অসমীয়া ভাষা এটা উমৈহতীয়া ভাষা; এক চমু আলোকপাত


অসমীয়া ভাষা এটা উমৈহতীয়া ভাষা; এক চমু আলোকপাত

ভট্টদেৱক কথা ডাগৱত লিখিবলৈ নির্দেশ দি দামােদৰদেৱে কৈছিল, এই ভাগৱত  ইমানেই সৰল হ’ব লাগিব যে ‘স্ত্ৰী,শুদ্র সর্বলােক বুঝে জেন মত’ ৷ ন’কৈ প্রৱর্তিত ধৰ্ম এটাৰ বিস্তাৰৰ বাবে ধর্মপুথি সৰল হোৱাটো অৱশ্যেই জৰুৰী, ভট্টদেৱক দামোদৰদেৱে দিয়া নির্দেশৰ কাৰণো আছিল এয়ে ৷ আনহাতে ৰজাঘৰীয়া পৰিবেশত সাহিত্য চর্চা কৰা পৰম্পৰাৰ পৰা শংকৰী-সাহিত্যৰ চর্চায়ো ক্রমাৎ ফালৰি কাটি আহি সত্রৰ চৌহদত থিতাপি লৈছিলহি; (শংকৰদেৱ-মাধৱদেৱে কোচৰাজৰ পৃষ্ঠপোষকতা লাভ কৰিলেও, বা পাছলৈ আহােম স্বর্গদেৱৰ পৰা সত্র স্থাপনৰ বাবে ভূমি অনুদান পালেও শংকৰী ভাষা সাহিত্যৰ চর্চা ৰাজ দৰবাৰতকৈ মূলতঃ সত্রতহে হৈছিল) কাজেই এই ভাষা সাহিত্যৰ সৈতে অধিক লোকৰ প্রত্যক্ষ যোগসূত্রও সম্ভৱ হৈ উঠিছিল। অৱশ্যে শংকৰী সাহিত্যত বাৰ ভূঞাসকলৰ কথিত ভাষাৰ প্রভাৱ এটাও নপৰাকৈ থকা নাছিল ৷ এই বাৰভূঞা সকলে সুদীর্ঘ কাল অসমৰ অর্থনৈতিক ব্যৱস্থাটোত জড়িত হৈ আছিল। ব্যৱসায়ৰ কামত তেওঁলোকে অসমৰ উজনি নামনিৰ চুকে কোনে সোমাওঁতে তেওঁলোকৰ ভাষা ব্যৱহাৰ কৰিছিল । স্বাভাৱিকতে তেওঁলোকৰ ভাষায়াে উমৈহতীয়া ভাষাটোত সাৰ-পানী যােগাইছিল নিশ্চয়। কিন্তু সর্বলোকে ৰজাৰ উদ্দেশ্য আগত ৰখাৰ বাবে নৱ বৈষ্ণৱ ধৰ্মৰ ভাষাই বিশাল এলেকা জুৰি সর্ব সাধাৰনক স্পর্শ কৰিবলৈ সক্ষম হৈছিল। সংস্কৃতৰ পৰা অনুবাদৰ বাবেই হওঁক কিম্বা মূলৰ সৌন্দৰ্য্য অটুট ৰখাৰ স্বার্থতে হওক ভট্টদেৱৰ গদ্যত কথিত ভাষাতকৈ সংস্কৃত ভাষাৰ প্রভাৱ অধিক ঘটিল সঁচা, পিছে অসমীয়া গদ্য সাহিত্যৰ এই পথতে পৰৱর্তী কালত গুৰু-চৰিত কথাত কথিত ভাষাৰ মার্জিত ৰূপ প্রতিফলিত হল । সমান্তৰালভাৱে এই সত্রসমূহেও সমম্বয়ৰ বাট মুকলি কৰিছিল; বিশেষকৈ দিহিং সত্র আৰু মায়ামৰা সত্ৰই অনার্য, জনগোষ্ঠীৰ লোকৰ মাজত আস্থা আৰু বিশ্বাসৰ যি ভেঢি মজবুত কৰিছিল, সমম্বয়ৰ পথত সেই গোষ্ঠী সমুহৰ শব্দ আৰু ব্যাকৰণৰে উজনিত সণ্ঢালনিকৈ প্রচলিত কথিত ভাষাটো অধিক সমৃদ্ধ হোৱাৰো বাট মুকলি হৈছিল ৷

ভৌগোলিক বিভেদ ৰেখাই একেটা মূল গোষ্ঠীক দীর্ঘকাল সৰু সৰু গোটত বিচ্ছিন্ন কৰি ৰখাৰ ফলত সংশ্লিষ্ট গোটসমূহৰ মাজতো ভাষিক বিবিধতাৰ সৃষ্টি হয় I আন ভাষাগােষ্ঠীৰ সংস্পর্শলে নাহিলেও এয়া সম্ভৱ হ’ব পাৰে; কিয়নো শব্দৰ সৃষ্টি হয় তাৰ প্রকাশৰ প্রয়োজনীয়তাত, আৰু সময়ৰ অগ্রগতিত তেনে প্রয়োজনীয়তা বৃদ্ধি পায় মাত্র। ভিন্ন ভাষাগোষ্ঠীৰ সংস্পর্শলে অহাৰ বাবে ভাষা এটাত কেনে পৰিৱর্তন সাধন হয় সেয়া অসমৰ সুপ্রাচীন কিৰাতসকলৰ ক্ষেত্রত আলোচনা কৰিলে এই বিষয়টো অধিক স্পষ্ট হয় ৷

ভাষাতত্ত্ববিদসকলে দেখুৱাইছে যে বড়ো আৰু গাৰো সকল এহেজাৰ বছৰৰ পূর্বেই মূল কছাৰী গােষ্ঠীৰ পৰা বিচ্ছিন্ন হৈছিল। ৪৯ এই সুদীর্ঘ পথত দুয়ােটা ভাষাই স্বতন্ত্র ৰূপত গঢ় লৈ উঠিছে I বড়ো ভাষা তত্ত্ববিদৰ মতে সেই বাবেই গাৰোতকৈ বড়ো সকলৰ সৈতেহে ডিমাচা ভাষাৰ মিল অধিক ৷ লক্ষণীয় কথা হল, বিগত দীৰ্ঘকাল জুৰি ভৌগোলিকভাৱেও বড়ো আৰু ডিমাচাসকল ওচৰা ওচৰিকৈ আছে I একেদৰে প্রায় এহেজাৰ বছৰৰ পূর্বেই তিৱাসকলো বড়ো মূলৰপৰা বিচ্ছিন্ন হৈছিল। গাথনিগত মিল থাকিলেও এতিয়া স্বতন্ত্র কথিত ভাষাৰূপেই তিৱাৰ স্থান I কিন্তু আজিৰ বড়ো ভাষাটোৰো ঠাইভেদে ৰূপ ভিন্ন ৷ ফলত, বড়ো ভাষাটোতে কেবাটাও উপভাষাৰ সৃষ্টি হৈছে ৷ উদাহৰণ স্বৰূপে কােকৰাঝাৰ, ধুবুৰী জিলাৰ কথিত ভাষাৰ সৈতে দৰং, শোণিতপুৰৰ কথিত ভাষাৰ অমিল স্পষ্ট I মধুৰাম বড়োৰ মতে লখিমপুৰ জিলাত বিভিন্ন জিলাৰপৰা গৈ বসতি স্থাপন কৰা বড়ো সকলৰ ভাষায়াে এটা নতুন উপভাষাৰূপে গঢ় লৈ উঠাৰ প্রৱণতাই দেখা দিছে ৷ এয়া হ’বলৈ পাইছে সংশ্লিষ্ট বড়ােভাষী সোকসকলৰ সৈতে প্রতিবেশী ভাষাৰ সংস্পর্শ আৰু সাংস্কৃতিক আদান প্রদানৰ সামাজিক সূত্র অনুসৰিয়েই ৷

এই প্রক্ৰিয়াত ভাষা এটা কিদৰে মূলৰপৰা বিচ্ছিন্ন হৈ পৰে আৰু একেটা ভাষাৰে আন কেতবােৰ সমলৰ মাজেৰে ভাষাটোৰ মূল ৰূপ অক্ষুন্ন হৈ ৰয় তাৰ এটা দৃষ্টান্তৰূপে উল্লেখ কৰিব পাৰি টাংছা গোষ্ঠীৰ কথা I তেত্রিশটা উপজাতিৰ সৈতে টাংছাৰ ইতিহাস আৰু সমাজ ব্যৱস্থা বণির্ল I মংগােলিয়াৰ পৰা দীর্ঘ প্রব্রজ়নৰ পাছত আহি সম্প্রতি অৰুণাচল প্রদেশ আৰু অসম অৰুণাচল সীমান্তত বসবাস কৰা টাংছা সকলৰো আন বহু ভাষাগােষ্ঠীৰ দৰেই নিজস্ব লিপি তথা লিখিত সাহিত্য নাই ৷ ইয়াৰ অনিবাৰ্য্য পৰিণতিত ভিন্ন ঠাই তথা পৰিবেশৰ মাজেৰে চলা প্ৰব্রজনৰ কালছোৱাত টাংছাসকল অনেক ভাষা আৰু সাংস্কৃতিক বাতাৱৰণৰ সংস্পৰ্শলৈ আহিছে আৰু তেওঁলোকৰ কথিত ভাষাৰ পূর্বৰ ৰূপৰ সলনি ঘটিছেI আন ভাষা গোষ্ঠীৰ সংস্পর্শৰ তাৰতম্য থকাৰ বাবেই টাংছাৰ তেত্রিশটা উপজাতিৰ স্থানীয় ভাষাসমূহৰ মাজত কম বেছি পৰিমাণে ভিন্নতা আছে; কিন্ত মৌখিক সাহিত্যক স্মৰণযোগ্যে কৰাৰ উদ্দেশ্যতে একালত যি গীত-মাত ৰচিত হৈছিল, তেনে গীতসমূহ টাংছাৰ সকলো উপজাতিৰ মাজতে একে। অর্থাৎ আন আন ভাষা-ভাষী লােকৰ সৈতে হোৱা আদান প্রদানে টাংছাৰ উপজাতি তথা অঞ্চলভেদে কথ্য ভাষাৰ প্রভেদ আনিলে ঠিকেই, শ্রুতিৰ মাজেৰে বৈ যােৱা গীত-মাতবােৰত মূল ভাষাটোৱেই বর্তি থাকিল I সেইবাবেই টাংছাভাষী নতুন প্রজন্মৰ বাবেও সম্প্রতি গীতৰ ভাষা হৃদয়ংগম কৰাটো দুঃসাধ্য ৷

একে নিদৰ্শন দাঙি ধৰিব পাৰি মিচিং সকলৰ ‘মিবু আঃবাঙ’ৰ ক্ষেত্রতাে I অসমৰ প্রধান আৰু প্রাচীন জনগোষ্ঠী হিচাপেই মিচিঙৰ পৰিচয় I ‘আদি’, ‘আপাতানি’ আৰু ‘নিচি’ সম্প্রদায়ৰ সৈতে মিচিংসকল একেমূলীয়া I ভৌগোলিক আৰু সামাজিক বিভাজন ৰেখাই এই সম্প্রদায়কেইটাকে যে পৃথক কৰিছে এনে নহয়- অসমৰ ঠাইভেদে মিচিংভাষী লোকৰ মাজতাে ভাষিক অমিল স্পষ্ট ৷ বহু মিচিঙে আনকি অসমীয়া ভাষা গ্রহণ কৰি নিজৰ ভাষাক বিসর্জনো দিছে I কিন্তু মিচিংসকলৰ ভক্তিমূলক গীত ‘মিবু আবাঙত মিচিং ভাষাৰ প্রাচীনত্বই বিৰাজ কৰিছে মূলতঃ স্মৃতিৰ মাজেৰে পুৰুষানুক্রমে গীতবােৰ লালন পালন কৰি অহাৰ বাবেই I এতিয়াৰ মিচিংভাষী লােকৰ বাবেও ভাষাৰ এই প্রাচীন ৰূপ বুজি পোৱাটো অনায়াসলব্ধ নহয়৷ মিচিং আৰু টাংছাসকলৰ গীত আৰু কথিত ভাষাৰ এই প্ৰভেদ সামান্য উল্লেখ মাত্র- সামাজিক পৰিৱেশে বিভিন্ন লোকগােষ্ঠীক পৰস্পৰক আঁকােৱালি লোৱাৰ কিম্বা পৰস্পৰৰ সৈতে লীন হোৱাৰ যি পটভূমি তৈয়াৰ কৰে আৰু যি পটভূমিয়ে মানৱ জাতিৰ দীর্ঘ পৰিক্রমাত বিভিন্ন ভাষা আনৰ সৈতে ‘সংমিশ্রিত হোৱাৰ পথ প্রশস্ত কৰিছে, উদ্ভৱ হৈছে নতুন ভাষাৰ, আজিৰ অসম নামৰ এই ভূখণ্ডতো তেনে পৰিবেশ সূচনা হোৱাৰ বাবেই এক উমৈহতীয়া কথিত ভাষাই ধীৰে ধীৰে গঢ় লৈ উঠিছিল I এই প্রেক্ষাপটেই বুজিবলৈ সুযোগ দিয়ে যে ভাষা কৌমার্য অটুট থকা বিষয়তো নহয়েই, কাৰো একচেটিয়া সম্পত্তিও নহয় I দুর্ভাগ্যজনকভাৱে আহোম-অসমত যিটো কথিত ভাষা গঢ় লৈ উঠিছিল, তাক সকলােৱে উমৈহতীয়া ভাষা বুলি অনুভৱ কৰা প্রক্রিয়াটো সম্পূর্ণ হৈ নুঠােতেই ন’কৈ ঠন ধৰি উঠা অসমীয়া জাতিসত্তাৰ উপসৰ্গই অন্যান্য ভাষিক সম্প্রদায়ৰ মাজত ভাষিক আশংকাৰ বীজহে ৰোপণ কৰিলে I এই ভাষাটো নামনি খণ্ডৰ বাবে আচহুৱা হৈ ৰোৱাৰ আঁৰতো আহোম অসমৰ শাসক তথা প্রজাৰ মানসিকতাই দোষী আছিল I তাৎপৰ্য্যর্পূর্ণভাৱে আজিৰ কামৰূপৰ এছোৱা আহোম অসমৰ ৰাজনৈতিক পৰিসীমাত অন্তর্ভুক্ত হ’লেও, ড° সূর্য্য কুমাৰ্ ভূঞাই দেখুৱাইছে যে কামৰূপৰ প্রতি আহােম শাসকৰ দৃষ্টিভংগী উদাৰ নাছিল ৷ তদুপৰি মোগল সেনাপতি মিৰজুমলাৰ লগত অহা কটকীয়ে লিখা বুৰঞ্জীতাে আহােম-অসমৰ ৰজা-প্ৰজাৰ মানসিকতাৰ উল্লেখ কৰি কােৱা হৈছিল যে এই ৰাজ্যবাসীয়ে কোনো কাৰণতে নিজৰ দেশৰ পৰা বাহিৰলৈ ওলাব নিবিচাৰে, আনকাে সেই ৰাজ্যত সােমাবলৈ নিদিয়ে। অর্থাৎ আজিৰ নামনি খণ্ডৰ সৈতে ভাষিক সংস্কৃতিৰ বিনিময়ৰ পথ ৰুদ্ধ কৰি ৰাখিছিল আহােম-অসমেই I

এনেদৰেই পৰিকল্পিতভাৱে নহ’লেও সামাজিক প্রয়োজনীয়তাতে আহােম-অসমত বিভিন্ন ভাষাগােষ্ঠীৰ সংমিশ্রণত গঢ় লৈ উঠা কথিত ভাষা এটাই পর্যায়ক্রমে ভাষাৰ মান্যতা লাভ কৰিছিল ৷ এই ভাষাটোক পৰিকল্পিতভাৱেই সমগ্র অসমৰ ভাষা কৰি তোলা হয় ৷ ভাষা . স্থিৰ ব্যৱস্থা নহয়, ইয়াত অবিৰতভাবে সংযোজন আৰু সংবর্ধনা প্রক্রিয়া অব্যাহত থাকে I এসময়ত এই ভাষাৰ বিৰুদ্ধে ব্রিটিছ বিষয়ালৈ প্রতিবাদী টোকা গ’লেও পৰিৱর্তিত সময়ত অৰুনোদইৰ মাজেৰে জন্ম হোৱা ভাষাটোৱে অসমীয়া ভাষাৰূপে উজনি নামনিৰ গ্রহণযোগ্য ভাষা হৈ উঠিছে; এক বৃহৎ লােক-সমুদায়ে এই ভাষাক আপডালাে কৰিছে।নিঃসন্দেহে বাংলা ভাষাৰ গ্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে ঊনবিংশ শতিকাৰ শেষৰ ফালে চলা সচেতন প্ৰয়াসৰ ফলতেই ঠন ধৰি উঠিছে আজিৰ অসমীয়া ভাষা I অর্থাং এই পর্যন্ত অসমীয়া ভাষাই চেতন বা অসচেতনভাৱে পরৰকল্পনাৰ দুটা স্তৰ পাৰ হৈ আহিছে I উল্লেখ বাহুল্য মাথোন যে অসচেতন পৰিকল্পনাৰ পৰ্যায়ত ভিন্ন উপভাষাৰ আদান-প্ৰদানৰ মাজেৰে গঢ় লােৱাৰ ফলত ৰজাৰ পৰা প্রজালৈ সকলো হৈছিল পৰিকল্পনাৰ অংশীদাৰ ৷ কিন্তু ভাষা পৰিকল্পনা বন্ধ হ’ব নােৱাৰে I ভাষা যিহেতু এটা চলমান প্রক্রিয়া (system) ভাষা-পৰিকল্পনাও সেয়ে হোৱা উচিত অবিৰত প্রক্রিয়া I

এটা মাথো উদাহৰণ বাংলা ভাষাৰ প্রভাৱ মুক্ত কৰাৰ বাবে একালত অসমীয়া ভাষাৰ পৰিচর্যা কৰা হৈছল, ইয়াৰ ফলত অসমীয়া ভাষাৰ স্বতন্ত্রতা স্বীকৃত হ’ল ঠিকেই কিন্তু বাংলাৰ ওপৰত ভাষাৰ নির্ভৰশীলতা হ্রাস পালেনে ? অসমীয়া ভাষাত বিভিন্ন ধৰণে পৰিপুষ্টি যােগােৱা এতিয়াও হৈ নুঠাৰ ফলত বৰঞ্চ বিভিন্ন চিন্তা-চেতনা আৰু বিশ্ব সাহিত্যৰ অনুবাদে বাংলা ভাষা সাহিত্যৰ মাজেদিয়েই অসমীয়া ভাষালৈ আহিবলগীয়া পৰিস্থিতি এটা বৰ্তি ৰৈছে। ভাষা এটাক নতুন ধ্যান ধাৰণাৰ সকলাে উপচাৰেৰে সমৃদ্ধ কৰাটোও ভাষা পৰিকল্পনাৰে অংগ। সেই পথত অসমীয়া ভাষাক লৈ পৰিকল্পিতভাৱে কাম কৰাৰ অৱকাশ ৰৈ গৈছে। এই কথাৰ বিস্তৃত ব্যাখ্যা নকৰিলেও চলে যে ভাষা এটা সকলােধৰণে সমৃদ্ধ হলে সেই ভাষাটো প্রতিবেশী অন্যান্য ভাষাৰ ওপৰত প্রভাৱী হৈ উঠে। ভাষাৰ শক্তি কওঁতা লোকৰ সংখ্যাই নুসূচায়, বৰং ভাষাটোৰ পৰিপুষ্টিতহে এই শক্তি নির্ভৰশীল। পৰিপটু ভাষা এটাৰ প্ৰতি ইয়াৰ সংস্পর্শলৈ অহা লোকসকল আকৃষ্ট হ’বই।ভাষা-পৰিকল্পনাৰ পথত এই কথালৈ বিশেষভাৱে মনােযােগী হোৱা যুগুত। “ইডিছ” নামৰ ভাষাটো কওঁতা লোকৰ সংখ্যা খুব বেছি নহয়, দুই লাখ মাথো; কিন্তু এই ভাষাত সাহিত্য চর্চা কৰি আইজাক ছিঙাৰে ন’বেল বটা লাভ কৰাটোৱে ভাষাটোৰ শক্তিৰ আভাস দিবলৈ যথেষ্ট নিশ্চয়।

এই কথা লোক নিৰন্তৰে সত্য যে সংস্কৃতিয়ে আমাক পূর্বসূৰীসকলৰ দ্বাৰা আহৰিত অভিজ্ঞতা আৰু জ্ঞান পুঞ্জীভূত কৰাত সক্ষম কৰি তোলে ৷ লিখনশৈলীৰ উদ্ভাৱনৰ পূর্বে অভিজ্ঞতাৰ পৰা আহৰিত জ্ঞান সীমাৱদ্ধ হৈ ৰৈছিল মগজু আৰু মৌখিক সাহিত্যৰ মাজেৰে। পােনতে বৰ্ণ মালাৰ উদ্ভাৱন আৰু পাছলৈ মুদ্রণ প্রযুক্তিয়ে এই সীমাৱদ্ধতা বহুলাংশে নােহােৱা কৰিলেও বিগত দুই-তিনিটা দশকত যোগাযোগ ব্যৱস্থাৰ বিস্ফোৰক বিকাশে ভাষালৈ কেতবােৰ আন প্রত্যাহ্বান কঢিয়াই আনিছে। প্রয়েজেন হৈ উঠিছে ভাষিক সমৃদ্ধিৰ। অসমীয়া ভাষাক কেন্দ্র কৰি এই সম্পর্কতো নিত্য নতুন পৰিকল্পনাৰ অৱকাশ ৰৈ যায়৷ ভাষাত প্রায় প্রতিদিনে সংযোজিত হ’ব ধৰা বিজ্ঞান-প্রযুক্তিগত শব্দবোৰ, কি ৰূপত গ্রহণ কৰা যাব, বিশ্বায়নে নিকট কৰি তোলা ইংৰাজী ভাষাৰ সৈতে সম্পর্ক নিৰ্ণয় আদিও নিঃসন্দেহে এই পৰিকল্পনাৰে ভিতৰুৱা বিষয় ৷ বিশ্বজুৰি সম্প্রসাৰিত হোৱা ইংৰাজীয়ে বাস্তৱিকতে একধৰণৰ ভাষিক-ঔপনিবেশিকতাৰে জন্ম দিয়ে; এই ইংৰাজীৰ প্রভাৱত খােদ ব্রিটেইনতে ৱেলছ ভাষা কিদৰে বিলুপ্ত হ’ব ধৰিছে কিম্বা আফ্রিকাত বহু ভাষাই নিজত্ব হেৰুৱাবলগীয়া হৈছে । অদূৰ ভবিষ্যতে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভাষা গােষ্ঠী সমুহেও ইংৰাজীৰ আগ্রাসনৰ পৰা মুক্ত হৈ ৰোৱাৰ পথ এনে পৰিকল্পনাৰ মাজতেই পোৱা যাব ৷ অসমত ভাষিক জাতীয়তাবাদৰ প্রবক্তা সকলে সন্তানক ইংৰাজী মাধ্যমৰ শিক্ষা দানত সচেষ্ট হোৱাৰ সময়ত পুনৰুক্তি কৰিব পাৰি ৰবার্ট এল কুপাৰৰ সেই বক্তব্য “Language planning… unlikely to succeed unless it is embraced and promoted by elites or by countrilites : সমাজৰ অভিজাত কিম্বা প্রতিঅভিজাত শ্ৰেণীটোৱে সঁহাৰি নিদিয়া পৰ্যন্ত ভাষা পৰিকল্পনা সফলকাম হ’ব নােৱাৰে I এই অভিজাত শ্রেণীটোৰ অহমিকাবোধেই আন (জনগোষ্ঠীয় ) ভাষা-সাহিত্যৰ প্রতি শ্রদ্ধা পােষণৰ হকে বক্তব্য আগবঢ়াইছে, আৰু সৌহার্দ্যৰ পৰিবেশ চয়নৰ পথ মােকলােৱাত বাধা হৈ ৰয় I অথচ অসমত আজি ভাষিক সমৃদ্ধিৰ বাবে পাৰস্পৰিক বুজাপৰা আৰু উদাৰতাৰ পৰিৱেশ সৃষ্টিয়েই সর্বাধিক কাম্য, সেয়া হ’ব লাগিব ব্যৱহাৰিক ক্ষেত্রখনতেই I

ভাষা-পৰিকল্পনাৰ পথত আগবঢ়াৰ পূর্বে এই কথাৰ প্রতিও সততে সজাগ থাকিব লাগিব যে ঊনবিংশ শতিকাত ন-কৈ শিক্ষিত অসমীয়াই ‘অসমীয়া ভাষা আর্যমূলীয়’ তত্তুটো থিয় কৰাইছিল যদিও ‘অসমীয়া’ নামৰ ভাষাটোত সমাজ ভাষাতাত্বিক কাৰণতে মূলতঃ তীব্বতী-বৰ্মী উপাদানেই সৰহ I ‘অসমীয়া ভাষা আৰ্যমূলীয়’ তত্ত্বৰ আধাৰতে ভাষাটোত আর্যভিন্ন উপাদানৰ কথা গ্রহণ কৰিও যিকোনাে শব্দৰে উৎস বিচাৰি পোনে পোনে সংস্কৃত শব্দভাণ্ডাৰলৈ চােৱাৰ প্রৱণতা এটা সততেই পৰিলক্ষিত হৈ আহিছে I এই প্রৱণতাই এনে ৰূপ লৈছেগৈ যে অপভ্রংশ সৃষ্টিৰ বাবে সংস্কৃত উচ্চাৰণ কৰিব নােৱাৰা লোকসকলক আবেগৰ আতিশয্যত ৰ’ব নােৱাৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক গৰাকীয়েও বিদ্যায়তনিক আলোচনাতে অভিহিত কৰিছে মূৰ্খ বুলি-‘এতেকে দেৱভাষা সংস্কৃতৰ শব্দ কােষত স্থান পোৱা ‘ম্লেছ’ শব্দটোও কোনােবা মূল শব্দক উচ্চাৰণ কৰিব নােৱাৰা মূৰ্খসকলৰ দ্বাৰা সৃষ্ট এটা শব্দ ৷” কিন্তু দীর্ঘ পথ-পৰিক্রমাৰ মাজেৰে অসমীয়া নামৰ যিটো ভাষাই গঢ় লৈছে, আৰু ভাষাটো প্রচলিত থকা মূল ভূখণ্ড যিহেতু মূলতঃ ভিন্ন জনজাতীয় লোকৰ বাসস্থান, তেনেক্ষেত্রত এই ভাষাটোৰ সকলো শব্দৰে উৎস বিচাৰি পোনতেই সংস্কৃত শব্দকোষলৈ চকু দিয়াটো কিমান দূৰ সমীচীন ? প্রকৃততে অসমীয়া কথিত ভাষা ভৌগোলিক ভাৱে বিভিন্ন উপভাষা আৰু স্থানীয় উপভাষাত বিভক্ত আৰু অসমীয়া ভাষাৰ এনে আঞ্চলিক ৰূপতকৈ সীমা মূৰীয়া অঞ্চলত বিভিন্ন কাৰণত গঢ়ি উঠা থলুৱা লোকৰ মিশ্রিত অসমীয়া ভাষা যেনে নাগামিজ বা নেফামিজত আর্যভিন্ন উপাদান তুলনামূলকভাৱে বেছি I এইক্ষেত্রত ড° উপেন ৰাভা হাকাচামে ভালেমান অসমীয়া শব্দৰ মূলটো বিভিন্ন জনজাতি যেনে বড়ো, গাৰো, কাৰ্বি, ৰাভা আদিৰ শব্দ সম্ভাৰৰ মাজত বিচাৰি চাইছে I তাৰ বাবে ইমান দিনে আর্যমূলীয় বুলি ভাবি বা সিদ্ধান্ত গ্রহণ কৰা কেতবোৰ অসমীয়া শব্দ জনজাতি মুলৰ হোৱাৰ সম্ভাৱনা তেওঁ নুই কৰা নাই I উদাহৰণ স্বৰূপে ‘পাৰ’ চৰাই শব্দটো সংস্কৃতমূলীয় বুলি ড° বাণীকান্ত কাকতিয়ে ব্যাখ্যা কৰিছিল I কিন্তু হাকচামে খাচী (পাৰো/ পাৰো ছাইলেম), তিৱা (ফাৰিউ | ফুর্গুমা), ডিমাছা (দাও-ফ্রি), বড়ো (ফাৰৌ)১ ৰাভা (পাৰক) , দেউৰী ( পাৰৌ) , গাৰো (পাৰোৱা), মিচিং ( পাৰং/পি’ৰগুম), কাৰ্বি (ৱমুম্প’) আদি জনগোষ্ঠীৰ সমাৰ্থক শব্দৰ সৈতে পাৰ আৰু পর্ঘুমাৰ তুলনা কৰি মন্তব্য কৰিছে যে ‘মিচিং ভাষাৰ “পাৰং” শব্দটো অসমীয়াৰ যিমান ওচৰ চপা, অইন পিনে ব্যুৎপত্তিৰ ফালৰ পৰাও অবিতর্কিত I কাৰণ মিচিং ভাষাত চৰাইবাচক সাধাৰণ পদ হ’ল “প”।(যেনে- পেট্টাং- চৰাই, পৰগ- কুকুৰা চৰাই, পিআগ- কাউৰী ইত্যাদি আৰু মিচিং ভাষাৰ পৰা অহা আন কেইটামান অসমীয়া শব্দ হ’ল-{মিচিং-পটোম, অসমীয়া-টোম, মিচিং- গংগাব, অসমীয়া-গবামাৰ, মিচিং- চেপগাব, অসমীয়া- চেপি ধৰা ইত্যাদি} ) এই আলোচনাতে তেওঁ দেখুৱাইছে যে ‘টেন্টোন’, ‘ টেকেলী’, ‘ তেঁতলী’ আদি ‘বিভিন্ন প্রাকৃত ভাষাত ব্যৱহৃত পুৰণি অসমীয়া শব্দ কোনো কোনো তিব্বতী ধর্মীয় ভাষাত অবিকলভাৱে এতিয়াও প্রয়োগ হয় ৷’ গছ-গছনিবাচক, পোক-পৰুৱাবাচক, মাটিবাচক, পানীবাচক আদি বহু অসমীয়া শব্দও সেইদৰে তিব্বত-ধর্মীয় উপাদান I অসমীয়া জতুৱা শব্দতাে যে বিস্তৰ তিব্বতবৰ্মীয় উপাদান আছে সেই বিষয়ে এটা সুকীয়া অধ্যায়ত হকােচামে ফহিয়াই দেখুৱাইছে I তুলনা কৰি চাইছে সম্বন্ধবাচক শব্দবোৰো ৷ তিব্বতবৰ্মীয় ভাষাতো আর্য উপাদান থকাৰ সম্ভাৱনা সেই বুলি হাকচামে নুই কৰা নাই, বৰঞ্চ তেওঁ বিভিন্ন জনজাতিৰ ভাষাত এই দিশটো পৰীক্ষাৰ দ্বাৰা প্ৰত্যায়িতও কৰিছে৷ বিশেষণ-ক্রিয়াৰ গঠনকে ধৰি বৈয়াকৰণিক বিশ্লেষণলৈকে সুবিক্তৃতভাৱে ড° হাকচামে কৰা আলােচনাই এটা কথা প্রতিপন্ন কৰে  অসমীয়া ভাষাত আর্যভিন্ন উপাদানেই সৰহ; অন্যার্থত ভাষাটোৰ শব্দ সম্ভাৰৰ বুজন সংখ্যক মংগােলীয় আৰু অষ্ট্ৰিক I এই বিষয়ে নির্মোহ আলোচনাত দেখা যাব যে ‘অসমীয়া’ নামৰ ভাষাটো কাৰো মাতৃভাষা নহয়, ই অসমৰ বিভিন্ন লোকৰ উমৈহতীয়া ভাষা মাত্র- যিসকলৰ মাতৃভাষা অসমীয়া বুলি ভবা হয় তেওঁলােকে আচলতে ব্যৱহাৰ কৰে এই ভাষাটোৰ কোনাে উপভাষা বা আঞ্চলিক কথিত ৰূপ I এই কথাবােৰ আওকাণ কৰি ভাষা-পৰিকল্পনাৰ পথত আগবঢ়া উচিত নহ’ব I

১৯২৬ চনত চেতনাত স্বনামধন্য শিক্ষাবিদ ইন্দিৰা মিৰিৰ পতি তথা মিচিং বুদ্ধিজীৱী  মহীচন্দ্র মিৰিয়ে লিখা প্রবন্ধটোৰ এটা গুৰুত্বপূর্ণ দিশ আছিল এয়ে যে তেওঁ অসমীয়া জাতি আৰু ভাষাক একাকাৰ কৰি পেলোৱা নাছিল ৷ আজি যি অর্থত অসমীয়া জাতি বুজোৱা হয়, মিৰিয়ে সেই অর্থত ‘অসমীয়া সমাজে’ বুলি অভিহিত কৰিছিল আৰু ভিন্ন ভাষাগােষ্ঠীবােৰক এই সমাজৰ সদস্যৰূপে জ্ঞান কৰিছিল I সেইকাৰণে দিগন্ত ওজাই লিখিছে- “আশী বছৰৰো পূর্বে জাতি, ভাষা আৰু সমাজৰ ইমান সুন্দৰ পটন্তৰ দাঙি ধৰা মিৰিৰ অভিধাক আধাৰ কৰি পৰৱর্তী কালত অগ্রসৰ হোৱা হ’লেও অসমীয়া সমাজখনৰ সম্ভৱতঃ ভাষাকেন্দ্ৰিক ইমান বাদ বিবাদৰ সৃষ্টি নহ’লহেঁতেন I সেয়াতো নহ’লেই, মহীচন্দ্ৰ মিৰিৰ মতে প্ৰকাশৰ দীর্ঘদিনৰ পাছত ৰাজ্যত হোৱা ভাষা আন্দোলনৰ সময়তো অসমৰ বহু ভাষিকতাক দুৰ্ভাগ্যজনকভাৱে অস্বীকাৰ কৰা হ’ল। কিন্তু অসমত বহু ভাষিকতাৰ সূত্ৰ ধৰিয়েই ভাষা পৰিকল্পনাৰ পথত অগ্ৰসৰ হোৱাটো জৰুৰী । এই ক্ষেত্ৰত প্ৰাসংগিক হৈ উঠে কুপাৰৰ এই মতটো- The notion of social domain can help us to group together the inumerable interactions through which communicative innovations spread. These clusturs can than be contrasted and compared with respect to their preambility to change. If we can learn what extent different rates of acceptance are associated with different types of social interaction language planners will be helped in setting and implementing their goals and students of the diffusion of innovation will increase their understanding of the channels through which innovations advance.

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s