অবৈধ বিদেশীয়ে উচ্চ ন্যায়ালয়ত তৰা প্ৰত্যেকটো গোচৰত পক্ষ হিচাপে থাকিব লাগিব নাগৰিকপঞ্জী কর্তৃপক্ষ দেশৰ নির্বাচন আয়োগ


ন্যায়ালয়ৰ মজিয়াত দুটাকৈ গোচৰত উন্মোচিত ভয়াবহ তথ্য

বাংলাদেশী হলগৈ স্বদেশী

এন আৰ চিক লৈ হাইক’ৰ্টৰ সতর্কবাণী

অবৈধ বিদেশীয়ে উচ্চ ন্যায়ালয়ত তৰা প্ৰত্যেকটো গোচৰত পক্ষ হিচাপে থাকিব লাগিব নাগৰিকপঞ্জী কর্তৃপক্ষ দেশৰ নির্বাচন আয়োগ
———————————————————————————————————————————————

 ভয়াৱহ বাংলাদেশী আগ্রাসনৰ পৰা খিলঞ্জীয়াক ৰক্ষা কৰাৰ বাবেই ৰাজ্যত চলি আছে এন আৰু চি উন্নীতকৰণ প্রক্রিয়া ৷ সমান্তৰালভাৱে এখনকৈ বিদেশী ন্যায়াধিকৰণ স্থাপন কৰিও দীর্ঘদিনে ৰাজ্যত অবৈধভাবে বসবাস কৰি থকা বিদেশী বাংলাদেশীক চিনাক্তকৰণ প্রক্রিয়া চলাই অহা হৈছে ৷ কিন্তু যি সময়ত অসমত এন আৰ চিক খিলঞ্জীয়াৰ ৰক্ষাকৱচ হিচাপে চিহ্নিত কৰি অসমবাসীয়ে ইয়াক জাতি ৰক্ষাৰ দলিল হিচাপে বিবেচনা কৰিছে সেই সময়তে কেটামান গোচৰ সংক্রান্তত বিচাৰ চলাই স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়ে আশংকা প্রকাশ কৰিলে ‘এন আৰ চিত অন্তর্ভুক্ত হ’ব পাৰে অবৈধ বিদেশীৰ নাম ।’ খােদ ন্যায়ালয়ৰ মজিয়াতে অবৈধ বাংলাদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হােৱা, অবৈধ বিদেশীয়ে ভোটাৰ পৰিচয়পত্র লাভ কৰাৰ এক কথাত ‘বাংলাদেশী’ স্বদেশী হোৱাৰ দৰে তথ্য উন্মোচন হোৱাৰ পিচত উচ্চ ন্যায়ালয়ে চলি থকা এন আৰ চি উন্নতকৰণ প্রক্রিয়াত বিদেশী নাগৰিকেও নাম অন্তর্ভুক্ত কৰিব পাৰে বুলি আশংকা, উদ্বেগ প্রকাশ কৰিবলৈ বাধ্য হয় I পৰিস্থিতিৰ ভয়াৱহতাত অতি উদ্বেগ প্রকাশ কৰি এন আৰ চি আৰু ভোটাৰ তালিকাত যাতে কোনো পৰিস্থিতিতে অবৈধ বিদেশীৰ নাম অন্তর্ভুক্ত হ’ব নােৱাৰে, তাৰ বাবে ন্যায়ালয়ে অলপতে প্রদান কৰিছে গুৰুত্বপূর্ণ নির্দেশনা ৷ এনে এক নির্দেশনা অনুসৰি ‘বিদেশী’ ঘোষিত নাগৰিকে তৰা প্রত্যেকটো গােচৰতে জড়িত হৈ থাকিব লাগিব এন আৰ চি কর্তৃপক্ষ আৰু নির্বাচন আয়োগ। অর্থাৎ বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ হিচাপে ঘোষণা কৰা ৰায়ক প্রত্যাহান জনাই যদি কোনো লোকে উচ্চ ন্যায়ালয়ত গোচৰ তৰে, তেন্তে সেই গোচৰটোত পােনপটীয়াকৈ এন আৰ চি কর্তৃপক্ষ আৰু নির্বানে আয়োগ স৷ঙুৰ খাব লাগিব । ইতিমধ্যে এনে নির্দেশৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে (ন্যায়িক ) অবৈধ বিদেশীয়ে তৰা গোচৰত এন আৰ চি কর্তৃপক্ষ আৰু নির্বাচন আয়োগ পক্ষ হৈ থাকিব লাগিব বুলি যােৱা ২ জানুৱাৰীত এক জাননী জাৰি কৰিছে৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এনে নির্দেশনা দিবলগীয়া ঘটনাৰ মূলঃত হৈছে বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ হিচাপে ঘোষণা কৰা দুজনকৈ লােকৰ গােচৰ I বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ হিচাপে ঘোষণা কৰা ৰায়ক প্রত্যাহ্বান জনাই গোচৰ ৰুজু কৰা এই লোক দুজনৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা, লোক দুজন ভোটাৰ পৰিচয়পত্র লাভ কৰা আদি ঘটনাত একপ্রকাৰে শুনানিকালতে উদ্বিগ্ন হৈ পৰে ন্যায়ালয় । বিদেশী ঘোষিত লোক দুজনে তৰা পৃথক পৃথক গোচৰত এনে ঘটনা প্রত্যক্ষ কৰে ন্যায়ালয়ে । উল্লেখ্য যে মেহেৰজান বিবি নামৰ মহিলাগৰাকীক নলবাৰী বিদেশী ন্যায়াধিকৰণে ১৯৭১ চনৰ পৰৱৰ্ত্তী সময়ত বাংলাদেশৰ পৰা ভাৰত (অসম)ত প্রৱেশ কৰা বুলি উল্লেখ কৰি বিদেশী’ হিচাপে ঘোষণা কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে চলি থকা গোচৰৰ সময়ত ন্যায়াধিকৰণে জাননী জাৰি কৰি মেহেৰজান বিবিক ন্যায়াধিকৰণত হাজিৰ হৈ তথ্য প্রমাণ দাখিল কৰিবলৈ নির্দেশ দিছিল ৷ কিন্তু তথ্য-প্রমাণ যেতিয়াই দাখিলৰ সময় আহিল তেতিয়াই ন্যায়াধিকৰণত হাজিৰ হোৱাৰ পৰা বিৰত থাকে মহিলাগৰাকী৷ ফলত ন্যায়াধিকৰণে তেওঁক ২০১২ চনৰ ৬ জানুৱাৰীত ‘বিদেশী’ হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়৷ কিন্তু নলবাৰী বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ হিচাপে ঘোষণা কৰাৰ দীর্ঘদিন পিচত মেহেৰজান বিবিয়ে ন্যায়াধিকৰণৰ মজিয়াত এখন আবেদন দাখিল কৰে ৷ অৱশ্যে ন্যায়াধিকৰণে মহিলাগৰাকীৰ এই আবেদন খাৰিজ কৰে ৷ ফলত মেহেৰজান বিবিয়ে ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে । মহিলাগৰাকীয়ে দাখিল কৰা এই লেখ আবেদনখনৰ শুনানি কালতে পোহৰলৈ আহে উদ্বেগজনক তথ্য ৷ কিয়নাে মহিলা গৰাকীক বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ হিচাপে ঘোষণা কৰাৰ এবছৰ পিচতে অর্থাৎ ২০১৩ চনৰ ১ অক্টোবৰত দেশৰ নির্বাচন আয়োগে তেওঁক ভোটাৰ পৰিচয়পত্র প্রদান কৰে ৷ একেদৰে মেহেৰজান বিবিৰ নাম বৰক্ষেত্রী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাতো ২০১৪ চনত অন্তর্ভুক্ত হয়৷ মন কৰিবলগীয়া যে মেহেৰজান বিবিৰ ক্ষেত্রত সংঘটিত অনুৰূপ ঘটনা আন এটা গােচৰটো প্রত্যক্ষ কৰে উচ্চ ন্যায়ালয়ে I দৰঙৰ মঙলদৈ ন্যায়াধিকৰণে এফ টি কেছ নং ১৯৫/২০০৬ নম্বৰৰ গোচৰটোত এজন লোকক বাংলাদেশৰ পৰা নির্ধাৰিত সময়ৰ পিচত অসমত প্রবেশ কৰা বুলি ৰায় প্রদান কৰিছিল ৷ এই লোকজনক ২০০৮ চনতে ন্যায়াধিকৰণে ‘বিদেশী’ ঘোষণা কৰে । কিন্তু পৰবর্তী সময়ত ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে লোকজনে উচ্চ ন্যায়ালয়ত গোচৰ তৰে। এই সংক্রান্তত শুনানি কালত ন্যায়ালয়ৰ দৃষ্টিগােচৰ হয় যে ২০০৮ চনতে ‘বিদেশী’ ঘোষিত লােকজনৰ নামত ২০১৩ চনৰ ১ অক্টোবৰত নির্বাচন আয়োগৰ ভোটাৰ পৰিচয়পত্র জাৰি হৈছে৷ একেদৰে ২০১০ চনত দলগাও বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত লোকজনৰ নাম অন্তর্ভুক্ত হৈছে । পৃথক এই দুটা গোচৰত বিদেশী ঘোষিত লােকৰ নামো ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা, ভোটাৰ পৰিচয়পত্র লাভ কৰা আদি ঘটনাত বাৰুকৈয়ে উদ্বিগ্ন হৈ পৰে ন্যায়ালয় ৷ এইক্ষেত্রত আশংকা প্রকাশ কৰি ন্যায়ালায়ে কয় “আমি লক্ষ্য কৰিছো যে যি কাৰণেই নহওক কিয় বিদেশী হিচাপে ঘোষণা কৰা লােকেও ভাৰতীয় নাগৰিক হিচাপে কাম-কাজ চলাই যাবলৈ সক্ষম হয় । বর্তমান এন আৰ চি উন্নীতকৰণ প্রক্রিয়া চলি আছে ৷ এনে পৰিস্থিতিত আইন ভংগৰ জৰিয়তে এনে লোকেও নিজৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰোৱাৰ আশংকা থাকে। ’এইদৰে উদ্বিগ্নতা প্রকাশ কৰি উচ্চ ন্যায়ালয়ে একপ্রকাৰে দেশৰ নির্বাচন আয়োগ আৰু এন আৰ চি কর্তৃপক্ষলৈ সতর্কবাণী জাৰি কৰি প্রদান কৰে গুৰুত্বপূৰ্ণ  নির্দেশনা ৷ এনে গুৰুত্বপূর্ণ নির্দেশনা অনুসৰি বিদেশী ঘোষিত লোকে যদি উচ্চ ন্যায়ালয়ত গোচব ৰুজু কৰে, তেন্তে সেই গোচৰ সংক্রান্তত পক্ষ হিচাপে প্রত্যেকটো গোচৰতে থাকিব লাগিব এন আৰ চি কর্তৃপক্ষ আৰু দেশৰ নির্বাচন আয়ােগ ৷ লগতে অবৈধ বিদেশীয়ে তৰা গোচৰ সংক্রান্তত নির্বাচন আয়ােগ আৰু এন আৰ চি কর্তৃপক্ষ বা তেওঁলোকৰ অধিবক্তা উপস্থিত থাকি নিষ্পত্তি নােহােৱা এনে গােচৰৰ সংখ্যা আৰু বিচাৰৰ বাবে গ্রহণ কৰা গােচৰৰ সংখ্যা দৈনিক সংশ্লিষ্ট পক্ষলৈ প্রেৰণ কৰিব লাগিব ৷ উল্লেখ্য যে এনে নির্দেশনাৰ ভিত্তিতে যােৱা ২ জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে (ন্যায়িক) ‘বিদেশী’ ঘোষিত লোকে তৰা গোচৰত এন আৰ চি কর্তৃপক্ষ, দেশৰ নির্বাচন আয়োগ পক্ষ হৈ থকা সংক্রান্তত জাননী জাৰি কৰিছে৷

প্রতিদিন সংবাদ, গুৱাহাটী, ৬ জানুৱাৰী

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s