বুৰুক চুতীয়াৰ উৎপত্তি আৰু মিচিঙৰ মেদক বংশ

বুৰুক চুতীয়াৰ উৎপত্তি আৰু মিচিঙৰ মেদক বংশ
********************************
আহোম সকলৰ অসম আগমনৰ আগেয়ে লক্ষীমপুৰ জিলাৰ সমগ্র অঞ্চল, বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ কিছুমান অঞ্চল আৰু বৰ্তমানৰ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ এছোৱা সাঙুৰি চুতীয়া ৰাজ্য বিস্তাৰিত আছিল। দেউৰী, চুতীয়া আৰু মিৰি বা মিছিং প্ৰজাৰ ওপৰত ভৰ দি চুতীয়া ৰাজ্যৰ তেতিয়া জয়জয় ময়ময় অৱস্থা হৈছিল।১২২৮ খৃঃত চুকাফাৰ অসম আগমনৰ সম্ভৱতঃ কেইবাশ বছৰ আগৰ পৰাই চুতীয়া ৰাজ্যত দেউৰী, চুতীয়া আৰু মিছিং সম্প্ৰদায়ৰ মাজত সামাজিক বান্ধোন কটকটীয়া হৈ চুতীয়া ৰাজ্য শক্তিশালী ৰূপত মূৰ ডাঙি উঠিবলৈ প্ৰস্তুত হৈছিল। পৰৱৰ্তী পৰ্য্যায়ত একে ৰাজনৈতিক ছত্ৰ ছায়াত তেওঁলোকৰ মাজত সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বান্ধোন হৈ এক মহান চুতীয়া ৰাস্ত্ৰ গঠন হৈছিল। চুতীয়া ৰজা নীতিপালৰ পতনৰ সময়লৈকে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে দেউৰী, মিছিং আৰু চুতীয়াসকলে চুতীয়া ৰজাৰ নেতৃত্বত সেই সময়ৰ বহিৰাগত আহোমসকলৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। একমাত্ৰ চুতীয়া ৰাজ্যৰ কাৰণেই চুকাফা আৰু তেওঁৰ পৰৱৰ্তী কেইবাজনো ৰজাই অসমত ৰাজ্য বিস্তাৰ কৰিবলৈ সাহস কৰিব পৰা নাছিল।

একেখন ৰাজ্যৰ অধিবাসী হিচাপে দেউৰী চুতীয়া আৰু মিছিংসকলৰ মাজত সামাজিক, সাংস্কৃতিক ইত্যাদি ক্ষেত্ৰত সংমিশ্ৰণ হৈছিল । মিৰি চুতীয়া খেল আৰু দেউৰীসকলৰ মাজত মিছিংসকলৰ পেগু, দলে আদি উপাধি এতিয়ালৈকে চলি থকা কথাটো এই ক্ষেত্ৰত আঙুলিয়াব পাৰি। মিছিং, চুতীয়া আৰু দেউৰীসকলৰ মাজত যে ওচৰ সম্পৰ্ক আছিল সেই সম্পৰ্কে বহুত জনশ্ৰুতি আছে। তাৰ মাজৰে এটা হল বুৰুক চুতীয়াৰ উৎপত্তি । তেওঁলোকৰ মাজত প্ৰচলিত জনশ্ৰুতি মতে, প্ৰাচীন কালতে মিৰি আৰু চুতীয়াসকলে একেলগে পহু চিকাৰ কৰিছিল । চিকাৰত যিমান পহু পাইছিল সেইবোৰ ভাগ কৰাৰ লগতে একেলগে ভোজ খাইছিল । চিকাৰ কৰি পহু মৰা মানুহখিনিক “বুৰু ” বুলি কৈছিল । এদিন চিকাৰ কৰিবলৈ গৈ মানুহখিনিয়ে এটাও পহু মাৰিব নোৱাৰিলে । পহু বিচাৰি ফুৰোতে হাবিৰ মাজত এজন বন মানুহ লগ পালে। সেই বন মানুহটো ধৰি গাঁৱলৈ আনিলে। সেই গাঁৱত এগৰাকী বিধৱা তিৰোতা আছিল।তাই কেইবাজনো মানুহৰ লগত বিয়া পাতিছিল ।পিছে বিয়াৰ ৰাতিয়ে মানুহজন মৰি থাকে। এনে ঘটনাই সকলোকে আচৰিত কৰি পেলাইছিল । অৱশেষত সেই তিৰোতাজনীৰ লগত বন মানুহটোৰ বিয়া পাতি দিলে। সকলোৱে ভাৱিলে ৰাতিৰ ভিতৰত বন মানুহটোৰো মৃত্যু হল। পিছে পিছদিনাৰ ৰাতি পুৱাই দেখিবলৈ পালে যে বন মানুহটো জীয়াই আছে আৰু কোঠাৰ ভিতৰত সাপ এটাহে টুকুৰা-টুকুৰ হৈ পৰি আছে। তেতিয়াহে মানুহ বিলাকে আচল ৰহস্য জানিব পাৰিলে যে তিৰোতা জনীক বিয়া পতা আটাইবোৰ লৰাক এই সাপটোৱে দংশন কৰি বধ কৰিলে। আচৰিত কথা যে এই বন মানুহটোৰ লগত বিয়া পাতি তিৰোতাজনীৰ ভালেমান ল’ৰা ছোৱালী হল। সিহঁতেও বিয়া পাতি নাতি নাতিনী দেখিলে।পিছে পৰিয়ালটোত বুঢ়া হৈও মানুহ নমৰা হ’ল । বুঢ়া বয়সত মানুহ বিলাকে বৰ কষ্ট পাব ধৰিলে।তেতিয়া বন মানুহৰ পৰিয়ালটোক পুৰোহিতে উপদেশ দিলে যে জীৱিত অৱস্থাত বুঢ়া-বুঢ়ীসকলৰ দহা কাৰ্য্য কৰিবলৈ । সেইমতে “বুৰু” অৰ্থাৎ বন মানুহৰ পৰিয়ালটোৰ মানুহ মৰিব ধৰিলে ।

এনে জনশ্ৰুতিৰ ওপৰত কেন্দ্ৰ কৰি চুতীয়া আৰু মিছিং সকলৰ মাজৰ “বুৰু” সকলে দহা কাৰ্য্যত ব্যৱহাৰ কৰা ছাগলী , জাতি লাও, ৰঙালাও, আদি ভক্ষণ নকৰা হ’ল । মিছিঙৰ মাজত থকা “মেদক” উপাধিদাৰী পৰিয়ালটো হ’ল বুৰু মানে বুৰুক পৰিয়াল। তেওঁলোককে বুৰুক চুতীয়া বুলি কোৱা হয়। অন্যান্য মিছিংসকলে মেদক পৰিয়ালকে চুতীয়া মিৰি বা মিৰি চুতীয়া বুলি কৈছিল ।

বুৰুক চুতীয়া উৎপত্তি সম্পৰ্কে আন এক জনশ্ৰুতি মতে ভুৰুক চুতীয়া নামৰ এজন “খৰীয়া ” অৰ্থাৎ খৰে খোৱা মানুহ এজনৰ কন্যাক এজন মিৰি যুৱকলৈ বিয়া দিছিল । পিছত তেওঁলোকৰ পুত্ৰ নাতিবোৰক ভুৰুক চুতীয়া পৰিয়াল বুলিছিল । এই ভুৰুকেই বুৰুক হৈ প্ৰচলন হয়। সেইসকলেই বুৰুক চুতীয়া আৰু চুতীয়া মিৰি বা মিৰি চুতীয়া নামেৰে সমাজত পৰিচিত হৈছিল ।

প্ৰসংগ পুথি :- চুতীয়াৰ ইতিহাস আৰু সংস্কৃতি , পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া আৰু মিচিং জনশ্ৰুতি ।

Advertisements