অসমৰ প্ৰেক্ষাপটত কৰ্মমুখী আন্দোলনৰ প্ৰাসংগিকতা


অসমৰ প্ৰেক্ষাপটত কৰ্মমুখী আন্দোলনৰ প্ৰাসংগিকতা ———————————————–

কৰ্ম সংস্কৃতিক এক আন্দোলন হিচাপে গ্ৰহণ কৰি ইয়াক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো বৰ্তমান (বিশেষকৈ অসমৰ সমাজ জীৱনৰ পটভূমিত) খুবেই প্ৰয়োজনীয় হৈ পৰিছে। ইতিহাসে সোঁৱৰাই যে কৰ্ম সংস্কৃতিৰ ধাৰণাটো অসমত প্ৰথমে সৃষ্টি কৰিছিল মোমাই তামুলী বৰবৰুৱাই। পৰৱৰ্তী সময়ত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ সমান্তৰাল ভাবে অসমত কৰ্ম বিভাজনৰ ধাৰণা প্ৰোথিত হ’ল, আৰু এচাম কৰ্ম বিমুখ মধ্যভোগীৰ জন্ম হ’ল । বৰ্তমান সময়তো অসমীয়াৰ শিৰাই-শিৰাই প্ৰৱাহিত ধাৰণাটো হ’ল যিকোনো প্ৰকাৰে এটা চৰকাৰী চাকৰি যোগাৰ কৰা (৫ লাখ টকা পৰ্যন্ত উৎকোচ দি হ’লেও), কিন্তু তেনে এচামেই কিন্তু ২ লাখ টকাৰে এটা ব্যৱসায় কৰিবলৈ মানসিক ভাবে প্ৰস্তুত নহয়। এটা কথা সঁচা যে বিজ্ঞানসন্মত কৰ্ম সংস্কৃতিৰ পৰিৱেশ গঠন ইমান সহজ নহয়। কিন্তু তেনে সময়তে গোলকীকৰণে দিয়া তাৎক্ষণিক তথ্য লাভৰ লগত পৃথিৱীৰ ৰাজনৈতিক-সামাজিক -সাংস্কৃতিক জীৱনৰ লগত ভাৰসাম্য ৰক্ষা কৰাৰ বাবে কৰা প্ৰয়াসত অসমো অংশীদাৰ। সেয়ে কৰ্ম সংস্কৃতিৰ আন্দোলনৰ প্ৰধান দায়িত্ব হ’ব নতুন উপনিৱেশবাদ আৰু ব্ৰিটিছ আমোলাতন্ত্রই সৃষ্টি কৰা অসমীয়াৰ মানসিক গঠন সলনি কৰা। কৰ্ম সংস্কৃতি আন্দোলনৰ আন এটা দায়িত্ব হ’ব মধ্যবিত্ত শ্ৰেণীৰ বিলোপ সাধন কৰি তৃণমূল উৎপাদন আৰু বজাৰ তথা উদ্যোগ ব্যৱস্থাৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰা। ইয়াৰ বাবে আধুনিক প্ৰযুক্তিৰ জ্ঞান আৰু ব্যৱহাৰৰ বিষয়ে জন সচেতনতা বৃদ্ধি কৰাটো চৰকাৰৰ আন এক দায়িত্ব । যিয়ে কৃষক, বিনিয়োগকাৰী আৰু বজাৰৰ লগত ওচৰ সম্পৰ্ক স্থাপন কৰিব। অসমত বৰ্তমান সাধাৰণ শ্ৰেণী শ্ৰমৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আছে৷ ফলত স্বাভাৱিকতে কৃষক সকলৰ কৰ্ম স্পৃহা কমি গৈছে। ফলত যুৱকসকলে কৃষি কৰ্মত ব্যস্ত থকাতকৈ মাহিলি ৮ হাজাৰ টকাৰ বেতনেৰে বাহিৰৰ ৰাজ্যত হাজিৰা কৰাটোত অগ্ৰাধিকাৰ দিছে। তেনে পৰিস্থিতি দূৰ কৰিবলৈ চৰকাৰে থলুৱা উদ্যোগ গঢ়ি তোলা প্ৰয়োজন। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মৰ কান্ধতে আছে। আশা কৰিছো, যুৱ প্ৰজন্মই সেই দায়িত্ব পালন কৰি অসমক বিশ্বৰ ভিতৰতে সমৃদ্ধিশালী কৰি তুলিব

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s