যোগাসন 


জানুশিৰাসন

———————–

যোগ’ শব্দটো ভাৰতীয় সভ্যতাত অতি প্ৰাচীন। প্ৰাচীন শাস্ত্ৰসমূহত বিভিন্ন প্ৰসংগত ‘যোগ’ৰ উল্লেখ আছে। আজিৰ পৰা প্ৰায় ১২০০ বছৰৰ আগতে মহৰ্ষি পতঞ্জলিৰ দ্বাৰা বৰ্ণিত ‘অষ্টাঙ্গ যোগ’ অৰ্থাৎ আঠ প্ৰকাৰৰ যোগৰ তৃতীয়টোৱেই হৈছে ‘আসন’। ইয়াৰদ্বাৰা বিভিন্ন ৰোগৰ উপশমো সম্ভৱ হৈছে। আজি তাৰেই এটা আসন আৰু ইয়াৰ ফলাফলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।
প্রণালী: ভৰি দুয়োখন পোনকৈ মেলি সোঁ ভৰিখন ভাঁজ কৰি চিত্ৰত দেখুওৱাৰ দৰে সোঁ গোৰোহা বাওঁ উৰুসন্ধিৰ সৈতে লগ লগাই দিয়ক। দুয়োখন হাত দুয়ো কাষেৰে ওপৰলৈ তুলি লাহে লাহে সমুখলৈ হাওলি দুয়োখন হাতেৰে বাওঁ ভৰিৰ পতাখন চেপি ধৰক। মূৰটো আঁঠুত লগাই হাতৰ কিলাকুটি দুটাৰে মাটিক স্পৰ্শ কৰিবলৈ যত্ন কৰক। 
এনেকৈ কিছুসময় থকাৰ পাছত এইবাৰ ভৰিৰ অৱস্থান সলনি কৰি অৰ্থাৎ বাওঁ ভৰিখন ভাঁজ কৰি আৰু সোঁ ভৰিখন পোনকৈ ৰাখি ব্যায়াম কৰক। প্রতিবাৰতে ৩০ৰ পৰা ৪৫ ছেকেণ্ডকৈ মুঠ ৬ বাৰ কৰক। ব্যায়াম কৰাৰ সময়ত আঁঠুৰ পিছফালৰ অংশৰ পেশীবোৰ যথেষ্ট টান হৈ পৰে। অসুবিধা পালে, প্ৰথমাৱস্থাত আঁঠু ভাঁজ কৰিও এই ব্যায়াম কৰিব পাৰিব।
ইয়াৰ উপকাৰিতা: পেটৰ বাওঁফালে থকা অগ্নাশয় গ্ৰন্থিৰ বাবে এই ব্যায়াম বৰ উপকাৰী; অগ্নাশয়ৰ পৰা আৱশ্যকীয় ইনচুলিন হৰমন নিঃসৰণত বিশেষভাৱে সহায় কৰে, ফলত বহুমূত্র (Diabetes) ৰোগীয়ে যথেষ্ট সকাহ পায়। যকৃতৰ সমস্যা দূৰ কৰি হজম শক্তি বঢ়োৱাত সহায়ক হয়। কিডনি আৰু এড্রিনেল গ্ৰন্থিৰ কাৰ্যক্ষমতা বঢ়াই তেজ বিশুদ্ধ কৰাত সহায় কৰে। সৰু ল’ৰা-ছোৱালীৰ দেহৰ স্বাভাৱিক বিকাশত সহায় কৰে।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s