অসমীয়া নাৰীক সুৰক্ষা দিব কোনে?


অসমীয়া নাৰীক সুৰক্ষা দিব কোনে?

Anupam Bordoloi ৰ পৰা কপি পেষ্ট কৰা

//বাংলাদেশী আলি,হুছেইন, উদ্দিনৰ নাৰী ধৰ্ষণ-হত্যা, নীল আকাশৰ “অ’ চেনিমাই দুগালত চুমা দিম…”, TRP বলিয়া চেনেল, বিহুবলিয়া অসমীয়াৰ বাঘতেল, আৰু নাৰী সংগঠন, মহিলা আয়োগৰ মৰ টোপনি//

নগাঁৱৰ কামপুৰত ৰেলৰ পৰা চোঁচৰাই নমাই আনি মহিলাক স্বামীৰ সমূখতে মজৰত আলি, ইক্ৰামুল হুছেইন আৰু কোনোবা আলি নে হুছেইন এটাই ধৰ্ষণ কৰিছে৷ হাইলাকান্দিতো জছিমউদ্দিন বোলা পাষণ্ড এটাই কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছে৷ কোনোবা জালালউদ্দিন বোলা শিক্ষকৰূপী বদমাছ এটাই স্কুলৰ পৰা কম্পিউটাৰ চুৰ কৰি ধৰা পৰিছে৷ চোৰ, লম্পট ধৰ্ষণকাৰীহঁতৰ নামবোৰ মন কৰিব৷

আজি চ’তৰ ২ তাৰিখ৷ ব’হাগ বিহুলৈ এমাহ বাকী৷ ইলেক্‌ট্ৰনিক্‌ চেনেলত ঢোলে দগৰে বিহু আৰম্ভ৷ শিৱসাগৰৰ মৰাণত ‘মৰাণ আঞ্চলিক ছাত্ৰ সন্থা’ আৰু স্থানীয় কোনোবা এটা সংস্থা লগ লাগি হেনো ১০ হেজাৰ “বিহু বলিয়া” ৰাইজক গোট খুৱাইছে৷ তালৈ “শিল্পী” বোলা মতলীয়া দল এটা আহিছে, ছাত্ৰ নেতা আহিছে, সাংবাদিক আহিছে, ডেকা গাভৰু আহিছে৷ ছাত্ৰ নেতাৰ তেল ফাটিছে, চেনেলৰ তেল ফাটিছে, সাংবাদিকৰ গা ও সাতখন আঠখন লাগিছে, সমবেত ৰাইজৰো বাঘ তেল লাগিছে৷ শিল্পী বোলাটোৱে গাইছে অ’ চেনিমাই দুগালত– এনে বিধৰ আংকৰা বাংকৰা কিবাকিবি৷ চেনেলে লিখিছে– “চেনিমাইৰ লগত নীল আকাশ পিৰিতি…” মুঠতে অসমীয়াৰ তামাচাত তেল ফাটি আছে৷ এইয়া হ’ল এইবেলি চ’তৰ অসমীয়া জাতিৰ একাংশ৷

কাম বন নাইকিয়া, গোট বছৰটোৱেই উৰুলিপুঙা হৈ থকা অসমীয়াই নাৰীক কি সুৰক্ষা দিব৷ ফটুৱা শিল্পীৰ পিছত দিনে ৰাতিয়ে দৌৰা চেনেল, সাংবাদিক, ছাত্ৰ, নেতা-নেতৃ, সমাজকৰ্মী আৰু মতলীয়া অসমীয়া জাতিৰ দেশত নাৰীক বাংলাদেশীয়ে ধৰ্ষণ কৰিবই, হত্যা কৰিবই৷ চেনেলৰ বিহুত তেল ফালিবলৈ সাংবাদিক, ছাত্ৰ নেতা আৰু ১০ হেজাৰ অসমীয়া ডেকা গাভৰু গোট খায়৷ ধৰ্ষণকাৰীক গৰম তেল ঢালি জ্বলাই দিবলৈ এটাও অসমীয়া নাই৷ লাচিতৰ নামত ফোঁপাই জোপাই দপ্‌দপাই উঠাসকলৰ তেজ এতিয়া ঠাণ্ডা আছে৷ হিন্দুত্ব, ব্ৰাক্ষ্ণণ্যবাদ আদি বিষয় লৈ হুলস্থুল কৰি থকা অজিত মোমাইদেউহঁত এতিয়া চকুমুদা কুলি৷ মোমাইদেউৰ লগত আস্তে আস্তে চাহ কফি খাই নেলু তিয়াই দাঁত নিকটাই কথা কোৱা সৰ্বজান্তা মহা মহা টক্‌ শ্ব বীৰ দদাইদেউহঁতৰো দেখাদেখি নাই এতিয়া৷ হাত জোকৰা, মূৰ জোকৰা, “অখিলুদ্দিন তালফাল RTI গগৈ” বোলাজন এতিয়া পথাৰৰ কেঁকোৰা গাঁতত লুকাই আছে৷

আকৌ– স্বামীয়ে সামান্য চৰ এটা মাৰিলেও পুলিছ থানালৈ দৌৰা, শাৰীৰিক মানসিক নিৰ্যাতন আৰু যৌতুক দাবী কৰা বুলি আদালতত 498(A) ধাৰাত ভুৱা গোচৰ দিয়া নাৰীসকল চুপ আছে এতিয়া৷ নাৰীৰ সপক্ষে সততে একপক্ষীয় ভাৱে সৰৱ সাহসী নাৰী সংগঠন, নেত্ৰীসকল, শক্তিশালী মহিলা আয়োগ মৰ টোপনিত লালকাল এতিয়া৷

এইবিলাক দেখি শুনি আৰু উৰুলিপুঙাহঁতে চ’ততে বিহুমৰাৰ সুযোগতে কামপুৰ, হাইলাকান্দি আৰু য’তে ত’তে বাংলাদেশী আলি, হুছেইন, উদ্দিনহঁতে নাৰী ধৰ্ষণ কৰিছে৷ এতিয়া জুম ফুৰাহঁত তিনিমাহ জেলত থাকিব৷ আৰামত শুই শুই মজা মাৰি মাছ-ভাত খাব৷ আকৌ ওলাই আহিব, চুৰ কৰিব, ডকাইতি কৰিব, গাঁৱে নগৰে ভঙা লোহা-টিন কিনিব, মাছ, মাছৰ পোনা, সস্তীয়া হৰেক মাল বেচিব, ৰিক্সা চলাব, পকামিস্ত্ৰী কৰিব আৰু—

অসমীয়া যুৱতী নাৰীৰ সোণৰ চেইন কাঢ়ি নি ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিব৷ অসমীয়াই বিহু মাৰি থাকিব৷ ধৰ্ষণকাৰী হত্যাকাৰী চোৰ ডকাইতৰ এই মইমতালিও চলি থাকিব৷ কপি কৰিলো।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s