গুৱাহাটীত অনুষ্ঠিত অভিৱৰ্তনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া নেতৃত্বাধীন " খিলঞ্জীয়া মঞ্চ অসম"ৰ গুৰুত্বপূৰ্ণ ঘোষণা- ১৮২৬ চনৰ আগতে অসমলৈ অহাসকলহে খিলঞ্জীয়া; চাহ জনগোষ্ঠী, নেপালী আৰু বিহাৰী লোকসকল কোনো কাৰণতে অসমৰ খিলঞ্জীয়া নহয়।


গুৱাহাটীত অনুষ্ঠিত অভিৱৰ্তনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া নেতৃত্বাধীন ” খিলঞ্জীয়া মঞ্চ অসম”ৰ গুৰুত্বপূৰ্ণ ঘোষণা- ১৮২৬ চনৰ আগতে অসমলৈ অহাসকলহে খিলঞ্জীয়া; চাহ জনগোষ্ঠী, নেপালী আৰু বিহাৰী লোকসকল কোনো কাৰণতে অসমৰ খিলঞ্জীয়া নহয়।https://www.youtube.com/watch?v=vkL4ANEY_cM
সমগ্র অসমীয়াৰ বহু প্রত্যাশিত অসম চুক্তিখনে অসমক ৰক্ষণাবেক্ষণ দিব পৰা নাই , তিল তিলকৈ ধ্বংসহে কৰিছে ৷ আনহাতে, ১৮২৬ চনৰ আগতে অসমলৈ অহাসকলহে অসমৰ খিলঞ্জীয়া। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছেআলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷ আলফাৰ প্রতিষ্ঠাপক নেতাজনৰ উদ্যোগত গঠন হোৱা ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত আৰম্ভ হোৱা প্রথমখন কেন্দ্ৰীয়  অভিৱর্তনত তেওঁ কয় যে অসম চুক্তিখন এতিয়া প্রতিজন অসমীয়াৰ বাবে বোজাহে হৈ পৰিছে I দীর্ঘ অসম আন্দোলনৰ পাছত স্বাক্ষৰিত হােৱা চুক্তিখনে অসমীয়াক ৰক্ষণাবেক্ষণ দিয়াত ব্যর্থ হোৱা বুলি মন্তব্য দি তেওঁ কয় যে চুক্তিখনত অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ কথা কৈছে যদিও ইয়াৰ বাবে অতি প্রয়োজনীয় কোনো সূত্র দিয়া নাই ৷ একেদৰে খিলঞ্জীয়া আৰু অসমীয়া কোন তাৰো কোনো সূত্র দিয়া নাই অসম চুক্তিত। ইয়াৰ বাবেই আজিও খিলঞ্জীয়া কোন তাৰ বিতর্কৰ অন্ত পৰা নাই ৷ একেদৰে খিলঞ্জীয়াৰ ভিত্তিবর্ষক লৈয়াে খেলিমেলি লাগি আছে I চুক্তিৰ সময়তে ১৯৫১ চন ভিত্তিবর্ষ নির্ধাৰণ কৰা হলে এতিয়া তাৰ বাবে আদালতত গোচৰ তৰিবলগীয়া বা আদালতলৈ ঢপলিয়াই ফুৰিবলগীয়া নহ’লহেঁতেন। অসম চুক্তিয়ে অসমক তিল তিলকৈ ধ্বংসৰ মুখলৈ লৈ যােৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। ১৯৮৫ চনৰ ১৫ আগষ্টত হােৱা অসম চুক্তিৰ সময়ত আলফাই এই চুক্তিখন ভুৱা বুলি প্রচাৰ পত্র বিলাইছিল বুলিও তেওঁ সদৰী কৰি কয় যে এতিয়া সেই কথা প্রমাণিত হৈছে ৷ কাৰণ চুক্তিখনে অসমৰ সমস্যা সমাধান কৰিব পৰা নাই I ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৪১টা সংগঠনৰ অংশগ্রহণেৰে আৰম্ভ হোৱা মঞ্চৰ প্রথমখন কেন্দ্ৰীয় অভিৱৰ্তন ‘গুৱাহাটী ঘোষণা পত্ৰও প্রকাশ কৰে। অভিৱর্তনত মঞ্চই ‘অসমৰ খিলঞ্জীয়া লোকৰ সংজ্ঞা’ আৰু অসমীয়াৰ সংজ্ঞাও প্রকাশৰ চেষ্টা কৰিব বুলি সদৰী কৰি অনুপ চেতিয়াই ইতিমধ্যে খচৰা প্রস্তুত কৰা বুলি সদৰী কৰে ৷ আনকি গুৱাহাটী ঘোষণা পত্ৰত এই খচৰাও প্রকাশ কৰে ৷ খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই প্রকাশ কৰে যে ইয়াণ্ডাবু সন্ধিৰ আগতে অসমত নিগাজিকৈ বসবাস কৰা সকলোকে অসমৰ খিলঞ্জীয়া হিচাপে গণ্য কৰা হ’ব। কছাৰী, বড়ো কছাৰী, কার্বি, ডিমাচা, মিচিং, চুতীয়া, দেউৰী, কােচ ৰাজবংশী, মৰাণ, মটক, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, বর্মন কছাৰী, শৰণীয়া কছাৰী, মদাহী, মেচ, তাই আহােম, তাই খামতি, তাই ফাকে, চিংফৌ, তাই খাময়াং, তাই তুৰুং, তাই আইটন, তাংছা, আপাতানি, নক্তে, কুকি, হাজং, শালৈ , অসমীয়া কৈৱর্ত, নাথ, যােগী, কেওট, কলিতা, কায়স্থ, অসমীয়া ব্রাহ্মণ, গৰিয়া, মৰিয়া, দেশী, অসমীয়া শিখ আৰু বর্তমান অসমৰ ভৌগালিক চাৰি সীমাৰ ভিতৰত থকা উত্তৰ পূর্বাঞ্চলৰ সাতোখন ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীক (নগা, মিজো , মণিপুৰী, নিচি, আদি, অকা, খাচিয়া, জয়ন্তীয়া, গাৰো আদি) গুৱাহাটী ঘোষণা পত্রত খিলঞ্জীয়াৰ খচৰা বুলি প্রকাশ কৰা হৈছে ৷ এই খচৰা মতে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পূর্বে অসমত বসবাস  কৰা লোকসকলে খিলঞ্জীয়াI আনহাতে, চাহ জনগোষ্ঠী, নেপালী, বিহাৰীসকল কোনোপধ্যে অসমৰ খিলঞ্জীয়া নহয় বুলি কয় অনুপ চেতিয়াই৷ তেওঁলােক ইয়াণ্ডাবু সন্ধিৰ পাছত অসমলৈ অহা বুলি সদৰী কৰি ইয়াৰ মাজৰ যিসকলে অসমীয়া ভাষা সংস্কৃতি আদৰি লৈছে তেওঁলোক ‘অসমীয়া’ বুলি কয় ৷ তেওঁ বৰাকৰ খিলঞ্জীয়াসকলক মঞ্চই বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব বুলিও সদৰী কৰে ৷ লক্ষণীয়ভাবে তেও’ অসমীয়াৰ সংজ্ঞাৰ কথা সদৰী কৰি কয় যে যিসকল লোকে ইয়াণ্ডাবু সন্ধিৰ পাছত ব্রিটিছ শাসন কালৰ পৰা অসমলৈ প্রব্রজিত হৈ ইয়াতে স্থায়ীভাৱে বসবাস কৰাৰ লগতে খিলঞ্জীয়া লোকৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিছে আৰু ইয়াৰ উন্নতিৰ বাবে চেষ্টা কৰিছে আৰু ইয়াৰ খিলঞ্জীয়াৰ কলা কৃষ্টি গ্রহণ কৰি নিজকে অসমীয়া বুলি চিনাকি দি গৌৰৱবোধ কৰে সেই সকলকহে অসমীয়া বুলি গণ্য কৰা হ’ব। মঞ্চই ভাৰত ৰাষ্ট্ৰৰ বৈষম্য মূলক আচৰণ, অবাধ বিদেশী আৰু ভাৰতীয় লোকৰ প্রব্রজন, অসমৰ অৰ্থনীতি আৰু ইয়াৰ বজাৰ ব্যৱস্থাত বিদেশী আৰু বহিৰাগতৰ নিয়ন্ত্রণ, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজৰ অনৈক্যৰ বাবে অসমত খিলঞ্জীয়া লোকৰ অস্তিত্ব সংকটত পৰা বুলি গণ্য কৰাৰ কথা সদৰী কৰে অনুপ চেতিয়াই ৷ খিলঞ্জীয়া মঞ্চই গুৱাহাটী ঘোষণা পত্রৰ যোগে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ বাবে সকলো জাতি জনগোষ্ঠীৰ সমান প্রতিনিধিত্বৰে উচ্চ সদন গঠন কৰা, অসমৰ প্রাকৃতিক সম্পদ, মাটি, পানীৰ সম্পূর্ণ কর্তৃত্ব খিলঞ্জীয়াৰ নিয়ন্ত্রণলৈ দিয়া, ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ আইন সংশোধন কৰি অসমৰ ভূমি ক্রয় বিক্রয় খিলঞ্জীয়াৰ বাদে আনে কৰাত নিষিদ্ধ কৰা, অসম বিধানসভা আৰু লোক সভাৰ ৮০ শতাংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা, সকলো চৰকাৰী বেচৰকাৰী প্রতিষ্ঠানৰ চাকৰি ৯ শতাংশ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰাকে ধৰি মুঠ ২০টা দাবী কৰি এই দাবী কার্যকৰী কৰিবৰ বাবে মঞ্চই চৰকাৰক প্রস্তাৱ দিয়ে।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s