প্ৰকৃতিৰ কোলাৰ ঔষধি গছ সেন্দূৰী গছ


প্ৰকৃতিৰ কোলাৰ ঔষধি গছ সেন্দূৰী গছ

সেন্দূৰী গছ এজোপা সৰু, চিৰসেউজ আৰু বহল ঠাল-ঠেঙুলিৰে ব্যাপ্ত চাপৰ জোপোহা বৃক্ষ। মুখ্যত ইয়াক আলংকৰিক উদ্ভিদৰুপে ব্যৱহাৰ হোৱা দেখা যায়, কিয়নো গছজোপাৰ পৰা আন্নাতো বা আনাতো নামৰ এবিধ ৰঙা অথবা গাঢ় কমলা ৰং উৎপাদন কৰা হয়। বীজৰ থপ্‌থপীয়া কোমল বহিত্বকৰ পৰা এই ৰঙবিধৰ বাণিজ্যিক উত্ৎপাদন কৰা হয় আৰু প্ৰধানকৈ প্ৰসাধনীয় তেল, মাখন আদি তৈল আৰু চৰ্বি জাতীয় ব্যৱসায়িক সামগ্ৰীত প্ৰয়োগ কৰা হয়। এই ৰঙবিধত বিক্সিন(Bixin) নামৰ এবিধ ৰঙা ৰঙৰ জৈৱ-ৰাসায়নিক দ্ৰব্য থাকে। আন্নতো নামৰ এই ৰ্ং বিধ প্ৰস্তুত কৰি উলিয়াবলৈয়ে ইয়াৰ খেতি কৰা হয়। কিন্তু ইয়াৰ বীজত থকা ভ্ৰুণ কোষটো বিষাক্ত অংগৰুপে পৰিচিত। আনকি গছজোপাত সামগ্ৰিকভাৱে ভিন ভিন ধৰণৰ এচিদ আৰু গ্লাইক’চাইড জাতীয় জৈৱ ৰাসায়নিক দ্ৰব্যৰ সমাৱেশ ঘটে। তদুপৰি বীজত সূক্ষ্ম পৰিমাণে চৰ্বী জাতীয় তেল থকাৰ লগতে বিক্সল(Bixol) নামৰ এলকহল সদৃশ ৰাসায়নিক পদাৰ্থ থকাৰো সম্ভেদ পোৱা যয়। Journal of Indian Institute of Science, Journal of American Pharmacists Association প্ৰভৃতি বহুতো দেশী-বিদেশী গৱেষণা পত্ৰই এনেবোৰ জৈৱ ৰাসায়নিক পদাৰ্থৰ সমাৱেশ ঘটাৰ সম্ভেদ দিয়ে। অসমৰ অবিভক্ত শিৱসাগৰ আৰু কাছাৰ জিলা, মেঘালয়ৰ খাছিয়া পাহাৰ জিলাকে প্ৰমুখ্য কৰি সমগ্ৰ অসম আৰু বেংগল প্ৰদেশত ইয়াৰ খেতি কৰা হয় যদিও ভাৰতৰ সৰ্বত্ৰ মালাবৰ, কৰমণ্ডল উপকূলৰে দক্ষিণাঞ্চলতো ই বিস্তাৰিত হৈ আছে। আনকি ভাৰতৰ কেতবোৰ উদ্ভিদ উদ্যানতো ইয়াক ৰোপন কৰা দেখা যায়। মূল স্ংস্কৃত ভাষাৰ শাস্ত্ৰীয় নাম সেন্দুৰী গছক বঙালী আৰু হিন্দী ভাষাত লটকণ নামেৰেহে সূচোৱা হয়। কিন্তু অসমীয়া ভাষাত ঠায়ে ঠায়ে ইয়াক জলন্ধৰ গছ বা ছালমোগ্ৰা গছ অথবা জৰণ গছ হিচাপেও জনা যায়। ছালমোগ্ৰা গছৰ লেখিয়া আলোচ্য গছবিধো Bixaceae বা Flacourtiaceae গোত্ৰৰ অন্তৰ্গত আৰু ইয়াৰ উদ্ভিদ বৈজ্ঞানিক লেটিন নাম হ’ল Bixa Oreliana। আলংকৰিক তথা প্ৰসাধনীয় ৰ্ং উৎপাদনকাৰী গছৰুপে খ্যাত হ’লেও সেন্দুৰী গছ এবিধ ভেষজ গুণসম্পন্ন হিচাপেও জনাজাত। ইয়াৰ পাত, ফল বীজ আনকি শিপাও মানুহৰ কিছুমান বেমাৰত ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। গছজোপাৰ পৰা নি:সৰিত ৰস এলোপ্যেথিক ঔষধত ব্যৱহাৰ কৰে। পাত মিহিকৈ বটি তাৰ পৰা চেকি উলিওৱা নিৰ্যাস সেৱনে মনুহৰ জণ্ডিচ বা পাণ্ডু ৰোগৰ বেলিকা উপকাৰ সাধন কৰে। তদুপৰি এনে ৰসে সৰ্প আৰু বিষাক্ত পোকৰ দংশনৰ ফলত উদ্ভৱ হোৱা বিষ লাঘৱ কৰে। ক্ষত অংশত লগাই থকিলেও সুফল দিয়ে। ফল এবিধ ধাৰক বা কোষ্ঠবদ্ধতাকাৰী আৰু ৰেচক ঔষধ, যিয়ে উদৰী ৰোগ নিৰাময়ত ভাল ভূমিকা গ্ৰহন কৰে। বীজ এবিধ  ফলৰ দৰেই  ধাৰক দৰৱ আৰু জ্বৰ নিৰাময়ক অথবা জ্বৰঘ্ন দৰৱ। ইয়ে ভিন ভিন জ্বৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে জ্বৰ নিবাৰণত যথেষ্ট সহয় কৰে। তদুপৰি ইয়াৰ গণ’ৰিয়াৰ দৰে যৌন ৰোগ নিৰ্মূল কৰিব পৰা ক্ষমতা থকাৰো প্ৰমাণ পোৱা যায়। ইয়াৰ শিপাৰ বাকলিৰ পৰা নি:সৰিত ৰসেও জ্বৰ নিৰাময়ক তথা জৰঘ্ন দৰব হিচাপে কাম কৰে। ঔষধৰ লগতে ৰ্ং উৎপাদন কৰিব পৰা হেতুকে ই অসমীয়া সমাজ তথা সাংস্কৃতিক জীৱনৰ লগতো জড়িত হোৱা স্বাভাৱিক।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s