বাপতি সাহোন বিহু আৰু মিছিং সকলৰ ৰঙালী বিহু


images (1)

এ’ ছাগে চেলাবলৈ ৰহদৈ ঐ
এ’ দবুৱা কঠাৰী ৰ’হদৈ ঐ
এ’ পহুনো চেলাবলৈ মিত ঐ ৰাস্বতী পহুনো চেলাবলৈ মিত ৷

গাঁৱৰ বুঢ়া মেটা দায় নধৰিবা গাই যাঁও বতৰৰ গীত ৷

এইদৰে মিচিংসকলে বিহু আৰম্ভ কৰিছিল ৷ তাৰ পচত হুচৰী গাইছিল –
” গাং গাঙই গাঁওবুঢ়াৰ ঘৰতে গাং ৷ ” ….
“ইকিও(সিকি=চাৰি অনা) নালাগে আদলীও নালাগে গাওবুঢ়াৰ ঘৰতে গাং ৷”
“দিয়া দিয়া ’কুম্বাতক’ বেতুমদেম দিয়া”
“কুম্বাতক বেতুমদেম দিবইযে পাৰিলে আগলৈ থাকিব চিয়া… ” (কুম্বাতক বেতুম = ধোৱা চাঙৰ ওপৰত ৰখা হ’লৌ বান্দৰ যেন ডাঙৰ, আপঙৰ কলহ )
এনেদৰে বহু ধৰনৰ হুচৰীৰে জীপাল কৰিছিল হুচৰীৰৰ ক্ষেত্ৰ ৷ হুচৰীত ডেকা গাভৰুৱে হাতে হাত ধৰা ধৰিকৈ ঢোলৰ তালে তালে হাত ওপৰ তল কৰি “গীতুৱাই”ৰ পিছে পিছে সমস্বৰে গাইছিল ৷ হুচৰীৰ শেষত এটি যোজনা গোৱা হৈছিল এনেদৰে-

“কেতিয়া পাহৰিম তোকে ঐ ঐয়েঙা কেতিয়া পাহৰিম তোক , বৰ নৈ শুকাব দুবৰী গজিব তেতিয়াহে পাহৰিম তোক” ৷

ইয়াৰ লগে লগে দীঘলীয়া ঢোলৰ চাপৰ মাৰি গাভৰুবোৰে কেবা শাৰী পাতি নাচিছিল৷ এই কাৰ্য্যৰ শেষত ঐনিতম গোৱা হৈছিল এনেদৰে…

“পাহাৰতে পানী নাই নাৱে কাটি থবলৈ ,
গাৱটো নাই চিনাকী পানী খুজি খাবলৈ”

ইত্যাদি ঐনিতমেৰে মুখৰিত কৰিছিল সমষ্ট বিহুৱা দ’ল ৷
পৰৱৰ্তী সময়ত গৃহষ্টই সেৱা ল’ব চাঙৰ পৰা নামি আহে ৷ লগত আনে আপং একলহ, শৰাই বটা, আপঙৰ লগত খাবৰ বাবে মাছ-মাংসৰে বা ৰন্ধা চব্জী , বিহুৰ পিঠা ইত্যাদি৷ শৰাইৰ বাবদ ৰাইজলৈ কিমান টকা আগবঢ়াইছে চাবৰ বাবে গোৱা হয় এইদৰে..

ৰইলা ঐ ধনৰে ধনন্তি…
ৰইলা কিমান ধন আনিছে.,
ৰইলা শাৰই মেলি মেলি চামে ঐ
শ্যাম কলীয়া শ্যামাতা কলীয়া কেকুৰইলা হেই !!
ইয়াত ঢোলৰ চেও খুউব আকৰ্ষনীয় হয় ৷ গাভৰু বিলাকে ককালত হাত থৈ নাচিছিল ৷ শৰাইখনত যিমানেই নিদিয়ক ৰাইজে আৰু বিছাৰি গায়-

“ ৰইলা ঐ অবতকৈ(হয়টো সবাটোতকৈ) শুনিছোঁ, এ’ ৰইলা এইঘৰৰ ঘৃহস্থ , ৰইলা ধনৰে কাৰেঙত বহে ঐ….৷
টকা আগবঢ়োৱাৰ পাছত গাইছিল –
“ ৰইলা ঐ দায় ন ধৰিবা
ৰইলা ৰাইজকো ক্ষেমিবা,
ৰইলা গায়ছো বতৰৰ গীতে ঐ
শ্যাম কলীয়া শ্যামাতা কলীয়া কেকুৰেইলা হেই !”

ইয়াৰ পাছত গৃহস্থৰ লগতে ৰাইজেও বহে আৰু আশীৰ্বাদ কৰে ৷ আশীৰ্বাদৰ পাছত গীত এটিৰে আশীৰ্বাদ কাৰ্য্য সমাপন কৰা হ’য়৷ সেয়া প্ৰায় আন অসমীয়া সমাজৰ লগত একেই –
“লাই তলে তলে লফা হালে জালে তাৰ মাজত কুতুৰা শাক,
মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰিলো গৃহস্থে কুশলে থাক ৷”
এইদৰে গাঁৱৰ সকলোৰে ঘৰে ঘৰে হুচৰী গায় শেষ হলে দপান-তৃঃপান (সমূহীয়া ভোজ) কৰি , উৰুৱাইৰ দিন তাৰিখ নিৰ্ধাৰন কৰা হ’য়, এটা ভাল দিন বাৰ চায় ৷ উৰুৱাই গাঁৱৰ পশ্চিম ফালে এজোপা শিমলু গছৰ তলত কৰাটো নিয়ম ৷ স্থায়ী শিমলু গছ নাথাকিলে গাঁৱৰ পশ্চিম ফালে অস্থথয়ীভাৱে শিমলু এজোপা ৰোৱা হ’য়, আৰু সেই গছজোপাক কেন্দ্ৰ কৰি বিহু উৰুৱাই কাৰ্য্য কৰা হয় ৷ সেই দিনাৰে পৰা গাঁৱৰ অপায় অমংগল, বিহুত টোপনি ক্ষতি কৰাৰ বাবে সবৰে লাগি থকা টোপনি টোপনি ভাৱ সেই উৰুৱাইতে উৰুৱাই দিয়া হ’য় বুলি জন বিশ্বাস আছিল ৷ উৰুৱাইত ডেকা গাভৰু তথা ৰাইজে টকা-পইছা দি সেৱা কৰে ৷ শেষত উৰুৱাইৰ বাবে পতা থাপনালৈ ঘুৰি চাব নাপায় বুলি নোচোৱাকৈ ঘৰা-ঘৰি হয় ৷ ইয়াৰ পাছত অমাৱস্যা হৈ ন-জোন নোলোৱালৈকে ঢোল বজাব নাপায় ৷ এতিয়াও কিছু কিছু মিচিং গাঁৱত এনেধৰে বিহু মৰা দেখা যায় , যদিও প্ৰায় ভাগে বিহু মাৰিবলৈ এৰিছে ৷ হয়তো আৰু ৫/৬ বছৰৰ ভিতৰত মিচিং সমাজৰ পৰা বিহু সম্পুৰ্ন ৰূপে বিলিন হৈ যাব ৷ মিচিং মানুহেও যে বিহু মাৰিছিল সেয়া মাত্ৰ ইতিহাসৰ পাঠতহে বিছাৰি পোৱা যাব ৷ কিন্ত কিয় ?? ইয়াৰ উত্তৰ বিজ্ঞ জনৰ পৰা আশা কৰিলো ….৷

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s