ষাঠিৰ দশকৰ জনজাতীয় ৰাজনীতি, উদয়াচল দাবী আৰু বড়োসকলৰ উত্থান


ষাঠিৰ দশকৰ জনজাতীয় ৰাজনীতি, উদয়াচল দাবী আৰু বড়োসকলৰ উত্থান ।

ষাঠিৰ দশকৰ আৰম্ভণিৰ পৰা আহােম আৰু বড়ােসকলে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল I স্বাধীনতাৰ পিচত সম-অধিকাৰ আৰু সমবিকাশৰ আশা লৈ দুয়ােটা জনগােষ্ঠীয়ে কংগ্রেছৰ মূল সুঁতিত ভৰি দিছিল ৷ কিন্তু দুয়োটাৰেই ভুল ভাগিছিল। তাৰ কিছুদিনৰ পিচতে কংগ্রেছ হৈ পৰিছিল এচাম হিন্দু উচ্চ বর্ণৰ নেতাৰ দল, য’ত আছিল মাথো দুজনমান মুছলমান আৰু তাতোকৈ কম জনগোষ্ঠীৰ নেতা। জনগোষ্ঠীৰ আৱেগ আৰু চিন্তাধাৰাক গোপীনাথ বৰদলৈৰ পিচৰ চাম কংগ্রেছ নেতাই সম্পূর্ণভাৱে উপেক্ষা কৰিলে I তাৰেই ফলত বড়ো আৰু আহোমসকলে নিজৰ অধিকাৰ বিচাৰি আগুৱাই আহিছিল ৷ আহােমসকলৰ দাবীটো বৰ বেছি আগুৱাব নােৱাৰিলে, কিন্তু বড়োসকলৰ দাবীটো সজােৰে উত্থাপন হ’ল আৰু তাৰ বাবে তেওঁলোকে যি ত্যাগ কৰিব লাগে ত্যাগ কৰি হলেও লক্ষ্যস্থানলৈ আগবাঢ়ি গৈ থাকিল ।

প্রথমে আহোঁ বড়োসকলৰ কথালৈ। বড়োসকলৰ জাতীয় চেতনাবােধ প্রথম পৰিস্ফূট হৈছিল কালীচৰণ ব্রহ্মৰ কৰ্মৰাজিত ৷ কালীচৰণ ব্ৰহ্মই ধর্মীয় মতবাদৰ পৰা সামাজিক কথাত বড়ো সমাজক এক দিশ দেখুৱাবলৈ সক্ষম হৈছিল ৷

বড়োসকলৰ প্রকৃত পিতৃ পুৰুষ আছিল কালীচৰণ ব্রহ্ম। তেওঁ ছাইমন কমিছনৰ আগত বড়োসকলৰ হৈ এক স্মাৰকপত্র প্রদান কৰিছিল। ১৯২৮ চনৰ ১৪ ছেপ্টেম্বৰত অসম কছাৰী যুৱক সম্মিলনৰ ফালৰ পৰাও কমিছনৰ আগত এখন স্মাৰকপত্র দিয়া হৈছিল আৰু ইয়াত চহী কৰিছিল সম্মিলনীৰ সম্পাদক যাদৱ চন্দ্র খাখলাৰীয়ে ৷ তেওঁলোকে বিচাৰিছিল অসম বিধান সভা বা তেতিয়াৰ ব্যৱস্থা পৰিষদত বড়োসকলৰ সুকীয়া স্থান, সৈন্য বাহিনীত বড়ো ৰেজিমেন্ট আৰু কােকৰাঝাৰ বা হল্টু গাঁৱৰ নামত এটা মহকুমা। সেয়া আছিল বড়োসকলৰ প্রথম আশা-আকাংক্ষাৰ এক দলিল। গোৱালপাৰাৰ বড়ো, ৰাভা আৰু গাৰোসকলৰ হৈ ছাইমন কমিছনৰ আগত হৰিশ চন্দ্র দাসেও ১৯২৮ চনৰ ৮ আগষ্টত আন এখন স্মাৰক পত্র প্রদান কৰিছিল ৷

জনজাতীয়সকলৰ নেতৃত্বত প্রথমটো ৰাজনৈতিক অনুষ্ঠান বা দল ‘সদৌ অসম ট্ৰাইবেল লীগ’ৰ জন্ম হয় নগাঁও জিলাৰ ৰহাত ১৯৩৩ চনৰ ১৭ এপ্রিলত। ১৯৩৭ চনৰ সাধাৰণ নির্বাচনত চাৰিওটা জনজাতীয় লোকেৰে পুষ্ট সমষ্টিত লীগে প্রার্থিত্ব দিয়ে আৰু চাৰিওটাতে জয়লাভ কৰে। জয়লাভ কৰা প্রার্থীসকল আছিল-ৰূপনাথ ব্রহ্ম ( গোৱালপাৰা জিলা), ৰবিচন্দ্র কছাৰী (কামৰূপ আৰু দৰং জিলা), ধীৰ সিং দেউৰী (নগাঁও জিলা) আৰু কার্ক চন্দ্র দলে (শিৱসাগৰ জিলা)। ইয়াৰ বাহিৰেও লীগৰ সাধাৰণ সম্পাদক ভীমবৰ দেউৰীও ব্যৱস্থা পৰিষদলৈ নির্বাচিত হয়।

ছাদুল্লা চৰকাৰৰ পতন ঘটুৱাই ট্রাইবেল লীগে কংগ্রেছৰ লগত চৰকাৰ কৰে। চৰকাৰ গঠন কৰাৰ আগতে কংগ্রেছ আৰু ট্রাইবেল লীগৰ জনগোষ্ঠীৰ আশা আকাংক্ষাবোৰ সমাধানৰ কাৰণে পূর্ণ চর্তাৱলীৰ চুক্তিত চহী কৰা হয়।

১৯৪০ চনৰ পৰা ১৯৪৬ চনৰ সময়ছোৱাত ট্ৰাইবেল লীগক লৈ মুছলিম লীগ আৰু কংগ্রেছৰ মাজত টনাটনি লাগি থকাৰ পিচত ঠিক স্বাধীনতাৰ আগে আগে ট্ৰাইবেল লীগ কংগ্রেছৰ কাষ চাপে আৰু বৰদলৈ মন্ত্ৰীসভাত ভীমবৰ দেউৰীক অন্তর্ভুক্ত কৰা হয় ৷ অৱশ্যে ব্রিটিছ কেবিনেট মিছনৰ আগত ১৯৪৬ চনৰ ২৬ এপ্রিলত ট্রাইবেল লীগে ভৈয়ামৰ জনজাতীয় সকলৰ কাৰণে অসম ব্যৱস্থা পৰিষদত চাৰিখন আসনৰ ঠাইত ১৬ খন আসনৰ প্রস্তাৱ দিয়ে I এই স্মাৰক পত্রত চহী কৰিছিল মদাৰাম ব্রহ্ম, ৰূপনাথ ব্রহ্ম আৰু সীতানাথ ব্রহ্ম চৌধুৰীয়ে।

কংগ্রেছে প্রথমটো বিশ্বাসঘাতকতা কৰিলে সংবিধান সভাত (Constituent Assembly) অংশগ্রহণৰ সময়ত ৷ অসম ব্যৱস্থা পৰিষদৰ পৰা সংবিধান সভালৈ ১০ জন সদস্য বিচৰা হৈছিল I ট্ৰাইবেল লীগৰ মনোনীত সদস্য ভীমবৰ দেউৰীক উপেক্ষা কৰি কংগ্রেছে নিজ দলৰ নেতা ধৰণীধৰ বসুমতাৰীক মনোনীত কৰে ৷ সেয়া আছিল ১৯৪৬ চনৰ ১৬ জুলাই মাহ। সেই বিশ্বাসঘাতকতাক কান্ধত লৈ ১৯৪৭ চনৰ ২০ মার্চতে ট্রাইবেল লীগে ভৈয়ামৰ জনজাতীয় গোষ্ঠীসমূহৰ কাৰণে সংবিধানৰ পঞ্চম দফাৰ অধীনত এক অনূসূচিত এলেকা বিচাৰে। কিন্তু কংগ্রেছে ধৰণীধৰ বসুমতাৰীক বলিৰ পঠা সজাই সেই দাবীক আওকাণ কৰিবলৈ সক্ষম হয়।

স্বাধীনতাৰ ৰ’দ কাঁচলিত গোপীনাথ বৰদলৈৰ নেতৃত্বত ভৈয়ামৰ জনগোষ্ঠীয় আৱেগক কিছু সন্মান দিয়া হৈছিল যদিও স্বাধীন ভাৰতৰ জাতীয় চেতনাৰ ঢৌৱে ট্ৰাইবেল লীগৰ প্রয়োজনীয়তাকে অপ্রাসংগিক কৰি তুলিছিল ৷ সেই কাৰণেই ট্রাইবেল লীগ ভংগ কৰি দিয়া হয় আৰু তাৰ সদস্যসকল বেলেগ বেলেগ দললৈ গুচি যায়৷ ৰূপনাথ ব্রহ্মই কংগ্রেছত যোগদান কৰে আৰু পৰৱর্তী ৩০ বছৰ ধৰি ভৈয়াম জনজাতিৰ অবিসম্বাদী নেতা হিচাপে কংগ্রেছ চৰকাৰৰ মন্ত্ৰী হিচাপে কার্য্য নিৰ্বাহ কৰে৷ ট্ৰাইবেল লীগ ভংগ কৰি দিয়াৰ সিদ্ধান্ত ভৈয়ামৰ জনজাতিসকলৰ এক মাৰাত্মক ভুল সিদ্ধান্ত হিচাপে পিছত পৰিগণিত হ’ল আৰু স্বাধীনতাৰ প্রথমটো দশক পাৰ হৈ যােৱাৰ লগে লগেই ইয়াৰ প্রয়োজনীয়তা বড়ো যুৱ সমাজৰ মাজত বাৰুকৈয়ে প্রতিফলিত হৈছিল I জনগোষ্ঠীৰ লোকসকলৰ কোনো উমৈহতীয়া মঞ্চ নথকাৰ সুযোগ আন আন ৰাজনৈতিক দলবােৰে গ্রহণ কৰি জনগােষ্ঠীয়সকলক বঞ্চনা কৰি গৈ থাকিল ৷পুঞ্জীভূত ক্ষোভ লৈ আগবাঢ়িছিল বড়ো যুৱ সমাজ।

বড়োসকলৰ পুনৰ অভ্যুত্থান হ’ল বড়ো সাহিত্য সভাৰ যােগেৰে। ১৯৫২ চনৰ ১৬ নবেম্ভৰত বাসুগাৱত বড়ো সাহিত্য সভাৰ জন্ম হ’ল আৰু কিছুদিনৰ পিচতেই বড়ো বসতি প্ৰধান অঞ্চলৰ স্কুলত বড়ো মাধ্যমত পঢ়োৱাৰ দাবী বড়ো সাহিত্য সভাই উত্থাপন কৰিলে। তদনীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে কিন্তু এই দাবীক বৰ গুৰুত্ব নিদিলে আৰু পাঠ্যপুথিত মাথোঁ দুখনমান বড়ো পুথি সন্নিবিষ্ট কৰিব বিচাৰিলে। সেই প্রস্তাৱক বড়ো সাহিত্য সভাই অগ্রাহ্য কৰিলে।

বিমলা প্রসাদ চলিহা বড়ো আৰু ভৈয়াম জনজাতি বিষয়ত বিষ্ণুৰাম মেধিতকৈ উদাৰ আছিল। তেওঁৰ উদ্যোগতে তৃতীয় শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে বড়ো অঞ্চলত বড়ো ভাষা প্রবর্তন কৰা হল।

বড়ো সাহিত্য সভাই প্রথমে সন্মত হৈছিল যদিও প্রায়ােগিক অসুবিধাৰ সম্মুখীন হোৱা কাৰণে বড়ো মাধ্যম ষষ্ঠ শ্ৰেণীলৈ বিচাৰিলে। বিচৰা কার্যটো লাহে লাহে এক আন্দোলনলৈ পৰিৱর্তিত হ’ল। চৰকাৰে প্রথমতে এই দাবী মানি ল’বলৈ টান পালে।

কংগ্রেছৰ ভিতৰত থকা বড়ো নেতৃবৃন্দই লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছিল যে বড়ােসকলে কংগ্রেছৰ পৰা কোনোদিনেই প্রকৃত ন্যায় নাপায়। সেই কাৰণেই ১৯৬৭ চনৰ অসম বিধানসভাৰ নির্বাচনত কংগ্রেছৰ ভিতৰৰ পৰাই এচামে কংগ্রেছৰ বিৰোধিতা কৰি নির্বাচনত নামি পৰিল। চৰণ নার্জাৰীয়ে প্রথম বাৰৰ বাবে নির্দলীয় প্রার্থী হিচাপে থিয় দিলে ৷ তেওঁ কংগ্রেছৰ ৰণেন্দ্র নাৰায়ণ বসুমতাৰীৰ হাতত পৰাস্ত হয় যদিও বড়ো ৰাজনৈতিক শক্তিৰ পুনৰ উত্থানৰ বাট মুকলি হয়।

ঠিক তাৰ কিছুদিন পিচতেই ইন্দিৰা গান্ধীয়ে ফেডাৰেল গাথনিৰে অসম পুনৰ গঠনৰ কথা ঘোষণা কৰে৷ সেয়া আছিল ১৯৬৭ চনৰ ১৩ জানুৱাৰী। লগে লগেই বড়ােসকলৰ মাজতো ইয়াৰ প্রভাৱ পৰিল। বড়ােসকলে ইয়াৰ সুবিধা লৈ নিজৰ আশা আকাংক্ষা প্রতিফলিত হ’ব পৰাকৈ এক শাসন ব্যৱস্থা বিচাৰিলে ৷
সমৰ ব্রহ্ম চৌধুৰী, প্ৰসেনজিৎ ব্রহ্ম আৰু চৰণ নার্জাৰীৰ নেতৃত্বত ১৯৬৭ চনৰ ২৭ ফেব্রুৱাৰীত এক বড়ো জাতীয় অভিৱর্তন অনুষ্ঠিত হল। মদাৰাম ব্রহ্মৰ সভাপতিত্বত বহা এই জাতীয় অভিৱর্তনে মিজাে আৰু খাছীসকলৰ নিচিনাকৈ বড়োসকলকো স্বায়ত্ত শাসন দিবলৈ দাবী উত্থাপন কৰিছিল। সেই অভিৱর্তনতে বড়ােসকলৰ দাবীক সাকাৰ ৰূপ দিবলৈ অসম ভৈয়াম জনজাতি পৰিষদ বা Plains Tribal Council of Assam (PTCA) নামৰ এটা ৰাজনৈতিক সংগঠনৰ জন্ম হয় ৷

১৯৬৭ চনৰ ৮ এপ্রিলত দৰঙৰ এডেনবাৰীত বহা দ্বিতীয়খন সভাত ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ সংবিধান গ্রহণ কৰা হয় ৷ সেই সভাতেই ভৈয়ামৰ জনজাতিসকলৰ কাৰণে সম্পূর্ণ স্বায়ত্ত শাসন দাবী কৰা হয় I স্বায়ত্ব শাসনৰ দাবী জোৰদাৰ কৰিবলৈ পৰিষদৰ এটা সজাতী দলে সমৰ ব্রহ্ম চৌধুৰী আৰু চৰণ নার্জাৰীৰ নেতৃত্বত দিল্লী যাত্রা কৰি ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনক ১৯৬৭ চনৰ ৯ জুনত প্রথমখন স্মাৰকপত্র প্রদান কৰে ৷ পিচদিনাখন গৃহমন্ত্ৰী ৱাই বি চৱন আৰু উদ্যেগে মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদকাে লগ ধৰে ৷ ইয়াৰ পিচত আছে তেওঁলোকৰ প্ৰথমটো নির্বাচন কেন্দ্ৰিক পদক্ষেপ- যিয়ে বড়ো সমাজক প্রথমবাৰৰ বাবে একগোট কৰাই নহয় বৰঞ্চ আৱেগিক কৰি তুলিছিল এই সুবিধা আহিছিল অপ্রত্যাশিতভাৱে ৷ ৰূপনাথ ব্রহ্মই কােকৰাঝাৰ লোকসভাৰ পৰা বিনা প্রতিদ্বন্দিতাৰে নির্বাচিত হৈছিল যদিও ১৫ দিনৰ ভিতৰতে বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিবলৈ সক্ষম নােহােৱাত লোকসভাৰ উপ-নিৰ্বাচনৰ দৰকাৰ হৈছিল। এই সুযোগৰ পূর্ণ সুবিধা লৈছিল বড়ো নেতৃবৃন্দই।

ভৈয়াম জনজাতি পৰিষদে ১৯৬৭ চনৰ ৩০ জুন আৰু ১ জুলাইৰ এটা সিদ্ধান্ত মতে এই নির্বাচন বর্জন কৰি এক বৃহৎ আন্দোলন গঢি তোলে ৷ নির্বাচনৰ পৰিৱর্তে বিচাৰে ভৈয়াম জনজাতিৰ কাৰণে স্বায়ত্ব শাসন। লগে লগে ই সমগ্র অবিভক্ত গোৱালপাৰা জিলাতে বিয়পি গ’ল। কংগ্রেছ দল আৰু ভাৰত চৰকাৰকাে এই বৰ্জনৰ বিষয়ে জনােৱা হল। নির্বাচন অৱশ্যে বন্ধ কৰিব বা পিচুৱাব পৰা নগ’ল। ১৯৬৮ চনৰ ১৯ মে’ত নির্বাচন অনুষ্ঠিত হৈ গ’ল। চৰকাৰে নির্বাচনত বাধা দিব পাৰে বুলি PTCA ৰ কেইবা হাজাৰো সমর্থকক গ্রেপ্তাৰ কৰিছিল।

নির্বাচন হৈ গ’ল। কিন্তু ১৯৬৮ চনৰ ২২ মে’ৰ দিনা PTCA ৰ হাজাৰ হাজাৰ সমর্থক নির্বাচনৰ দিনা গ্রেপ্তাৰ হোৱা সতীর্থসকলৰ মুক্তিৰ দাবী কৰি কোকৰাঝাৰৰ মহকুমাধিপতিৰ কার্যালয়লৈ শান্তিপূৰ্ণ ভাৱে প্রতিবাদী সমদল কৰি আগুৱাই গৈছিল। সেই বিশাল সংখ্যক প্রতিবাদীয়ে হিংসাত্মক ৰূপ লােৱা দেখি পুলিচে তেওঁলােকৰ ওপৰত গুলীবর্ষণ কৰে আৰু তাৰ ফলত প্রায় ১২ জন প্রতিবাদকাৰী আহত হয়। এই ঘটনাই ভৈয়াম জনজাতিসকলৰ স্বায়ত্ত শাসনৰ আন্দোলনক আৰু বেছি তীব্রতৰ কৰি তোলে। উল্লেখযোগ্য যে প্রতিবাদৰ কাৰণে ২৮৪টা ভোট কেন্দ্রৰ ভিতৰত ১৭৭টা ভোট কেন্দ্রতহে ভোট গ্রহণ সম্ভৱ হয় ৷ ১০৭টা ভোট কেন্দ্রত পুনৰবাৰ ভোট গ্রহণ কৰিবলগীয়া হয়।

১৯৬৮ চনৰ জুলাই মাহত PTCAৰ প্রায়বােৰ নেতাকে কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় ৷ কিন্তু তেতিয়ালৈকে ভৈয়াম জনজাতিসকলৰ মাজত স্বায়ত্ব শাসনৰ দাবীটোৱে সকলোৰে অন্তৰ চুই গৈছিল৷ সকলোৱে বুজিছিল যে স্বায়ত্ব শাসনৰ প্রয়োজনীয়তা কিমান। ভৈয়ামৰ সকলো ভৈয়াম জনজাতিয়ে বুজিছিল যে আন ৰাজনৈতিক দলবােৰে বিভিন্ন উপায়েৰে তেওঁলােকক বঞ্চনা কৰি থাকিব। সকলোৱে বুজিছিল যে স্বায়ত্ব শাসনহে একমাত্র বিকল্প। এক কথাত ক’বলৈ গ’লে ষাঠিৰ দশকৰ মাজভাগৰ পৰা ভৈয়ামৰ জনজাতিসকলৰ গৰিষ্ঠসংখ্যকে উচ্চ বর্ণৰ অসমীয়াৰ পৰা ক্রমান্বয়ে আঁতৰি আহিছিল আৰু তাৰ কাৰণে অসমীয়াৰ গোড়ামীয়েই আছিল বেছিকৈ দায়ী। অসমত ভৈয়ামৰ জনজাতিসকলৰ স্বায়ত্ব শাসনৰ দাবীটোৱে সত্তৰৰ দশকত উদয়াচল দাবী হিচাপে জনাজাত হৈছিল।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s