চুকাফা দিৱস আৰু চুকাফাৰ আদৰ্শ


চুকাফা দিৱস আৰু চুকাফাৰ আদৰ্শ

চুকাফা দিৱস আৰু চুকাফাৰ আদৰ্শ
—————————————————-

চাওলুং ছ্যুকাফাৰ মহান আদৰ্শক সোঁৱৰণ কৰি ‘অসম’ দেশ গঢ়োতাজনক আন্তৰিক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেই ২ ডিচেম্বৰত ছ্যুকাফা দিৱস তথা অসম দিৱস পালন কৰা হয় । ছ্যুকাফাই আহি লগ পোৱা থল গিৰী মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি সকলো জাতিকে মিত্ৰতাৰে এক গোট কৰি এখন শক্তিশালী ‘অসম দেশ’ গঢ় দিছিল ।

প্ৰাগজ্যোতিষপুৰ আৰু পিছত কামৰূপ নামেৰে বিধৌত এই ভূ-খণ্ডই ‘অসম’ নামেৰে পৰিচিত হ’ল । আজি আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস, বীৰত্ব ম্লান হ’ব ধৰিছে । লেতেৰা ৰাজনীতি, সাম্প্রদায়িক আৰু গোষ্ঠীগত চিন্তাই অসমৰ খিলঞ্জীয়াসকলক দুৰ্বল আৰু নিশকতীয়া জাতি ৰূপেহে পৰিচিত কৰিছে ।
খিলঞ্জীয়া সকলৰ মাজত এশ এটা সংগঠন– সকলো বিভক্ত । ভাৰতৰ আন কোনো ৰাজ্যত তথা পৃথিৱীৰ ক’তো এনে সংগঠন নাই । প্ৰকৃত সত্য তথা ন্যায়ৰ পক্ষত সংগঠন নাই — কেৱল ন্যস্ত স্বাৰ্থকলৈ সকলো ব্যস্ত । ফলাফল শূণ্য ।

তাহানি অসমত সৰু বৰ ২৫খন মান ৰাজ্য আছিল । অথচ অসম ঐক্যবদ্ধ আছিল । পশ্চিমৰ শত্ৰুৱে আক্ৰমণ কৰোতে সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰিছিল । প্ৰকৃততে অসমত সম অধিকাৰৰ ভিত্তিত এটা শক্তিশালী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বাহাল আছিল — সেই বাবেই তাই জনগোষ্ঠীৰ নেতৃত্বত ৬০০ বছৰীয়া ৰাজত্ব সম্ভৱ হৈছিল । দুৰ্ভাগ্যজনকভাৱে আজি বিদেশী-বহিৰাগতলোকেহে অসমত দপ দপাই আছে ।

আজি যদি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়বোৰে উদাৰ আৰু বহল দৃষ্টিভংগীৰে ”অসম দেশ “ৰ প্ৰকৃত সুৰক্ষা আৰু কল্যাণ বিচাৰে তেন্তে সকলো খিলঞ্জীয়াৰে সম অধিকাৰৰ ভিত্তিত এক শক্তিশালী যুক্তৰাষ্ট্ৰীয় প্ৰশাসনীয় ব্যৱস্থা গঢ়ি তুলিবলৈ আগবাঢ়ি যোৱা উচিত ।

তাই আহোম, মৰাণ, মটক, কছাৰী, চুতীয়া, মিচিং, কাৰ্বি, দেউৰী, বড়ো, ডিমাচা, তিৱা, ফাকিয়াল, চিংফৌ, কোঁচ ৰাজবংশী , কলিতা, মদাহী, শালৈ, গৰিয়া, মৰিয়া, দেশী, কৈৱৰ্ত, নাথ, যোগী, বামুন আদি সকলো খিলঞ্জীয়া জাতিয়ে যদিহে সঁচা অৰ্থত ঐক্যবদ্ধ হৈ শক্তিশালী ৰূপত থিয় দি ভিতৰৰ আৰু বাহিৰৰ সকলো শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব পাৰে তেতিয়াহে আমাৰ প্ৰাণৰো আপোন “অসম দেশ” আৰু “খিলঞ্জীয়া”সকল সৰ্বকালৰ বাবে সুৰক্ষিত হ’ব ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

One thought on “চুকাফা দিৱস আৰু চুকাফাৰ আদৰ্শ”

  1. https://www.youtube.com/channel/UC0uYyQJpPiBKk9-OAI_WDzw?sub_confirmation=1

    এটা অমার You Tube channel ভাইয়া। এখানে আমরা বিভিন্ন ধর্মের নতুন নতুন ধারনা নিয়ে কাজ করে থাকি। অামাদের এই ‘Allah studio ‘ চ্যানেলটি থেকে একবার ঘুরে অাসুন। ভালো লাগলে Subscribe করে আমাদের সাথে থাকুন ভাইয়া। কারণ অাপনার সহযোগীতাই, অামাদের উৎসাহ।ধন্যবাদ

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s