ভাষাই এটা জাতিৰ প্রাণ স্বৰূপ৷ প্রাণহীন এটা মনুষ্য দেহা যেনেদৰে নিথৰ হৈ শ্মশানমূখী হয় ঠিক তেনেদৰে ভাষাহীন হৈ পৰিলেই জাতিটো শ্মশানৰ দিশে গতি কৰে৷ ভাষাই কোনোবা এটা জাতি বা জনগোষ্ঠীৰ ধাৰক আৰু বাহক। ভাষাৰ যোগেদিয়েই সংস্কৃতিয়ে আত্ম প্ৰকাশ কৰে। ভাষা এটাৰ মৃত্যু ঘটা মানে সেই ভাষাটোৰ গৰাকী জাতি বা জনগোষ্ঠীটোৰ চহকী সামাজিক লোকাচাৰ, পৰম্পৰা আৰু যুগ যুগ ধৰি আহৰণ কৰি সঞ্চিত কৰি অহা আছুতীয়া জ্ঞানৰাশিও বিলুপ্তিৰ পথলৈ গতিকে কৰে। গতিকে এটা জাতিৰ সংস্কৃতি পৰম্পৰা ঐতিহ্য সজীৱ হৈ থাকিবলগীয়া হ’লে মাতৃ ভাষাটো সক্রিয় হৈ থাকিব লাগিব সেই জাতি ৷ এয়াই নির্মম বাস্তৱ ৷ কিন্তু অতি পৰিতাপৰ আৰু দুর্ভাগ্যজনক বিষয় এয়ে যে জনগোষ্ঠীয় ভাষা সংস্কৃতি লৈ আনবোৰতকৈ তুলনামূলকভাৱে বেছি সচেতন বড়ো, মিছিং, কাৰ্বি আৰু ডিমাচাকে আদি কৰি কেইটামান জনগোষ্ঠীৰ বাদে অসমৰ বহু জনগােষ্ঠীয়ে এতিয়া মাতৃভাষা হেৰুৱাই পেলাইছে৷ ভাষা হেৰুৱাই পেলোৱা জনগােষ্ঠীসমূহৰ জাতিগত স্বকীয়তাও প্রায় নােহােৱা হৈ পৰিছে ৷ সম্প্ৰতি বহু জনগোষ্ঠীৰ আৱাস ভূমি হিচাপে খ্যাত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী একাংশৰ ঐতিহ্য নিঃশেষ হৈ যােৱাৰ উপক্রম হৈছে ৷ আন্তৰ্জাতিক ভাষা অধ্যয়ন সংস্থা এথন’ল’ক, এছ আই এল ইন্টাৰনেশ্বনেল, ইউনেস্ক’, লিংগুয়েষ্টিকছ ছার্ভে অৱ ইণ্ডিয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাষাবিদ গণেশ নাৰায়ণ ডেভীৰ মুখ্য সম্পাদনাত প্রকাশিত ‘অসমৰ ভাষা ’, ড ‘ ঊপেন্দ্র নাথ গোস্বামীৰ ‘অসমৰ ভাষা আৰু উপভাষা, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা অধ্যয়ন কেন্দ্র আদি অনুষ্ঠান গ্রন্থৰ পৰা সংগৃহীত তথা, চৰজমিন অনুসন্ধান কৰি আহৰণ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি অসমত ৫৫টা ভাষা পোৱা গৈছে ৷ ইয়াৰে ৪১টা খিলঞ্জীয়া জনগোষ্ঠীয় ভাষা। উল্লেখনীয় যে ভাষাগত দৃষ্টিকোণৰ পৰা ৫টা বিভিন্ন প্রাচীন জনগোষ্ঠীৰ পৰাই অসমকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষাৰ উৎপত্তি হৈছে। সেই জনগােষ্ঠীকেইটা হ’ল অষ্ট্রিক জনগোষ্ঠী, টাই কাৰাই, দ্রাবিড় জনগোষ্ঠী, তিব্বত চীন বা চীন তিব্বতীয় জনগোষ্ঠী আৰু ইণ্ডো ইউৰোপীয় জনগোষ্ঠী ৷ এই ৫টা ভিন্ন জনগোষ্ঠীৰ পৰিয়ালৰ পৰাই অসমত বৰ্তমানলৈ বর্তি থকা ৪১টা খিলঞ্জীয়া জনগােষ্ঠীয়ে নিজৰ স্বকীয়তা বজাই ভাষা সংস্কৃতি পৰম্পৰা ঐতিহ্য লৈ জীৱন নিৰ্বাহ কৰি আছে। অসমত বসবাস কৰা ৪১টা জনগোষ্ঠী আৰু তেওঁলােকৰ ভাষাসমূহ হল অসমীয়া, আইতন, ককবৰক, কচ’কৰ’, কন্যাক, কার্বি, খামটি, চিংফৌ, টাই আহােম, টাই খাময়াং, টাই তুৰুং, টাই ফাকে, চাংলা, ডিমৰীয়া কার্বি, ডিমাচা, তিৱা, দেউৰী, পাইতে, বড়ো, বিষ্ণুপ্রিয়া মণিপুৰী, মৰাণ, মটক, মেচ, চুতীয়া, বৰাহী, মিছিং, মেইটি, ৰাজবংশী, ৰাভা, সােণোৱাল কছাৰী, হাজং, চীন-ফালাম, কুলুং, কোচ, ৰাংলং, লিংগাম, ৰিয়াং, কুৰমুকাৰ, দাৰলং, চিৰু, পাখে৷ কিন্তু এই খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ভিতৰৰে ৬টা ভাষা বৰ্তমান লুপ্তপ্রায়। অসমৰ জনগোষ্ঠীসমূহৰ মাজৰ প্রায় নিঃশেষ হৈ পৰা জনগোষ্ঠীৰ ভাষাকেইটা হৈছে মৰাণ, মটক, মেচ, চুতীয়া, বৰাহী আৰু কুলু। এই জনগোষ্ঠী কেইটাৰ ভাষা নিঃশেষ হোৱাৰ কথা আন্তর্জাতিক ভাষা অধ্যয়ন সংস্থা এথন’ল’ক, এছ আই এল ইন্টাৰনেশ্যনেল, লিংগুয়েষ্টিকছ ছার্ভে অৱ ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাষাবিদ গণেশ নাৰায়ণ ডেভীৰ মুখ্য সম্পাদনাত প্রকাশিত ‘অসমৰ ভাষা’ গ্রন্থখনত সন্নিবিষ্ট হৈছে। অনুসন্ধানকাৰী দলে চৰজমিন অনুসন্ধানৰ কাৰণে শোণিতপুৰ জিলাৰ ৰঙামাটিৰ মটক গাঁৱত উপস্থিত হৈছিল। গাঁওখনৰ নতুন প্রজন্মৰ বহুকেইগৰাকী যুৱক যুৱতীক সাক্ষাৎ কৰি তেওঁলােকৰ জনগোষ্ঠীৰ ‘মটক’ নামৰ ভাষাটোৰ সন্দৰ্ভত সোধাত যুৱক যুৱতীসকলে তেওঁলােকৰ সম্প্রদায়ৰ মটক নামৰ যে ভাষা এটা আছিল সেই বিষয়ে অজ্ঞতাহে প্রকাশ কৰে। জনগোষ্ঠীটোৰ নতুন প্রজন্মৰ যুৱক যুৱতীসকলে নাজানেই তেওঁলােকৰ জনগোষ্ঠীৰ যে এটা ভাষা আছিল। আনহাতে, গাঁওখনৰ বয়ােজেষ্ঠ্য ব্যক্তি প্রমােদ বৰাৰ লগত বার্তালাপ কৰাত তেওঁ ক’লে “আমাৰ জনগোষ্ঠীটোৰ এটা ভাষা আছে বুলি পূর্বতে শুনিছিলো ৷ কিন্তু সেই ভাষাটো কােৱা মানুহ আৰু লিখিত ৰূপত আজিলৈকে দেখা নাই ৷” তেওঁ কয় “এতিয়া আমাৰ সামাজিক ৰীতি নীতিকে ধৰি সকলো কাম অসমীয়াতে হয়” ৷ অথচ অতীতত মটক ভাষাটো এসময়ত ৰাজকীয় ভাষা হিচাপে পৰিগণিত হৈছিল ৷ বৰাহী আৰু চুতীয়া ভাষাটো অসমত এসময়ত ৰাজকীয় ভাষা আছিল যদিও আজি সেই ভাষাটো নিঃশেষ প্রায় অৱস্থা হল। মৰাণ, মেচ, কুলু ভাষাৰ সন্দর্ভতো একেধৰণৰ পৰিস্থিতি এতিয়া বিৰাজমান ৷ ইতিহাসৰ পাতৰ পৰা এই ভাষাকেইটা হেৰাই যোৱাৰ উপক্রম হ’ল৷ আনহাতে, টাই তুৰুং, আইতন, খাময়াং, টাইফাকে, চিংফৌ, কুৰমুকৰ, লিংগম, দাৰলং, চিৰু, ৰাংলং, পাখে আৰু খামটি জনগোষ্ঠীৰ ভাষা কেইটাও সম্প্রতি প্রায় লুপ্তপ্ৰায় অৱস্থাত উপনীত হৈছেহি ৷ আহৰণ কৰা তথ্য অনুসৰি, তুৰুং ভাষাটোৰ কথা কোৱা মানুহ অতি লক্ষণীয়ভাবে কেৱল মাত্র ১০গৰাকীহে এতিয়া জীৱিত অৱস্থাত আছে ৷ লোককেইজন গোলাঘাট আৰু তিতাবৰত জীৱন নিৰ্বাহ কৰি আছে ৷ ইপিনে, খাময়াং জনগােষ্ঠীটোৰ ভাষা সংস্কৃতি লৈ জীৱিত অৱস্থাত থকা লোকৰ সংখ্যা মাত্ৰ ৫০ গৰাকী ৷ এই ৫০ গৰাকী লোকে তিনিচুকীয়া জিলাত জীৱন নিৰ্বাহ কৰি আছে। আইতন জনগােষ্ঠীটোৰ ভাষা সংস্কৃতি লৈ বৰ্তমানে জীৱিত অৱস্থাত থকা লোকৰ সংখ্যা হৈছেগৈ ১ হাজাৰ ৫০০ গৰাকী মাত্র। চিংফৌ জনগোষ্ঠীৰ ভাষা সংস্কৃতি লৈ জীৱিত অৱস্থাত থকা লোকৰ সংখ্যা হৈছেগৈ ২ হাজাৰ ৫০০ গৰাকী ৷ শিৱসাগৰ, ডিব্ৰুগড়, মাৰ্ঘেৰিটা জিলাত এই লোকসকলে জীৱন নির্বাহ কৰি আছে l কুৰমুকাৰ জনগোষ্ঠীৰ ভাষাটোৰ অস্তিত্ব জীয়াই আছে কেৱল ৩ হাজাৰ মানুহৰ মাজতহে। বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলাত এই লোকসকলে জীৱন নির্বাহ কৰি আছে ৷ খামটি জনগােষ্ঠীটোৰ ভাষা সংস্কৃতি লৈ সম্প্রতি জীয়াই থকা লোকৰ সংখ্যা হৈছেগৈ কেৱল ৫ হাজাৰ ৷ খামটি জনগোষ্ঠীয় লোকসকল লখিমপুৰ, বৰপথাৰ আৰু দেউবালা অঞ্চলত বৰ্তমানে জীৱন নির্বাহ কৰি আছে I লিংগম জনগোষ্ঠীৰ ভাষা সংস্কৃতি লৈ জীৱিত অৱস্থাত থকা মানুহৰ সংখ্যা হৈছে ৫ হাজাৰ গৰাকী ৷ অসমৰ কামৰূপ জিলাত এই জনগোষ্ঠীৰ লোকসকল আছে ৷ দাৰলং জনগোষ্ঠীটোৰ ভাষা কোৱা মানুহ আছেগৈ ৬ হাজাৰ গৰাকী ৷ দৰং, শোণিতপুৰ আৰু ডিব্রুগড়ত এই লোকসকলে বসবাস কৰি আছে ৷ চিৰু ভাষা কোৱা জনগােষ্ঠীটোৰ মাজত সংখ্যা হৈ পৰিছেগৈ কেৱল মাত্র ৭ হেজাৰ গৰাকী ৷ ৰাংলং জনগােষ্ঠীটোৰ ভাষা সংস্কৃতি আৱদ্ধ হৈ পৰিছেগৈ কেৱল ৮ হাজাৰ গৰাকী লোকৰ মাজত। পাখে জনগোষ্ঠীৰ ভাষা কােৱা মানুহৰ সংখ্যা হৈছেগৈ ২ হাজাৰ গৰাকী ৷ ডিব্রুগড় জিলাত এই জনগোষ্ঠীৰ লোকসকলে জীৱন নিৰ্বাহ কৰি আছে ৷ ইপিনে, তথ্য অনুসৰি, তিৱা জনগােষ্ঠীটোৰ ভাষা আৱদ্ধ হৈ পৰিছে ২৭ হাজাৰ্ ১০০ গৰাকী তিৱা লোকৰ মাজত । দেউৰী জনগোষ্ঠীটোৰ ভাষা কোৱা লোকৰ সংখ্যা হৈ পৰিছেগৈ ২৮ হাজাৰ গৰাকী ৷ কোচ জনগােষ্ঠীটোৰো স্বগোষ্ঠীৰ ভাষা কােৱা লোকৰ সংখ্যা হৈ পৰিছে মাত্ৰ ৩০ হেজাৰ I এনেদৰেই সম্প্রতি অসমৰ খিলঞ্জীয়া জনগােষ্ঠী সমূহৰ ভাষা সংকটৰ সন্মুখীন হৈ ক্রমান্বয়ে বিলুপ্ত হোৱাৰ দিশে গতি কৰিছে ৷ এনে পৰিৱেশ আৰু পৰিস্থিতি বাহাল থাকিলে, অদূৰ ভৱিষ্যতে অসমৰ সমাজ জীৱনৰ পৰা আৰু বহু জনগােষ্ঠীয় ভাষা ক্ৰমাৎ বিলুপ্ত হ’ব আৰু ভাষাৰ বিলুপ্তি ঘঢাৰ পাছত উল্লেখিত বহু জনগোষ্ঠীৰ জাতীয় সত্তা, ঐতিহ্য তথা অস্তিত্ব নিঃশেষ হৈ পৰাটো নিশ্চিত ৷

দৈনিক জনমভূমি কাকতৰ সৌজন্যত

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s