ভুঁই আমলখিৰ গুণ


                     ভুঁই আমলখিৰ গুণ

সাধাৰণতে বৰষুণৰ দিনবোৰত আপোনাপুনি মাটিত গজি উঠা তেনেই সৰু আকাৰৰ ভুঁই আমলখিৰ গছবিধ আপোনালোকে দেখিছেনে ? আমলখিৰ দৰে পাত আৰু আমলখিৰ দৰেই লাগি থকা সৰু সৰু ফলবোৰৰ পৰা গছবিধ চিনাক্ত কৰিব পাৰি । গছবিধৰ বৈজ্ঞানিক নাম ‘Phyllanthus Fraternus’ । ইয়াক বন আমলখি নামেৰেও জনা যায় । যদিও ইয়াৰ উচ্চতা মুঠেই এক বা ডেৰ ফুট হয়, তথাপি ই হৈছে এবিধ উত্তম বনৌষধি । ইয়াৰ দ্বাৰা কাহ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি ৰোগৰ আয়ুৰ্ৱেদিক চিকিৎসা কৰা হয় । ৰ’দৰ বতৰত ইয়াক উভালি আনি শুকুৱাই ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি । জানো আহক ভুঁই আমলখিৰ কেইটামান ঔষধীয় গুণাগুণৰ বিষয়ে….


(১) ডায়েৰিয়া ৰোগ হ’লে ভুঁই আমলখিৰ পঞ্চাংগ অৰ্থাৎ ফল, ফুল, পাত, ছাল আৰু শিপাৰ ডাঠ ৰস উলিয়াই খাব লাগে ।
(২) যদি মেলেৰিয়া ৰোগ হয়, তেন্তে ভুঁই আমলখিৰ সম্পূৰ্ণ গছবিধ উভালি আনি তাৰ ৰস উলিয়াই দিনে দুবাৰকৈ সেৱন কৰা উচিত ।
(৩) আজিকালি কিছুসংখ্যক ব্যক্তিয়ে ব্লেড চোবাই অদ্ভূত কৌশল প্ৰদৰ্শন কৰা দেখা যায় । প্ৰকৃততে তেনে কৌশল প্ৰদৰ্শন কৰাৰ আগতে তেওঁলোকে ভুঁই আমলখিৰ পাত চোবাই খায় । আমাক এনে কৌশলৰ প্ৰয়োজন নাই । যদিও দন্তৰোগ আৰু মুখৰ ঘাঁ সম্পকীয় সমস্যাত ইয়াৰ পাত চোবাই খাব পাৰি ।
(৪) ভুঁই আমলখিৰ ডাঠ ৰসে পুৰণি কাহ আৰু শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় ৰোগত দ্ৰুতগতিত আৰাম প্ৰদান কৰে ।
(৫) যদি আপোনাক ডাইবেটিচ ৰোগে অধিক আমনি দিয়ে, তেন্তে ২০ গ্ৰাম ভুঁই আমলখিৰ চূৰ্ণ আৰু ২০ টা দানা জালুকৰ চূৰ্ণ সমপৰিমাণে মিহলাই দিনে এবাৰকৈ সেৱন কৰক ।
(৬) ভুঁই আমলখিৰ সম্পূৰ্ণ গছবিধ ভালদৰে পিহি অলপ সৈন্ধৱ লৱণ মিহলাই শৰীৰৰ খৰ-খজুৱতি হোৱা স্থানত লগাব লাগে ।
(৭) পুৰণি পেটৰ বিষত বা কোষ্ঠকাঠিন্যতাতভুঁই আমলখিৰ ডাঠ ৰসৰ লগত আধা চামুচ মেথি শাকৰ চূৰ্ণ মিহলাই সেৱন কৰা উচিত ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s