জীৱন মাথোঁঁ বিলাসিতা


জীৱন মাথোঁঁ বিলাসিতা

জীৱনৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাই ফুৰোতেই বোধোদয় হয়৷আমি জীৱনটোক কেনেদৰে গ্ৰহণ কৰিছো অথবা কেনেকৈ আগুৱাই নি আছো অথবা জীৱনৰ সৈতে কেনেদৰে সহবাস কৰিছো,এইবোৰ কাৰকেই বিচাৰি ফুৰা সংজ্ঞাটো নিৰ্ধাৰণ কৰে৷সংজ্ঞাবদ্ধতাৰ ম্যাদ থাকে৷জীৱনৰ ম্যাদ নাথাকে৷তেনেহ’লে জীৱন সংজ্ঞাহীন নেকি?নহয়,হ’ব নোৱাৰে৷সুন্দৰৰ অপৰূপ ব্যাখ্যাৰে সমৃদ্ধিশালী হৈ উঠে জীৱন৷সুন্দৰৰ আৰাধনাই জীৱনৰ সংজ্ঞা৷ সৌন্দৰ্য পিপাসু মনৰ ৰঙীন সমাহাৰ জীৱনৰ লালিত্য৷ তথাপি আমি ভবাতকৈ শতগুনে ধুনীয়া এই জীৱন৷এই ধুনীয়াৰ মাজৰ ঘটনা-পৰিঘটনাবোৰ কিন্তু সদায় অভাৱনীয়৷ কল্পনাৰাজ্যৰ একছত্ৰী সম্ৰাজ্ঞী হৈয়ো ধূসৰতাত পোট খাই থাকে বাস্তৱ৷ছাঁ-পোহৰৰ খেল এখন অহৰহ চলি থাকে৷

30710519_1859075647482378_3966973400762918890_n
মোৰ বৰ দুখ বুলি চকুলো টুকি থাকোতেই এনে কিছুমান দুখৰ ছবি দেখা পোৱা যায় যে নিজৰবোৰ নিমিষতে নোহোৱা হয়৷সুখৰো একেই দশা৷আটাইতকৈ সুখী বুলি গিৰ্জনি মৰা হাঁহিটো শেষ নৌহওঁতেই কিবা এসোপাই ডিঙিটোত সোপা মাৰি ধৰে৷দুখ বা সুখ সকলো যেন আজৰি পৰৰ বিলাসিতা৷ন’হলে ইমান ব্যস্ততাৰ মাজত কোনে কাক সোধে “তুমি সুখীনে”?নিজকেইনো কেতিয়া সুধিলো “ক’ত শেষ এই দুখবোধৰ”?

মৃত্যু অৱধাৰিত৷জন্ম হ’লে মৃত্যু নিশ্চিত৷সৃষ্টি হ’লে ধ্বংসও হ’ব৷বহুজনে মৃত্যুক জয় কৰিছে৷কায়িক শূন্যতাক ওফৰাই নিজক স্থায়ী কৰি গৈছে বহুজনে৷তাহানিৰে পৰা আজিলৈকে বিশ্ব ইতিহাসত নিজৰ নাম খোদিত কৰা বহুকেইজন স্বনামধন্য ব্যক্তি আছে৷তেওঁলোক যুগে যুগে অমৰ৷দিল্লীত পঢ়ি থকা আশুতোষ শৰ্মা নামৰ ল’ৰাজনৰ মাতৃৰ সাহসক সেৱা নজনাই নোৱাৰিলো৷ছাত্ৰাৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা পুত্ৰৰ শৰীৰৰ চাৰিটা বিশেষ অংগ (যকৃত,দুয়োটা বৃক্ক,হৃদযন্ত্ৰ) চাৰিজন মানুহৰ শৰীৰত সংৰোপণ কৰি চাৰিটা জীৱনৰ উশাহ ঘূৰাই আনিলে সেই গৰাকী মাতৃয়ে৷এটা সময় আছিল যেতিয়া ল’ৰাটোৱে কাঁহ এটা মাৰিলেও তেওঁৰ চিন্তা হৈছিল৷সেই আঠত্ৰিশটা সপ্তাহৰ পৰিক্ৰমাৰে পৰা তেওঁৰ জীৱনটো আন সকলো মাতৃৰ দৰে পুত্ৰ স্নেহত ডুব গৈছিল৷সন্তানৰ মোহত অন্ধ তেৱোঁ আছিল আন দহগৰাকী মাকৰ দৰে৷এদিন সকলোৱে পাহৰি যাব ল’ৰাজনক অথবা তেওঁৰ মাতৃক৷পৃথিৱীৰ চাৰিটা চুকৰ চাৰিজন মানুহে তেতিয়াও মনত পেলাব কোনেও মনত নৰখা ল’ৰাজনক৷

সৌ সিদিনাৰ কথা৷হঠাৎ পালো খবৰটো৷মেট্ৰিক দিছিল সি৷পঢ়া-শুনাত ভাল,নম্ৰ-ভদ্ৰ ল’ৰা৷চাকৰিয়াল মাক-দেউতাক ঘৰ আহি পোৱাহিয়েই নাছিল৷আইতাক আৰু খুড়ীয়েকে বিহুৰ পিঠাগুৰি খুন্দি থাকোতেই সি নোহোৱা হ’ল৷জীৱনটো তাৰ বাবে কিয় ইমান অসহনীয় হৈ পৰিল কোনেও নাজানিলে৷নিজক শেষ কৰি দিবলৈ সি মাত্ৰ কেইটামান ছেকেণ্ডহে ল’লে৷একো এটা লিখি থৈয়ো ন’গল৷
ব্লু হোৱেলৰ কবলত পৰিল নেকি সি? নাই পৰা৷সৰু এটা ফোন আছিল তাৰ,কেৱল সাপ খেলিব পৰা৷মোবাইলৰ প্ৰতি কোনো দুৰ্বলতাও নাছিল তাৰ৷মুঠতে চকুৰে দেখাকৈ নেতিবাচক কাৰক একোৱেই নাছিল৷ৰহস্যৰ আৱৰ্তত সি এটা কাহিনী হৈ পৰিল৷
কৈশোৰৰ দিনবোৰৰ একাকীত্বই গ্ৰাস কৰিছিল নেকি বাৰু তাক?হ’ব পাৰে৷প্ৰকাশ কৰিব নোৱাৰা কথাবোৰে বুকুত পাহাৰ সাজিব পাৰে৷পিতৃ-মাতৃৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক এই সময়চোৱাত বৰ দৰকাৰী৷কথাবোৰ খুলি ক’বলৈ মাকৰ বাহিৰে কাৰোৰে ওচৰত সুচল নহয়৷তাৰ মনত কেনেকুৱা কথাই ক্ৰিয়া কৰি আছিল কোনেও উমানকে নাপালে৷

যোৱা মংগলবাৰে ৰাতিপুৱা পাইছিলো আন এটা খবৰ৷আজিও জোকাৰি আছে মোক৷দূৰ সম্পৰ্কীয় হ’লেও ভ্ৰাতৃপ্ৰতীম ল’ৰাটোৰ সৰু কালৰ মুখখনলৈ বাৰে বাৰে মনত পৰি আছে৷বিশ-একৈশ বছৰীয়া ল’ৰাটোক মাৰি পেলালে কোনোবাই৷আঢ্যৱন্ত পৰিয়ালৰ ল’ৰা আছিল৷সমস্ত পৰিয়ালটোকে মুচৰি পেলালে ঘটনাটোৱে৷কি দোষ আছিল তাৰ?কোনেও নাজানে৷সকলোৰে আলাসৰ লাৰু আছিল৷মাক-দেউতাকৰ জীৱটো যেন তাতেই সোমাই আছিল৷এতিয়া?শূন্য৷
মাৰো বুলিয়েই মাৰি পেলাব পাৰেনে কোনোবাই কাৰোবাক?মানুহে মানুহক?পাৰে৷বৰ সহজলভ্য হৈ পৰিছে এইবোৰ৷জীৱনটো হাতৰ মুঠিতে ৰৈ গৈছে৷

এই ঘটনাবোৰ কাৰোবাৰ মনলৈ নিৰাশ ভাৱ আনিবলৈ লিখা হোৱা নাই৷উদেশ্য এটাই-সুন্দৰতাৰ উপলব্ধি৷চাওকচোন,ইমান ধুনীয়া জীৱনটো ক্ষন্তেকতে শেষ হৈ যায়৷কোনোবাই নিজে শেষ কৰে,কাৰোবাক আনে শেষ কৰে,কোনোবা আকৌ নিয়তিৰ বলি হয়৷
মুঠতে আৰম্ভণি হ’লে শেষ হ’বই৷সেইবুলি আৰম্ভণিৰ পৰা শেষৰ বাটচোৱা উপভোগ নকৰাকৈ থাকিমনে?কিয় বেয়া পাওঁ ইজনে সিজনক?কিয় ইমান খোৱা কামোৰা?কেৱল প্ৰতিযোগিতা আগবাঢ়ি যোৱাৰ৷দুটা খোজ স্ব-ইচ্ছাই পিছপৰি আপোনজনক আগুৱাই দিয়াৰ সোৱাদকণ কিয় নলওঁ আমি?শেষ মানেই সকলো শেষ৷বিচাৰি নোপোৱাকৈ শেষ৷মৃত্যু তেনে এটি শেষ৷আমি এখুজি দুখুজিকৈ শেষৰ ফালেই যাওঁ৷গৈ আছো৷যাত্ৰা পথৰ মসৃণতা আমাৰ হাতত৷এবাৰ ফু মাৰি দিলেই ভালপোৱাৰে মসৃণ কৰিব পাৰি সকলো৷তাকে নকৰি কিহত যে লাগি থাকো আমি!বদনাম,সমালোচনা,ইতকিং,তাচ্ছিল্য এইবোৰনো কিয় লাগে?এইবোৰ নোহোৱা কৰিবও নোৱাৰি৷নিউটনৰ মতে “প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে”৷ভাল আছে বাবেই বেয়া আছে৷বেয়া আছে বাবেই ভালবোৰ জিলিকি আছে৷
ভাল-বেয়া সকলো থাকক৷মুঠতে সুখ-দুখ,ভাল-বেয়াৰে উপচি থকা জীৱনবোৰ সমৃদ্ধিশালী হওক,ৰঙীন হওক৷সকলোৰে ভাল হওক৷

@অত্ৰেয়ী গোস্বামী
১৯/৪/১৮

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s