কেচুমুৰীয়া ৰোগ আৰু তাৰ ঔষধ


@কেচুমুৰীয়া ৰোগ আৰু তাৰ ঔষধ ।@
এই ৰোগৰ বিষয় বহলাই কবলৈ নাযাও ।কাৰণ মই ডাক্টৰ নহয় ।কথাখিনি ভূক্তভুগী হিচাবে ক’ব লৈছো যাতে কাৰোবাৰ বাবে সহায়ক হওঁক ।সাধাৰণতে ,কৌষ্ঠকাঠিন্যতাত ভুগী থকা লোকে পিছলৈ বেদনা দায়ক কেচুমুৰীয়া ৰোগত আক্ৰান্ত হোৱাতো নিশ্চিত । গাখীৰ চাহ, আদা ,মছলা যুক্ত খাদ্য ,দূম্ৰপান আদি অত্যাদিক ব্যৱহাৰৰ ফলত কৌষ্ঠকাঠিন্য আৰু পিছলৈ কেচুমুৰীয়াৰোগত ভোগাতো নিশ্চিত বুলি প্ৰমাণ কৰিব পাৰো ।এইয়া ভোক্তভোগীৰ কথা ।কেইবাছৰো গুজৰাটত আছিলো ,তাত প্ৰতি সাজ খাদ্যৰ লগত দৈ নতুব ছাঁচ আছিল সেয়ে সেই কেইটা বছৰ অধিক মছলাযুক্ত খাদ্য খোৱাৰ পাছতো কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰি আছিলো ।
কিন্তু চাকৰি সুত্ৰে কৰ্ম স্হান সলনি হোৱাত মোৰ খাদ্যাভ্যাসো সলনি হল আৰু এই প্ৰায় ডেৰতা বছৰত দুবাৰকৈ কেচুমুৰীয়া ৰোগত ভোগিব লগীয়া হ’ল ।প্ৰথমবাৰ এই ৰোগত ভোগোতে অপাৰেছন কৰাৰ পৰামৰ্শ দিছিল যদিও মই নকৰালো ।এই অপাৰেছন বুলিলে মোৰ কিবা এলাৰ্জী হোৱাৰ দৰে লাগ ।সেয়ে বৰদাৰ পৰা এটা হোমোঅপেথিক দৰবৰ এটা দিঘলীয়া কৰ্চ কৰিছিলো ।কেইদিন মানৰ বাবে খাদ্যাভ্যাস সলনি হ’ল যদিও লুভীয়া মুখ, পোনৰআগৰ খাদ্যাভ্যাসলৈ ঘুৰি গলো ।তাৰে পৰিণিত আগতকৈ প্ৰায় আশী শতাংশৰো অধিক ভাৱে পুনৰ বাৰ আক্ৰান্ত হ’লো ।ডাক্টৰে অপাৰেছন কৰিব লাগিবই বুলি ক’লে ।এই সময়তে সহ কৰ্মী বন্ধু এজনে এবিধ বনৌষধীৰ দৰৱ দিয়াৰ লগতে দৰব বিধো শিকাই দিলে ।যি দৰবদ্বাৰা মই সম্পুৰ্ণ সুস্হ হৈ পৰিলো বুলি আশা কৰিছো ।এই দৰবটোৰ বিষয়ে জনাবলৈ লোৱাৰ আগতে কিছু ব্যক্তিগত কথাও কব লগীয়া হ’ল ।যিকি নহওক দৰব বিদ কোনো বিশেষ গছ নহয় ।
সচৰাচৰ অসমৰ প্ৰতি ঘৰতে বাৰীৰ চুকত পোৱা যায় ।যাক আমি ওল কঁচু বুলি জানো ।এই ওলকঁচুত কি জানো গুণ আছে মাত্ৰ দিনে তিনি পালিকৈ তিনিদিন খালেই অনুমান কৰিব পাৰি ইয়াৰ ঔষধিয় গুণাগুণ কিমান ।এই ওলকঁচু ভালদৰে ধুই সৰু সৰুকৈকাটি লৈ কলৰ লগত গিলি খাব লাগে ।দিনটোত তিনিবাৰ খাওক ।প্ৰায় এমাহ নিয়মিত ভাৱে খালে এই কেঁচুমুৰীয়া ৰোগ সম্পূৰ্ণ ভাৱে নিৰাময় হয় । এই ঔষধবিদ কাৰণেই জনোৱা হ’ল যে বহুলোক এই ৰোগ আক্ৰান্ত ।শুনা মতে কেঁচুমুৰীয়াৰোগৰ অষ্টোপ্ৰচাৰ কৰাৰ পিছতো এই ৰোগত পুনৰ ভোগীব পাৰে ।আজিকালি এই ৰোগৰ অষ্টোপ্ৰচাৰ ব্যক্তিগত নাৰ্চিংহোমত প্ৰায় ১৫-২০হাজাৰ মান খৰচ হয় ।সেয়ে দূখীয়া ৰোগীৰ লগতে সকলোৰে উপকৃত হওঁক বুলিয়ে লেখাটি আগবঢ়ালো ।

No automatic alt text available.
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: