মিছিং আৰু চুতীয়াসকলৰ মাজত বিহিয়া আৰু বেবেজীয়া খেলৰ উদ্ভৱ


মিছিং আৰু চুতীয়াসকলৰ মাজত বিহিয়া আৰু বেবেজীয়া খেলৰ উদ্ভৱ

চুতীয়াসকলৰ মাজত কামৰ ভাগ অনুসৰি বিহিয়া চুতীয়া আৰু বেবেজীয়া চুতীয়া নামেৰে দুটা খেল আছে। মিছিংসকলৰ মাজতো তেনেধৰণৰ দুটা খেল আছিল । পুৰণি কালতে ভাগ হোৱা এই খেলবোৰৰ উৎপত্তিৰ আঁৰত একোটা জনশ্ৰুতি প্ৰচলিত আছে। জনশ্ৰুতি মতে, পূৰ্বতে চুতীয়াসকলে ধনু-কাড় , দা-যাঠীলৈ যুঁজ কৰিছিল । যুদ্ধত ব্যৱহৃত কাড় বিলাকৰ আগত বিহ লগাই লৈছিল যাতে শত্ৰু সৈন্য কাড়বিদ্ধ হোৱাৰ পিছত মৃত্যুক আঁকোৱালি ল’ব পাৰে। সেইদৰে যাঠীৰ আগতো বিহ সানি লৈছিল । যিসকল চুতীয়াই বিহ প্ৰস্তুত কৰিছিল সেই লোকসকলক বিহিয়া বুলি কৈছিল । যুদ্ধৰ সময়ত বিহ প্ৰস্তুত কৰি যোগান ধৰাই বিহিয়া চুতীয়া সকলৰ প্ৰধান কাম হৈছিল । পিছলৈ বিহ প্ৰস্তুত কৰাসকল বিহিয়া চুতীয়া নামেৰে জনাজাত হোৱাৰ লগতে খেলৰ সৃষ্টি হৈছিল।

আন এক জনশ্ৰুতি মতে, বিহিয়া চুতীয়াসকলে পানীত বিহ দি মাছ ধৰা কাম কৰিছিল । এনে কাৰ্য্য পাহাৰীয়া জনজাতিসকলে ভাল নাপাইছিল। সেইবাবে পাহাৰৰ পৰা বিহিয়াসকলক খেদি পঠাইছিল। ইয়াৰ কিছুমান লোকে মিছিং গাঁৱত আশ্ৰয় লৈ চাংঘৰ সাজি মিছিঙৰ ৰীতিয়ে নীতিয়ে চলিবলৈ ধৰিলে । সেইসকল বিহিয়াক পিছত মিৰি চুতীয়া বুলিছিল।

চুতীয়াসকলৰ মাজত বেবেজীয়া চুতীয়া নামৰ খেল এটাও আছিল। যিসকল চুতীয়াই পেট প্ৰৱৰ্তাবৰ কাৰণে বেত কাটি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছিল সেইসকলকে বেবেজীয়া চুতীয়া বুলি কৈছিল। কিন্তু অভিধানত বেবেজীয়া শব্দৰ অৰ্থ সানমিহলি বুলি কৈছে। তাৰ অৰ্থ হল বেবেজীয়া চুতীয়াৰ উপৰিও মিছিং, মিচিমি , সোণোৱাল আদি জাতিৰ মাজতো বেবেজীয়া মানুহ আছে। এই আটাইবোৰ বেত কটা মানুহ মিলাই বেবেজীয়া শব্দৰ অৰ্থ প্ৰতিপন্ন কৰিছে । আহোম ৰজা প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই কেইবাখনো বেবেজীয়া গাঁও স্থাপন কৰিছিল । গোলাঘাট জিলাত এতিয়াও বেবেজীয়া মিছিং মানুহ আছে। লক্ষীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ মৰণৈ বেবেজীয়া আৰু কেঁকুৰী বেবেজীয়া নামৰ অঞ্চল দুটাত বেবেজীয়া চুতীয়া মানুহ আছে।

সহায়ক গ্ৰন্থ পঞ্জী:- চুতীয়াৰ ইতিহাস আৰু সংস্কৃতি ,(পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া ) চুতীয়া জাতিৰ বুৰঞ্জী , (স্বৰ্ণ লতা বৰুৱা), মিৰি জাতিৰ বুৰঞ্জী (সোণাৰাম পাঞাং কটকী )

Image may contain: 1 person, selfie and close-up
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s