যুগে যুগে অসমৰ খিলঞ্জীয়াৰ দুৰ্দশাৰ কাৰণ কি?


ইতিহাসবিদ গেইট চাহাবে তেওঁৰ “A History of Assam” গ্ৰন্থত লিখিছে-” অসমৰ জলবায়ুৱেই অসমৰ মানুহৰ পতনৰ কাৰণ। অসমৰ জলবায়ুৱেই এনেকুৱা যে ইয়ালৈ যিকোনো লোক আহি দীঘলীয়া সময় অতিবাহিত কৰিলেই মানুহজন এলেহুৱা হৈ পৰে আৰু তেওঁৰ কৰ্ম স্পৃহা আৰু অদমনীয় মনোভাৱ লাহে লাহে নাইকিয়া হৈ যায়। সেইকাৰণে তেওঁ লিখিছিল- তেনে কাৰণতেই অসমলৈ যি পিছত আহিছে সিয়ে আগৰ পৰাই ইয়াত বসবাস কৰি থকা মানুহবোৰৰ ওপৰত ৰাজত্ব কৰিছে আৰু দিন বাগৰাৰ লগে লগে ইয়াৰ জলবায়ুৰ প্ৰভাৱত সেই নতুন শাসকগোষ্ঠীও এলেহুৱা হৈ বল বীৰ্য্যহীন হৈ পৰে, তেতিয়া আকৌ যি নতুন জনগোষ্ঠীয়ে পিছত অসমত প্ৰৱেশ কৰিছে সেই জন গোষ্ঠীয়ে বাকীবোৰ মানুহৰ পৰা শাসন ক্ষমতা কাঢ়ি লয়।” অসমৰ ইতিহাস অধ্যয়ন আৰু গৱেষণা কৰি তেওঁ আশ্চৰ্য্যৰে প্ৰত্যক্ষ কৰিছিল কেনেকৈ কলিতা সকলৰ দৰে আৰ্য্য ৰক্ত আৰু টাই সকলৰ দৰে পৰাক্ৰমী জাতি এই অসম ভূমিত বীৰ্য্যহীন হৈ সাধাৰণ শত্ৰুৰ হাতত ধুলিসাৎ হৈ গৈছিল।
গেইট চাহাবৰ এই ঐতিহাসিক টোকাটো এই প্ৰসংগত এই কাৰণেই উল্লেখ কৰিব লগা হৈছো যে আজিৰ পৰিস্থিতিত তেওঁৰ টোকাটোৰ সত্যতা থকা যেন লাগে। কাৰণ আমাৰ আলস্যতা আৰু প্ৰতিৰোধী মানসিকতা নথকা কাৰণে নতুনকৈ অহা বিদেশী বহিৰাগতসকলৰ আগত আমি অস্ত্ৰ শস্ত্ৰ পেলাই বিনা চৰ্তে আত্মসমৰ্পণ কৰিব লগা হৈছো। আমি জানো যে বিদেশী বহিৰাগতে আমাৰ সকলো কাঢ়ি নিছে অথচ আমি তাক সজোৰে প্ৰতিহত কৰাৰ সলনি তেওঁলোকৰ তৈল মৰ্দন কৰি তেওঁলোকৰ কৃপাতে আমিও জীয়াই থকাৰ চেষ্টা কৰিছোঁ।
অসমৰ খিলঞ্জীয়া অসমীয়াৰ ওপৰত বিদেশী বহিৰাগতৰ লগতে আমি সহোদৰ বুলি ইমান দিনে গন্য কৰি অহা চুবুৰীয়া ৰাজ্যকেইখনেও আগ্ৰাসী মনোভাৱ লৈ আহিছে। চাৰিওফালৰ পৰা বেঢ়ি লৈ সকলোৱে অসমীয়াৰ ওপৰত পাৰে মানে অত্যাচাৰ চলাইছে, কিন্তু তেওঁলোকৰ অত্যাচাৰ উৎপীড়নৰ সবল প্ৰতিক্ৰিয়া এটা প্ৰকাশ কৰিবলৈও আমি অক্ষম। আমাৰ হাতত প্ৰতি পক্ষৰ ওপৰত প্ৰয়োগ কৰিব পৰা একো অস্ত্ৰ নাই। আছে মাথো হুংকাৰ, ধৰ্ণা, অৱস্থান ধৰ্মঘট, তীব্ৰ প্ৰতিবাদ । সেইবোৰেই আমাৰ প্ৰধান অস্ত্ৰ। অৱশ্যে আলস্যতাত বীৰ্য্যহীন হৈ যোৱা জাতি এটাই তাতকৈ বেছি একো কৰিবও নোৱাৰে। বাংলাদেশী হুঁচিয়াৰ বুলি চিঞৰিলেই ভয় খাই বাংলাদেশীসকল পলাই ফাট মাৰিব বুলি ভৱা মহামূৰ্খ আমিবোৰেই এই পৃথিৱীত জীয়াই আছো।
এতিয়া আহোঁ আমি ইমান দিনে আমাৰ সুহৃদ বুলি ভাবি থকি আমাৰ নগাসকলৰ প্ৰসংগলৈ। অসম আৰু নাগালেন্ডৰ সীমা সমস্যাই নতুন একো ৰূপ বা মোৰ লোৱা নাই ৷ তাহানিৰ একেটা ৰূপ বা মোৰেইহে ভয়াবহ মাত্রা লাভ কৰিছে৷ সেই মাত্রা আগ্রাসনৰ দীর্ঘকাল জুৰি নগা লোকে আৰু নাগালেণ্ড চৰকাৰে অসমৰ সাংবিধানিক সীমা উলংঘা কৰি অসমৰ মাটি, হাবি দখল কৰি গছ গছনি কাটি বনাঞ্চল তহিলং কৰি আহিছে। নগাই সাংবিধানিক সীমা, ভূপিন্দৰ সিং সমিতি প্রতিবেদন, উচ্চতম ন্যায়ালয়ৰ ৰায় একো নামানে, কাৰণ, তেওঁলােকৰ হাতত দা ষাঠি, জোং আৰু বন্দুক আছে যিবিলাকৰ ওচৰত লাচিত আৰু গদাধৰ সিংহৰ বংশধৰ অসম চৰকাৰ আৰু পথ অৱৰোধকাৰী টায়াৰ প্ৰজ্বলনকাৰী, ‘তীব্ৰ আৰু জংগী আন্দোলনৰ হুংকাৰ দাতাসকলেহে নালাগে, হস্তিনাপুৰ ইন্দ্রপ্রস্থৰ আর্য্যাৱর্তৰ কংগ্রেছ চৰকাৰ, জনতা চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আটায়ে সেও মানি আহিছে৷ এতিয়া নাগালেণ্ড চৰকাৰ, নগা উগ্রপন্থী সংগঠন আৰু সর্বসাধাৰণ নগা লোক আটায়ে একত্রিত হৈ অসমৰ ওপৰত জঁপিয়াই পৰিছে। বহু বছৰ ধৰি এই আটায়ে সন্মিলিত হৈ অস্ত্র শস্ত্র লৈ আহি অসমৰ মাটি দখল কৰি ঘৰ দুৱাৰ, চৰকাৰী কার্য্যালয়, হাট-বজাৰ আৰু শিক্ষানুষ্ঠান পাতি মহকুমা স্থাপন কৰিছে। চৌদিশে নগালেণ্ড আৰু নগালেণ্ড চৰকাৰৰ নাম ফলক লগাই হাবি বননি কাটি খাস্তাং কৰিছে, অসমৰ খেতিয়কৰ পথাৰৰ সোণালী ধান কাটি ডকা হকা দি লৈ গৈছে, হাঁহ, কুকুৰা, গৰু, ম’হ, ছাগলী আদি পশুধন কাঢ়ি নিছে, বনৰীয়া জীৱ জন্তু, চৰাই চিৰিকটি চিকাৰ কৰি নিছে, অসমৰ মানুহক ডাবি ধমকি আৰু প্রাণে মৰাৰ ভাবুকি দি সিবোৰৰ পৰা “নগা কৰ” আদায় কৰিছে আৰু আনহাতে, নেহৰু গান্ধী দেশাই’ সিং, দেৱেগৌড়া গুজৰীলাল বাজপেয়ী, সিং, মােদী চৰকাৰ আৰু চলিহা, চৌধুৰী, সিং, বৰবৰা, শইকীয়া, মহন্ত, গগৈ আৰু সোণোৱাল চৰকাৰে নগাৰ ভয়ত থৰহৰি কম্পমান হৈ থম থমকৈ অৱস্থান ধর্মঘট কৰি আহিছে।
দৰাচলতে শান্তি স্থাপনৰ নামত জয় প্রকাশ নাৰায়ণ, ৰেভৰেণ্ড, মাইকেল্ স্কট্ আৰু বিমলা প্রসাদ চলিহাৰ গঠিত “শান্তি অভিযান’ (পীছ মিশন্)এ বনৰীয়া হাঁহৰ পিছত দৌৰি নগা ৰাজ্য বা নগালেণ্ডক অসমৰ অবিচ্ছেদ্য অংগ, প্রতাপী বড়ো কছাৰী ৰাজ্যৰ প্রাচীন ৰাজধানী ডিমাপুৰ নগৰখন এখন কাঁহীত তুলি (অন্ এ’ প্লেটা(ৰ)) নগাক দি দিয়াৰ পাছৰে পৰা এবাৰ মানুহৰ তেজৰ সােৱাদ পােৱা বাঘ নৰখাদকে হৈ পৰাৰ দৰে, অসমৰ মাটি ব বে নগাৰ লোলুপ দৃষ্টি আৰু সাহস বাঢি গ’ল। ক্রমাৎ অসম নগালেণ্ড আন্তঃ ৰাজ্যিক সীমাৰ কাষৰ কার্বি আংলং, (এতিয়া পশ্চিম কার্বি আংলং নামে আৰু এখন), গোলাঘাট , যােৰহাট , শিৱসাগৰ (এতিয়া বিভাজনৰ পাছত নতুনকৈ চৰাইদেউ) আৰু তিনিচুকীয়া জিলাত নগা ৰাইজ, নগা উগ্ৰপন্থী সংগঠন আৰু নাগালেণ্ড চৰকাৰৰ যৌথ প্ৰচেষ্টাত সম্প্রতি অসমৰ মাটিত আক্ৰমণ কৰাটো এটা নৈমিত্তিক ৰাজনৈতিক সামৰিক প্রক্রিয়াত পৰিণত হৈছে। পৰম বিস্ময়কৰ কথা যে এখন সার্বভৌম ৰাষ্ট্ৰই আন এখন ৰাষ্ট্র আক্রমণ কৰাৰ দৰে ভাৰত ৰাষ্ট্রৰ অন্তর্গত এখন ৰাজ্য নগালেণ্ডে একেখন ৰাষ্ট্রৰে আন এখন ৰাজ্য অসমৰ ওপৰত পূর্ণ পর্য্যায়ৰ আক্রমণ চলাই আহিছে আৰু অসম চৰকাৰৰ সীমান্ত বাহিনী হাত সাৱটি বহি আছে আৰু সময়ে সময়ে পলাই নিজৰ ৰাজ্যৰ অধিক ভিতৰনৈ সোমাই আহিছে আৰু কার্য্যতঃ নগাক সেই মাটি এৰি দিছে। অথচ তাহানি চ্যুপিমফা, চ্যুহুংমূং, চ্যুক্লেনমুং, চুচেনফা (প্রতাপ সিংহ) আৰু চ্যুপাতফা (গদাধৰ সিংহ) আদি স্বর্গদেউসকলে সাম, দান, দণ্ড,ভেদ আদি নীতিৰে কেৱল নগাসকলকে নহয়, উত্তৰৰ উদণ্ড, জংগী ডফলা, মিচিমি আদি পাহাৰীয়া জাতিবিলাকৰ সঘন আক্রমণ আৰু অত্যাচাৰ কােনকৈ দমন কৰিছি, সেই বিষয়ে বুৰঞ্জীৰ নাম মাত্রও জ্ঞান নথকা আমাৰ ইখনৰ পাছত সিখনকৈ চৰকাৰ, ইজনৰ পাছত সিজনকৈ মুখ্যমন্ত্ৰীয়ে চুড়ান্ত কাপুৰুষালিৰ পৰিচয় দি আহিছে। কোনো এখন চৰকাৰে নিজেতাে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আগত পুংখনুপুংখভাৱে দাঙি ধৰিবৰ বাবে বা নিজৰ আৰক্ষী বাহিনীক নগা আৰক্ষী আৰু উগ্রপন্থীৰ আক্রমণৰ বিৰুদ্ধে সামৰিক উত্তৰ দিবলৈ নির্দেশ দিবতো পৰা নায়েই সমস্যাটো বিধান সভাত আলােচনাৰ বাবে উদ্যোগ লবলৈও বুকুত সাহস গােটাবলৈ উশাহটো সলাব পৰা নাই। চাপৰিলে মেঘ আতৰি নাযায়। কিন্তু অসম চৰকাৰলৈ দয়া পৰৱশ হৈ অসমৰ আকাশৰ ওপৰত থকা এই কলীয়া ৰাজনৈতিক মেঘ নিজে নিজে আঁতৰি যাব বুলি আশা পালি অসমৰ ‘জাতীয় চৰকাৰ’ বহি আছে I
নগাই একাে নামানে। চৰকাৰে নাগালেণ্ডত লাখ লাখ কোটি টকা ঢালিছে ৷ সকলাে নগ’লেও বুজন পৰিমাণৰ টকা মন্ত্ৰী, আমােলা আৰু ঠিকাদাৰৰ জেপলৈ গৈছে। কেন্দ্ৰীয় চৰকাৰে একো নকৰে মাথোন তেল তুল মাৰি যেনে তেনে সন্তুষ্ট কৰি ৰাখিব লাগে । ডাঃ ভূমিধৰ বর্মন ৰাজহ মন্ত্ৰী হৈ থাকোতে ২০০৮ চনত বিধান সভাৰ অধিবেশনত তেখেতে ঘোষণা কৰিছিল যে অসমৰ ৬৭,০০০ হে’ক্টৰ মাটি নগাৰ দখলত আছিল ৷ আছিল মানে এতিয়াও আছে । ২০১০ চনত অৰুণাচলী মানূহে তদানীন্তন শিৱসাগৰ জিলাৰ (বর্তমান চৰাইদেউত) চৰাইপুং নামৰ ঠাইলৈকে আগুৱাই আহি অসমৰ মাটিত আৰু মানুহৰ ওপৰত চুড়ান্ত উপদ্ৰৱ লগাইছিল I ঘটনা সংঘটিত হোৱা বিপজােক ঠাইলৈ নিজে কেতিয়াও নগৈ আনক পঠিওৱা তৰুণ গগৈয়ে (শিৱসাগৰ জিলাৰ মন্ত্ৰী হিচাপে প্রণৱ গগৈক পঠালে ৷ প্রণৱ গগৈয়ে অৰুণাচলী আৰক্ষীক অসম আৰক্ষীৰ সৈতে যুটীয়াভাবে পৰিস্থিতি নিৰীক্ষনৰ বাবে অসমৰ ভিতৰৰ প্রখ্যাত চৰাইপুঙত আৰক্ষীৰ শিবিৰ পাতিবলৈহে দিলে ৷
নগাই একো নামানে,কাকাে কেৰেপ নকৰে ৷ অসম চৰকাৰে আত্মৰক্ষাও নকৰা দেখি আৰু ভাৰত চৰকাৰৰ গোপন উদ্দেশ্য বুজি পোৱা অসম নাগালেণ্ড সীমান্তস্থিত কেন্দ্ৰীয় চৰকাৰী সশস্ত্র বাহিনীসমূহাে নগাৰ অসম আক্রমণত নিষ্ক্ৰিয় হৈ বহি থকা দেখি নগাৰ সাহস ক্ৰমাৎ বাঢ়ি গ’ল ৷ তৰুণ গগৈৰ মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰীত্বৰ কালত নগাই এবাৰ অসমৰ সীমান্তৰ ভিতৰত সোমাই উপদ্রৱ কৰি এজন দণ্ডাদীশকো হত্যা কৰাৰ পাছত নিজে ঘটনাস্থলীলৈ যাবলৈ ভয় কৰা গগৈয়ে গৃহ বিভাগৰ্ উঠি ৰজা ৰকিবুল হুছেইনক পঠালে ঘটনাৰ বুজ ল’বলৈ ৷ হুছেইনে নিয়ম মাফিক কিছু ঠাই পৰিদৰাশন কৰিলে, কিন্তু সংশ্লিষ্ট বিষয়াবর্গই আচল ঘটনাস্থলী তিনি কিলোমিটাৰমান দূৰত বুলি কৈ তালৈ যােৱাৰ প্রস্তাৱ দিয়াত হুছেইন চাহাব গুৱাহাটী অভিমুখেহে লৰা লৰিকৈ গাড়ীত উঠিল বুলি সংবাদ মাধ্যমে ৰাইজক বতৰা দিছিল। দুবছৰমান হােৱায়ে নাই নেকি, সীমান্তত সংঘটিত ঘটনাৰ পাছত প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ঘটনাস্থলীলৈ যাওঁতে নগা আৰক্ষীয়ে মহন্তক আগবাঢ়িবলৈকে নিদিলে। নগা উগ্রপন্থী, নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ড আৰক্ষীৰ মর্জি আৰু অলিখিত তালিম মতে চলা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়েও চাইহে থকিল ৷ শেনটো যােৱাদি যোৱা মহন্তই ফেঁচাটোৰ দৰে তাৰ পৰা উভতি আহিবলগীয় হ’ল। নিজে ক্ষমতাত থাকোঁতে একো কৰিব নােৱাৰা তৰুণ গগৈ, ৰিপুণ বৰা দেৱব্ৰত শইকীয়া, প্ৰফুল্প মহন্ত, অতুল বৰা আটায়ে এতিয়া মুখ মেলিলে কি হ’ব? কাৰো একো উপায় নাই ।
নগাই একো নামানে। তাহানি ধর্মানন্দ দাস অসম চৰকাৰৰ মুখ্য সচিব হৈ থাকোঁতে অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত হোৱা আমোলা পর্য্যায়ৰ আলোচনাকে ধৰি সীমা বিবাদ সম্পর্কে বহুবাৰ বহু আলােচনা হল, কিন্তু সকলাে আলোচনাতে চাহৰ পিয়লা হাতত লৈ বিস্কুট আৰু কাজু বাদাম চোবোৱা আৰু কথা চােবোৱাৰ বাদে ফলাফল একো নহ’ল ৷ অসমে কথা পাতিয়েই থাকিল আৰু নাগালেণ্ডে অসমৰ মাটি দখল কৰিয়েই থাকিল। সচা নে মিছা, নাজানাে মাজতে এবাৰ এনেকৈও কথা ওলাইছিল বোলে অসম চৰকাৰৰ আমোলা বিষয়াই টেবুলত মানচিত্র থৈ নগালেণ্ডৰ আমােলা বিষয়াক দৈয়াং, বোমা, নামবৰ হাবি আৰু সাপেখাতী,বৰহাট,সৰুপথাৰ হালোৱাটিং দেখুৱাই দেখুৱাই কথা কয়হে কয় আৰু বুজাব খােজেহে খােজে, কিন্তু নগাই হেনাে বাৰেপতি কয় বোলে “ঠিক আছে, ঠিক আছে, আমি বুজি পাইছে দে। মেপটো তুমিখানৰ লগতে ৰাখিবি, জমিটো আমিখানৰ লগতে থাকিব”। নগাসকলে ‘ইবোৰ সিবােৰ’ কথা একো বুজিব নােখোজে, নুবুজে ৷ তেওঁলােকে সার্বভৌম নগালেণ্ড নাপায় যেতিয়া, তেওঁলােকক বৃহত্তৰ নাগালম লাগিবই । জমি লাগে জমি। কেন্দ্ৰীয় চৰকাৰে সেই কথা ভালদৰে জানে। হস্তিনাপুৰ ইন্দ্রপ্রস্থ চৰকাৰে এই কথাও জানে যে অৰুণাচলে আৰু মনিপুৰে মাটি এৰি দিয়াৰ আশা নাই। কেইবছৰমান আগেয়ে নাগালিমৰ বাবে মাটি এৰি দিয়াৰ কথা ওলাওতে মণিপুৰী ৰাইজে বিধান সভা ভৱনটোকে জ্বলাই দিলে ৷ নগাক সন্তুষ্ট কৰি নির্বাচন জিকিব বাবে গুজৰাট বা পাঞ্জাৱত মাটি দিব নােৱাৰি। এতেকে মাটি ল’ব লাগিব অসমৰ পৰাই ৷
এই সকলোবোৰ সমস্যা লৈ এই মূৰ্হুতত কি কৰা উচিত সেই কথা কোৱাৰ হক আমাৰ নাই। ৰাইজে মনোনীত নকৰাকৈ অসমক প্ৰতিনিধিত্ব কৰি দিল্লীৰ মোগলৰ দৰবাৰত হাজিৰ হোৱা মানুহৰ অসমত অভাৱ নাই। গতিকে তেখেতসকলৰ ওপৰতে সকলো এৰিছো। বেছিকৈ ক’লে মোৰো কিজানি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ গতিয়ে গতি হোৱাৰ আশংকাও নথকা নহয়।
তথ্যসমূহৰ কিয়দাংশ কাকতৰ পৰা সংগৃহীত
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s