেৰে তোমালোকে কিবা এটা ব্যৱসায় আৰম্ভ কৰা । কিন্তু মনত ৰাখিবা , ৰাস্তাত এটা দৈত্যই দেখা দিব, তাৰ পৰা সাৱধানে বাছি থকাটোহে প্ৰয়োজন ।”

ধন দিবৰ বাবে যেতিয়া মহাজনে ধনৰ বাকচ খুলিলে তেতিয়া দুয়োজন পুত্ৰই বাকচটোৰ ভিতৰত পৰিপূৰ্ণ হৈ থকা মূল্যবান সোণ-ৰূপ-হীৰা দেখি বিস্ময় মানিলে আৰু তেওঁলোকে ভাবিলে যে, ইমান সম্পত্তি পালেতো গোটেই জীৱন শুই বহি খাই আৰামত কটাব পাৰিব । গতিকে ব্যৱসায় কৰিবলৈ একো আৱশ্যক নাই । এইদৰে ভাবি দুয়োজনে ব্যৱসায়ৰ নামকে নললে ।

যেতিয়া দেউতাকৰ মৃত্যু হ’ল তেতিয়া ডাঙৰজন পুতেকে
ভাবিলে যে যদি ভায়েকক মাৰি পেলাব পাৰে তেতিয়া সমস্ত ধন তেওঁৰেই হ’ব । একেদৰে সৰু ভায়েকৰো মনত খেলালে যে , ককায়েকৰ খাদ্যত বিহ মিহলাই দি হত্যা কৰা হওক । সেয়ে দুপৰীয়া খাদ্যত বিহ মিহলাই ককায়েকৰ ওচৰলৈ আহিল । অন্যহাতে, ককায়েকেও সেই উদ্দেশ্যে আগৰে পৰাই সাজু হৈ আছিল ।

সৰু ভায়েক আহি পোৱাৰ লগে লগে ককায়েক সষ্টম হৈ উঠিল আৰু তাৰ ডিঙি মুচৰি হত্যা কৰি পেলালে । আৰু সৰু ভায়েকে অনা খাদ্য খাই ককায়েকজনো বিচনাত পৰি গ’ল আৰু মৃত্যুক আকোৱালি ললে ।

বিষাক্ত খাদ্যই ঠিকেই কাম কৰিলে , দেউতাকে ঠিকেই কৈছিল যে দৈত্যৰ পৰা বাছি থাকিবা । সেই দৈত্য অন্য নহলেও সঞ্চিত ধনৰ লালসাইটো আছিল । তেওঁলোকৰ দেউতাকৰ কথাৰ সংকেত দুয়োজনৰ এজনেও বুজি নাপালে আৰু শেষত দুয়োজনেই প্ৰাণ আহুতি দিব লগা হ’ল ।

এইটো নহয় যে কেৱল ধনৰ লালসা ই বেয়া, যিকোনো বস্তুৰ লালসাই বেয়া ।

আৰু এইটো নহয় যে এই দৈত্য কেৱল এই দুজন নিষ্কর্মা ল’ৰাৰ ক্ষেত্ৰতহে সাক্ষাৎ হৈছে । এই দৈত্যৰ সাক্ষাৎ সকলোৰে বাবেই সম্ভৱ । যদিও এই দৈত্য আপোনাৰ জীৱনলৈ এতিয়াও অহা নাই, চিন্তা নকৰিব দৈত্যটো আহিব আৰু কেতিয়া আহিব সেই অহাৰ খবৰো আপুনি নাপাব ।

আমি মৰি যাব পাৰো কিন্তু আমাৰ লালসা কেতিয়াও নমৰে ।

( ভাবানুবাদ- বিকু )

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: