ধৰ্ষনৰ দৰে অপৰাধ ৰোধ কৰিবলৈ হ’লে কি কৰিব লাগিব?


ধৰ্ষনৰ দৰে অপৰাধ ৰোধ কৰিবলৈ কি কৰা উচিত?

                           গৌতম চমুৱা 

                        অধিবক্তা গুৱাহাটী

 

নিতৌ হৈ থকা ধৰ্ষনৰ বিৰুদ্ধে যিসকলে মাত মাতি আহিছে তেওঁলোকক মই অনুৰোধ জনাম বিশেষকৈ বন্ধু পলাক্ষী দৌলবৰুৱা ক যাতে অসমৰ সাতজন মাননীয় এম পিক লগ ধৰে আৰু বাধ্য কৰক যাতে তেওঁলোকে নিজ দলৰে কেন্দ্ৰীয় চৰকাৰক সৈমান কৰিব পাৰে লোকসভাত IPC; Cr.P.C আৰু juvenile justiceৰ আইনখন সালসলনি কৰিবলৈ৷

09rape1506010706.jpg

১) Juvenile justice আইনত ৰেপ আৰু মাৰ্ডাৰৰ ক্ষেত্ৰত মাইনৰৰ বয়স ১৬ ৰ পৰা ১০ কৰক৷

২) IPC ত সকলো প্ৰকাৰৰ ৰেপৰে শাস্তি ফাঁচী হওক৷

৩) CRPC ত থকা ক্ৰিমিনেল ট্ৰায়েলৰ বিধিসমূহৰ পৰা ৰেপৰ ট্ৰায়েলৰ বিধিসমূহ অলপ বেলেগ কৰক৷ যেনে অপৰাধী এৰেষ্ট হোৱাৰ ১২ ঘন্টাৰ ভিতৰত অপৰাধীৰ ষ্টেটমেন্ট মেজিষ্ট্ৰেতে পুলিচ থানাতে ৰেক’ৰ্ড কৰক৷ অপৰাধী এৰেষ্ট হোৱাৰ তিনিদিনৰ ভিতৰত সকলো সাক্ষী লোৱা সমাপ্ত কৰক আৰু Defence witnessৰ বাবেও মাত্ৰ সেই তিনিদিনেই সময় দিয়ক৷

ৰাজ্য চৰকাৰে এতিয়ালৈ মই জনাত হেল্পলাইন আৰু ফাৰ্ষ্ট ট্ৰেক কৌৰ্ট গঠন কৰিবলৈ সিদ্ধান্ত লৈছে কিন্তু ইয়াৰ লগতে তেওঁলোকে আন কেইটামান বিষয়ত কাম কৰিব লাগিব৷

১) ৰেপৰ ক্ষেত্ৰত এক স্পিচিয়েল টাস্ক ফৌৰ্চ গঠন কৰক প্ৰতিখন থানাতে৷ ৰেপৰ অনুসন্ধানকাৰী বিষয়া বেলেগকৈ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক আৰু অনুসন্ধানকাৰীসকলক কেৱল সেই কামতে নিয়োগ কৰক৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক কেছ ডায়েৰী নিজে তদাৰক কৰাৰ পৰা বাৰন কৰক কাৰন এখন থানাত বহু কাম থাকে৷ তাৰ বাবে প্ৰতিখন থানাতে প্ৰতিটো ৰেপ কেছৰ কেছ ডায়েৰী প্ৰস্তুত কৰা কামতো এজন বিশেষ বিষয়াৰ হাতত নিয়োগ কৰক৷

২) চৰকাৰী উকিল নিয়োগ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সাৱধান হওক৷ এনেকুৱা ব্যৱস্থা কৰক – যিখন ফাৰ্ষ্ট ট্ৰেক কৌৰ্টত ৰেপৰ ট্ৰায়েল চলে সেইখন কৌৰ্টৰ বাবে বিশেষ চৰকাৰী উকিলৰ ব্যৱস্থা কৰক যাতে চৰকাৰৰ পক্ষৰ ফালে উকালতি কৰাসকলে নিজৰ দায়িত্বত গাফিলতি নকৰে৷

৩) ৰেপৰ ক্ষেত্ৰত পলিটিকেল প্ৰেছাৰত যাতে অপৰাধী ৰক্ষা নাপায় তাৰ বাবে প্ৰতিটো ৰেপ ৰেছৰ তথ্য বাতৰি কাকতত অপৰাধীৰ নামসহ প্ৰকাশ কৰাতো বাধ্যতামূলক কৰক আৰু

৪) প্ৰতিটো ৰেপ কেছৰ অগ্ৰগতিৰ খাতিয়ান দৈনিকভাবে গৃহ বিভাগে দিছপুৰৰ পৰা ভিডিঅ’ কনফাৰেন্চিংৰ জৰিয়তে লওক৷ আৰু উচ্চ ন্যায়ালয়ৰ পৰাও লওক৷

ৰাজনৈতিক আৰু সামাজিকভাবে যিখিনি কৰিব লগা কাম তাৰ ওপৰত মই নিলিখো কাৰন ইয়াৰ বাবে বেলেগ Social scientists আৰু ৰাজনৈতিক মাষ্টাৰসকল আছে আৰু সেইসকলে এই ৮০-৯০ % এবিধ মানুহে ৰেপ কৰে বুলি যে কৈছে তাৰ কাৰন আৰু সামাধানবোৰ উলিয়াওক৷ আমি কলেতো নুশুনে নামানে গতিকে তেওঁলোকে কি কৰিলে ভাল হয় কৰক৷ কেৱল ভোট বেংকৰ কথা নাভাবি আমাৰ ভবিষ্যৎ প্ৰজন্মৰ কথা ভাবি পৰিবৰ্তনকামী চৰকাৰে দূৰদৰ্শিতাৰে কাম কৰিব বুলি আশা কৰি সামৰনি মাৰিলো৷

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s