নেমুটেঙা আৰু মৌজোলৰ গুণ


                     নেমুটেঙা আৰু মৌজোলৰ গুণ

নেমুটেঙা,মৌজোল আৰু পানীৰে সৈতে ৰাতিপুৱাৰ শুভাৰম্ভ কৰাটো লাভজনক বুলি কোৱা হয় । কোনোবাই যদি ছালৰ উজ্জলতা বৃদ্ধি কৰিবলৈ মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰে । কোনোবাই আকৌ ওজন কমাবলৈ ইয়াক ব্যৱহাৰ কৰা দেখা যায় । দৈনন্দিন জীৱনত মৌজোল আৰু নেমুটেঙাৰ পানী প্ৰয়োগ কৰাৰ আৰু বহতো উপকাৰিতা আছে । সেই বিষয়ে কিছু কথা জানো আহক….



(১) আধা টুকুৰা নেমুটেঙাৰ ৰস,এচামুচ মৌজোল আৰু অলপ গৰম পানী একেলগে মিহলাই ইয়াক ৰাতিপুৱা খালি পেটত লগে লগে সেৱন কৰক । এইখিনি সেৱন কৰাৰ এক ঘণ্টাৰ পিছতহে চাহ বা কফি গ্ৰহণ কৰক । ইয়াৰ দ্বাৰা আপুনি গোটেই দিনটো সজীৱ আৰু ফুৰ্তিবান হৈ থাকিব পাৰে । মৌজোলে শৰীৰত Energy booster হিচাপে কাম কৰে । পানীয়ে আপোনাৰ মস্তিষ্ক সজীৱ কৰি ৰাখে আৰু নেমুৰ সুগন্ধই আপোনাৰ ভাগৰুৱা শৰীৰক কিছু সকাহ প্ৰদান কৰে ।
(২) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী, এই তিনিওটা মিহলাই আপুনি শৰীৰৰ পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰি তুলিব পাৰে । নেমুত থকা কিছুমান পোষক পদাৰ্থ লিভাৰৰ কাৰণে ভাল যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে ।
(৩) আপোনাৰ Acidityৰ সমস্যা আছে নেকি ? তেন্তে নেমুটেঙাৰ ৰস আৰু মৌজোল সেৱন কৰক । মৌজোল হ’ল এক প্ৰকাৰৰ Enti-Oxident যি আপোনাৰ শৰীৰৰ বেক্টেৰীয়া আৰু বীজাণুবোৰ ধ্বংস কৰে ।
(৪) আহাৰ খোৱাৰ পিছত মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰিলে শৰীৰত সৃষ্টি হোৱা অলাগতিয়াল পদাৰ্থ(Toxin)বোৰ বাহিৰলৈ ওলাই অহাত সুবিধা হয় । ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায় ।
(৫) ওজন কম কৰাৰ ক্ষেত্ৰটো মৌজোল,নেমুটেঙাৰৰস আৰু গৰম পানীৰ মিশ্ৰণ লাভজনক । এই মিশ্ৰণে শৰীৰৰ Metabolism অৰ্থাৎ প্ৰয়োজনীয় দৈহিক উপাদানবোৰ বৃদ্ধি কৰে আৰু ইয়াৰ দ্বাৰা ওজন কম হয় ।
(৬) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী একেলগে মিহলাই সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয় । তদুপৰি ইয়াৰ মিশ্ৰণে আমাৰ শৰীৰত Skin purifier ৰ কাম কৰে ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s