অসমৰ ঔষধি শাক-পাত


অসমৰ ঔষধি শাক-পাত

                                 আগকথা

সুদীর্ঘ চাকৰি কালত ব্রহ্মপুত্র উপত্যকাৰ কেউখন জিলাৰ বহুতো ভিতৰুৱা অঞ্চললৈ যোৱাৰ সৌভাগ্য ঘটিছে। আমাৰ এই যাত্রাবোৰৰ প্রধান উদেশ্য হ’ল কৃষকসকলৰ লগত কৃষি বিষয়ক বিভিন্ন আলোচনা কৰা আৰু তেওঁলোকৰ পথাৰ পৰিদর্শন কৰি যাবতীয় দিহা-পৰামর্শৰে আধুনিক কৃষিৰ সতে চিনাকি কৰি দিয়া। এনেবোৰ আলোচনাত প্রায়ে আমি দুটা বিশেষ কথা কৃষকসকলৰ পৰা জানিব বিচাৰো।প্রথমটো হ’ল-“কৃষি-কর্মত কেনেবোৰ থলুৱা পদ্ধতি তেখেতসকলে প্রয়োগ কৰে।” দ্বিতীয়তে ব্যক্তিগত আগ্রহৰ বাবে সোধো “ব’হাগমাহত এশ এবিধ শাক খাইনে? যদি খাই সেইবোৰৰ নাম আৰু ঠাইতে চিনাকি কৰি দিব পাৰিবনে?” সময়ত এই দুয়োটা প্রশ্নৰ উত্তৰ হিচাপে বহুতো তথ্য গোট খাবলৈ ধৰে। মাজে সময়ে বিভিন্ন কাকত-আলোচনীটো এই বিষয় দুটাৰ ওপৰত লেখা প্রকাশ হোৱা দেখিবলৈ পাওঁ। এনে কিছুমান লেখা আৰু আমি ব্যক্তিগতভাবে সংগ্রহ কৰা তথ্য সমূহ লিপিবদ্ধ কৰি প্রকাশ কৰিবলৈ লওঁতেই ‘এশ এবিধ শাক’ৰ তথ্যখিনিত কিছু অসুবিধা আহি পৰে। সেয়ে আমাৰ সংগ্রহখিনি আৰু সন্মূখীন হোৱা অসুবিধাবোৰ দূৰ কৰাৰ উদেশ্যে এই লেখাটো আগবঢ়োৱা হ’ল যাতে ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তালিকা আমাৰ হাতত থাকে।লেখকঅসম তথা উত্তৰ-পূর্বাঞ্চল জৈৱবৈচিত্র্যৰ বাবে বিখ্যাত। পৃথিৱীৰ জৈৱবৈচিত্র্যত চহকী অঞ্চলসমূহৰ ভিতৰত ভাৰতবর্ষৰ উত্তৰ-পূর্বাঞ্চল অন্যতম। নানানবিধ জীৱ-জন্তুৰ লগতে বিভিন্ন গছ-লতাৰে ইয়াৰ পাহাৰ-ভৈয়াম ভৰপূৰ। বছৰৰ ছয় ঋতুত হাবিয়ে-বননীয়ে গজি উঠা এই উদ্ভিদবোৰৰ বেছি ভাগৰে ঔষধি গুণ আছে, যাৰ বাবে দূৰ অতীজৰেপৰা অঞ্চলটোৰ লোকসকলে এইবোৰ খাদ্য হিচাপে গ্রহণ কৰি আহিছে। বছৰৰ বিভিন্ন সময়ত গ্রহণ কৰাৰ উপৰিও অসমৰ ৰাইজে গৰুবিহু নাইবা সাতবিহুৰ যিকোনো এদিন এনে ঔষধি গুণসম্পন্ন গছ-লতাৰ ‘এশ এবিধ শাক’ খোৱাটো এটা নিয়ম। অৱশ্যে এশ এবিধ শাক সংগ্রহ কৰিব নোৱাৰিলেও সাত বিধ শাক এই সময়ত গ্রহণ কৰে যাৰ বাবে এই পৰম্পৰাক ‘সাতশাকী’ খোৱা বুলি কোৱা হয়। আনহাতে কোনো কোনোৱে ব’হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়। সি যিকি নহওঁক এইদৰে ব’হাগ মাহত শাক খোৱাটো অসমৰ এক কৌটিকলীয়া পৰম্পৰা আৰু  শাক বোটলা কামটো প্রধানকৈ গাভৰুসকলেই কৰিছিল। সেয়ে এনে বিহুনাম এফাকি ঠায়ে ঠায়ে শুনিবলৈ পাওঁ: “সাতশাকী বিচাৰি আহ অ’ লগৰী, গুৰি পথাৰলৈ যাওঁ,শাক তোলাৰ ছলতে, গছৰে তলতে হেঁপাহৰ বিহুনাম গাঁও।” অসমৰ এই পৰম্পৰাৰ বিষয়ে আমি গৌৰৱ কৰোঁ যদিও এনে শাক-পাতবোৰৰ বিষয়ে প্রণালীবদ্ধভাবে অধ্যয়ন কৰা হোৱা নাই।কেতবোৰ উদ্ভিদৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও আন বহুবিধৰ বিষয়ে আমি এতিয়াও নজনাকৈয়ে আছোঁ।এনে হোৱাৰ বিভিন্ন কাৰণ আছে।তাৰ ভিতৰত এই শাক-পাতবোৰ চিনি নোপোৱাতো অন্যতম। আনহাতে সময়ৰ সোঁতত পৰি চিনাকি বহুবোৰ শাক-পাত ক্রমে লুপ্ত হ’বলৈ ধৰিছে। সেয়ে অসমৰ এই সম্পদৰাজি সংৰক্ষণ তথা প্রণালীবদ্ধভাবে অধ্যয়ন কৰা অতি প্রয়োজন হৈ পৰিছে। এনে এক উদেশ্যেৰে অসমৰ ‘এশ এবিধ শাক’ৰ তালিকা এখন যুগুতাই উলিয়াবলৈ কিছু দিনৰ পৰা চেষ্টা কৰি আছোঁ। কিন্তু তাকে কৰিবলৈ যাওঁতে কিছু অসুবিধাই দেখা দিছে।  উদাহৰণ স্বৰূপে আমাৰ সংগ্রহত থকা তালিকাখনত এনে কিছুমান উদ্ভিদৰ নাম সোমাই পৰিছে যিবোৰ অসমৰ থলুৱা নহয়, তুলনামূলকভাবে নতুন। তেনে এবিধ উদ্ভিদ হ’ল ছয়াবিন। কোনো কোনোৱে এইবিধ উদ্ভিদ ‘এশ এবিধ শাক’ত খোৱাৰ কথা কোৱাৰ লগতে কেতবোৰ লেখাটো উল্লেখ কৰা দেখিছো। সেইদৰে প্রকাশিত লেখাত অশোক ফুল তালিকাভূক্ত হোৱা দেখা গৈছে যদিও গঞা ৰাইজৰ মূখত এইবিধৰ নাম শুনা নাছিলো। আনহাতে কিছুমান উদ্ভিদৰ নাম ঠাই বিশেষে সুকীয়া। এনে অসুবিধাবোৰৰ লগতে বহুবিধৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম নজনাৰ বিপৰীতে কেতবোৰৰ একাধিক নাম দেখা গৈছে। এনে হ’লেও তালিকাখন শুদ্ধ নহ’ব।উদাহৰণ হিচাপে বাহক,বগাবাহক, তিতাবাহক একেবিধ উদ্ভিদ যাৰ ইংৰাজী নাম Malabar Nut আৰু বৈজ্ঞানিক নাম Jasticia adhatoda Syn. Adatoda vasica।কিন্তু বিশল্যকৰণী (Jasticia gendarussa Syn Gendarussa vulgaris)নামৰ উদ্ভিদবিধক তিতাবাহকৰ আন এক নাম বুলিwww.flowersofindia.netত উল্লেখ কৰা দেখিলোঁ। আনহাতে http://www.assamplants.com  নামৰ ৱেবছাইটটোত Bisalyakarani আৰু Bishalyakarani নামৰ দুটা নাম আছে যি দুটাৰ বিপৰীতে বৈজ্ঞানিক নাম দিয়া আছে ক্রমে Eupatorium triplinerve Vahl আৰু Amaranthus tricolor L. vartristis (Prain) Nayar । তদুপৰি এই ছাইটটোত Jasticia gendarussa ৰ অসমীয়া নাম দিয়া হৈছে Jatrasiddhi, Jeora-goch। অথচ আন বহু লেখাত বিশল্যকৰণী বুলি পোৱা যায়। আমোদজনকভাবে Ixora  নামৰ ফুলগছজোপাকে অশোক বুলি কোৱা বহুলোক পাইছো। এনেবোৰ কাৰণত ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰিব পৰা হোৱা নাই। সেয়ে আমাৰ সংগ্রহৰ পৰা যুগুতাই উলিওৱা অসম্পূর্ণ তালিকাখন “সেউজী ধৰণী”ত উপলব্ধ কৰা হ’ল যাতে শুদ্ধ ৰূপৰ সম্পূর্ণ তালিকা এখন প্রস্তুত হৈ উঠে। আশা কৰোঁ বিজ্ঞজনে এই কামত সঁহাৰি জনাই আমাৰ ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰি তোলাত সহায় কৰিব।
এশ এবিধ শাকৰ এখন অশুদ্ধ আৰু অসম্পূর্ণ তালিকা————-

ক্রমিক নং                     নাম                         ছবি
Assamese: অমৰা ফুল
English: Indian Hog plum
Botanical: Spondius pinnata (L. f.) Kurz.

Assamese:অমিতা ফুল
English: papaya
Botanical: Carica papaya

Assamese: অশোক ফুল
English: Ashoka
Botatical: Saraca indica

Assamese: আগৰা
English: Common cocklebur
Botanical: Xanthium strumarium L


Assamese:আগেজলা
English:?
Botanical:?

Assamese:আদা
English: Ginger
Botanical: Zingiber officinale


Assamese:আনাৰসৰ কোঁহ
English: Pineapple
Botanical: Ananas comosum


Assamese:আমৰ মল
English: Mango
Botanicl: Mangifera indica

Assamese আৰফুল
English:?
Botanical: ?
১০ Assamese ইন্দ্রযৱ
English:?
Botanical:?
১১ Assamese ওলকচু
English: Elephant Yam
Botanical: Amorpophyllus campanulatus, A. paeoniifolius, A. bulbefer

১২

Assamese: কচুশাক
English: Arum
Botanical: Colocasai esculenta L


১৩

Assamese কঁঠালৰ মুচি
English: Jack fruit
Botanical: Artocarpus heterophyllus


১৪

Assamese কলপচলা
English: Banana
Botanical: Musa balbisiana


১৫

Assamese কলমৌ শাক
English: Water spinach
Botanical: Ipomea aquatic Frosk


১৬

Assamese: কর্দৈৰ পাত
English:Carambola
Botanical: Averrhoa carambola

১৭ Assamese:কাঁচিপকা
English:?
Botanical:?
১৮

Assamese: কাঠআলুৰ পাত
English: White Yam
Botanical: Dioscornia alata



১৯ Assamese: কুকুৰাঠেঙীয়া
English: Bandicot berry
Botanical: Leea indica

২০

Assamese: কেঞাবন

English: Nut grass

Botanical: Kyllinga monocephala

২১ Assamese: কেৰেলা পাত

English: Bitter gourd

Botanical: Momordica charantia

২২ Assamese:কোমোৰা পাত

English: Ash gourd

Botanical: Benincasa hispida


২৩ Assamese:খুতৰা শাক

English: ?

Botanical: Amaranthus viridis

২৪

Assamese:গাখীৰতী

English: Milky herb

Botanical: Euphorbia hirta

২৫

Assamese:গৰুখিচ

English: Wild strawberry

Botanical: Fragaria indica

ক্রমিক নং নাম ছবি
২৬

Assamese: চজিনা পাত
English: Drum stick
Botanical: Moringa oleifera


২৭

Assamese: চালকুঁৱৰী আগ
English: Aloe
Botanical: Aloe vera


২৮

Assamese:চিৰতা পাত
English:?
Botanacal: Swertia chirata


২৯

Assamese:চুকাশাক
English: Sorrel
Botanical: Rumex vesicarius


৩০

Assamese:চেংমৰা/ চেঙামু
English: Spiny arum
Botanical: Lasia spinosa

৩১

Assamese: চোৰাতপাতৰ কোঁহ
English: Neetle
Botanical: Urtica dioica

৩২

Assamese: জবাফুল
English: China rose
Botanical: Hibiscus rosa-sinensis


৩৩

Assamese: জলকীয়া পাত
English: Chilli
Botanical: Capsicum annum


৩৪ Assamese: জল কুঁৱৰী
English:?
Botanical:?
৩৫

Assamese: জৱেত্ৰী/ জয়ন্তী
English: Egyptian pea
Botanical: Sesbania sesban


৩৬

Assamese: জাতিলাউ পাত
English: gourd Bottle
Botanical: Lagenaria siceraria

৩৭

Assamese: জালুকপাত
English:Black pepper
Botanical: Pepper nigrum


৩৮

Assamese: জিকা পাত
English: Ridge gourd
Botanical: Luffa acutangula


৩৯

Assamese: জিলমিল
English: Pigweed
Botanical: Chenopodium album


৪০ Assamese: জেটুলীপকা পাত
English:Wild respberry
Botanical: Rubus moluccanus
৪১

Assamese: জ্যেষ্ঠমধু পাত
English: Licorice
Botanical: Glycyrhiza glabra


৪২

Assamese: টিকনি বৰুৱা
English: Pickly ivys
Botanical: Similex perfoliata


৪৩

Assamese: টুবুকী লতা/ টুপুৰী লতা
English:
Botanical: Stephania elegans
S. hernaudifolia


৪৪

Assamese: টেঙামৰা
English: Rozella
Botanical: Hibiscus subdariffa


৪৫

Assamese: টেঙেচি টেঙা
English: Wood sorrel
Botanical: Oxalis repens

৪৬

Assamese: ঢেঁকীয়া
English: Fern
Botanical: Polypodium spp


৪৭

Assamese: ঢেঁকীয়ালতি
English: Maidenhair creeper
Botanical: Lygodium flexunsum


৪৮ Assamese: তৰা গজালি
English: ?
Botanical: ?
৪৯ Assmaese: তেলীকচু
English: ?
Botanical: ?
৫০

Assamese: তিতাকুচি
English: ?
Botanical: Solanum spairale


৫১

Assamese: তিতাফুল/ ৰাম বাহক/ ৰঙা বাহক
English:
Botanical: Phlogacanthus curviflorus

`
৫২

Assamese: তিতাবাহক/ তিতাকুচি/বগা বাহক
English:Malbar nut
Botanical: Justicia adhatoda syn Adatoda vasica

৫৩

Assamese: তিঁয়হ পাত
English: Cucumber
Botanical: Cucumis sativus

৫৪

Assamese: তিল পাত
English:Sesame
Botanical: Sesamum indicum


৫৫

Assamese: তুলসী পাত
English: Basil
Botanical: Ocimum sanctum


ক্রমিক নং নাম ছবি
৫৬

Assamese:থেৰেজু পাত
English:
Botanical:Prunus jenkinisii


৫৭

Assamese:দহি কচু
English:
Botanical: Alocasia odora

৫৮

Assamese:দাংবদি/ লেছেৰা মাহ
English: Cowpea
Botanical: Vigna sinensis

৫৯

Assamese:দুপৰ টেঙা
English: Sprout leaf
Botanical: Bryophyllum pinnatum

৬০

Assamese:দূবৰি বন
English: Dog grass
Botanical: Cynodon dactylon


৬১ Assamese:দূর্লভা
English:
Botanical:
৬২

Assamese:দোৰোণশাক/দুৰুম/ দ্রুণ
English:
Botanical: Leucas aspera

৬৩

Assamese:ধতুৰা
English: Thron apple
Botanicatl: Datura stramonium

৬৪

Assamese:ধনিয়া/মেমেধু
English: Coriander
Botanical: Coriandrum sativum

৬৫

Assamese:ধুন্দুলি পাত
English: Snake gourd
Botanical: Trichosanthes anguina

৬৬ Assamese: ধেপাই তিতা
English:
Botanical:
৬৭ Assamese: নৰসিংহ
English: Curry leaf
Botanical: Murraya koenigii

৬৮ Assamese:নল টেঙা
English:
Botanical:
৬৯

Assamese:নহৰু পাত
English: Garlic
Botanical: Allium sativum

৭০ Assamese:নিলাজী বন
English: Sensitive plant
Botanical: Mimosa pudica

৭১

Assamese: নীলকণ্ঠ
English: Blue fox tail
Botanical: Ecbolium linneanum

৭২ Assamese: নেওঠনীয়া /নেওঠনী
English:
Botanical: Portulaca grandiflora

৭৩

Assamese: নেফাফু
English:
Botanical:Clerodendrum colebrookianum

৭৪

Assamese: নুনি পাত
English: Mulberry
Botanical: Morus alba

৭৫

Assamese:পচতীয়া
English:
Botanical: Vitex pentaphylla

৭৬

Assamese: পটল পাত
English: Pointed gourd
Botanical: Trichosanthes dioica

৭৭

Assamese:পদিনা
English: Mint
Botanical: Mentha viridis

৭৮

Assamese:পনৌনৌৱা/ পূর্ণনৱা
English: Hog weed
Botanical: Peperomia pellucida

৭৯ Assamese:পাতি সোন্দা
English:
Botanical:
৮০

Assamese: পানী কচু
English:
Botanical: Sagittaria trifolia

৮১ Assamese:পানী কলা
English:
Botanical: Ottelia alismoides

৮২

Assamese: পালেং
English: Spinach
Botanical: Spinacea oleracia

৮৩ Assamese:পিপলি
English: Long pepper
Botanical: Piper longum

৮৪ Assamese: পিৰালি কুঁৱৰী
English:
Botanical:
৮৫ Assamese: পিৰালি পালেং
English: Garden spinach
Botanical: Talinum triangulare

৮৬

Assamese: পিঁয়াজপাত
English: Onion
Botanical: Allium cepa

৮৭

Assamese: পুৰৈশাক
English: Malabar nightshade
Botanical: Basella rubra, Basella alba

৮৮ Assamese: বকফুল
English: White dragon tree
Botanical: Sesbania grandiflora

৮৯

Assamese: বন জলকীয়া
English: Wild chilli
Botanical: Clematis cadmia

৯০ Assamese: বন জালুক
English: Wild pepper
Botanical: Oldenlandia diffusa, O. corymbosa

ক্রমিক নং নাম ছবি
৯১

Assamese: বন ধনিয়া
English: Sweet leaf
Botanical: Scopuria dulcis

৯২

Assamese: বৰটেঙেচি
English: Irish shamrock
Botanical: Oxalis corymbosa

৯৩ Assamese: বৰথেকেৰা পাত
English: Cowa (?)
Botanical: Garcinia paniculata

৯৪

Assamese: বৰালি বুকুৱা
English:
Botanical: Pouzolzia zeylanica, P. indica

৯৫ Assamese:বৰিয়াল/বৰবৰিয়াল/
সোণবৰিয়াল
English:  Broom jute
Botanical: Sida cordifolia
৯৬ Assamese: বর্হমথুৰি/ বৰমথুৰি
English: Lipstick champa
Botanical: Magnolia hodgsonii, Talauma hodgsonii
৯৭ Assamese: বাঘ আঁচোৰা
English:
Botanical: Smilax zeylanica,Caesalpinia cuculata
৯৮ Assamese: বাবৰি/ বালি বাবৰি
English:
Botanical: Myriactis javanica
৯৯

Assamese: বিলাহী পাত
English: Tomato
Botanical: Lycopersicon esculentum

১০০ Assamese: বিয়নী সাবটা
English:
Botanical:Desmodium velutinum

১০১ Assamese: বিশল্যকৰণি/ তিতাবাহক / তিতাখাৰি
English:
Botanical:  Jasticia gendarussa SynGendarussa vulgaris
১০২ Assamese: বিহলঙনি
English:
Botanical: Polygonum glabrum , P. orientale

১০৩ Assamese:বৃন্দাবন
English: Copper leaf, Joyweed
Botanical: Telanthera ficoidea, Achyranthes ficoidea
১০৪ Assamese: বেঙেনা(কোটাহি)
English:
Botanical: Solanum khasianum
১০৫ Assamese: বেঙেনা(খৰুৱা)
English: Brinjal
Botanical: Solanum melongena

১০৬ Assamese: বেতগাজৰ পাত
English: Cane
Botanical: Calamus viminalis, V. rotang

১০৭ Assamese: ব্ৰাহ্মীশাক
English: Brahmi
Botanical: Bacopa monnieri
১০৮ Assamese: ভাঙৰ আগ
English: Hemp
Botanical: Cannabis sativa
১০৯

Assamese: ভাতকেৰেলা
English: Spine gourd
Botanical: Momordica dioica

১১০ Assamese: ভীমৰাজ বন/ ভৃগৰাজ
English:
Botanical: Wedelia chinensis

১১১ Assamese: ভূতমূলা
English: Spider plant
Botanical: Cleome gynandra

১১২ Assamese: ভেঁকুৰি তিতা/ তিতা ভেঁকুৰি
English: Pickly night shade
Botanical: Solanum indicum

১১৩ Assamese: ভেঁটফুল
English: Water litty
Botanica: Nymphaea lotus

১১৪ Assamese: ভেদাইলতা/ভাদুলিলতা/ ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা
English: Skunk vine
Botanical: Paederia foetida
১১৫ Assamese: ভোমলতি/ ভোমৰতি
English:
Botanical: Symplocos racemosa

১১৬ Assamese: মচন্দৰী/ মুচন্দৰী/ মচুন্দৰী
English: Heart leaf
Botanical: Houttuynia cordata
১১৭ Assamese: মজাঠি/মজেঠি
English: Indian madder
Botanical: Rubia cordifolia

১১৮ Assamese: মদাৰ
English: Coral tree
Botanical: Erythrina variegata

১১৯ Assamese: মধুৰী আমৰ পাত
English: Guava
Botanical: Psidium guyava
১২০ Assamese:মধুসোলেং
English:
Botanical: Polygonum caespitosum, P. chinensis

বি:দ্র: ছবিসমূহ বিভিন্ন ৱেবছাইটৰ পৰা লোৱা হৈছে

ক্রমিক নং নাম ছবি
১২১ Assamese:মৰলীয়া পাত/ফুটুকী বন/ ঠোঁটনী শাক/ ঠোঠনী শাক
English:  Chick’s wort
Botanical: Stellaria media

১২২ Assamese:মৰিচা
English: Amarntha
Botanical: Amaranthus gangeticus

১২৩ Assamese: মহানিমৰ পাত
English: Neem
Botanical: Azadirachta indica

১২৪ Assamese: মাটি কাঁদুৰি
English: Sessile joyweed
Botanical:  Alteranthera sessiles

১২৫ Assamese: মাঠুকুঠুকা
English:
Botanical:
১২৬ Assamese: মানধনিয়া/ নগা ধনিয়া
Englisndh: Long coriander
Botanical: Eryngium foetidum

১২৭ Assamese: মানিমুনি(বৰ)
English: Asiatic pennywort
Botanical: Centella asiatica

১২৮ Assamese: মানিমুনি(সৰু)
English: Andem
Botanical: Hydrocotyl sibthorpiodes

১২৯

Assamese: মিঠামৰা
English: Jute
Botanical: Corchorus olitorius


১৩০ Assamese: মেচাকি
English:
Botanical: Sarcochlamys pulcherrima

১৩১ Asamaese: মেজেঙা
English:
Botanical: Zanthoxylum oxyphillum
১৩২ Assamese: মেটেকা
English: Water hyacinth
Botanical: Eichhornia crassipes

১৩৩ Assamese: মেথিশাক
English: Fenugreek
Botanical: Trigonella foenum-graecum

১৩৪

Assamese: মূলাশাক
English: Radish
Botanical: Raphanus sativus

১৩৫ Assamese: ৰঙালাউ আগ
English: Pumpkin
Botanical: Cucurbita moschata

১৩৬ Assamese: ৰাজুপকা
English:
Botanical:
১৩৭

Assamese: ৰামতুলসী
English: Clove Basil
Botanical: Ocimum gratissimum

১৩৮ Assamese: লফা শাক
English: Cluster mallow
Botanical: Malva verticillata
১৩৯ Assamese: লৰ বৰুৱা/ ল-বৰুৱা/ লৰা বৰুৱা
English: Telegraph plant
Botanical: Codariocalyx motorius/Desmodium gyrens
১৪০ Assamese:লাই শাক
English: Napa cabbage/ Chinese Cabbage?
Botanical: Brassica rapa var  pekinensis

১৪১

Assamese: লাইজাবৰী
English:Tropical chickweed
Botanical: Drymaria cordata


১৪২

Assamese: লাচকচি/ কঁচী/কইচি
English: Black nightshade
Botanical: Solanum nigrum


১৪৩ Assamese: লেহেতি বন/ লেহেতিয়া/ ইন্দ্রনীল
English:
Botanical: Hydrolea zeylanica

১৪৪ Assamses: শিমলু আলু
English: Tapioca
Botanical: Manihot esculenta

১৪৫ Assamses:শুকলতি
English: Patchouli
Botanical: Pogostemon benghalensis

১৪৬ Assamese: শুহনিবন/শুহনি/পার্বতি
English: Golden button
Botanical: Spilanthes paniculata
`
১৪৭ Assamese: শেৱালি ফুল
English: Night jasmine
Botanical: Nyctanthes arbor-tristis

১৪৮ Assamese: সর্প জিভা
English:
Botanical:
১৪৯ Assamese: হাঁচিয়তি বন
English:
Botanical: Centipeda minima
১৫০ Assamese: হাতঘুনুচা
English:
Botanical:
১৫১ Assamese: হাতলতি
English:
Botanical:
১৫২ Assamese: হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা
English:
Botanical: Amaranthus spinosus

১৫৩ Assamese:হেলচী/ হেলেঞ্চি/ হেলেকি/ মনোৱা শাক
English: Water cress
Botanical: Enhydra fluctuans

১৫৪ Assamese: আম আদা
English: Mango ginger
Botanical: Curcuma amada

১৫৫ Assamese: উৰহী
English: Dolichs bean
Botanical: Dolichos lablab

১৫৬ Assamese: উৰিয়াম
English: West Indian Cedar
Botanical: Bischofia javanica

১৫৭ Assamese: ঔটেঙা
English: Elephant apple
Botanical: Dillenia indica

১৫৮ Assamese: কটাৰী ডবোৱা মাহ
English: Lima bean
Botanical: Phaseolus lunatus
১৫৯ Assamese: কপৌ ঢেকীয়া
English:
Botanical:
১৬০ Assamese: কোৱাভাতুৰি
English:
Botanical:
১৬১ Assamese: চুটীয়া লফা
English:  Buckwheat
Botanical: Fagopyrum esculentum

১৬২ Assamese: টংলতি
English:
Botanical;
১৬৩ Assamese:টকুৰীয়া লতা/ সোণপৰুৱা/ আকণবিন্ধা
English:
Botanical: Cissampelos spp

১৬৪ Assamese:নল টেঙা
English:
Botanical:

এশ এবিধ শাকৰ নামৰ তালিকাখন প্রস্তুত কৰি থাকোঁতেই আমি অনুমান কৰিছিলো যে “এশ এবিধ” মানে ১০০+১=১০১ অর্থাৎ পাঁচ কুৰি এক নহয়। আন বহুতে ১১৩ নাইবা ১১৮ বুলিও কোৱা দেখা যায়। প্রকৃততে কিন্তু ইয়াৰ অর্থ বহুত বা অনেক। আমাৰ সংগ্রহত ১৫৩ বিধৰ নাম আছিল আৰু সেইখিনিৰেই এই লেখাটো যুগুতাবলৈ পাতনি মেলিছিলো। কিন্তু ‘সেউজী ধৰণীত ইতিমধ্যে প্রকাশ হোৱা তালিকাখন পঢ়ি বহুকেইজনে নতুন শাক কিছুমানৰ নাম জানিবলৈ দি এইবোৰ ‘এশ এবিধ শাক’ হিচাপে খোৱাৰ কথা কয়। এজনে কোৱাভাতুৰিৰ কথাও উল্লেখ কৰে। এইদৰে আহি পৰা নামকেইটা  ক্রমিক নং ১৫৪ -১৬৪ ত দিয়া হ’ল। সময়ৰ লগে লগে এই তালিকা আৰু দীঘলীয়া হোৱাৰ পূর্ণ সম্ভাৱনা আছে। সেয়ে আমি প্রস্তুত কৰা এই তালিকাখন সম্পূর্ণ শুদ্ধ বুলি কব নোৱাৰোঁ। তথাপি আশা কৰিছোঁ এইদৰে সকলোৰে সহযোগত ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তলিকা অচিৰে সম্পূর্ণ হৈ উঠিব।
লিখক: ড০ চাদিকুল হুচেইন

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s