আলফা (স্বাধীন)ৰ বৰডুমচা কাণ্ড



আলফা (স্বাধীন)ৰ বৰডুমচা কাণ্ড 
————————————————-
 বিদেশী বহিৰাগতৰ বিৰুদ্ধে এষাৰ মাত মাতিব নোৱাৰা আলফা স্বাধীনে বৰডুমচাত ঘৰৰ ভিতৰতে এখন ঘৰৰ পিতা পুত্ৰক গুলীয়াই হত্যা কৰি ঘৰখনৰ সকলো সদস্যাকে অভিভাৱকহীন অৱস্থালৈ ঠেলি দিয়া কাণ্ডটোৱে সকলোকে মৰ্মাহত কৰিছে। পিতা পুত্ৰৰ হত্যাৰ কাৰণ হিচাপে আলফাই তেওঁলোকৰ বিৰুদ্ধে সেনাৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগ আনি সেই সন্দৰ্ভত সাৱধান বাণী শুনাই থোৱা বুলি প্ৰকাশ কৰি নিজৰ কুকীৰ্তিৰ সপক্ষে যুক্তি ডাঙি ধৰিব বিচাৰিছে। এইখিনিতে আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে-নিৰস্ত্ৰ আৰু কোনোধৰণৰ ক্ষমতা নথকা সাধাৰণ দুজন ব্যক্তিলৈ ইমান ভয় কৰা আলফাই বিশাল ভাৰতীয় সেনাৰ বিৰুদ্ধে কিহৰ সাহসত যুঁজ দিবলৈ ওলাইছে? আলফাৰ ইমানেই ভয় আছিল নে সাধাৰণ কৰুণ মহন্ত আৰু তেওঁৰ দেউতাকৰ প্ৰতি?নে অকল কৰুণ মহন্ত আৰু তেওঁৰ দেউতাক জীয়াই থকা বাবেহে আলফাই তেওঁলোকৰ দাবীবোৰ পোৱা নাই? কিমানজনক আলফাই গুলীয়াই মাৰি শেষ কৰিব? কাৰণ কৰুণ মহন্তহঁতৰ দৰে আলফাৰ কাম কাজক বেয়া পোৱা (আলফাই কোৱা মতে) বহু খিলঞ্জীয়া মানুহ অসমত আছে। আলফাৰ সুবুদ্ধি থকাহেঁতেন তেওঁলোকক গুলীয়াই নামাৰি হালোৱা এচাৰিৰে গৰু পিটনি দিও শাস্তি বিহিব পাৰিলেহেঁতেন। কিন্তু আলফাৰ ওচৰত খিলঞ্জীয়া মানুহৰ জীৱনৰ দাম নাই। তেওঁলোকৰ হত্যা লীলাই তাকে প্ৰমান কৰিছে। তদুপৰি, নিৰস্ত্ৰ মানুহৰ ওপৰত গুলী বৰ্ষণ কৰি নিজকে বীৰৰ পৰিচয় দিব বিচাৰি আলফাই কাপুৰুষৰহে পৰিচয় ডাঙি ধৰিলে। তথাকথিত জাতীয় মুক্তি বাহিনীৰ এনে অবিবেচক কাণ্ডই খাটি খিলঞ্জীয়া অসমীয়া পৰিয়াল এটালৈ দিনতে অন্ধকাৰ নমাই আনিলে। সেই অধিকাৰ আলফাৰ নাছিল। আলফাৰ এই হত্যাকাণ্ড ISISৰ সন্ত্ৰাসতকৈ কোনো গুণে কম নহয়। কৰুণ মহন্ত আৰু তেওঁৰ পিতৃৰ নিচিনা সাধাৰণ ব্যক্তিয়েই যদি আলফাৰ সংগ্ৰামত ব্যাঘাত জন্মাব পাৰে তেন্তে সেই আলফাৰ শক্তি কত? বঙহৰ তেজেৰে হাত ৰাঙলী কৰিব পৰা মানুহবোৰৰ জাতি প্ৰেমেই বা কিমান গভীৰ সেয়াও প্ৰশ্নৰ বিষয়।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

One thought on “আলফা (স্বাধীন)ৰ বৰডুমচা কাণ্ড”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s