হাই হিল, হাই ৰিস্ক….



বৰ্তমান সময়ত মডেল এগৰাকীৰ পৰা আৰম্ভ কৰি সাধাৰণ ছোৱালী এজনীৰ ক্ষেত্ৰতো হাই হিল জোতা বা চেণ্ডেল পিন্ধাটো যেন এক ফেশ্বন হৈ পৰিছে। গঠনগত ভাৱে আপুনি উখ নহলেই যেনিবা সেইবুলি নিৰোগী হৈয়ো থাকিব নিবিচাৰে নেকি? মানিছো উচ্চতাক সৌন্দৰ্য্যৰ মাপ কাঠি বুলি গন্য কৰা হয়। কিন্তু কৃত্ৰিম ভাৱে এই নিৰীহ বস্তুটিক ভৰিত পিন্ধি উখ হৈ ঘূৰি ফুৰিলে আপোনাৰ স্বাস্থ্যৰ কিমান ক্ষতি হৈ এবাৰ ভাবি চাইনে ! আহকচোন আজি অস্তিৰোগ চিকিৎসক সকলে বাৰে বাৰে সতৰ্ক বাণী দি অহা এই আপাত সৌন্দৰ্য্যবৰ্ধক হাই হিলৰ শৰীৰত কিছু ক্ষতিকাৰক দিশ জানি থ‌ওঁ….
১) আঁঠুৰ বিষ:- হাই হিল জোতা বা চেণ্ডেল পিন্ধিলে আঁঠুত অতিৰিক্ত চাপ পৰাৰ ফলত খুব সোনকালেই Osteoarthritis ৰোগ হব পাৰে। 
2) অতিপাত ভৰিত চাপ পৰাৰ ফলত ৰক্তৰ চলাচলত ব্যাঘাত জন্মে।চৰম পৰ্যায় পালেগৈ কিন্তু Blood vessel break হোৱাৰো সম্ভাৱনা থাকে। 
৩) ভৰিৰ নখবোৰো ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হৈ আহে আকৌ কেতিয়াবা Fungal infectionয়ে ও গা কৰি উঠে। 
৪) কঁকালৰ বিষ বা Hip bone ৰ Pain ,
৫) দীৰ্ঘদিন ধৰি হাই হিল জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিলে ভৰিৰ মাংস পেক্ষীৰ বিষ হোৱাৰ লগতে প্ৰায় Leg muscle cramp হোৱাও দেখা যায়,
৬) Back pian, মেৰুদণ্ডৰ পৰা ভৰি পৰ্যন্ত বিষ,
৭) সৰু গাঁঠি ( Ankle join) ত মূচোকা খোৱাটো স্বাভাৱিক কথা। 
৮) হাই হিল জোতা বা চেণ্ডেলে ভৰিৰ লিগামেন্ট দূৰ্বল কৰি পেলাই,
৯) দৈনিক হাই হিল জোতা বা চেণ্ডেল পিন্ধি থাকিলে ভৰিৰ আকাৰ মানে অংগবিকৃত হোৱাটো স্বাভাৱিক। আৰু এই অবস্থাটিক Hammer toe বুলি ক‌ই। Hammer toe is one of the most common and dangerous side effect on feet.
১০) গৰ্ভৱতী মহিলা সকলে কিন্তু ভূলতো হাই হিল জোতা বা চেণ্ডেল নিপিন্ধিব। 
মনত ৰাখিব শৰীৰ সুস্থ নাথাকিলে সৌন্দৰ্য্য কিন্তু আধৰুৱা। কম সময়ৰ বাবে কোনো উৎসৱ পাৰ্বনত কেতিয়াবা ইচ্ছুক হলে পিন্ধক কিন্তু প্ৰত্যেক দিনাই পিন্ধাৰ অভ্যাস বৰ্জন কৰি বিপৰীতে ফ্লেট জোতা বা চেণ্ডেলক সংগী কৰি ল‌ওক।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s