সংবাদ —————-



সংবাদ
—————-

খচৰা এন আৰ চি প্রকাশৰ পূর্বে ৰাজ্যখনক অস্থিৰ কৰি তোলাৰ বাবে একাংশ দল সংগঠন, ব্যক্তিয়ে তৎপৰতা চলাই অহাৰ সময়তে ৰাজ্যত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই অসমলৈ প্রেৰণ কৰিব নিৰাপত্তা বাহিনীৰ অতিৰিক্ত কোম্পানী ৷ কেৱল এয়ে নহয়, এতিয়াৰে পৰা স্পৰ্শকাতৰ আৰু অতি স্পর্শকাতৰ অঞ্চলসমূহত নিৰীক্ষণৰ দায়িত্ব ল’ব ভাৰতীয় সেনাই ৷ কালি নতুন দিল্লীত এন আৰ চিৰ প্ৰসংগক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা উচ্চ স্তৰীয় বৈঠকত আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণ, নিৰাপত্তা বিষয়ত কেন্দ্র আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ২৫/১০/২০১৭ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হােৱা ইউনিফাইড কমাণ্ডৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এন আৰ চিৰ বিষয়টো বিশেষভাবে আলোচনা হয় I সেনাৰ চতুর্থ ক’ৰৰ শীর্ষ বিষয়াৰ লগতে অসমৰ ডি জি পি, অসম আৰক্ষীৰ শীর্ষ বিষয়া, গৃহ বিভাগৰ শীর্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত সেনাই খচৰা এন আৰ চি প্রকাশৰ পূর্বে অসমক অশান্ত কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰি থকা অপশক্তিৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰীক্ষণৰ দায়িত্ব ল’বলৈ সহমত প্রকাশ কৰে ৷ উল্লেখযোগ্য যে কালি নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ গৃহ বিভাগে খচৰা এন আৰ চি প্রকাশৰ পূর্বে ৰাজ্যলৈ নিৰাপত্তা বাহিনীৰ ১৫০টা অতিৰিক্ত কোম্পানী প্রেৰণৰ বাবে অনুৰোধ জনাইছিল ৷ ৰাজ্য চৰকাৰৰ সেই অনুৰোধৰ প্রতি কেন্দ্রৰ গৃহ মন্ত্রৰালয়ে পূর্ণ সহযোগিতা আগবঢ়োৱাৰ কথা প্রকাশ কৰিছে ৷ কালিৰ বৈঠকত উপস্থিত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি পল্লৱ ভট্টাচার্যই প্রকাশ কৰে যে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নোহােৱাকৈ খচৰা এন আৰ চি প্রকাশ কৰাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে যৌথভাবে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে । এই ক্ষেত্রত ৰাজ্যৰ গৃহ বিভাগে অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰি কেন্দ্রৰ ওচৰত যি আবেদন জনাইছে ইয়াৰ প্রতি কেন্দ্রই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱাৰ কথা প্রকাশ কৰিছে ৷ এই ক্ষেত্রত শীঘ্ৰেই অসমলৈ কেন্দ্রই নিৰাপত্তা বাহিনীৰ বহুকেইটা কোম্পানী প্রেৰণ কৰিব ৷ সেইদৰে কালি গুৱাহাটীৰ নাৰেংগীত অনুষ্ঠিত হোৱা ইউনিফাইড কমাণ্ডৰ বৈঠকত আলোচিত হোৱা এন আৰ চিৰ বিষয়ত সেনাই সহযোগিতা আগবঢ়াব বুলি প্রকাশ কৰিছে I ইপিনে এন আৰ চিৰ বিষয়ক লৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত অপপ্রচাৰ চলােৱা চক্র, দল-সংগঠন, ব্যক্তিৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রই অসম আৰক্ষীৰ লগতে অন্য নিৰাপত্তা সংস্থাসমূহক নির্দেশ দিছে । অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পিজনে প্রকাশ কৰে যে এন আৰ চিক লৈ ৰাজ্যত একাংশ চক্র, দল-সংগঠন, ব্যক্তিয়ে বিভিন্ন এলেকাত অপপ্ৰচাৰ চলোৱাৰ লগতে খচৰা এন আৰ চি প্রকাশত বাধা দিবলৈ বিভিন্ন তৎপৰতা গ্রহণ কৰিছে ৷ এনে দল-সংগঠন, ব্যক্তিৰ বিৰুদ্ধে কঠােৰতম ব্যৱস্থা গ্রহণ কৰাৰ বাবে অসম আৰক্ষীৰ লগতে অন্য নিৰাপত্তা সংস্থা সমূহাে অধিক সক্রিয় হৈ পৰিছে I শীর্ষ আৰক্ষী বিষয়াজনে কেন্দ্র আৰু ৰাজ্য চৰকাৰে যৌথভাবে প্রস্তুত কৰা ৰোডমেপৰ সম্পর্কত প্রকাশ কৰে যে প্রকৃত ভাৰতীয় কোনো কাৰণতে শংকিত হ’ব নালাগে I ইয়াৰ বাবে শীঘ্ৰেই ৰাজ্য জুৰি সজাগতামূলক কার্যসূচী আৰম্ভ কৰিব। কেন্দ্র আৰু ৰাজ্য চৰকাৰে যৌথভাবে প্রস্তুত কৰা ৰোড মেপৰ অধীনত সকলাে ষ্টেক হ’ল্ডাৰ থাকিব আৰু নিয়মিতভাবে আলোচনা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এন আৰ চিৰ খচৰা প্রকাশৰ পূর্বে অসম অস্থিৰ কৰি তোলাৰ বাবে বিদেশী মদতপুষ্ট একাংশ সংগঠনে ৰাজ্যৰ বিভিন্ন প্রান্তত থিতাপি লোৱাৰ সম্পর্কত কেন্দ্ৰীয় চােৰাংচােৱাই গৃহ মন্ত্রনালয়ৰ লগতে ৰাজ্যৰ গৃহ বিভাগ, অসম আৰক্ষীলৈ জৰুৰী বার্তা প্রেৰণ কৰিছিল ৷

দৈনিক বাতৰি কাকতৰ সৌজন্যত

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s