নাৰী


FB_IMG_1523608124763
এজনী জীয়েক তেওঁৰ দেউতাকৰ ওচৰলৈ যায় আৰু উদাস মনেৰে আপত্তি কৰি কয়: দেউতা , তুমি মোক কেনেকুৱা ঘৰত বিয়া দিছা ??

দেউতা: কিয়, কি হৈছে…জোঁৱায়ে কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি??

জীয়েক: তোমাৰ জোঁৱাই টো দুমাহৰ মূৰে মূৰে হে ঘৰলৈ আহে।
সমস্যা কাৰণ মোৰ শাহু আই । গোটেই দিন অকল বোৱাৰী এইটো কৰা,বোৱাৰী সেইটো কৰা । ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল পেক পেক কৰি থাকে । মোৰ অলপো ভাল নলগা হৈছে ।

দেউতা: আৰে মাজনী এই বয়সত বহুতেই এই ধৰণেই কৰে অ’ । একো নাই সকলো ঠিক হৈ যাব ।

জীয়েক: নহয় দেউতা, এই বুঢ়ী জনী যেতিয়ালৈকে মৰি নাযায়, মই আৰু সেই ঘৰখনত ঘূৰি যাব নোৱাৰিম ।

দেউতা: এই ধৰণে ক’ব নাপায় মাজনী ।

জীয়েক: তুমিতো ডাক্তৰ, তুমি কিবা উপায় জানা যদি কিবা দৰৱ দিয়া যাতে এই বুঢ়ী জনী সোনকালেই মৰি যায় ।

দেউতা: মই ডাক্তৰ ,কিন্তু এই কাম মই কেতিয়াও কৰিব নোৱাৰিম।

জীয়েক: দেউতা তুমি কি মোৰ সুখৰ সংসাৰ হোৱা চাব নিবিচাৰা ।

দেউতা: (অলপ চিন্তা কৰাৰ পাছত) ঠিক আছে মাজনী ,তোমাৰ মুখ খনি চাই অ আজি এই কাম কৰিছো, তোমাক মই এটা ঔষধ দিছো ।
এই ঔষধটো নিয়মিত প্ৰতিদিনে দুটাকৈ গৰম গাখীৰৰ লগত খুৱাই দিবা ,চাবা এক মাহৰ ভিতৰতেই তোমাৰ শাহু ঢুকাই যাব ।
আৰু শুনা এই একমাহ তুমি আইৰ বহুত সেৱা কৰিবা ,কথা দিয়া মোক ।

জীয়েক: ঠিক আছে দেউতা, কথা দিছো ।

জীয়েকে ঔষধ লৈ আনন্দেৰে সৈতে শাহু ঘৰলৈ গুচি গল ,গৈয়েই তাই শাহুৱাইক মন দি সেয়া কৰিব ধৰিলে আৰু নিয়মিত ঔষধ দিয়ে থাকিল ।

পাঁচ দিনমান পাছত শাহুৱাই লক্ষ্য কৰিছে যে বোৱাৰী আগৰ দৰে নাই।
তাই শাহু আইৰ কোনো কথাতে অমান্তি নহয় । আৰু খুবেই বেছিকৈ সেৱা কৰিব ধৰিছে ।

২০ দিনৰ পাছত শাহুৱে তেওঁৰ বোৱাৰীক নিজৰ জীয়েকৰ দৰে মৰম কৰিবলৈ ললে । তেতিয়া তেওঁ নিজেই বোৱাৰীৰ বাবে ব্যঞ্জন বনাবলৈ তালিকা প্ৰস্তুত কৰিলে ।

বোৱাৰীক আৰু আগৰ দৰে কোনো কামৰ বাবেই নকয় একো ,তেওঁৰ কাম তেওঁ নিজেই কৰি লয় । বোৱাৰীৰ টোপনি ভঙাৰ অপেক্ষা নকৰে ,নিজে চাহ বনাই বোৱাৰীৰ ওচৰ পায়গৈ , বোৱাৰীৰ টোপনি পৰা উঠিলেই চাহৰ কাপটো আগবঢ়াই কয়: বোৱাৰী চাহ খোৱা,চোৱা মই তোমাৰ বাবে বনাইছোঁ ।

বোৱাৰী: কিয় ,মা আপুনি মোক মাতিব পাৰিলে হয় ।

শাহু: কি যে কোৱা বোৱাৰী, তুমি গোটেই দিনধৰি মোৰ সেৱা কৰা আৰু মই এই অকণমান কামটো কৰিব নাপায় নেকি ??

(দিনটো আছিল ২৭ দিন)

এই ২৭ দিন শাহু আৰু বোৱাৰীৰ সম্পর্কটো মা আৰু জীয়েকৰ সম্পৰ্কত পৰিণত হৈ গৈছে। তেতিয়া জীয়েক তেওঁৰ দেউতাকৰ ওচৰত দৌৰি দৌৰি আহি কবলৈ ধৰিলে: দেউতা তুমি মোৰ শাহু আইক বচোৱা । আৰু মাত্র তিনিটা দিন বাকী । মই নিবিচাৰোঁ যে মোৰ শাহু মোক এৰি গুচি যাওক । তেওঁ ঠিক মোৰ মা দৰেই ।

দেউতা: (চকুলো মোহাৰি) শুনা মাজনী, মই জানিছিলো এদিন তুমি তোমাৰ ভুল ঠিকেই বুজিবা , সেইবাবে মই তোমাক কোনো বিষ দিয়া নাছিলোঁ, সেই ঔষধে তোমাৰ শাহু আইৰ কোনো ক্ষতি নকৰে, বৰং এই ঔষধৰে শৰীৰৰ পুষ্টি হব ।
যোৱা মাজনী সুখেৰে সংসাৰ কৰিবা ।

জীয়েকে হাঁহি হাঁহি দেউতাকক প্ৰণাম কৰি কলে: “I Love You দেউতা”
“তুমি মহান দেউতা” তোমাৰ দৰে দেউতা সকলোৱে যেন পাওক ।

#ভাল_লাগিলে_Share_কৰিবলৈ_নাপাহৰিব 👍 কপি

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s