মহাসংঘৰ পেজৰ পৰা


☆ ❇ ☆ খিলঞ্জীয়াসকলৰ এচামৰ ভুলৰ বাবেই ভয়ংকৰ বিপদ আহিছে ☆ ❇ ☆
অসমত লাখ লাখ বিদেশীৰ নাম থকা ১৯৭১ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত প্ৰস্তুত কৰি থকা নাগৰিক পঞ্জীয়ে বিদেশীক স্বদেশী নাগৰিক কৰিব আৰু হাজাৰ বছৰীয়া খিলঞ্জীয়া সকলক চিৰদিনৰ বাবে নিজ মাতৃভূমিত সংখ্যালঘু কৰি সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি গোলামত পৰিণত কৰিব । খিলঞ্জীয়া হ’বগৈ মাত্ৰ ১৫ শতাংশ ।
ইয়াৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘই চলাই থকা গোচৰত দুজনীয়া বিচাৰ পীঠে সাংবিধানিক বিচাৰ পীঠেহে নাগৰিক পঞ্জীৰ ভিত্তি বছৰ চূড়ান্ত কৰিব বুলি ৰায় দিছিল । এতিয়া ভিত্তি বছৰ চূড়ান্ত নোহোৱাকৈয়ে নাগৰিক পঞ্জীৰ খছৰা প্ৰকাশ কৰিবলৈ যোজা কৰিছে ।
মহাসংঘই ভিত্তি বছৰ সাংবিধানিক বিচাৰ পীঠে চূড়ান্ত নকৰালৈকে নাগৰিক পঞ্জীৰ খছৰা প্ৰকাশ নকৰিবলৈ মুখ্য ন্যায়াধীশক শীঘ্ৰে আৱেদন জনাব ।
কিন্তু অসমৰ খিলঞ্জীয়াৰ এচামে ১৯৭১ৰৰ ভিত্তিত নাগৰিক পঞ্জীৰ খছৰা প্ৰকাশ কৰিব খোজা কাৰ্যলৈ চৰকাৰক সমৰ্থন জনোৱা বাবেই চৰকাৰে সাহস পাইছে । ১৯৫১ৰ পৰা ১৯৭১লৈ প্ৰায় ৭০ লাখ পূৱ পাকিস্তানী আৰু নেপালী বিদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমৰ খিলঞ্জীয়া সকলক সংখ্যালঘু কৰিবলৈ চৰকাৰ উঠি পৰি লাগিছে ।
এচাম খিলঞ্জীয়াৰ ভুলৰ বাবেই খিলঞ্জীয়া নিঃশেষ হ’বগৈ ।
সেয়ে অসমৰ খিলঞ্জীয়া সকল নিজেই জাগ্ৰত নহলে দেশ আৰু খিলঞ্জীয়া জাতিবোৰ নাবাচিব ।
* মহাসংঘ *

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: