গুলঞ্চলতা


                     গুলঞ্চলতা

সুজলা-সুফলা তথা শস্য-শ্যামলা চিৰসেউজ প্ৰকৃতিৰ বুকুত এনে কিছুমান লেখত লবলগীয়া মহামূল্যবান গছ-লতিকাৰ গজন বৈভৱ লক্ষ্য কৰা যায়, যত শাৰীৰিক প্ৰাণপূৰ্ণতা তথা সুস্বাস্থ্যৰ গুপুত ৰহস্য লুকাই থাকে । ভাৰতবৰ্ষৰ প্ৰায় সকলো স্থানতে প্ৰাপ্ত তেনে এবিধ সহজলভ্য বনৌষধি গছ হৈছে গুলঞ্চ লতা । ইয়াৰ বৈজ্ঞানিক নাম ‘Tinospora Cordifolia’ । ঘন পাত আৰু দীঘলীয়া ঠাৰিৰে সৈতে এই গছবিধক ত্ৰিদোষঘ্ন আৰু অমৃতা বুলিও জনা যায় । এই গছবিধ অন্য ডাঙৰ বৃক্ষৰ আশ্ৰয় লৈ অতি দ্ৰুত গতিৰে বৃদ্ধি হয় । অৱশ্যে ইয়াৰ পাতবোৰ ব্যৱহাৰৰ উপযোগী নহয় । ইয়াৰ কাণ্ড বা গা-গছ অংশ এটা আঙুলিৰ সমান শকত হয় । এই কাণ্ড বা গা-গছ অংশটো আপুনি পাতল নখেৰে ফালি চালে তাত কোমল আৰু মঙহাল শাহখিনি দেখা পাব । ইয়াৰে চূৰ্ণ তৈয়াৰ কৰি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে বা ৰস উলিয়াই ৰোগ নিবাৰক পানীয় হিচাপে প্ৰয়োগ কৰিব পাৰে ।

গুলঞ্চৰ গুণাগুণ : তিতা কেঁহা আৰু উষ্ণ প্ৰকৃতিৰ গুলঞ্চ লতা মলৰোধক,বল,বীৰ্য, ভোক তথা আয়ুবৰ্ধক হোৱাৰ লগতে ই জ্বৰ,কাহ,জণ্ডিছকে আদি কৰি প্ৰায় ২০টাতকৈ অধিক সৰু-ডাঙৰ ৰোগ কোনো পাৰ্শ্বক্রিয়া নোহোৱাকৈ নিৰাময় কৰিব পাৰে । গুলঞ্চ লতাক হিন্দী ভাষাত ‘গিলয়’ বুলি কোৱা হয় । ইয়াৰ প্ৰয়োগ ‘গিলয় চূর্ণ’,’গিলয় সত্ব’ আৰু ‘গিলয় ঘন সত্ব’ৰ ৰুপত কৰা হয় । বজাৰত এই নামেৰেই আয়ুৰ্ৱেদিক ঔষধকেইটা উপলব্ধ হয় । উল্লেখযোগ্য যে ইয়াৰ অকণমান মাত্ৰাই আমাৰ শৰীৰত অদ্ভুত ফলপ্ৰসু প্ৰভাৱ পেলায় ।
গুলঞ্চ লতাৰ শিপাত শক্তিশালী এণ্টি অক্সিডেণ্ট পোৱা যায় । কেঞ্চাৰ ৰোগ প্ৰতিহত কৰাৰ ক্ষেত্ৰত তথা ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে এই শিপা প্ৰয়োগ কৰা হয় । গুলঞ্চৰ আয়ুৰ্ৱেদিক ঔষধে শৰীৰৰ বৰ্ধিত কলেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে তথা শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰিত কৰি ৰাখে, যাৰ দ্বাৰা ‘কলিজা অংশ’ সুস্থ হৈ থাকে । ইয়াৰ লগতে ই পেটৰ বিভিন্ন বিকাৰ,গাঠিৰ বিষ,শাৰীৰিক দূৰ্বলতা তথা অৱসাদ দূৰ কৰে । তদুপৰি গুলঞ্চ লতাত থকা ‘এণ্টিপেচমডিক’ গুণে ‘চোৱাইন ফ্লু’ প্ৰতিৰোধ কৰাত সহায় কৰে । এক বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে এই আয়ুৰ্ৱেদিক বনৌষধিয়ে আমাৰ শৰীৰৰ সকৰাত্মক শ্বেত ৰক্তকণিকাবোৰৰ বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে, যাৰ দ্বাৰা শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰ শক্তিশালী হয় ।
লিখক: ৰিদিপ ৰঞ্জন চেতিয়া

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s