Jeherul Islam ৰ পৰা কপি পেষ্ট কৰা

#মুছলমান লোকসকলে চৰকাৰী বাজেটৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ আগতে কিছু প্ৰাথমিক কাম কৰিবলগীয়া আছে । সেইখিনি কাম নকৰিলে কোনো চৰকাৰী আঁচনিয়ে তেওঁলোকক আগুৱাই লব নোৱাৰে । দুখীয়া মানুহ অকল মুছলমান সকলৰ মাজতে থকা নহয়, আন ধৰ্মালম্বী লোকসকলৰ মাজতো আছে বা অকল ভাৰততে দিন হাজিৰা কৰা মানুহ বা অকল অসমতে আছে নেকি ? আমেৰিকাতো দিন হাজিৰা কৰা মানুহ আছে । তাৰ মাজতে তুলনামূলক ভাবে মুছলমান লোকসকল শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক দিশত বেছিকৈ পিছপৰা হৈ আছে । যিকি হওক, অকল চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে উন্নয়ন কেতিয়াও সম্ভৱ নহয়, যদি সিহঁতে তলত উল্লেখ কৰা কাম কেইটাৰে আগতে নিজকে সংশোধন নকৰে ।

#বাল্যবিবাহ বন্ধ হব লাগে । বাল্যবিবাহৰ কুফল হিচাপে পিছৰ generation টোৱে পুষ্টিহীনতা, শাৰীৰিক বা মানসিক বিকাশৰ অভাৱ আদিৰ দৰে বিভিন্ন সমস্যাত ভুগিব পাৰে যাৰ ফলত সমাজত আনৰ লগত সমানে আগবাঢ়ি যাব নোৱাৰিব ।

#জন্ম-নিয়ন্ত্ৰণৰ হাৰ : কিছুমান লোকে শিক্ষিত নহোৱাৰ বাবে লৰা-ছোৱালী জন্ম হলে আল্লাৰ দান বুলি ভাবি লয় । তেনেকৈ পৰিয়ালৰ সদস্য বাঢ়ি যায় । ফলত নিজৰ মাজতে ভাগ -বতৰা কৰা , কাজিয়া -পেচাল কৰা বা অভাৱত পৰিলে কেতিয়াবা আনৰ ওচৰতো নকৰিবলগীয়া কাম কিছুমান কৰিবলৈ বাধ্য হৈ যায় । যাৰ ফলত অপৰাধ প্ৰৱণতা বাঢ়ি যোৱাৰ সম্ভাৱনাই দেখা দিব পাৰে ।

#শিক্ষাৰ ওপৰত অতিকৈ গুৰুত্ব দিয়াৰ লগতে বিশেষ ভাবে ছোৱালী সকলক শিক্ষা লাভৰ বিশেষ সুবিধা দিয়াৰ মানসিকতা থাকিব লাগিব । ছোৱালীক সোনকালে বিয়া দিব পাৰিলেই পিতৃ- মাতৃৰ দায়িত্ব সাৰি যায় বুলি মানসিকতা থকা লৈ কেতিয়াও সমাজ খন আগবাঢ়ি যাব নোৱাৰে ।কোনো এখন সমাজ শিক্ষিত নোহোৱালৈকে সামাজিক ব্যাধিবোৰ দূৰ নহয় আৰু উন্নয়ন কেতিয়াও সম্ভৱ নহয় ।

চৰকাৰী আঁচনিৰে শিক্ষিত কৰিব পাৰিব নে যদি নিজেই স্কুললৈ নাযায় ? স্কুললৈ নগলে চৰকাৰে বৃত্তি কাক দিব ? নিজৰ মানসিক বিকাশ নোহোৱা লৈ চৰকাৰী আঁচনিৰে ৰাজনৈতিক অধিকাৰ কেনেকৈ লাভ কৰিব ? কোনোবাই কাৰোবাক টুপী পিন্ধাই চৰকাৰী আঁচনিক লুটি খায়, সেইখিনি কথা বুজি পাবলৈ হলেও জ্ঞান থাকিব লাগিব বা শিক্ষিত হব লাগিব, তেতিয়া হে চৰকাৰী আঁচনি ফলপ্ৰসূ হব ।

#সমাধান : প্ৰথম সমাধান হিচাপে সমাজত সচেতনতা (mass awerness) আনি এইবোৰ সামাজিক ব্যাধি দূৰ কৰাৰ প্ৰথমে দায়িত্ব লব লাগে মুছলমানৰ উন্নয়নৰ কাৰণে খোলা দল- সংগঠন বা ছাত্ৰ সংগঠনবোৰে। সেয়ে, দেশী জনগোষ্ঠীয় মঞ্চ, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, গৰীয়া যুৱ পৰিষদ বা আন ছাত্ৰ সংগঠন বোৰে কৰ্মশালা পাতি সমাজত সচেতনতা আনিব লাগিব । ব্যক্তিগত পৰ্যায়ত অসম্ভৱ কাৰণে দল সংগঠনে এইবোৰ কাম কৰিব লাগিব বুলি ভাবো । নহলে জাতি জনগোষ্ঠীৰ উন্নয়নৰ নামত খোলা দল সংগঠন সমূহে কেতিয়াও লক্ষ্যত উপনিত হব নোৱাৰিব । কোনোবাই যদি সঁচা অন্তৰৰে এখন সমাজৰ উন্নয়ন বিচাৰে তেন্তে এইখিনি কাম কৰি আগতেই নিজেই নিজৰ সমাজখনক চৰকাৰী আঁচনি ভোগ কৰিবলৈ উপযোগী কৰি তুলিব লাগিব ।

(বিঃদ্ৰঃ – আত্মসমালোচনাৰ প্ৰয়োজন বোধ কৰি আগবঢ়োৱা সম্পূৰ্ণ ব্যক্তিগত ভাবধাৰা এইয়া ।)

LikeShow more reactions

Comment

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s