মিছিং সকলৰ চাংঘৰ


মিছিং সকলৰ চাংঘৰ

মিছিংসকল অসমৰ দ্বিতীয় সৰ্ব বৃহত জনজাতীয় জনগোষ্ঠী। মিছিংসকল অসমত বসবাস কৰি থকাৰ তথ্য শদিয়াত চুতীয়াসকলৰ ৰাজত্বৰ সময়ৰ পৰা পোৱা যায় ।মিছিংসকলে শদিয়াত চুতীয়াসকলৰ ৰাজত্বৰ কালছোৱাত অৰুণাচল প্ৰদেশৰ সোৱণশিৰি আৰু চিয়াং জিলাৰ লগতে অসমৰ সীমাঞ্চলত বাস কৰিবলৈ লয়। কথিত আছে যে পাহাৰীয়া আৰু ভৈয়ামবাসী মানুহৰ মাজত মিচিংসকলে ৰাজনৈতিক আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যোগসূত্ৰ স্থাপন কৰি দি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। সেইবাবে তেওঁলোকক ‘মিৰি’ বুলি কোৱা হৈছিল। মিৰি শব্দৰ অৰ্থ-মধ্যস্থতা। কিন্তু মিছিংসকলে পূৰ্বৰ পৰাই নিজকে মিছিং বুলিহে চিনাকি দি আহিছে।

FB_IMG_1482287726376

মিচিংসকলৰ বৰ্তমান প্ৰধান গৃহভূমি হ’ল অসমৰ উত্তৰ লখিমপুৰ, ধেমাজি , শোণিতপুৰ জিলা ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু তিনিচুকীয়া জিলা। তেওঁলোকে নৈ পৰীয়া’ জনজাতি বুলিও জনাজাত।

এই মিচিংসকলৰ থকা ঘৰবোৰো কাঠ-খেৰেৰে সজা দীঘলীয়া আৰু আহল-বহল। চাঙৰ পৰা উঠা-নমা কৰিবলৈ দুয়োমূৰে দুডাল কাঠৰ জখলা থাকে। চাঙৰ ওপৰত বাঁহৰ গাধৈ পাৰি দিয়া থাকে। ঘৰবিলাক পৰাপক্ষত উত্তৰ-দক্ষিণ মুৱাকৈ সাজে। ঠাই বা আন ধৰণৰ অসুবিধা হ’লেহে পূৱা-পশ্চিমাকৈ সজে। কাৰণ তেওঁলোকে সদায় পূবপিনে থৈ শোৱে। পশ্চিমপিনে মূৰ থৈ কেতিয়াও নোশোৱে। মৰা মানুহকহে শ্মশানলৈ নিয়াৰ আগেয়ে পশ্চিমমুৱা কৰি শুৱাই থয়। ঘৰৰ বেৰাবোৰ বাঁহৰ গাধৈ নাইবা ইকৰা খাগৰিৰে বৈ দিয়া। এই বেৰবোৰ মাটিৰে নিলিপে। তাৰ কাৰণ সহজতে ঘৰৰ ভিতৰলৈ পোহৰ আৰু সূৰ্যৰ ৰশ্মি সোমাই আহে আৰু সেয়ে ভিতৰখন যথেষ্ট পোহৰ হৈ থাকে। লগতে সূৰ্যৰ ৰশ্মিয়ে বীজাণু নাশ কৰি ভিতৰখন স্বাস্থ্যসন্মত কৰি ৰাখে। মিচিংসকলে ৰন্ধা-বঢ়াৰ কামো চাঙৰ ওপৰতে কৰে। তাৰ কাৰণে বিজ্ঞানসন্মত ভাৱে এডোখৰ জুইশাল তৈয়াৰ কৰি লয়। জুইশালক তেওঁলোকে ‘মে:ৰাম’ বুলি কয়। এই জুইশাল বা মে:ৰামৰ কাষতে পৰিয়ালৰ মূল ব্যক্তিসকলে শোৱে। ঘৰটোৰ পুতলেদি ঠিক সোঁমাজত পৰা কৰি ৫/৬ বৰ্গফুট বহল আৰু ৬ ইঞ্চিমান উচ্চতাৰ কাঠৰ ফ্ৰেম এটা বনাই স্থাপন কৰা হয়। তাৰ পিছত সেই ঠাইখিনি চাফা মাটিৰে পূৰ কৰি ভালকৈ লিপি-মচি লোৱা হয়। তৰ ওপৰতে উধান পাতি বা চৌকা সাজি জুই জ্বলায় আৰু ৰন্ধা-বঢ়া কৰে। মে:ৰাম অতি পৱিত্ৰ ঠাই। ইয়াৰ ওপৰত কোনো সাবালকে ভৰি নুঠায়। উঠালে অপৱিত্ৰ হৈ যাব বুলি তেওঁলোকে বিশ্বাস কৰে। ঘৰৰ বা বংশৰ মানুহৰ মৃত্যু হ’লে মে:ৰাম চুৱা হয় বুলি বিশ্বাস কৰি তাৰ মাটি খান্দি পেলায় দি নতুন মাটি তুলি পুনৰ তাক সাজি লোৱা হয়। মিচিংসকলৰ চাংঘৰতো চ’ৰাঘৰ, বাৰান্দা আদিৰ ব্যৱস্থা আছে। ঘৰটোৰ আগপিনে আৰু পাছফালে চাঙৰেই প্ৰায় ৮/১০ ফুটৰ বাৰান্দা থাকে। সাধাৰণতে মাটিৰ বাৰান্দাত ঢেঁকীশাল থাকে। কিছুমানৰ ঢেঁকিশালখন সুকীয়া মাটি ঘৰত থাকে। আলহী-অতিথি আহিলে প্ৰথমে চাং বাৰান্দাত বহুওৱা হয়।তদুপৰি আজৰি সময়ত জিৰাবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয়। পিছপিনৰ চাংবাৰান্দাখন গৃহস্থৰ মূল মানুহহালৰ আছুতীয়া স্থান। সাধাৰণতে ঘৰৰ বুঢ়া বুঢ়ীহালে নাতি-নাতিনীক লৈ তাত উমলি হাঁহি-তামাচাৰে সময় কটায়। এই চাংঘৰবোৰৰ গুণাগুণ বিশ্লেষণ কৰি চালে তাত কিছুমান বিজ্ঞানসন্মত আৰু কম বা নিন্মব্যয়ী কাৰণ সোমাই থকা যেন লাগে। প্ৰথম কথা হ’ল-এই ঘৰবোৰ স্থাস্থ্যসন্মত, কাৰণ তাত ধুনীয়াকৈ সূৰ্যৰ ৰশ্মি আৰু পোহৰ সোমায়।

দ্বিতীয়তে, ওখ চাং হোৱা বাবে নদীৰ লেতেৰা বোকা-পানী, জাবৰ-জোথৰ আৰু মানুহক অন্যায় কৰিব পৰা দূষিত গেছ প্ৰৱেশ কৰিব নোৱাৰে।

তৃতীয়েতে, এই ঘৰবোৰ বিষাক্ত কীট-পত্ংগ বা সৰ্পৰ ভয়ৰ পৰাও মুক্ত। আটাইতকৈ ডাঙৰ কথাটো হ’ল, এই ঘৰবোৰৰ নিৰ্মাণ সমগ্ৰীবোৰ স্থানীয়ভাৱে হাবি-জঙ্ঘলতেই পোৱা যায়। অতি কম খৰচতে ঘৰ এটা নিৰ্মাণ কৰিব পাৰি। দুখীয়া মানুহৰ কাৰণে এনেবোৰ ঘৰ অতি উপযোগী। বিজ্ঞানসন্মত এনেবোৰ ভিত্তি থকা বাবেই কিজানি পৰৱৰ্তী কালত বৃটিছসকলেও চাংবাংলোৰ ব্যৱস্থা কৰিছিল। সেইফালৰ পৰা চাবলৈ গ’লে সেই সময়ত আমাতকৈও আগবঢ়া বৃটিছসকলে আওপকীয়াকৈ এই চাংঘৰবোৰৰ স্বীকৃতি প্ৰদান কৰি গৈছে।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s