অসমত বাংলাদেশী পমুৱাৰ আগমনঃ এক চমু অৱলোকন


অসমত বাংলাদেশী পমুৱাৰ আগমনঃ এক চমু অৱলোকন

অসমৰ সমাজ তথা ৰাজনৈতিক জীৱনত দ্বিতীয় বিশ্ব যুদ্ধই যি বিভীষিকা নমাই আনিছিল সি ভাল দৰে নির্বাপিত হ’বলৈ নৌপাওঁতেই আন এটা আশংকাই অসমৰ ৰাজনীতিত ক্রমান্বয়ে তীব্র ৰূপত ভূমুকি মাৰিছিল আৰু সেয়া হ’ল পূৱ বংগৰ (বর্তমান বাংলাদেশ) পৰা অহা প্রব্রজনকাৰীসকলৰ অসমৰ ৰাজনীতিত ক্রমবর্ধমান ৰূপত বাঢ়ি অহা দপদপনি ৷ তেনে সময়তে ১৯৪৪ চনৰ ১০ জুলাইত কংগ্রেছ সভাপতি ৰাজাগোপালাচাৰী আৰু মহম্মদ আলী জিন্নাৰ আলোনোমর্মে উত্থাপিত চি আৰ ফর্মূলাটোৱে অসমীয়া মানুহৰ মনৰ জ্বলা জুইকুৰা অধিক যেন জ্বলাই তুলিছিল। চি আৰ ফর্মূলাৰ দ্বিতীয় দফাটোত কােৱা হৈছিল- ‘যুদ্ধৰ শেষত এখন কমিছন পতা হ’ব, যি ভাৰতৰ উত্তৰ, পশ্চিম আৰু পূৱ অংশৰ মূছলমান সংখ্যা গৰিষ্ঠভাৱে একেলগ হৈ থকা অংশ দুটা চিনাক্ত কৰিব। এনেকৈ চিনাক্ত কৰি উলিওৱা এলেকা দুটাৰ প্রাপ্ত বয়স্ক সকলাে লোকৰে ভাগ লোৱা গণভোটৰ আধাৰত বিচাৰ হ’ব ভাৰত বিভাজনৰ বিষয়টো । যদি সংখ্যাগৰিষ্ঠ লোকে হিন্দুস্থানৰ পৰা বিচ্ছেদ হৈ এনে সুকীয়া সার্বভৌম দেশ বিচাৰে, তেনেহ’লে সেই সিদ্ধান্তই মানি লোৱা হ’ব। দাতি কাষৰীয়া জিলাবােৰৰো অধিকাৰ থাকিব দুয়োখন দেশৰ কোনো এখনক বাছি লবলৈ।

যি সময়ত পূৱ বংগৰ পৰা অহা হিন্দু-মূছলমান প্ৰব্রজন কাৰীসকলে অসমৰ খিলঞ্জীয়া লোকসকলক নিজ ভূমিতে সংখ্যালঘু কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছিল, সেই সময়ত এনেধৰণৰ এটা ফর্মূলাই অসমৰ থলুৱা মানুহক সন্দিহান কৰি তােলাটো স্বাভাৱিক কথা। বিশেষকৈ মুছলিম লীগৰ প্রত্যক্ষ উচটনিত পমুৱা মুছলমানসকলে গাৰ বলেৰে অসমৰ চৰণীয়া পথাৰ আৰু পতিত মাটি দখল কৰি অঞ্চল বিশেষে সংখ্যা গৰিষ্ঠ হৈ পৰিছিল। গণ ভোটৰ আধাৰত নিজৰ দেশ ঠিক কৰাৰ অধিকাৰ পালে এই সকলে যে পাকিস্তানৰ পক্ষ ল’ব, সি নিশ্চিত আছিল ৷ এই শংকাটোৱে অসমৰ খিলঞ্জীয়া লোক সকলৰ ভৱিষ্যৎ অনিশ্চিত কৰি তুলিছিল। লাইন প্ৰথাই দিব নােৱৰা ভূমি সুৰক্ষা, ৰাজনৈতিক উদ্দেশ্যত হোৱা ভূমি পট্টন আদি বিষয়বােৰক কেন্দ্র কৰিয়েই স্বাধীনতাৰ আগৰ সময়ছোৱাৰ বছৰ কেইটাত অসমৰ ৰাজনীতি উত্তাল হৈ আছিল ।

ছাদুল্লা মন্ত্ৰীসভাই চতুৰ্থ বাৰ ক্ষমতালৈ অহাৰ ঠিক এবছৰৰ পিচতে অর্থাৎ ১৯৪৩ চনৰ ২৪ আগষ্টৰ দিনা মাটি পট্টন সম্পর্কে এটা প্রস্তাৱ গ্রহণ কৰিছিল ৷ দেখাত এই প্রস্তাৱটোৰ উদ্দেশ্য অধিক খাদ্য উৎপাদন কৰা আছিল যদিও কিছুমান লোকৰ মতে ইয়াৰ প্রকৃত কাৰণটো আছিল মুছলমান পমুৱাৰ বাবে অসমলৈ অহাৰ বাট অধিক সুচল কৰা। প্রস্তাৱটোৰ গুৰুত্বপূর্ণ অংশকেইটা আছিল এনেধৰণৰ –

(১) নগাঁও জিলাত পতিত হৈ থকা মাটি আৱশ্যক বুজি বিভিন্ন সম্প্রদায়ৰ লোকৰ মাজত বিতৰণ কৰা আৰু সেই অর্থে চৰণীয়া পথাৰবােৰৰো কিছু অংশ খেতি আৰু বসতি স্থানলৈ ৰূপান্তৰ কৰা,

( ২) কামৰূপ আৰু দৰং জিলাতো প্রয়োজনতকৈ অধিক চৰণীয়া পথাৰ যদি আছে তেন্তে সেইবােৰো বসতিৰ কাৰণে খুলি দিয়া আৰু

(৩) শিৱসাগৰ আৰু লখিমপূৰ জিলাৰ পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত মাটিহীন থলুৱা লোকৰ বসতিৰ বাবে নতুনকৈ ঠাই উলিওৱা।

১৯৪৩ চনত অসমলৈ অহা ভাৰতৰ বৰলাট লর্ড ৱাভেলে এই প্রস্তাৱটোৰ জৰিয়তে অসমত “অধিক মুছলমান গজােৱা” বুলি তির্যক মন্তব্য দিছিল যদিও ছাদুল্লাৰ সমৰ্থনত এচামে ক’ব খোজে যে সেই সময়ত সমগ্র বিশ্বতে খাদ্য সংকটে যি ভয়ানক ৰূপ ধাৰণ কৰিছিল, তাৰ পৰা পৰিত্রাণ পাবলৈ পৰিশ্রমী পমুৱা লোকসকলে খাদ্য শস্য উৎপাদনৰ কাৰণেই অসমত সােমাই পৰিছিল। চিলেট যিহেতু অসমৰ অন্তৰ্গত আছিল , সেয়েহে ছাদুল্লাৰ বাবে সেই প্রব্রজনক বাধা দিয়াৰ আন উপায়ো হাতত নাছিল।

১৯৪৪ চনৰ ১৬১৯ ডিচেম্বৰত মহম্মদ ছাদুল্লাৰ সভাপতিত্বত এখন সর্বদলীয় সভা অনুষ্ঠিত হয় ৷ সভাখন অনুষ্ঠিত কৰাৰ উদ্দেশ্য আছিল ভূমি বন্দৱস্তৰ ক্ষেত্রত এটা উপযুক্ত নীতি বাহিৰ কৰা। ছাদুল্লাই এই সভাখনত ভূমি নীতিৰ ক্ষেত্রত মুছলিম লীগৰ স্থিতিৰ পৰা ফালৰি কাটি আহি কংগ্ৰেছৰ স্থিতিৰ প্রতি নিজৰ সমর্থন প্রকাশ কৰিলে। সভাই ভূমি বন্দৱস্তৰ ক্ষেত্রত নিম্নোক্ত নীতিসমূহ গ্রহণ কৰিলে-

( ১) থলুৱা লোকৰ বাবে পতিত মাটিৰ ৩০ শতাংশ সংৰক্ষণ কৰা।

(২) ভূমিহীন থলুৱা আৰু ১৯৩৮ চনৰ আগতে অসমলৈ প্রব্রজন কৰা লোকসকলৰ বাবে অৱশিষ্ট পতিত মাটি পট্টন দিয়াৰ এক পৰিকল্পিত বন্দৱস্ত কৰা।

(৩) জনজাতীয় লোকৰ বাবে গঠন কৰি দিয়া বেষ্টনীবােৰত (Belts) জনজাতীয় লোকসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে এক বিশেষ সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা আৰু

( 8) চৰণীয়া পথাৰবােৰ যাতে দখলৰ পৰা মুক্ত হৈ থাকে, তাৰ বাবে বিশেষ তৎপৰতা গ্রহণ কৰি অবৈধ দখল উচ্ছেদ কৰা ৷

সর্বদলীয় সভাৰ এই সিদ্ধান্তবোৰে কংগ্রেছৰ কৌশলগত বিজয় সাব্যস্ত কৰিছিল যদিও সকলোৱে একমুখে প্রস্তাৱবােৰ সমর্থন কৰা নাছিল। প্রব্রজনকাৰীসকলক প্রতিনিধিত্ব কৰা দুগৰাকী অংশগ্রহণকাৰীয়ে ইয়াৰ প্রতিবাদ সাব্যস্ত কৰিছিল। সর্বদলীয় এই সভা প্রস্তাৱবোৰ কার্যকৰী কৰিবলৈ ১৯৪৫ চনৰ ১৬ জানুৱাৰীত অসম চৰকাৰে এটা নতুন প্রস্তাৱ গ্রহণ কৰে। এই প্রস্তাৱমর্মে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও জিলাৰ পতিত মাটি সমূহ সকলো শ্রেণীৰ ভূমিহীন লোকৰ মাজত বিতৰণ কৰাৰ আঁচনি লোৱা হয়৷

“সকলো শ্রেণীৰ ভূমিহীন লোক” শীর্ষক কথাষাৰে ১৯৩৮ চনৰ আগতে অসমলৈ প্রব্রজন কৰা লোকসকলক সামৰি লৈছিল। এনেদৰে আবণ্টন কৰা মাটিৰ সর্বোচ্চ সীমা পৰিয়ালে প্রতি ৩০ বিঘা (১০ একৰ) নির্ধাৰণ কৰি দিয়া হৈছিল। যদিহে উল্লিখিত জিলাকেইখনত আবণ্টন দিবলৈ পর্যাপ্ত মাটি নাথাকে তেনেহ’লে লখিমপুৰ মহকুমাৰ পতিত মাটিবোৰ এইসকল লোকৰ বাবে মুকলি কৰা হ’ব বুলিও সিদ্ধান্ত লোৱা হৈছিল ৷ যিজন মানুহৰ হাতত পাঁচ বিঘাতকৈও কম কৃষি ভূমি থাকিব সেইজনকহে ভূমিহীন বুলি গণ্য কৰা হ’ব। এই ঘোষণাৰ আন গুৰুত্বপূর্ণ প্রম্ভাৱবােৰ আছিল এনেধৰণৰ-

(১) জনজাতিৰ বাবে আছুতীয়া এলেকা বা বেষ্টনী গঠন কৰা হ’ব আৰু এই এলেকা বা বেষ্টনীবােৰৰ মাটিৰ পৰিমাণ জনজাতিৰ হাতত তেতিয়া পৰ্যন্ত থকা মাটিৰ পৰিমাণৰ দুগুণ হ’ব। ইয়াৰ লগতে ভৱিষ্যৎ প্রজন্মৰ জনজাতিৰ বাবে আছুতীয়াকৈ ভূমি সংৰক্ষণ কৰি ৰখা হ’ব ৷

(২) ১৯৪০ চনতেই ঠিক কৰা অনুসৰি সকলো জিলাতেই অন্ততঃ শতকৰা ৩০ ভাগ মাটি ভৱিষ্যৎ প্রজন্মৰ বাবে ৰখা হ’ব।

১৯8৫ চনৰ ২৮ জানুৱাৰীত গুৱাহাটীত প্রাদেশিক মুছলিম লীগ কাউঞ্চিলৰ এখন সভা মৌলানা আব্দুল হামিদ খানৰ সভাপতিত্বত বহে আৰু সভাই চৰকাৰে কেতিয়া কোন অসমলৈ আহিছিল সেই বিষয়ে সময়ৰ কোনো বাছ-বিচাৰ নকৰাকৈয়ে সকলো মাটিহীন প্রব্রজনকাৰীক মাটি দিয়াৰ দাবী তোলে। অসমীয়া সমাজ তথা কংগ্রেছে আপত্তি প্রদর্শন কৰি ক’লে যে যিহেতু প্রায়বােৰ থলুৱা থেতিয়কৰ হাততে পাঁচ বিঘাতকৈ অধিক মাটি আছে সেয়েহে নতুন ঘোষণা অনুসৰি তেওঁলোকক এতিয়া মাটিহীন বুলি ধৰা নহ’ব। এই ঘোষণাৰ জৰিয়তে ছাদুল্লা চৰকাৰে মৈমনসিং জিলাৰ লোকক মাটি দিবৰ কাৰণে অধিক তৎপৰ হোৱা বুলি আৰু একে সময়তে জনজাতীয় এলেকা কমাই অনা তথা অসমীয়াক মাটি দিয়াৰ কথা আওকাণ কৰা বুলি কংগ্রেছীসকল সন্দিহান হৈ উঠিল। তদুপৰি, সর্বদলীয় সভাৰ সিদ্ধান্তৰ বিপৰীতে এই ঘোষণাই এতিয়া তিনি বছৰতকৈ অধিক কাল অবৈধভারে চৰণীয়া পথাৰত খেতি কৰি থকা অবৈধ দখলকাৰীক উচ্ছেদ নকৰিবলৈ স্থানীয় বিষয়াক যথেষ্ট পৰিমাণৰ ক্ষমতা দিয়া বুলি কংগ্রেছী সকলে অনুভৱ কৰিছিল I ইয়াৰ অর্থ আছিল এয়ে যে ১৯৩৭ চনৰ পিচত অসমত প্রবেশ কৰা প্রব্ৰজনকাৰীসকলে চৰণীয়া পথাৰবোৰত অবৈধভাৱে হলেও তিনি বছৰ কাল দখল ৰখা বুলি প্রমাণ কৰিব পাৰিলে সিবিলাকে মাটি লাভ কৰিব পাৰিব। এই ঘোষণাই অসমৰ থলুৱা লোকক সকাহ দিয়াৰ সলনি অধিক বিপদতহে পেলাব পাৰে বুলি শংকা প্রকাশ কৰি অৱশেষত কংগ্রেছে এই সিদ্ধান্তক সমর্থন নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।

ইয়াৰ আগতে অসমৰ পৰিস্থিতিৰ সবিশেষ উল্লেখ কৰি ১৪ মার্চত গান্ধীজীলৈ বৰদলৈয়ে এখন দীঘলীয়া পত্র প্রেৰণ কৰিছিল আৰু এই পত্রখনৰ প্রত্যুত্তৰত গান্ধীজীয়ে বৰদলৈক এই বিষয়ত নিজাববীয়া সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছিল। ১৮ মার্চত গোপীনাথ বৰদলৈ আৰু ৰোহিণী কুমাৰ চৌধুৰীয়ে যুটীয়াভাৱে এখন পত্র ছাদুল্লালৈ প্রেৰণ কৰে, য’ত পাঁচটা প্রস্তাৱ সন্নিবিষ্ট কৰা হৈছিল৷ এই প্রস্তাৱমর্মে বৰদলৈ আৰু চৌধুৰীয়ে ছাদুল্লাক এখন কংগ্রেছ সমর্থিত চৰকাৰ পুনৰ গঠন কৰিবলৈ আহ্বান জনায়। ১৯ মার্চৰ দিনাখন বৰদলৈ আৰু চৌধুৰীৰ লগত আলোচনা কৰি সিদ্ধান্তলৈ আহিবলৈ ছাদুল্লাক তেওঁৰ দলে পূর্ণ ক্ষমতা প্রদান কৰে ৷ ২২ মার্চত তিনিওগৰাকী নেতাই এখন চুক্তিত স্বাক্ষৰ কৰিলে আৰু চুক্তিখনে নিম্নোক্ত বিষয়সমূহ সামৰি ল’লে…

(১) নাগৰিক স্বাধীনতা সম্বন্ধে প্রস্তাৱ ,

( ২) আধিপ্রাপ্তি আৰু যোগান,

(৩) মাটিপট্টন,

( ৪ ) লোকেল বর্ড সমষ্টিৰ গঠন আৰু

(৫) মন্ত্ৰী সভাৰ পুনৰ গঠন৷

চুক্তি অনুসাৰে ২৩ মার্চৰ দুপৰীয়া ছাদুল্লাই মন্ত্ৰী পদ ত্যাগ কৰে আৰু নকৈ মন্ত্ৰী সভা গঠন কৰে।

ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ পিচত অসমৰ কংগ্রেছীসকলে ইয়াক এক ডাঙৰ বিজয় বুলি গণ্য কৰিছিল আৰু গোপীনাথ বৰদলৈয়ে ‘এক নৱযুগৰ আৰম্ভনি’ ঘটা বুলি মুকলিভাৱে ঘোষণা কৰিছিল৷ অৱশ্যে সকলো ভবা ধৰণে নঘটিল৷ ২৭ মার্চত তৈয়বুল্লাই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে এক প্রেছ বিজ্ঞপ্তি প্রকাশ কৰে। এই ত্রিপাক্ষিক চুক্তিৰ প্রতি তীব্র বিষোদ্গাৰ প্রকাশ কৰি তৈয়বুল্লাই কয় যে কংগ্রেছৰ নামত বৰদলৈয়ে চৌধুৰী তথা ছাদুল্লাৰ নিচিনা দুগৰাকী যুদ্ধ সহযােগীৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কোনো নৈতিক অধিকাৰ নাই। তৈয়বুল্লাই বৰদলৈৰ বিৰুদ্ধে নেহৰু আৰু কালাম আজাদৰ ওচৰতাে গোচৰ তৰিলেগৈ। তেওঁ বিষয়টো বিচাৰৰ কাৰণে অসম প্রাদেশিক কংগ্রেছৰ পূর্ণ অধিবেশন এখন পতাৰ অনুমতি বিচাৰিলে। অৱশ্যে জৱাহৰলাল নেহৰু আৰু আব্দুল কালাম আজাদে তৈয়বুল্লাৰ এই অভিযোগক বিশেষ গুৰুত্ব সহকাৰে গ্রহণ নকৰিলে।

১৯৪৫ চনৰ মার্চৰ ত্রিপাক্ষিক চুক্তিখন এক অর্থত অসমত বিৰাজ কৰা আতংক আৰু নিৰাপত্তাহীন অৱস্থাটোক নিৰসন কৰাৰ এক প্রতিশ্রুতি স্বৰূপ আছিল বুলি ক’ব পাৰি ৷ এই চুক্তিখনৰ জৰিয়তে বৰদলৈয়ে তেওঁ দেখা প্রদেশখনৰ তেতিয়াৰ আটাইবােৰ প্রধান সমস্যা, যেনে ১৯৪৫ চনৰ জানুৱাৰীৰ মাটি পট্টন সম্পর্কীয় ঘোষণা, খাদ্য যোগান, আধিপ্রাপ্তিৰ সমস্যা, ৰাজনৈতিক বন্দীৰ মুক্তি আৰু নাগৰিক স্বাধীনতা, লোকেল বর্ডৰ আসন বিতৰণ আদি বিষয়ত ছাদুল্লাৰ পৰা তেওঁ বিচৰা ধৰণে প্রতিশ্রুতি পালে। ইয়াৰ বিনিময়ত ছাদুল্লাই লাভ কৰিলে তেওঁৰ এখন নতুন মন্ত্ৰীসভা আৰু সংসদীয় ৰাজনীতিৰ এক অনুকূল পৰিবেশ।

কিন্তু ত্রিপাক্ষিক চুক্তিয়ে ভৱা ধৰণে এটা কামাে কার্যকৰী কৰিব নােৱাৰিলে। কংগ্ৰেছৰ অভ্যন্তৰত চুক্তিখনক লৈ হােৱা অসন্তুষ্টি, চুক্তিখনক লৈ অসম প্রাদেশিক কংগ্রেছ কমিটীৰ সভাপতি তৈয়বুল্লাৰ বিৰূপ মনোভাৱ আদিয়েও বৰদলৈৰ মনত ভালেমান নেতিবাচক মনােভাৱৰ জন্ম দিছিল।

ইপিনে কংগ্রেছৰ লেখীয়াকৈ মুছলিম লীগৰ বৰমূৰীয়াসকল ত্রিপাক্ষিক চুক্তিৰ মাটিৰ পট্টন বিষয়ক লৈ জ্বলি-পকি উঠিছিল৷ লীগৰ কেন্দ্ৰীয় সংসদীয় ব’র্ডৰ পৰা ছাদুল্লালৈ উপদেশ আহিল যে মহম্মদ আলী জিন্নাৰ লগত আলোচনা নকৰাকৈ চুক্তিখন কার্যকৰী কৰাটো উচিত নহ’ব। তেওঁলােকে চূক্তিখনৰ সংশোধনীৰ বাবেও প্ৰস্তাৱ ৰাখিলে। ২৮ জুলাইত ছাদুল্লাই ৰাজহ মন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰীলৈ এখন পত্র প্রেৰণ কৰি প্রস্তাৱিত সংশোধনীৰ বিষয়ে উল্লেখ কৰিলে ৷ এই সংশোধনীৰ সাৰমর্ম আছিল এয়ে যে যিসকল প্রব্রজনকাৰীয়ে ইতিমধ্যে এবাৰ বীজ সিঁচিছে তেওঁলোকক ব্রহ্মপুত্র উপত্যকাত ভৰি দিয়াৰ সময় বিবেচনা নকৰি মাটি পট্টন দিব লাগে। ২৮ জুলাইত ৰোহিণী কুমাৰ চৌধুৰীয়ে এই চিঠিখন অসম প্রাদেশিক কংগ্রেছ কমিটীৰ হাতত অর্পণ কৰে।

এই চিঠিখন পােৱাৰ পিচত কংগ্রেছ আৰু ছাদুল্লা মন্থীসভাৰ মাজত বিৰোধ তীব্রতৰ হৈ উঠে। অৱশেষত ত্রিপাক্ষিক চুক্তি কার্যকৰী নকৰাৰ প্ৰতিবাদত বৰদলৈয়ে ছাদুল্লা মন্ত্ৰী সভাৰ প্রতি সমর্থন প্রত্যাহাৰ কৰে আৰু ১৯৪৫ চনৰ ১ অক্টোবৰত মন্ত্ৰী সভা ভংগ কৰি দিয়া হয়৷ অৱশ্যে ১৯৪৬ চনৰ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা নির্বাচনলৈ তত্ত্বাৱধায়ক চৰকাৰখনৰ মূৰব্বীৰ ভাৰ চলাই নিবলৈ ছাদুল্লাক অনুমতি প্রদান কৰা হয়।(আগলৈ)

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s