আপুনি কিমান শতাংশ অসমীয়া?


ৰমেনে সিদিনা NRC ফৰ্ম জমা দি আহি মোক সুধিলে:-
” বৰাদা, কওঁকচোন আমি অসমীয়া মানুহবোৰ আচলতে কিমান পাৰচেন্ট খাটি অসমীয়া ?”

শুনি মোৰ চাইলেন্সাৰেদি ধোঁৱা ওলাই গল ।

হয়তো কথাতো দকৈ ভাবিব লগা কথা দেখোন । কিমান পাৰচেন্ট হব পাৰে বাৰু ?

মই ৰমেনকে সুধিলো :-

” বাৰু তয়ে কচোন বাৰু কিমান পাৰচেন্ট মান হব ?”

ৰমেন:- “ঠিক আছে তেতিয়া হলে। মই কৈ যাম আপুনি হিচাব কৰি এভাৰেজ উলিয়াই দিব । অ কে ।”

“চাওক চাৰ

১। অসমীয়া লিখিত ভাষাত ৪০ শতাংশ বিদেশী শব্দ গতিকে ৬০ শতাংশ অসমীয়া ।

২। চৰকাৰী কামকাজত ৯০ শতাংশ ইংৰাজী ১০ শতাংশ অসমীয়া ।

২। কথিত ভাষাত আমি ৫০ শতাংশই অনা অসমীয়া শব্দ কওঁ । গতিকে ..

বাহিৰৰ পৰা অহা সকলকো আমি নকওঁ অসমীয়া ভাষা শিকিবলৈ/কবলৈ। লাগিলে আমিয়েই তেওঁলোকৰ ভাষাকে কম ।

৩। পিন্ধা পোচাকত গাঁৱৰ বুঢ়া বুঢ়ী,সত্ৰৰ গোঁসাই ভকত, শংকৰ সংঘৰ কেইজনমান বাপ বান্ধৱ, গাৱঁৰ ৮০ শতাংশ বোৱাৰীৰ বাহিৰে ১০০ শতাংশই বিদেশী / অনা অসমীয়া পোচাক পিন্ধে । গতিকে এভাৰেজ ১০ শতাংশহে অসমীয়া ।

৪। কৃষ্টিৰ ক্ষেত্ৰত যেনে তেনে চুচৰি বাগৰি বিহুকেইটা পালন হৈ আছে তাতো ভেজাল ২৫ শতাংশ । অসমীয়া গীত মাত, চিনেমা, ভাওনা সবাহ, সত্ৰীয়া/ শংকৰী গীতমাত আৰু কলা কৃষ্টি, বিয়ানাম, আইনাম ,ধাইনাম, দিহানাম ,টোকাৰীগীত, লোকগীত,আজান ফকীৰৰ গীতমাত, নাটক, কৰা ,চোৱা,গোৱা অসমীয়া মানুহ ২০ শতাংশ মানহে হব চাৰ । বাকীবোৰ হয় বিলাতী নহয় বম্বে মাৰ্কা ।

৫। অসমীয়া খাদ্যৰ ক্ষেত্ৰত দেখিব খাৰ,ঔটেঙা খোৱা মানুহ নোহোৱাই হল । গাঁৱৰ দুখীয়া মানুহ খিনিৰ বাহিৰে বাকীসকলে, নগৰীয়া সকলে অসমীয়া জলপান , পিঠা পনা, ব্যঞ্জন পাহৰি অনা অসমীয়া কেক, মম, চাওচাও,চাওমীণ, চাইনীজ, বঙালী, আদি বঙলুৱা খাদ্য খোৱা আৰম্ভ কৰিলে । গতিকে ৪০ শতাংশই বিদেশী খাদ্য খায় অসমীয়াই।

৬। অসমৰ নগৰে চহৰে গাঁৱে ভূঁয়ে ওলোমাই ৰখা চাইনবৰ্ডবোৰৰ ৫ শতাংশও অসমীয়াত লিখা নহয় আৰু দোকান পোহাৰৰ নামবোৰ দেখিলে ভাৱ হয় আমি যেন ইংলেণ্ড / আমেৰিকাতহে আছো।গতিকে ৯৫ শতাংশই অনা অসমীয়া ।

৭। অসমীয়া বাচন বৰ্তন ধোঁৱাচাঙত থৈ ৯০ শতাংশ অসমীয়াই বিদেশী বাচন, বৰ্তন, আসনহে ব্যৱহাৰ কৰে ।

৮। আৰু এই যে বাৰ্থডে, মেৰিজ এনিভাৰ্চেৰী, মাদাৰ ডে,,ফাডাৰ ডে,ভেলেন্টাইন ডে, দি জে, ৰেইন ডেন্স, ফ্ৰেণ্ডচ ডে , নিউইয়েৰ ডে,কে আদি কৰি ডে আৰু ডেন্সত উটি ভাহি গৈ অসমীয়া জাতীয়,ধৰ্মীয়, গোষ্ঠীয়, পৰ্ববোৰ পাহৰি যোৱা অসমীয়া ২০ শতাংশৰ কম নহব । 

৯। গাওঁ খনত ৬০ ঘৰ মানুহ । ৩৪৩ জন মানুহ।নামঘৰ দুটা। নামঘৰলৈ নাম লবলৈ যোৱা লোক ৩০ জন ।

বাকীবোৰ ……..

১০। অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী ৬০ শতাংশ বাকীবোৰ বিলাতী । আৰু বিলাতীবোৰে অসমৰ কথা একো নাজানে ।

১১। নতুন প্ৰজন্মৰ ৯০ শতাংশই অসমৰ ইতিহাস, বুৰঞ্জী, ভূগোল নাজানে । সমন্ধীয় লোক, পৰিয়ালৰ সদস্য, বৰিষ্ঠ সকলক সম্বোধন কৰিবলৈ অসমীয়া শব্দ বিচাৰি নাপায় ।অভিভাৱকেও নাজানে ।

কেচুৱাৰ মাত ফুটাৰ লগৰ লগে ইংৰাজী কোৱাতো বাধ্যতামূলক হৈ পৰিছে ।

১১। NRC ৰ ফৰ্মখন অসমীয়া কিন্তু সংখ্যাবোৰ ইংৰাজী। গতিকে হিচাব কৰি এতিয়া কওক চাৰ আমি কিমান শতাংশ অসমীয়া হৈ আছো আৰু শূণ্য শতাংশ হবলৈ কিমান দিন লাগিব ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s