স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কাল আৰু অসমৰ আকাশত সংকটৰ কলীয়া ডাৱৰৰ আৰম্ভনি


  • স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কাল আৰু অসমৰ আকাশত সংকটৰ কলীয়া ডাৱৰৰ আৰম্ভনি
  • গৌৰীনাথ সিংহ অপুত্ৰক আছিল ৰুদ্ৰসিংহৰ ঠালৰ কোঁৱৰসকলৰ সৰহভাগেই হয় মোৱামৰীয়া বিদ্ৰোহত মৰিল, নহয় কোঁৱৰ বিদ্ৰোহত যোগ দি শাস্তি ভূগি সিংহাসনৰ অযোগ্য হ’ল। গৌৰীনাথ সিংহৰ দিনতেই অসমত পোন প্ৰথমে গ্ৰহণী ৰোগে মহামাৰী ৰূপত দেখা দি অলেখ প্ৰজাৰ প্ৰাণ হানি কৰে। স্বৰ্গদেউ নিজেই এই গ্ৰহণী ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈছিল। এদিন পূৰ্ণানন্দ বুঢ়াগোহাঁইক মাতি আনি ক’লে, ডাঙৰীয়া মোৰ দেহৰ অৱস্থা ভাল নহয়। মোৰ দেশখনি যথাৱত প্ৰতিপাল কৰিবা। তুলসী আইদেউক বিয়া দিব নোৱাৰিলোঁ, বাচকটীয়া বৰবৰুৱাক অপৰাধৰ জোখাৰে দণ্ড দিব নোৱাৰিলোঁ। সিন্ধুৰা হাজৰিকাক শাস্তি দিবলৈ থাকি গ’ল। যদি পাৰা, মোৰ মনৰ খেদ গুচাবা। ৰজা স্বৰ্গী হ’ল।
  • বুঢ়াগোহাঁয়ে লেচাই নামৰূপীয়া গোহাঁইৰ ঠালৰ কিনাৰাম গোহাঁইক আনি হেংলাঙত বহুৱাই ৰজা পাতি কমলেশ্বৰ সিংহ নাম দিলে। যিহেতু লেচাই নামৰূপীয়া গোহাঁইৰ গাত অংগক্ষতৰ চিন আছিল, সেইবাবে বহুতৰে এওঁক ৰজা পতাত আপত্তি আছিল। কিন্তু বুঢ়াগোহাঁইৰ আগত মাত মতা নাছিল। কমলেশ্বৰ সিংহৰ গা পাতল আৰু সাহস কম আছিল। পিতৃ কদমদীঘলাক চাৰিঙীয়া ৰজাৰ বাব দি বুঢ়াগোহাঁইৰ ওপৰতে ৰাজ্যৰ সকলো কাম এৰি দিলে। বুঢ়াগোহাঁয়ে মোৱামৰীয়া বিদ্ৰোহত ভাগি যোৱা প্ৰজা বিচাৰি আনি থান-থিত লগাবলৈ ধৰিলে। এই কাৰ্য্যত সহায় কৰিছিল স্বৰ্গদেউৰ ভিনিহিয়েক ভদৰি অৰ্থাৎ ভদ্ৰকান্ত লতাকটা ৰণৰ সেনাপতি হৰনাথ ভিতৰুৱাল ফুকন বৰফুকন হৈছিল।
  • কমলেশ্বৰসিংহৰ পিতৃ কদমদীঘলা শলগুৰীয়া মহন্তৰ সেৱক আছিল। ৰজা হোৱাৰ পাছত পর্বতীয়া গোঁসাইৰ মন্ত্র লৈছিল ৷ এই কথাত বহুতাে শলগুৰীয়া শিষ্য বা-বিষয়া অসন্তুষ্ট হৈছিল I ইয়াৰ বাবে অৱশ্যে সকলোৱে পূর্ণানন্দ বুঢ়াগোহাঁইকহে দােষাৰোপ কৰিছিল। তথাপি স্বর্গদেৱৰ শঙ্কৰী সংস্কৃতিৰ প্রতি অনুৰাগ আছিল। ১৭২৭ শকৰ ফাগুন মাহত চাৰিদিনীয়াকৈ অঙ্কৰ মতে ‘ৰুক্মীনি হৰণ’ ভাওনা কৰাইছিল সেই বছৰৰে চ’ত মাহত তিনিদিনীয়াকৈ ‘অক্ৰুৰাগমন’ ভাওনা কৰাইছিল৷ ভাওনা ভাল নহ’ল ৷ পিছৰ বছৰত ৰংপুৰ চাবলৈ গৈ জয়সাগৰৰ সকলো দ’লত আৰু ৰংনাথৰ দ’লত সেৱা কৰিছিল ৷ কালুগাঁও চকলাপথাৰ, ভটীয়াপাৰ এইবােৰত ম’হ পহু মাৰি গৌৰীসাগৰ শিৱসাগৰ, ৰুদ্ৰসাগৰৰ দ’লত সেৱা কৰিছিল। এওঁৰ দিনতে কাশীত এটি মন্দিৰ সজাইজিল ৷
  • গৌৰীনাথসিংহৰ দিনতে আগৰ খেল-মেলত খেলি-মেলি লাগি পুৰগি গাঁথনিটো ভাগি পৰিছিল ৷ ফলত লাগ বুলিলেই সৈন্য নেপাইছিল। আগৰ দিনত ৰণ এখন ওলালেই ৰণুৱা ডেকাই গা-চালি ৰণলৈ ওলাইছিল, কিন্তু ভকতীয়া’-পূজাৰী হোৱাৰে পৰা ৰণ দূৰৰ কথা, বনলৈকাে মূৰপোলােকা মৰা হ’ল I সেয়েহে বুঢ়াগেহোঁই ফৈদৰ চন্দ্র গোহাঁইক কাপ্তান পাতি বলোৰাম খঙ্গীয়া ফুকন, ভূধৰ চাংকাকতি, তনুশ্যাম খাওন্দ, মধু বৰা, গোবিন্দ খাওন্দক কটকী পঠিয়াই কলিকতাৰপৰা খাৰ বাৰুদ অনাই ওঠৰ কোম্পানী চিপাহী নিয়োগ কৰি দেশ ৰক্ষা কৰিবলৈ যত্ন কৰিছিল I গৌৰীনাথসিংহৰ দিনত হোৱা উৎপাতৰ সময়তে মূৰ দাঙি উঠা দাঁতি-কাষৰীয়া শক্তিবােৰ বশ কৰাত এই চিপাহীবােৰ বহু পৰিমাণে কৃতকার্য হৈছিল ৷
  • গাভৰু পর্বতৰ পাদদেশত ৰণখাম। তাতে লক্ষীমপুৰৰ পৰা অহা দুই ককায়েক ভায়েকে আসুৰিক পন্থাত প্রৱর্তি অনেক মানুহ গােটাইঠিল৷ ৰাতি মানুহ গােটাই মদ-মাংস খাই ঈশ্বৰ-সেৱা তথা ভক্তি কৰে। পিছলৈ ম৷নুহ সৰহ হোৱাত ৰজা ঘৰলৈকে দা জোকৰা হ’ল। খং, ৰজাঘৰত বামুণীয়া প্রভাৱ; ঠাকুৰীয়া মহন্তলৈ ৰজাঘৰৰ কক্ষা। এদিন বৰপাত্র গোহাঁইৰ ফৌজ আক্রমণ কৰিছিল। পিছে পূর্ণানন্দ বুঢ়াগােহাঁয়ে লক্ষীমপুৰীয়াৰ দুই ভায়েকক ধৰিবলৈ পঠাইছিল, দুয়াে পলাল ৷ সিহঁতৰ এটাৰ নাম লাহৰ, আৰু আনটোৰ নাম জাবৰ ৷ লাহৰ পলাই গৈ উত্তৰ পাৰে বাচকটা পালেগৈ আৰু বাচকটীয়া বিদ্রোহী দলৰ লগ লাগিলগৈ৷
  • এই ‘অৰীতিয়া’, আসুৰি’ পন্থটোৱেই হ’ল ৰাতিখোৱা পন্থ। এই পন্থৰ দীক্ষা পােনতে কেইখনমান কাল-সংহতি সত্রৰ গােসাঁয়ে দিছিল I পিছলৈ আজ্ঞাপৰ অন্য অন্য সাধু বা পূর্ণ গুৰুৱেও দিছিল। গোপন ঠাইত, ৰাতি, এই পন্থৰ ঘাই অনুষ্ঠান অনুষ্ঠিত হয়। শপত ডাঙৰ, গতিকে ভেদ ভাগিব নােৱাৰে ৷ উত্তৰ-দক্ষিণ দুয়ো পাৰে এই পন্থৰ ভকত বৃদ্ধি পাইছিল ৷ আহােম, চুটিয়া, মিৰি, কছাৰী, লালুং তিৱা, কোঁচ, নগা সকলাে ম৷নূহৰ মাজতে এই পন্থানুগামী ভকত আছিল৷ আনকি, থলুৱা মুছমলান, মৰীয়া, ব্রাহ্মণ, গণক, কলিতা কায়স্থ দুঘৰ এঘৰেও এই পন্থত চলিছিল ৷ খনচেৰেক সত্রৰ গোসাঁই আৰু ভকত এই ক্ষেত্রত আগৰণুৱা আছিল।
  • লক্ষীমপুৰীয়াৰ দুই ককাই-ভায়েকৰ লাহৰ আৰু ভতিজাক এটা বাচকটাৰ বিদ্রোহত বন্দী কৰি লােৰ ডিঙৰাত ভৰাই থৈছিল। জাবৰে তেতিয়াও দ্রোহৰ আয়োজন কৰি আছিল।
  • গজপুৰীয়া খেলৰ পানীমুৱা নামৰ এজন ৰাতিখোৱা পন্থৰ ভকত আছিল। তেওঁ বলিয়া ভাও জুৰি ৰজাৰ বাহৰত জুই দিবলৈ খেদি আহিছিল, কিন্তু ধৰা পৰিল। পানীমুৱাই ষড়যন্ত্ৰৰ কথা সৈ কাঢ়িলে আৰু ষড়যন্ত্ৰৰ আঁচনি আৰু সহযোগীৰ তালিকা এখনো দিলে। এই ষড়যন্ত্ৰত পাঁচশমান মানুহ জৰিত আছিল। ১৭২৪ শকৰ ফাগুন মাহত বিদ্ৰোহীবোৰক ধৰাই আনি শাস্তি দিলে। গজলাৰ মহন্তক হাতীত তুলি হাবিত মেলিলে। কাটনিপাৰৰ মহন্তক গাধত তুলি মদ ঢালি খেদিলে। দুৱৰাৰ বৰবৰুৱাক বিচাৰ কৰিবলৈ দায়িত্ব দিলে। বৰবৰুৱাই সোধ পোছ কৰি মহন্তসকলক আদেশ কৰিলে, সত্ৰৰ ভিতৰত বা শিষ্যৰ ভিতৰত অৰীতিয়া মতে চলা মানুহ থাকিলে ধৰি দিব আৰু ধৰি নিদিলে অথচ ধৰা পৰিলে এশ টকা জৰিমনা ভৰিব লাগিব। পানীমুৱাৰ লগত লক্ষীমপুৰীয়া জাবৰে ধৰি ভালেমান লেখৰ মানুহ আছিল। ৰাতিখোৱা সকাম বুলি সমবেত হৈ তাত বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা লিখিত আঁচনি ধৰা পৰিছিল।
  • কমলেশ্বৰ সিংহই পোন্ধৰ বছৰ কাল ৰাজত্ব কৰিছিল। ভদৰি বৰবৰুৱা, কলীয়াভোমোৰা বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সন্মিলিত প্ৰচেষ্টাত ৰজা হিচাপে শান্তিৰেই অতিবাহিত কৰিছিল। এওঁৰ দিনতো দেশত অশান্তিৰ পৰিবেশে বিৰাজ কৰাত কলীয়াভোমোৰা বৰফুকনে কোচবিহাৰৰ দৰে অসমকো ইংৰাজৰ আশ্ৰিত ৰাজ্য কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু স্বাধীনতাপ্ৰিয় বুঢ়াগোহাঁয়ে সেই পৰামৰ্শ পোনচাটেই নাকচ কৰে।
  • কুৱৈগঞা ফৈদৰ যেনেকৈ ৰজাঘৰত প্ৰতিপত্তি আছিল, তেনেকৈয়ে ৰঙাচিলা দুৱৰাৰ ঘৰৰ মানুহৰো খ্যাতি আছিল। ভায়েক শ্ৰীনাথ বৰুৱা আৰু হৰনাথৰ পুতেক বদনচন্দ্ৰ বৰফুকন। বদন বৰফুকনে হাজাৰসিং বঙালক “ষাঠি হাজাৰ টকা দিম বুলি” কথা দিয়াত গৌৰীনাথ সিংহৰ দিনত বৰফুকন পাতিছিল আৰু সেই ধন আদায় দিবলৈ কামাখ্যা আৰু মাধৱ দেৱালয়ৰ সোণ ৰূপৰ কোষা-অৰ্ঘা ভঙাই তহিলং কৰিছিল। তদুপৰি কামৰূপীয়া প্ৰজাৰ ওপৰত অত্যাচাৰৰ কথা পূৰ্ণানন্দই গম পাইছিল। সেইবাবে বদনচন্দ্ৰক আঁতৰাই সন্দিকৈৰ গেন্ধেলা ৰাজখোৱাক ওৰফে কলীয়াভোমোৰাক বৰফুকন পাতিছিল। প্ৰশাসক হিচাপে বদনচন্দ্ৰৰ বহু ত্ৰুটি আছিল। তথাপি গেন্ধেলা মৰিলত পূৰ্ণানন্দই বদনক দ্বিতীয়বাৰৰ বাবে বৰফুকন পতাত অনুমোদন জনাইছিল। এই আত্মকেন্দ্ৰী, ক্ষমতালিপ্সু বিষয়া দুজনে আহোম ৰাজ্যৰ দুমূৰে বহি সেইদিনাৰে পৰাই সংঘৰ্ষ ঘনীভূত কৰি আনিছিল।
  • ১৭১৮ চনত বুঢ়াগোহাঁই ডাঙৰীয়াই দিচৈ বাহৰৰ বৰদুৱাৰৰ মুখৰ পৰা বছালৈ এটা আলি(মালৌ আলি) বন্ধাইছিল। এনেতে বাতৰি পালে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ডফলা বহতীয়া, মোৱামৰীয়া ভগনীয়া আৰু অৰীতিয়া লক্ষীমপুৰীয়াসকলে একগোট হৈ ফোফাই নামেৰে এজনক সেনাপতি পাতি গাঁও-ভূই-লুটি-পুটি বিদ্ৰোহ ঘোষণা কৰিছে। তেওঁলোকে মধুৰাম বৈৰাগীক বংগলৈ পঠিয়াই হিন্দুস্থানী বৰকান্দাজ চিপাহী কিছুমানক ধন বস্তু দিম বুলি ফুচুলাই আনি দেশ ভঙাইছিল। বুঢ়াগোহাঁয়ে নিজে সৈন্য লৈ বিদ্ৰোহ দমন কৰিবলৈ গ’ল। পূৰ্বৰ দ্ৰোহী বাচকটীয়া বৰবৰুৱাৰ ককায়েক ঢেকিয়াল ফুকন পলাল। পিচত বিহ খাই মৰিল। ফোফাইও গুলী খাই মৰিল। লগৰ মোৱামৰীয়া সহযোগীসকল উজাই গৈ চকীহাট সোঁৱালগুৰিত থুপ খাই আছিল। বুঢ়াগোহাঁয়ে সসৈন্যে গৈ চকীহাটত ধৰিলে। তয়া-ময়া ৰণ হ’ল। ৰণত মোৱামৰীয়া ভাগি উজাই গ’ল। তাতে মোৱামৰীয়া গোঁসাই পীতাম্বৰ বন্দী হ’ল। ভৰত সিংহ পলাই গৈ ডাঙৰী পালেগৈ। কিছুমান মোৱামৰীয়াই বুঢ়াগোহাঁইৰ ওচৰত আত্মসমৰ্পণ কৰিলে। বুঢ়াগোহাঁয়ে তেওঁলোকক ক্ষমা কৰি যথাস্থানত বহুৱালে। এসময়ত মোৱামৰীয়াক কঠোৰ হাতেৰে কৰা হৈছিল যদিও ভগাদেশত মোৱামৰীয়া সকলকো খুটিয়াপোতাত সংস্থাপিত কৰি সৰ্বানন্দক মটকৰ বৰসেনাপতি স্বীকাৰ কৰি লৈছিল।
  • মটকৰ ভৰথি পলাই গৈ ডাঙৰী-চকৰীটিঙত সোমাই চিংফৌৰ লগ লৈছিল। বুঢ়াগোহাঁয়ে ডেকাফুকনক পাঁচ কোম্পানী চিপাহী দি ৰণলৈ পঠালে। বেংমৰা বা আজিৰ তিনিচুকীয়া চহৰৰ ওচৰত টান ৰণ হ’ল। যুদ্ধত তিষ্ঠিব নোৱাৰি মোৱামৰীয়া আৰু চিংফৌসকল দুভাগ হ’ল। অৱশেষত চিংফৌসকলে আত্মসমৰ্পণৰ ভাও জুৰিলে। এই ৰণত ডেকাফুকনে বহু বয় বস্তু লাভ কৰিলে। তাৰপিছতো স্বৰ্গদেউ কমলেশ্বৰ সিংহই আৰু ছয় কোম্পানী চিপাহী দি উজনিৰ মৰাণ মোৱামৰীয়াক ধৰিবলৈ পঠালে। ডেকাফুকনে কৌঠ মাৰি বেৰি ধৰাত মৰাণে খাবলৈ নাপাই আত্মসমৰ্পণ কৰিলে। এই অভিযানত যুদ্ধত ভৰথি নিহত হয়। আত্মসমৰ্পণ কৰা মৰাণ লোকসকলক বুঢ়াগোহাঁয়ে ধৰি নি চিপাহী ৰখীয়া নিয়োগ কৰি লক্ষীমপুৰৰ ঘিলামৰাত থাকিবলৈ দিলে। বুঢ়াগোহাঁয়ে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কছাৰী জয়ন্তীয়া ৰাজ্যলৈ পলাই যোৱা মোৱামৰীয়া আৰু অনা মোৱামৰীয়া সকলোকে বিচাৰি অনাইছিল।
  • বদনচন্দ্ৰ বৰফুকনে জীয়েক পিজৌ গাভৰুক বুঢ়াগোহাঁইৰ পুত্ৰ ওৰেষানাথলৈ বিয়া দিছিল। সেই বিয়াত সাদিনীয়াকৈ পানী তুলি সাতখন চ’ৰাৰ সমল যৌতুকত দিছিল। বুঢ়াগোহাঁয়েও কমলেশ্বৰ সিংহৰ ভনীয়েক মাজু আইদেউক মাজু পুতেক প্ৰেমধৰলৈ ন-দিনীয়াকৈ পানী তুলি চকলং কৰি বিয়া কৰাইছিল। বদনে সম্প্ৰদানৰ দিনা ডা-ডাঙৰীয়া, বৰুৱা ফুকন সমন্বিতে বৰচ’ৰাত বহিছিল। আনপিনে বুঢ়াগোহাঁয়ে বিবাহ উপলক্ষে মহা পয়োভৰেৰে বৰুৱা ফুকন, কাকতি কটকী, বিলতীয়া পাইকক বঁটা দিছিল। এনেদৰে দুয়োঘৰৰ মাজত ঐশ্বৰ্য্য বিভুতিৰ শীতল প্ৰতিদ্বন্দিতা চলিছিল। কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত, চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ ৰাজত্ব কালত এই দুজন বিষয়াই আহোম ৰাজত্বৰ বেলি কেনেকৈ মাৰ নিয়ালে পিছত আলোচনা কৰিম।
  • তথ্য- কাশীনাথ তামুলী ফুকন অসম বুৰঞ্জী, সাঁচিপতীয়া চকৰীপেটী বুৰঞ্জী, সূৰ্য্যকুমাৰ ভূঞাৰ অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, নাওবৈচা ফুকন বুৰঞ্জী, বেলি মাৰ গ’ল বুৰঞ্জী, ইতিহাসে সোঁৱৰা ছশটা বছৰ, সুশীল কুমাৰ গগৈৰ মায়ামৰা সত্ৰ সমাজ।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s